‘নিজৰ মাজত একতা বজাই ৰাখক, যি পবিত্ৰ শক্তিৰে লাভ কৰা হয়’
পাঁচনি পৌলে ইফিচৰ খ্ৰীষ্টানসকলক অনুৰোধ কৰিছিল যে তেওঁলোকে ‘প্ৰেমেৰে এজনে-আনজনক সহন কৰি থাকক, নিজৰ মাজত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থাকক, যিয়ে তেওঁলোকক একতাৰ সেই বান্ধোনত বান্ধি ৰাখে, যি তেওঁলোকে পবিত্ৰ শক্তিৰে লাভ কৰে।’—ইফি. ৪:২, ৩.
আমাৰ মাজত যি “একতা” আছে, সেয়া ঈশ্বৰৰ ‘পবিত্ৰ শক্তিৰ যোগেদি লাভ’ কৰিব পাৰি। কিন্তু পাঁচনি পৌলে যিদৰে কৈছে, এই একতা বজাই ৰখা উচিত। এয়া কাৰ দায়িত্ব হয়? আচলতে প্ৰতিজন খ্ৰীষ্টানৰ দায়িত্ব হয় যে তেওঁ এই ‘একতা বজাই ৰাখিবলৈ’ সম্পূৰ্ণৰূপে চেষ্টা কৰক।
চিন্তা কৰক, কোনোবাই এখন কাৰ আপোনাক উপহাৰত দিছে। কাৰখন ভালদৰে ৰখাৰ দায়িত্ব কাৰ হয়? যদি কাৰখন বেয়া হৈ যায়, তেনেহʼলে উপহাৰ দিয়াজনক আপুনি দোষ দিব নোৱাৰে। আপুনি কাৰখন ভালদৰে ৰখা নাই, সেইবাবে কাৰখন বেয়া হৈ গʼল।
ঠিক সেইদৰে আমাৰ মাজত যি একতা আছে, সেয়া যিহোৱাই দিয়া উপহাৰ হয়। সেইবাবে, আমি প্ৰতিজন খ্ৰীষ্টানৰ দায়িত্ব হয় যে এই একতা আমি বজাই ৰখা উচিত। যদি কোনো ভাই বা ভনীৰ লগত আমাৰ সম্পৰ্ক কিবা এটা কাৰণত বেয়া হৈ যায়, তেনেহʼলে চিন্তা কৰক, ‘এই সমস্যা সমাধান কৰিবলৈ মই চেষ্টা কৰোঁ নে যাতে মণ্ডলীত একতা থাকে?’
একতা বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক
যিদৰে পৌলে কৈছে, পবিত্ৰ শক্তিৰে পোৱা একতা বজাই ৰাখিবলৈ কেতিয়াবা কেতিয়াবা কঠিন হʼব পাৰে। বিশেষকৈ যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনত দুখ দিয়ে। কিন্তু একতা বজাই ৰাখিবলৈ প্ৰতিবাৰে ব্যক্তিজনৰ লগত কথা পাতিবই লাগিব নে? প্ৰয়োজন নাই। আপুনি নিজকে সুধিব পাৰে, ‘এই বিষয়ে ব্যক্তিজনৰ লগত কথা পাতিলে সমস্যাটো সমাধান হʼব, আৰু একতা বাঢ়িব নে কথাটো আৰু বেছি বেয়া হʼব?’ কেতিয়াবা কেতিয়াবা বিষয়টো আওকণ কৰা আৰু ব্যক্তিজনক ক্ষমা কৰাটোৱেই বেছি ভাল হয়।—হিতো. ১৯:১১; মাৰ্ক ১১:২৫.
আপুনি নিজকে সোধক, ‘এই বিষয়ে ব্যক্তিজনৰ লগত কথা পাতিলে সমস্যাটো সমাধান হʼব, আৰু একতা বাঢ়িব নে কথাটো আৰু বেছি বেয়া হʼব?’
যিদৰে পাঁচনি পৌলে কৈছে আমি ‘এজনে-আনজনক সহন কৰা’ উচিত। (ইফি. ৪:২) এখন কিতাপত এই কথাক এইদৰে লিখা আছে, “এজনে-আনজনক আমি সেইদৰেই গ্ৰহণ কৰা উচিত, যিদৰে তেওঁ আছে।” ইয়াৰ অৰ্থ হৈছে আমি এই কথা স্বীকাৰ কৰা উচিত যে আমাৰ দৰে আমাৰ ভাই-ভনীসকলেও অসিদ্ধ হয়। এয়া সঁচা যে আমি “নতুন ব্যক্তিত্বক” পিন্ধিবলৈ চেষ্টা কৰি আছোঁ। (ইফি. ৪:২৩, ২৪) কিন্তু আমি সম্পূৰ্ণৰূপে এইদৰে কৰিব নোৱাৰোঁ। (ৰোম. ৩:২৩) যদি আমি এই কথা মনত ৰাখোঁ, তেনেহʼলে এজনে-আনজনক সহন কৰা আৰু ক্ষমা কৰাটো আমাৰ বাবে সহজ হৈ পৰিব। এইদৰে কৰাৰ যোগেদি আমাৰ মাজত যি একতা আছে, সেয়া আমি বজাই ৰাখিব পাৰিম যি আমি পবিত্ৰ শক্তিৰ যোগেদি লাভ কৰোঁ।
যেতিয়া আমি বিষয়টো সমাধান কৰি ব্যক্তিজনক ক্ষমা কৰোঁ বা যি হʼল তাক পাহৰি যাওঁ, তেনেহʼলে আমি সেই “শান্তি” অনুভৱ কৰোঁ, যিয়ে আমাক ‘একতাৰ বান্ধোনত বান্ধি ৰাখে।’ ইফিচীয়া ৪:৩ পদত যি গ্ৰীক শব্দৰ অনুবাদ ‘একতাৰ বান্ধোনত বান্ধি ৰাখা’ কৰা হৈছে, তাৰ অৰ্থ লিগামেন্টো হʼব পাৰে। লিগামেন্টে আমাৰ শৰীৰৰ এডাল হাড়ক আন এডাল হাড়ৰ লগত লগ লগাই ৰাখে। (কল. ২:১৯) ঠিক সেইদৰে, আমাৰ মাজত থকা শান্তি আৰু প্ৰেমে আমাক একতাত থাকিবলৈ সহায় কৰে, সেই সময়তো যেতিয়া কাৰোবাৰ লগত আমাৰ সম্পৰ্ক বেয়া হৈ যায়।
যদি কোনো ভাই বা ভনীয়ে আপোনাৰ মনত আঘাত দিছে বা এনে কিবা কৈছে যাৰ বাবে আপোনাৰ দুখ লাগিছে, তেনেহʼলে তেওঁৰ দুৰ্বলতাবোৰ চোৱাৰ পৰিৱৰ্তে তেওঁক বুজিবলৈ চেষ্টা কৰক। (কল. ৩:১২) আমি সকলোৱে অসিদ্ধ হওঁ। সেইবাবে, আপুনিও কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ মনত আঘাত দিছে। যদি আপুনি এই কথা মনত ৰাখে, তেনেহʼলে আপুনি সেই ‘একতা বজাই ৰাখিবলৈ চেষ্টা কৰি আছে, যি আপুনি পবিত্ৰ শক্তিৰ যোগেদি লাভ কৰিছে।’