ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৪৯
  • চয়তানে কʼত বাস কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চয়তানে কʼত বাস কৰে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • চয়তান কোনো অন্ধবিশ্বাস নহয়
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • চয়তান সঁচাকৈ আছেনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৪৯

চয়তানে কʼত বাস কৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

আত্মিক প্ৰাণী হোৱাৰ বাবে চয়তানে এক অদৃশ্য জগতত বাস কৰে। কিন্তু এই লেখৰ ছবিখনত দেখুৱাৰ দৰে সি দুষ্ট লোকসকলক শাস্তি দিয়া কোনো জ্বলি থকা নৰকত নাথাকে।

“স্বৰ্গত যুদ্ধ”

কিছু সময়ৰ বাবে বিশ্বাসী স্বৰ্গদূতসকলৰ লগত চয়তানকো ঈশ্বৰৰ আগত থিয় হʼবলৈ অধিকাৰ দিয়া হৈছিল। (ইয়োব ১:৬) কিন্তু বাইবেলে বৰ্ণনা কৰিছে যে “স্বৰ্গত যুদ্ধ হল” আৰু ইয়াৰ পৰিণামস্বৰূপে চয়তানক স্বৰ্গৰপৰা বাহিৰ কৰি “পৃথিবীলৈ পেলোৱা হল।” (প্ৰকাশিত বাক্য ১২:৭-৯) বাইবেল আৰু জগতৰ ঘটনাবোৰে স্পষ্টৰূপে দেখুৱাই যে এই যুদ্ধ স্বৰ্গত হৈছিল। চয়তানক স্বৰ্গত প্ৰৱেশ কৰাৰ বাবে নিষেধ কৰা হʼল আৰু পৃথিৱীত থকা মানুহৰ কাৰ্য্যবোৰত হস্তক্ষেপ কৰিবলৈ অধিকাৰ দিয়া হʼল।

ইয়াৰ অৰ্থ এইটো নেকি যে পৃথিৱীৰ কোনো এক নিৰ্দিষ্ট স্থানত চয়তানে বাস কৰে? উদাহৰণস্বৰূপে, প্ৰাচীন পৰ্গাম নগৰত “চয়তানৰ সিংহাসন আছে” আৰু “তাত, চয়তানে নিবাস” কৰিছিল বুলি বিশ্বাস কৰা হৈছিল। (প্ৰকাশিত বাক্য ২:১৩) আচলতে, সেই নগৰখনত চয়তানৰ লগত জড়িত থকা বিষয়বোৰ উপাসনা কৰাৰ কথা বৰ্ণনা কৰা হৈছে। পবিত্ৰ শাস্ত্ৰ বাইবেলে উল্লেখ কৰিছে যে চয়তানে ‘জগতৰ সকলো ৰাজ্যৰ’ ওপৰত শাসন কৰে। গতিকে, চয়তানে পৃথিৱীৰ কোনো এক নিৰ্দিষ্ট স্থানত বাস নকৰে, কিন্তু পৃথিৱীত থকা মানুহৰ কাৰ্য্যবোৰত হস্তক্ষেপ কৰিবলৈ অধিকাৰ দিয়া হʼল।​—লূক ৪:​৫, ৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক