ফুটনোট
b ছবিৰ বিষয়ে: পুলিচে এজন ভাইক তেওঁৰ ঘৰৰপৰা গ্ৰেপ্তাৰ কৰি নিছে। তেওঁৰ পত্নী আৰু ছোৱালীয়ে তেওঁক লৈ যোৱালৈ চাই আছে। ভাইজনে জেলত থকাৰ সময়ত তেওঁৰ পত্নী আৰু ছোৱালীৰ লগত আন ভাই-ভনীসকলে যিহোৱাৰ উপাসনা কৰিছে। এই কঠিন পৰিস্থিতিত মাতৃ আৰু ছোৱালীয়ে ধৈৰ্য্য ধৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিছে। যিহোৱাই তেওঁলোকক মনৰ শান্তি আৰু সাহস দিছে। সেইবাবে, তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছে আৰু তেওঁলোকে আনন্দেৰে সমস্যাৰ সন্মুখীন হʼব পাৰিছে।