ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

বুধবাৰ, ২২ অক্টোবৰ

সেই দৰে বিশ্বাসো; যদি তাৰ কৰ্ম্ম নাথাকে, তেন্তে সি অকলে মৰা।—যাকো. ২:১৭.

যাকোবে কৈছিল যে এজন ব্যক্তিয়ে হয়তো দাবী কৰিব পাৰে যে তেওঁৰ বিশ্বাস আছে। কিন্তু তেওঁৰ কামৰ পৰা এয়া দেখিবলৈ পোৱা নাযায়। (যাকো. ২:১-৫, ৯) যাকোবে আৰু এজন ব্যক্তিৰ বিষয়ে কৈছিল। সেই ব্যক্তিজনে চাই যে তেওঁৰ ভাই বা ভনী উদঙে আছে আৰু তেওঁৰ দৈনিক আহাৰ নাই, তথাপিও তেওঁক সহায় নকৰে। যদি এনে এজন ব্যক্তিয়ে কয় যে তেওঁৰ বিশ্বাস আছে কিন্তু তাৰ অনুসৰি কাম নকৰে, তেনেহʼলে তেওঁৰ বিশ্বাস থাকিও একো লাভ নাই। (যাকো. ২:১৪-১৬) যাকোবে ৰাহাবৰ উদাহৰণ দি বুজালে যে যদি আমাৰ বিশ্বাস থাকে , তেনেহʼলে আমি নিজৰ কামৰ যোগেদি এয়া দেখুৱাম। (যাকো. ২:২৫, ২৬) যিহোৱাই ইস্ৰায়েলীসকলক সহায় কৰিছিল বুলি ৰাহাবে শুনিছিল আৰু তেওঁ যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। (যিহো. ২:৯-১১) তেওঁ নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱালে। যেতিয়া দুজন ইস্ৰায়েলী চোৰাংচোৱাৰ জীৱন বিপদত আছিল, তেতিয়া ৰাহাবে তেওঁলোকক বচালে। এই কাৰণে যদিও তেওঁ অসিদ্ধ আছিল আৰু মোচিৰ নিয়ম পালন কৰা নাছিল, তথাপিও অব্ৰাহামৰ দৰে তেওঁকো ভাল ব্যক্তি বুলি কোৱা হʼল। ৰাহাবৰ পৰা আমি শিকিলোঁ যে বিশ্বাস থকাৰ লগতে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। w২৩.১২ ৫-৬ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ২৩ অক্টোবৰ

শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক।—ইফি. ৩:১৯.

আমি খ্ৰীষ্টানসকলে কেৱল বাইবেলৰ ওপৰে-ওপৰে জ্ঞান লৈ সন্তুষ্ট হৈ নাথাকোঁ। আমি পবিত্ৰ শক্তিৰ সহায়ত ঈশ্বৰৰ গভীৰ কথাক ভালদৰে জানিবলৈ চেষ্টা কৰোঁ। (১ কৰি. ২:৯, ১০) তেনেহ’লে আপুনি নিজৰ ব্যক্তিগত অধ্যয়নত এনে বিষয়বোৰ অধ্যয়ন কৰিব পাৰে যাৰ যোগেদি আপুনি যিহোৱাৰ আৰু কাষ চাপিব পাৰে। যেনে, আপুনি অনুসন্ধান কৰিব পাৰে যে যিহোৱাই অতীতত কেনেকৈ নিজৰ সেৱকসকলক প্ৰেম দেখুৱাইছিল আৰু ইয়াৰ পাৰ কেনেকৈ প্ৰমাণ হয় যে তেওঁ আপোনাকো প্ৰেম কৰে। আপুনি এয়াও অধ্যয়ন কৰিব পাৰে যে অতীতত যিহোৱাই ইস্ৰাযেলীসকলক উপাসনা কৰাৰ যি পদ্ধতিৰ বিষয়ে কৈছিল আৰু আজি তেওঁ সত্য খ্ৰীষ্টানসকলক যিদৰে উপাসনা কৰাৰ বিষয়ে কৈছে তাৰ মাজত কি মিল আছে। ইয়াৰ উপৰিও আপুনি এই ভৱিষ্যবাণীবোৰ গভীৰভাৱে অধ্যয়ন কৰিব পাৰে, যিবোৰ যীচু খ্ৰীষ্টই পৃথিৱীত সেৱা কৰাৰ সময়ত পূৰ কৰিছিল। আপুনি এই বিষয়বোৰৰ অনুসন্ধান কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডৰ ব্যৱহাৰ কৰিব পাৰে। এইদৰে অধ্যয়ন কৰিলে আপুনি আনন্দিত হ’ব। যেতিয়া আপুনি গভীৰভাৱে বাইবেল অধ্যয়ন কৰিব তেতিয়া আপোনাৰ বিশ্বাস মজবুত হ’ব আৰু আপুনি ঈশ্বৰৰ বিষয়ে জ্ঞান পাব।—হিতো. ২:৪, ৫. w২৩.১০ ১৯ ¶৩-৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শুক্ৰবাৰ, ২৪ অক্টোবৰ

বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।—১ পিত. ৪:৮.

এতিয়া আহক পিতৰে কোৱা কথাবোৰ চালি-জাৰি চাওঁ। পিতৰে ৮ পদৰ প্ৰথম ভাগত কৈছিল যে আমি এজনে-আনজনক “আগ্ৰহযুক্ত” প্ৰেম কৰা উচিত। ইয়াত পিতৰে যি প্ৰেমৰ বিষয়ে কৈছিল, তাৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “টানি বহল কৰা।” পদৰ দ্বিতীয় ভাগত কোৱা হৈছে যে যেতিয়া আমি ভাই-ভনীসকলক এনেধৰণৰ প্ৰেম কৰোঁ, তেতিয়া কি লাভ হয়? ইয়ে তেওঁলোকৰ পাপবোৰ ঢাকি দিয়ে। এয়া এনে হয় যেন আপুনি দুয়োখন হাতেৰে প্ৰেমৰ এখন কাপোৰ লৈ আছে, যাক টানি বহল কৰিব পাৰি। আপুনি ইয়াক ইমানেই টানি বহল কৰে যে ইয়াৰ পৰা আনৰ এটা বা দুটা নহয়, বহুতো ‘পাপ’ ঢাকি যায়। যেতিয়া পিতৰে ‘পাপসমূহ’ ঢাকি দিয়াৰ বিষয়ে কৈছিল, তেতিয়া ইয়াৰ অৰ্থ আছিল তেওঁলোকক ক্ষমা কৰা। যেনেকৈ এখন কাপোৰ পাৰি দিলে সকলো দাগ লুকাই যায়, ঠিক সেইদৰে প্ৰেমৰ পৰা আমি আনৰ দুৰ্বলতাবোৰ ঢাকি দিব পাৰোঁ। আমি ভাই-ভনীসকলক ইমানেই প্ৰেম কৰা উচিত যাতে আমি তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিব পাৰোঁ, আনকি সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ বহুত কঠিন লাগে। (কল. ৩:১৩) যেতিয়া আমি ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ আৰু আমি যিহোৱাকো আনন্দিত কৰিব বিচাৰোঁ। w২৩.১১ ১০-১২ ¶১৩-১৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক