আগষ্ট ১১-১৭
হিতোপদেশ ২৬
গীত নং ৮৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘অজ্ঞানী লোকৰ’ পৰা দূৰত থাকক
(১০ মি.)
‘অজ্ঞানী লোক’ আদৰৰ যোগ্য নহয় (হিতো ২৬:১; it-২-E ৭২৯ ¶৬)
‘অজ্ঞানী লোকক’ প্ৰায়ে কঠোৰতাৰে শুধৰণি কৰাৰ প্ৰয়োজন হয় (হিতো ২৬:৩; w৮৭-E ১০/১ ১৯ ¶১২)
‘অজ্ঞানী লোক’ ভৰসাৰ যোগ্য নহয় (হিতো ২৬:৬; it-২-E ১৯১ ¶৪)
শব্দৰ অৰ্থ: বাইবেলত উল্লেখ থকা ‘অজ্ঞান’ শব্দৰ অৰ্থ হৈছে, এনে এজন ব্যক্তি যি ভাবি-চিন্তি কাম নকৰে আৰু ভাল-বেয়াৰ যিহোৱাৰ যি নৈতিক মানদণ্ড আছে, সেয়া পালন নকৰে।
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
হিতো ২৬:৪—এই পদত দিয়া সিদ্ধান্তই আমাক প্ৰচাৰ কাৰ্য্যত কেনেকৈ সহায় কৰিব পাৰে? (w২৩.০৯ ১৯ ¶১৮)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ২৬:১-২০ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। এখন ট্ৰেক্টৰ পৰা কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থক আপুনি যি ট্ৰেক্ট দিছিল, তাৰ ওপৰতে কথা-বতৰা আগবঢ়াওক। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)
৬. বাইবেল অধ্যয়ন কৰক
(৫ মি.) নিজৰ কোনো সম্বন্ধীয় লোকক সাক্ষ্য দিবলৈ বাইবেল বিদ্যাৰ্থীক সাজু কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৫)
গীত নং ৯৬
৭. ব্যক্তিগত অধ্যয়ন কৰক, “উদ্ধাৰ পাবলৈ বুদ্ধিমান” হওক
(১৫ মি.) আলোচনা।
পাঁচনি পৌলে তীমথিয়ক সৰুৰে পৰা শিকি অহা পবিত্ৰ শাস্ত্ৰৰ লেখবোৰৰ গুৰুত্বতা মনত পেলাই দিলে। এই লেখবোৰৰ বাবে তেওঁ “উদ্ধাৰ পাবলৈ বুদ্ধিমান” হʼব পাৰিলে। (২তীম ৩:১৫) বাইবেলৰ সত্যতাবোৰ বহুত মূল্যৱান, সেইবাবে প্ৰত্যেকজন খ্ৰীষ্টানে বাইবেল পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ সময় নিৰ্ধাৰিত কৰা উচিত। কিন্তু যদি আমাক অধ্যয়ন কৰিবলৈ ভাল নালাগে, তেনেহʼলে আমি কি কৰিম?
১ পিতৰ ২:২ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
বাইবেল অধ্যয়ন কৰিবলৈ আপোনাক ভাল লাগিব পাৰেনে?
আমি ঈশ্বৰৰ বাক্যৰ কাৰণে ‘ভোক কেনেকৈ উৎপন্ন’ কৰিব পাৰোঁ?—w১৮.০৩-HI ২৯ ¶৬
সংগঠনে যি JW লাইব্ৰেৰী এপ, ৱেবছাইট বনাইছে, তাৰ সহায়ত আমি বাইবেল পঢ়া আৰু অধ্যয়ন কৰাটো কেনেকৈ আনন্দময় কৰিব পাৰোঁ?
সংগঠনে লাভ কৰা সফলতা:—JW লাইব্ৰেৰী ব্যৱহাৰ কৰাৰ কিছুমান উপায় ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
JW লাইব্ৰেৰী এপ ব্যৱহাৰ কৰি আপোনাৰ কি লাভ হৈছে?
এই এপৰ কোনবোৰ ফিচাৰ ব্যৱহাৰ কৰি আপোনাক ভাল লাগে?
আপুনি এই এপৰ কোনবোৰ ফিচাৰ ব্যৱহাৰ কৰিবলৈ শিকিব বিচাৰে?
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৮-৯