ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 জুন পৃষ্ঠা ২০-২৫
  • সদায় ঈশ্বৰলৈ ভয় ৰাখি আশীৰ্বাদ লাভ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সদায় ঈশ্বৰলৈ ভয় ৰাখি আশীৰ্বাদ লাভ কৰক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ প্ৰতি ভয় ৰাখিলে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ
  • অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ স্বীকাৰ নকৰিব
  • বুদ্ধিমতী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰক
  • প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱালৈ ভয় ৰাখি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁহঁক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাক ভয় কৰাৰ হৃদয় বিকাশিত কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 জুন পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ২৮

সদায় ঈশ্বৰলৈ ভয় ৰাখি আশীৰ্বাদ লাভ কৰক

“যি মানুহে নিজৰ সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে।”—হিতো. ১৪:২.

গীত ১২২থিৰে থাকক!

লেখৰ এক আভাসa

১-২. লোটৰ দৰে আজি খ্ৰীষ্টানসকলে কি সমস্যাৰ সন্মুখীন হʼব পাৰে?

আজি জগতৰ লোকসকলৰ নৈতিক মানদণ্ড দিনক দিনে বেয়ালৈ ঢাল খাইছে। এইবোৰ দেখি হয়তো আমি লোটৰ দৰে অনুভৱ কৰিব পাৰোঁ। তেওঁ “ধৰ্ম্মহীনবিলাকৰ লম্পট-আচৰণত দুখ” পাইছিল, কাৰণ তেওঁ জানিছিল যে যিহোৱাই এইবোৰ কামক ঘৃণা কৰে। (২ পিত. ২:৭, ৮) লোটে যিহোৱাক ভয় কৰিছিল লগতে তেওঁক প্ৰেম কৰিছিল। সেইবাবে, তেওঁ নিজৰ আশে-পাশে থকা লোকসকলৰ দৰে আচৰণ নকৰিলে। আজি আমাৰো চাৰিওফালে এনে লোকসকল আছে, যিসকলে নিজৰ ইচ্ছা মতে জীৱন-যাপন কৰে আৰু যিহোৱাৰ নৈতিক মানদণ্ডৰ সন্মান নকৰে। কিন্তু যদি আমি নিজৰ হৃদয়ত যিহোৱাৰ প্ৰতি ভয় ৰাখোঁ আৰু তেওঁক প্ৰেম কৰোঁ, তেনেহʼলে এনে লোকসকলৰ মাজত থাকিও আমি নৈতিকভাৱে শুদ্ধ হৈ থাকিব পাৰিম।—হিতো. ১৪:২.

২ এইদৰে কৰিবলৈ যিহোৱাই আমাক সহায় কৰে। কেনেকৈ বাৰু? তেওঁ হিতোপদেশ কিতাপত এনে বহুতো ভাল ভাল পৰামৰ্শ দিছে, যাৰ যোগেদি নৈতিকভাৱে শুদ্ধ হৈ থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব পাৰে। ইয়াত দিয়া পৰামৰ্শ মানিলে পুৰুষ-মহিলা, বৃদ্ধ-ডেকা সকলো খ্ৰীষ্টানে লাভৱান হʼব পাৰে।

ঈশ্বৰৰ প্ৰতি ভয় ৰাখিলে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ

ছবি: ১. এজন ভায়ে কামৰ ঠাইত দুপৰীয়াৰ আহাৰ খাই আছে। তেওঁৰ লগত কাম কৰা এজনী তিৰোতাই তেওঁক কফি দি আছে। ২. কামৰ পাছত সেই তিৰোতাই ভাইজনক তেওঁৰ লগতে আন কিছুমান লোকৰ লগত ফুৰিবলৈ যোৱাৰ কথা কৈ আছে।

কামৰ ঠাইত আমি মনত ৰখা উচিত যে আমি এনে লোকসকলৰ লগত বন্ধুত্ব কৰাৰ পৰা আঁতৰি থকা উচিত, যিসকলে যিহোৱাক প্ৰেম নকৰে আৰু এনে কোনো নিমন্ত্ৰণ স্বীকাৰ নকৰিম, যিয়ে যিহোৱাৰ মনত দুখ দিয়ে (অনুচ্ছেদ ৩ চাওক)

৩. হিতোপদেশ ১৭:৩ পদৰ অনুসৰি নিজৰ হৃদয়ক সুৰক্ষিত কৰি ৰখাৰ এটা কাৰণ কি? (ছবিখনো চাওক)

৩ নিজৰ হৃদয়ক সুৰক্ষিত কৰি ৰখাৰ এটা কাৰণ হৈছে যিহোৱাই আমাৰ হৃদয়ৰ পৰীক্ষা কৰে। ইয়াৰ অৰ্থ কেৱল এয়া নহয় যে তেওঁ আমাক বাহিৰে-বাহিৰে চাই ইয়াৰ পৰিৱৰ্তে তেওঁ আমাৰ অন্তৰকো চাই। (হিতোপদেশ ১৭:৩ পঢ়ক।) তেওঁ বহুতো বুদ্ধিৰে ভৰা কথাবোৰ লিখোৱাইছে, যাক পালন কৰিলে আমাৰ জীৱন ৰক্ষা পৰে। (যোহ. ৪:১৪) যদি আমি এই কথাবোৰৰ ওপৰত ধ্যান দিওঁ তেনেহʼলে চয়তান আৰু তাৰ জগতৰ মিছা আৰু অনৈতিক কথাৰ বাবে আমাৰ হৃদয়ত কোনো ঠাই নাথাকিব যিবোৰ বিহৰ দৰে হয়। (১ যোহ. ৫:১৮, ১৯) এইদৰে কৰিলে যিহোৱাই আমাক আৰু প্ৰেম কৰিব। আমি যিমানেই যিহোৱাৰ কাষ চাপিম, সিমানেই আমি তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ ধৰিম আৰু তেওঁৰ সন্মান কৰিম। আমি এনে কোনো কাম কৰিব নিবিচাৰিম যাৰ পৰা আমাৰ পিতৃ যিহোৱাই দুখ পাব। সেইবাবে, পাপ কৰাৰ ইচ্ছাৰ পৰাই আমি দূৰত থাকিম। যেতিয়া আমাক বেয়া কাম কৰিবলৈ প্ৰলোভন দিয়া হয়, তেতিয়া আমি ভাবিম, ‘মই এনেধৰণৰ বেয়া কাম কৰি তেওঁৰ হৃদয়ক কেনেকৈ দুখ দিব পাৰোঁ, যি জনে মোক ইমান প্ৰেম কৰে।ʼ—১ যোহ. ৪:৯, ১০

৪. যিহোৱাৰ প্ৰতি ভয় ৰখাৰ বাবে এজনী ভনীয়ে কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰিলে?

৪ ক্ৰয়েছিয়াত থকা ভনী মাৰ্টাক অনৈতিক কাম কৰিবলৈ প্ৰলোভিত কৰা হৈছিল। তাই ইয়াৰ বিষয়ে এইদৰে কৈছে, “মই ভালদৰে ভাবিব পৰা নাছিলোঁ। পাপ কৰি অলপ সময়ৰ বাবে আনন্দিত হোৱাৰ ইচ্ছা ইমানেই বেছি হৈছিল যে মোৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰি ৰখাটো কঠিন হৈ পৰিছিল। কিন্তু যিহোৱালৈ ভয় ৰখাৰ বাবে মই সুৰক্ষিত হৈ থাকিব পাৰিলোঁ।”b ঈশ্বৰলৈ ভয় ৰখাৰ বাবে ভনীয়ে কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰিলে? অনৈতিক কাম কৰাৰ বাবে কিমান বেয়া পৰিণাম হʼব পাৰে, ইয়াৰ বিষয়ে তাই চিন্তা কৰিলে। আমিও বেয়া কামৰ পৰিণামৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। এনে কামৰ আটাইতকৈ বেয়া পৰিণাম হৈছে আমি যিহোৱাৰ মনক দুখ দিম আৰু সদায় তেওঁৰ উপাসনা কৰি থাকিব নোৱাৰিম।—আদি. ৬:৫, ৬

৫. ভাই লিঅʼৰ পৰা আপুনি কি শিকিব পাৰে?

৫ যিহোৱাৰ প্ৰতি ভয় ৰাখিলে আমি এইদৰে নকʼম যে মই যি কৰি আছোঁ সেয়া ইমানো বেয়া নহয়। কংগোত থকা ভাই লিঅʼই ভুল কৰাৰ পিছত এই কথা শিকিলে। বাপ্তিষ্মাৰ চাৰি বছৰৰ পিছত তেওঁ এনে কিছুমান লোকৰ লগত বন্ধুত্ব কৰিলে, যিসকলে বেয়া কাম কৰিছিল। ভায়ে ভাবিছিল যে তেওঁলোকৰ লগত বন্ধুত্ব কৰাত একো ভুল নাই, মইতো তেওঁলোকৰ দৰে পাপ কৰা নাই। কিন্তু চাওঁতে-চাওঁতে ভায়ে নিজৰ বন্ধুসকলৰ দৰে বহুত মʼদ খাবলৈ ধৰিলে আৰু অনৈতিক কাম কৰিলে। তাৰ পাছত তেওঁ সেই কথাবোৰলৈ চিন্তা কৰিলে যিবোৰ তেওঁৰ মাক-দেউতাকে তেওঁক শিকাইছিল আৰু এয়া মনত পেলালে যে যেতিয়া তেওঁ নিজৰ মাক-দেউতাকৰ লগত যিহোৱাৰ উপাসনা কৰিছিল, তেতিয়া কিমান আনন্দিত আছিল। এই সকলো কথা ভবাৰ বাবে তেওঁ সঠিক নিৰ্ণয় লʼব পাৰিলে। তাৰ পিছত প্ৰাচীনসকলৰ সহায়ত তেওঁ যিহোৱাৰ ওচৰলৈ উভতি আহিল। আজি তেওঁ এজন প্ৰাচীন আৰু বিশেষ অগ্ৰগামী সেৱক হিচাপে কাম কৰি আছে।

৬. এতিয়া আমি কোন দুজনী তিৰোতাৰ বিষয়ে আলোচনা কৰিম?

৬ এতিয়া আহক আমি হিতোপদেশ ৯ অধ্যায়ৰ ওপৰত ধ্যান দিওঁ, যʼত দুজনী তিৰোতাৰ বিষয়ে কোৱা হৈছে। এজনীয়ে বুদ্ধিক চিত্ৰিত কৰে আৰু আনজনীয়ে অজ্ঞানক।c মনত ৰাখিব চয়তানৰ জগতে অনৈতিক কাম (চেক্স) কৰিবলৈ আৰু অশ্লীল ছবি আৰু ভিডিঅʼ (পৰ্ণগ্ৰাফী) চাবলৈ পাগল হৈ আছে। (ইফি. ৪:১৯) সেইবাবে, আমি সদায় যিহোৱাৰ প্ৰতি ভয় ৰখা আৰু বেয়া কামৰ পৰা আঁতৰি থকা অতি প্ৰয়োজন। (হিতো. ১৬:৬) এই কথা মনত ৰাখি আমি হিতোপদেশ ৯ অধ্যায়ৰ ওপৰত আলোচনা কৰিম। ইয়াৰ পৰা পুৰুষ-তিৰোতা সকলোৱে লাভৱান হʼব। এই অধ্যায়ত কোৱা দুজনী তিৰোতা অজ্ঞানী লোকক অৰ্থাৎ যিসকলৰ বুজা শক্তি নাই, তেওঁলোকক মাতি আছে আৰু এইদৰে কৈছে, “আহাঁ, মোৰ খাদ্য দ্ৰব্য ভোজন কৰাহি।” (হিতো. ৯:১, ৫, ৬, ১৩, ১৬, ১৭) কিন্তু দুয়োজনীৰে নিমন্ত্ৰণ গ্ৰহণ কৰিলে কি পৰিণাম হʼব তাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে।

অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ স্বীকাৰ নকৰিব

প্ৰাচীন সময়ৰ এজনী বেশ্যা তিৰোতাই ঘৰৰ দুৱাৰ মুখত থিয় হৈছে আৰু এজন পুৰুষক নিজৰ ঘৰলৈ মাতি আছে।

‘অজ্ঞান তিৰোতাৰʼ নিমন্ত্ৰণ স্বীকাৰ কৰাৰ বহুত বেয়া পৰিণাম হʼব পাৰে (অনুচ্ছেদ ৭ চাওক)

৭. হিতোপদেশ ৯:১৩-১৮ পদৰ অনুসৰি অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰাবিলাকৰ কি পৰিণাম হয়? (ছবিখনো চাওক।)

৭ ‘অজ্ঞানী তিৰোতাৰʼ নিমন্ত্ৰণলৈ ধ্যান দিয়ক। (হিতোপদেশ ৯:১৩-১৮ পঢ়ক।) যিসকলৰ বুজা শক্তি নাই তেওঁলোকক তাই নিলাজ হৈ এইদৰে মাতে, ‘এই ঠাইলৈ আহক আৰু মোৰ খাদ্য ভোজন কৰক।ʼ ইয়াৰ কি পৰিণাম হয়? সেই অধ্যায়ত আগলৈ কৈছে যে ‘তাইৰ ঘৰত মৃতবিলাক থাকে।ʼ আপোনাৰ হয়তো মনত আছে এই কিতাপৰ আগৰ কিছুমান অধ্যায়ত আমাক এনে এজনী তিৰোতাৰ পৰা সাৱধান হৈ থাকিবলৈ কৈছিল, যি অজ্ঞান আৰু ‘ব্যভিচাৰি।ʼ তাত এইদৰে কোৱা হৈছে, “তাইৰ ঘৰ মৃত্যুৰ ফাললৈ ঢাল খোৱা।” (হিতো. ২:১১-১৯) হিতোপদেশ ৫:৩-১০ পদত আৰু এজনী ‘ব্যভিচাৰিণী তিৰোতাৰʼ বিষয়ে সতৰ্ক কৰিছে, যাৰ খোজ “মৃত্যুৰ ফালে” লৈ যায়।

৮. আমাক কি নিৰ্ণয় লʼবলগীয়া হʼব পাৰে?

৮ যিসকলে ‘অজ্ঞানী তিৰোতাৰʼ নিমন্ত্ৰণ শুনে, তেওঁলোকে এটা নিৰ্ণয় লʼবলগীয়া হয়। তেওঁলোকে তাইৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব নে নকৰে? আজি আমাৰ লগতো এইদৰে হʼব পাৰে। হয়তো আমাক অনৈতিক কাম কৰিবলৈ প্ৰলোভন দিব পাৰে বা চʼচিয়েল মিডিয়াত বা ইন্টাৰনেটত কিবা অশ্লীল ছবি বা ভিডিঅʼ আহিব পাৰে। এয়া এনে হʼব যেন অজ্ঞানী তিৰোতাই আমাক মাত দি আছে। এনে সময়ত আমি নিৰ্ণয় লʼবলগীয়া হʼব যে আমি কি কৰিম।

৯-১০. আমি অনৈতিক কাম কৰাৰ পৰা কিয় আঁতৰি থকা উচিত?

৯ অনৈতিক যৌন সম্পৰ্ক ৰখাৰ বহুত বেয়া পৰিণাম হয়। সেইবাবে, আমি তাৰ পৰা আঁতৰি থকা উচিত। ‘অজ্ঞানী তিৰোতাইʼ এইদৰে কয়, “চোৰ কৰা পানী মিঠা।” ‘চোৰ কৰা পানীৰʼ অৰ্থ কি? বাইবেলত কোৱা হৈছে যে পতি-পত্নীয়ে যি সম্পৰ্ক ৰাখে, সেয়া সতেজ কৰি তোলা পানীৰ দৰে হয়। (হিতো. ৫:১৫-১৮) যদি এজন পুৰুষ আৰু তিৰোতাই আইনৰ অনুসৰি বিয়া পাতিছে, তেনেহʼলে তেওঁলোকে এজনে-আনজনৰ লগত সম্পৰ্ক ৰাখি আনন্দ উপভোগ কৰিব পাৰে। কিন্তু ‘চোৰ কৰা পানীৰʼ বিষয়ে এইদৰে কʼব নোৱাৰি। ইয়াৰ অৰ্থ অনৈতিক যৌন-সম্পৰ্ক হʼব পাৰে। এনেধৰণৰ কাম লুকাই লুকাই কৰা হয়, যিদৰে লোকসকলে প্ৰায়ে লুকাই চুৰ কৰে। ‘চোৰ কৰা পানীʼ সেই লোকসকলক আৰু মিঠা লাগিব পাৰে, যিসকলে ভাবে যে তেওঁলোকে যি কৰিছে, তাৰ বিষয়ে কোনোৱে গম নাপায়। এনেধৰণৰ লোকসকলে নিজকে ঠগে। যিহোৱাই সকলো চাই আছে। সঁচাকৈ কʼবলৈ গʼলে এই অনুভৱ “মিঠা” নহয়, তাৰ পৰিৱৰ্তে অধিক তিতা। কাৰণ এইদৰে কৰি এজন ব্যক্তিয়ে যিহোৱাৰ অনুমোদন হেৰুৱায়। (১ কৰি. ৬:৯, ১০) কিন্তু ইয়াৰ আৰু বহুতো বেয়া পৰিণাম হয়।

১০ অনৈতিক যৌন-সম্পৰ্ক ৰখাৰ বাবে বহুতো লোকে আনৰ আগত নিজৰ সন্মান হেৰুৱাই আৰু নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবে। ইয়াৰ উপৰিও পৰিয়াল ভাঙি যাব পাৰে আৰু এজনী তিৰোতা নিবিচৰাৰ সত্ত্বেও গৰ্ভৱতী হʼব পাৰে। সেইবাবে, অজ্ঞানী তিৰোতাৰ “ঘৰ” নোযোৱাটো আৰু তেওঁৰ আহাৰ নোখোৱাটো ভাল। যি লোকসকলে অনৈতিক কাম কৰে, তেওঁলোকৰ যিহোৱাৰ লগত থকা সম্পৰ্ক নাইকিয়া হয়। এটা অৰ্থত কʼবলৈ গʼলে তেওঁলোকৰ মৃত্যু হৈ যায়। ইয়াৰ উপৰিও বহুতো লোকৰ এনে বেমাৰ হয়, যাৰ বাবে তেওঁলোকৰ সঁচাকৈ মৃত্যু হয়। (হিতো. ৭:২৩, ২৬) ৯ অধ্যায়ৰ শেষত এইদৰে লিখা আছে, ‘অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰিত লোকবিলাক চিয়োলৰ গভীৰ ঠাইত আছে।ʼ (১৮ পদ) অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলে ইমান বেয়া পৰিণাম হোৱাৰ সত্ত্বেও বহুতো লোকে কিয় তেওঁৰ ঘৰলৈ যায়?—হিতো. ৯:১৩-১৮.

১১. অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাটো কিয় ইমান বিপদজনক?

১১ আজি বহুতো লোকে অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাৰ ফান্দত পৰি যায়। কিছুমান লোকে ভাবে যে এইবোৰ চোৱাত কোনো ভুল নাই। কিন্তু এইবোৰ চোৱাৰ বাবে বহুতো লোকৰ লোকচান হয়। তেওঁলোকে নিজকে মূল্যহীন বুলি ভাবে আৰু আনকো বেয়া দৃষ্টিৰে চাই আৰু এইবোৰ চোৱাটো তেওঁলোকৰ অভ্যাস হৈ পৰে। যেতিয়া কোনো ব্যক্তিয়ে অশ্লীল ছবিবোৰ চাই, তেতিয়া সেইবোৰ তেওঁৰ মগজুত থাকি যায় আৰু ইয়াৰ পৰা উলিয়াবলৈ তেওঁৰ বাবে কঠিন হৈ পৰে। ইয়াৰ উপৰিও অশ্লীল ছবি আৰু ভিডিঅʼবোৰে বেয়া ইচ্ছাবোৰক দমন কৰাৰ পৰিৱৰ্তে আৰু বঢ়াই দিয়ে। (কল. ৩:৫; যাকো. ১:১৪, ১৫) যি লোকসকলে অশ্লীল ছবি আৰু ভিডিঅʼ চাই তেওঁলোকৰ মাজৰ বহুতে আগলৈ গৈ অনৈতিক কামত লিপ্ত হয়।

১২. যদি আমি আমাৰ মনত বেয়া ইচ্ছা অহাটো নিবিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত?

১২ যদি আমাৰ ফোন বা কম্পিউটাৰত কিবা অশ্লীল ছবি আহে, তেনেহʼলে খ্ৰীষ্টান হিচাপে আমি কি কৰা উচিত? আমি লগে লগে তাক আঁতৰ কৰা উচিত। সেই সময়ত যদি আমি মনত ৰাখোঁ যে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক কিমান মূল্যৱান, তেনেহʼলে আমি এই পদক্ষেপ লʼব পাৰিম। হয়তো কোনো এটা ছবি আমাক ইমান বেয়া নালাগিবও পাৰে, কিন্তু সেইবোৰ চাই থাকিলে আমাৰ মনত অনৈতিক চিন্তাধাৰা আহিব পাৰে। আমি এনে ছবিবোৰৰ পৰা কিয় আঁতৰি থকা উচিত? কাৰণ আমি এনে কোনো কাম কৰিব নিবিচাৰোঁ, যাৰ বাবে আমাৰ মনত বেয়া ইচ্ছা আহিব পাৰে বা আমি মনতে ব্যভিচাৰ কৰিব পাৰোঁ। (মথি ৫:২৮, ২৯) থাইলেণ্ডত থকা ভাই ডেভিড, যি এজন প্ৰাচীন হয় তেওঁ এইদৰে কৈছে, “মই ভাবোঁ, হয়তো কোনো এখন ছবি ইমান বেয়া নহʼবও পাৰে। কিন্তু যদি মই সেইবোৰ চাই থাকোঁ, তেনেহʼলে যিহোৱাই মোৰ পৰা আনন্দিত হʼবনে? এইদৰে ভবাৰ বাবে মই সঠিক পদক্ষেপ লʼব পাৰিলোঁ।”

১৩. কি কথা মনত ৰাখিলে আমি বুদ্ধিৰে কাম কৰিব পাৰিম?

১৩ যদি আমি এই কথাৰ প্ৰতি ভয় ৰাখিম যে কিবা বেয়া কাম কৰিলে আমি যিহোৱাৰ মনক আঘাত দিম, তেনেহʼলে আমি বুদ্ধিৰে কাম কৰিম। আচলতে যিহোৱালৈ ভয় ৰখাই ‘প্ৰজ্ঞাৰ আৰম্ভণিʼ হয়। (হিতো. ৯:১০) এই কথাই হিতোপদেশ ৯ অধ্যায়ৰ আৰম্ভণিৰ পদবোৰত বুজোৱা হৈছে। তাত আৰু এজনী তিৰোতাৰ বিষয়ে কোৱা হৈছে, যি প্ৰকৃত ‘প্ৰজ্ঞাʼ অৰ্থাৎ বুদ্ধিক চিত্ৰিত কৰে।

বুদ্ধিমতী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰক

১৪. হিতোপদেশ ৯:১-৬ পদত কি নিমন্ত্ৰণ দিয়া হৈছে?

১৪ হিতোপদেশ ৯:১-৬ পঢ়ক। এই পদবোৰত আমাক আৰু এটা নিমন্ত্ৰণ দিয়া হৈছে। এই নিমন্ত্ৰণ যিহোৱাৰ ফালৰ পৰা হয়, যিজনে আমাৰ সৃষ্টি কৰিছে আৰু সকলোকে বুদ্ধি দিয়ে। (হিতো. ২:৬; ৰোম. ১৬:২৭) এই পদবোৰত এটা ডাঙৰ ঘৰৰ বিষয়ে কোৱা হৈছে, যি সাতটা স্তম্ভৰ ওপৰত থিয় হৈ আছে। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাৰ হৃদয় বহুত ডাঙৰ হয়, তেওঁ সকলোকে এই নিমন্ত্ৰণ দি আছে যাতে সকলোৱে তেওঁৰ পৰা শিকে আৰু বুদ্ধিমান হয়।

১৫. যিহোৱাই আমাক কি কৰিবলৈ উৎসাহিত কৰে?

১৫ যিহোৱা এজন উদাৰশীল ঈশ্বৰ হয় আৰু আমাক বহুতো ভাল বস্তুবোৰ দিব বিচাৰে। এই কথা আমি হিতোপদেশ ৯ অধ্যায়ত দিয়া সেই তিৰোতাৰ উদাহৰণৰ পৰা বুজিব পাৰোঁ, যাক ‘প্ৰজ্ঞাʼ বুলি চিত্ৰিত কৰা হৈছে। তেওঁ নিজৰ আলহীসকলৰ বাবে নিজৰ পশু পাৰিলে, দ্ৰাক্ষাৰস যুগুত কৰিলে আৰু তেওঁ নিজৰ মেজ সজালে। (হিতো. ৯:১, ২) ৪ আৰু ৫ পদত এইদৰে লিখা আছে, “যি নিৰ্ব্বোধ . . . আহাঁ, মোৰ খাদ্য দ্ৰব্য ভোজন কৰাহি।” যিহোৱাই বিচাৰে যে আমি ‘প্ৰকৃত প্ৰজ্ঞাৰʼ নিমন্ত্ৰণ গ্ৰহণ কৰোঁ আৰু তেওঁ যুগুত কৰা আহাৰৰ আনন্দ লওঁ। কিয় বাৰু? কাৰণ যিহোৱাই বিচাৰে যে তেওঁৰ সন্তানসকল বুদ্ধিমান হওক আৰু সুৰক্ষিত থাকক। আমি ভুল কৰি অনুতাপ কৰাৰ পাছত শিকাটো যিহোৱাই নিবিচাৰে। যিহোৱাই তেওঁৰ “সৰলবিলাকৰ নিমিত্তে বুদ্ধি-কৌশল সাঁচি থয়, আৰু সিদ্ধ আচৰণ কৰোঁতাবিলাকৰ ঢালস্বৰূপ হয়।” (হিতো. ২:৮) যদি আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁ, তেনেহʼলে আমি তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিম। আমি তেওঁৰ বুদ্ধিৰে ভৰা পৰামৰ্শৰ ওপৰত ধ্যান দিম আৰু আনন্দেৰে তাক পালন কৰিম।—যাকো. ১:২৫.

১৬. ঈশ্বৰৰ প্ৰতি ভয় থকাৰ বাবে ভাই এলানে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিলে আৰু ইয়াৰ পৰিণাম কি হʼল?

১৬ মন কৰক ঈশ্বৰৰ প্ৰতি ভয় থকাৰ বাবে ভাই এলানে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিলে। তেওঁ এজন প্ৰাচীন হয় আৰু এটা স্কুলৰ শিক্ষক হয়। তেওঁ এইদৰে কৈছে, “মোৰ স্কুলৰ বহুতো শিক্ষকে ভাবে যে অশ্লীল চিনেমা চোৱাত কোনো ভুল নাই। তেওঁলোকে কয় যে এয়া চেক্সৰ বিষয়ে জ্ঞান লোৱাৰ এটা পদ্ধতি হয়।” কিন্তু ভায়ে জানে যে এয়া ভুল হয়। তেওঁ কৈছে, “ঈশ্বৰৰ প্ৰতি ভয় থকাৰ বাবে মই এনেধৰণৰ চিনেমা চাবলৈ স্পষ্টকৈ মানা কৰিলোঁ। মই সেই শিক্ষকসকলক জনালোঁ যে মই কিয় এনেধৰণৰ চিনেমাবোৰ নাচাওঁ।” ভায়ে প্ৰকৃত ‘প্ৰজ্ঞাৰʼ মাত শুনিলে আৰু “সুবুদ্ধিৰ পথত” চলিলে। (হিতো. ৯:৬) ভায়ে নিজৰ নিৰ্ণয়ত দৃঢ় আছিল। এয়া দেখি কিছুমান শিক্ষকে ইমান ভাল পালে যে তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু সভালৈও আহিলে।

প্ৰাচীন সময়ৰ এজনী ইস্ৰায়েলী তিৰোতাই এহাল দম্পতীক নিজৰ ঘৰত ভোজনৰ বাবে মাতি আছে। ওচৰত থকা টেবুলখনত বহুতো ভাল ভাল আহাৰ থোৱা হৈছে।

প্ৰকৃত ‘প্ৰজ্ঞাৰʼ নিমন্ত্ৰণ স্বীকাৰ কৰিলে আমি আনন্দিত থাকিম আৰু আগলৈ অনন্ত জীৱন জীয়াই থাকিম (অনুচ্ছেদ ১৭-১৮ চাওক)

১৭-১৮. প্ৰকৃত ‘প্ৰজ্ঞাৰʼ মাত শুনা লোকসকলেআজি কেনেকৈ আশীৰ্বাদ পাইছে আৰু তেওঁলোকৰ ভৱিষ্যৎ কেনেকুৱা হʼব? (ছবিখনো চাওক।)

১৭ দুজনী তিৰোতাৰ উদাহৰণ দি যিহোৱাই আমাক বুজাবলৈ চেষ্টা কৰি আছে যে ভাল ভৱিষ্যৎ পাবলৈ আমি কি কৰা উচিত। যিসকল লোকে বাৰে বাৰে মাতি থকা “অজ্ঞানী তিৰোতাৰ” নিমন্ত্ৰণ গ্ৰহন কৰে, তেওঁলোকে কেৱল লুকাই লুকাই অনৈতিক কামবোৰৰ আনন্দ লʼব বিচাৰে। তেওঁলোকে কেৱল আজিৰ বিষয়েহে চিন্তা কৰে, আগলৈ গৈ কি হʼব এয়া নাভাবে। তেওঁলোকে অনুভৱে নকৰে যে তেওঁলোকৰ ভৱিষ্য “চিয়োলৰ গভীৰ ঠাইত আছে।”—হিতো. ৯:১৩, ১৭, ১৮.

১৮ কিন্তু যিসকলে প্ৰকৃত ‘প্ৰজ্ঞাৰʼ নিমন্ত্ৰণ গ্ৰহন কৰে, তেওঁলোকৰ ভৱিষ্য কিমান ভাল হয়। প্ৰকৃত প্ৰজ্ঞাই নিজৰ আলহীসকলৰ বাবে সুন্দৰ ভোজৰ ব্যৱস্থা কৰিছে, যʼত বিভিন্ন ধৰণৰ সোৱাদ লগা আহাৰ তৈয়াৰ কৰা হৈছে। তেওঁলোকে আজি তাৰ আনন্দ লৈ আছে আৰু যিহোৱাৰ কাষ চাপিছে। (যিচ. ৬৫:১৩) যিহোৱাই ভৱিষ্যতবক্তা যিচয়াৰ যোগেদি এইদৰে কৈছিল, “মনোযোগ কৰি মোৰ কথা শুনা, আৰু যি যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তুষ্ট কৰা।” (যিচ. ৫৫:১, ২) আজি আমি শিকি আছোঁ যে যিহোৱাই প্ৰেম কৰা কথাবোৰক আমি প্ৰেম কৰিব লাগে আৰু যিহোৱাই ঘিণ কৰা কথাবোৰক ঘিণ কৰিব লাগে। (গীত. ৯৭:১০) আমি আনকো প্ৰকৃত ‘প্ৰজ্ঞাৰʼ মাত শুনিবলৈ নিমন্ত্ৰণ কৰোঁ। এইদৰে কৰি আমি চহৰৰ ওখ ঠাইত গৈ এইদৰে কওঁ, “যি নিৰ্ব্বোধ, সি ইয়ালৈ আহক।” ইয়াৰ পৰা আমি বহুতো আনন্দ লাভ কৰোঁ। যিসকলে প্ৰজ্ঞাৰ মাত শুনে, তেওঁলোকে কেৱল আজি লাভৱান হয় এনে নহয় আগলৈও লাভৱান হʼব। তেওঁলোকে সদায় “জীৱিত” থাকিব আৰু “সুবুদ্ধিৰ পথত” চলি থাকিব।—হিতো. ৯:৩, ৪, ৬.

১৯. উপদেশক ১২:১৩, ১৪ পদৰ অনুসৰি আমি কি কৰিবলৈ নিৰ্ণয় লʼব পাৰোঁ? (“ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ লাভ” নামৰ বক্সখনো চাওক।)

১৯ উপদেশক ১২:১৩,১৪ পঢ়ক। আহক আমি দৃঢ় সংকল্প কৰোঁ যে আমি সদায় যিহোৱাৰ প্ৰতি ভয় ৰাখিম। এইদৰে আমি এই শেষ সময়ছোৱাত নিজৰ হৃদয়ক সুৰক্ষিত কৰি ৰাখিব পাৰিম। নৈতিকভাৱে শুদ্ধ হৈ থাকিব পাৰিম আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক আৰু মজবুত কৰি ৰাখিব পাৰিম। ঈশ্বৰৰ প্ৰতি ভয় থকাৰ বাবে আমি বেছিতকৈ বেছি লোকক নিমন্ত্ৰণ দিব পাৰিম যে তেওঁলোকে প্ৰকৃত প্ৰজ্ঞাৰ মাত শুনে আৰু তাৰ পৰা লাভৱান হয়।

ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ লাভ

  • আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ। —গীত. ২৫:১৪; ইব্ৰী ৫:৭.

  • তেওঁৰ আজ্ঞা পালন কৰিলে “সন্তোষ পোৱা” যায়।—গীত. ১১২:১.

  • আমি নম্ৰ হৈ থাকোঁ, বুদ্ধিমান হওঁ আৰু বেয়া কথাবোৰ ঘৃণা কৰোঁ।—ইয়ো. ২৮:২৮; হিতো. ৮:১৩.

  • আমি সঠিক কাম কৰিবলৈ সাহস পাওঁ। —যাত্ৰা. ১:১৫-১৭, ২১.

  • আমি আনৰ লগত ভাল ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিশ্বাসী ব্যক্তি হʼব পাৰোঁ। —নহি. ৫:১৫; ৭:২.

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাৰ প্ৰতি ভয় ৰাখিলে আমাৰ হৃদয়খন কেনেকৈ সুৰক্ষিত হৈ থাকিব?

  • আমি কেনেকৈ “অজ্ঞানী” তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহন কৰিবলৈ আৰু ইয়াৰ পৰা হোৱা বেয়া পৰিণামৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ?

  • প্ৰকৃত ‘প্ৰজ্ঞাৰʼ নিমন্ত্ৰণ গ্ৰহন কৰিলে আমাৰ কি কি লাভ হʼব পাৰে?

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

a খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰতি সঠিক ধৰণৰ ভয় বঢ়োৱা উচিত। এইদৰে কৰিলে আমি নিজৰ হৃদয়ক সুৰক্ষিত কৰি ৰাখিব পাৰিম আৰু অনৈতিক কাম, অশ্লীল ছবি বা ভিডিঅ’ চোৱাৰ পৰা আঁতৰি থাকিব পাৰিম। এই লেখত আমি হিতোপদেশ ৯ অধ্যায়ৰ ওপৰত আলোচনা কৰিম, য’ত দুগৰাকী তিৰোতাৰ বিষয়ে উল্লেখ কৰা হৈছে। এজনীয়ে অজ্ঞানক আৰু আনজনীয়ে প্ৰকৃত প্ৰজ্ঞা অৰ্থাৎ বুদ্ধিক চিত্ৰিত কৰে। এই অধ্যায়ৰ ওপৰত আলোচনা কৰিলে আমি আজি আৰু ভৱিষ্যতেও লাভৱান হ’ম।

b কিছুমান নাম সলনি কৰা হৈছে।

c বাইবলেৰ আন পদতো কিছুমান কথা এজন ব্যক্তিৰ দৰে কোৱা হৈছে। উদাহৰণস্বৰূপে, ৰোমীয়া ৫:১৪ আৰু গালাতীয়া ৪:২৪ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক