আপোনাৰ সহায়ৰ আৱশ্যক
১ “আপুনি আমাৰ বাবে এই সকলোবোৰ কৰাৰ বাবে আপোনাক অনেক ধন্যবাদ। আপোনাৰ কাৰ্য্যৰ বাবে আমি অৱশ্যেই লাভৱান হʼলোঁ।” এনে ধৰণৰ মন্তব্য দিবলৈ আমি আমাৰ মাজত থকা প্ৰাচীন আৰু সহায়ক সেৱকসকলৰ প্ৰতি অনুভৱ কৰোঁ। ঈশ্বৰৰ সংগঠনত একেৰাহে বৃদ্ধি হোৱাৰ বাবে গোটেই পৃথিৱীত থকা প্ৰায় ১,০০,০০০ খন মণ্ডলীত আধ্যাত্মিকতাত পৰিপক্ক হোৱা ভাই সকলৰ আৱশ্যক। আপুনি যদি এজন বাপ্তিষ্মা লোৱা ভাই, তেনেহʼলে এই ক্ষেত্ৰত আপোনাৰ সহায়ৰ আৱশ্যক।
২ ‘আকাঙ্ক্ষা কৰা’: অতিৰিক্ত সেৱাৰ বিশেষাধিকাৰৰ বাবে আপুনি কেনেকৈ আকাঙ্ক্ষা কৰিব পাৰে? (১ তীম. ৩:১) ইয়াৰ বাবে আপুনি নিজৰ জীৱনৰ সকলো ক্ষেত্ৰতে উত্তম আৰ্হি ৰাখক। (১ তীম. ৪:১২; তীত ২:৬-৮; ১ পিত. ৫:৩) সম্পূৰ্ণকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লওক আৰু তেনেদৰে আনকো কৰিবলৈ সহায় কৰক। (২ তীম. ৪:৫) সঙ্গী খ্ৰীষ্টান ভাই-ভনীৰ মঙ্গলাৰ্থে নিস্বাৰ্থভাৱে আগ্ৰহী হওক। (ৰোমী. ১২:১৩) ঈশ্বৰৰ বাক্যৰ উত্তম বিদ্যাৰ্থী হওক আৰু “শিক্ষা” দিয়াৰ দক্ষতাক বিকশিত কৰক। (তীত ১:৯; ১ তীম. ৪:১৩) প্ৰাচীনসকলে আপোনাক দিয়া কাৰ্য্যসমূহক যত্নেৰে সম্পন্ন কৰক। (১ তীম. ৩:১০) যদি আপুনি পৰিয়ালৰ মুখীয়াল ব্যক্তি, তেনেহʼলে ‘নিজৰ পৰিয়ালটোক উত্তমৰূপে পৰিচালিত কৰক।’—১ তীম. ৩:৪, ৫, ১২.
৩ এজন সহায়ক সেৱক বা প্ৰাচীন হৈ সেৱা কৰিবলৈ কঠিন পৰিশ্ৰমী আৰু নিস্বাৰ্থপৰ মনোবৃত্তি ৰাখা আৱশ্যক। (১ তীম. ৫:১৭) সেয়েহে আকাঙ্ক্ষা কৰালৈ উপনীত হোৱাৰ বাবে নম্ৰতাৰে আনৰ সেৱা কৰাৰ প্ৰতি মনোযোগ দিয়া হয়। (মথি ২০:২৫-২৮; যোহ. ১৩:৩-৫, ১২-১৭) ইয়াৰ বাবে তীমথিয়ই ৰাখা আৰ্হিক ধ্যান কৰি সেই অনুসাৰে চলিবলৈ যত্নেৰে চেষ্টা কৰা উচিত। (ফিলি. ২:২০-২২) যিদৰে উত্তম আচৰণে তেওঁলৈ অতিৰিক্ত বিশেষাধিকাৰৰ পথ মুকলি কৰিলে, সেইদৰে আপোনাৰ উত্তম আচাৰ-ব্যৱহাৰ সকলোৰে আগত প্ৰকাশ পাওক। (পাঁচ. ১৬:১, ২) বিশেষাধিকাৰৰ বাবে আপুনি যেনেকৈ আধ্যাত্মিক গুণসমূহ বিকশিত কৰি উন্নতিৰ বাবে দিয়া পৰামৰ্শবোৰক পালন কৰিব, ‘সকলোৰে আগত আপোনাৰ বৃদ্ধি প্ৰকাশিত হʼব।’—১ তীম. ৪:১৫.
৪ পিতৃ-মাতৃসকলে নিজৰ কিশোৰবিলাকক সহায় কৰক: এজন লʼৰাক বাল্য কালৰে পৰা শিকাত সহায় কৰিব পাৰে। তেওঁলোকক সভা, প্ৰচাৰ কাৰ্য্যত মনোযোগ আৰু ৰাজ্যগৃহ, স্কুলত উত্তম আচৰণৰ আৰ্হি ৰাখাত প্ৰশিক্ষণ দিয়া আৱশ্যক। আনক সহায় কৰা যেনে, ৰাজ্যগৃহ পৰিষ্কাৰ, বৃদ্ধসকলক সহায় আৰু আন কাৰ্য্যৰ বাবে তেওঁলোকক সন্মিলিত কৰা আৱশ্যক। দান কৰাৰ দ্বাৰা পোৱা আনন্দৰ অনুভৱ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰক। (পাঁচ. ২০:৩৫) তেনে ধৰণৰ প্ৰশিক্ষণে তেওঁলোকক ভৱিষ্যতে অগ্ৰগামী, সহায়ক সেৱক বা প্ৰাচীন হʼবলৈ সহায় কৰিব।