ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৮
  • নিজৰ সম্পৰ্কীয় লোকসকলক কেনেকৈ সাক্ষী দিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ সম্পৰ্কীয় লোকসকলক কেনেকৈ সাক্ষী দিব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৮

নিজৰ সম্পৰ্কীয় লোকসকলক কেনেকৈ সাক্ষী দিব?

১ নিজৰ আত্মীয় লোকৰ সৈতে নতুন জগতত প্ৰৱেশ কৰি ঐক্যতাৰে যিহোৱাৰ উপাসনা কৰাটো কিযে এক আনন্দৰ বিষয়! এই আশা বাস্তৱিকতালৈ পৰিণত হʼবলৈ হʼলে আমি নিজৰ সম্পৰ্কীয় লোকসকলক সাক্ষী দিয়া আৱশ্যক। তেওঁলোকক উৎসাহেৰে সাক্ষী দিবলৈ আমি বিবেচক হোৱা আৱশ্যক। এই সম্পৰ্কে এজন চাৰ্কিট অধ্যক্ষই এইদৰে কয়: “যিসকলে মাজে সময়ে এনেবোৰ বিষয় উল্লেখ কৰি সম্পৰ্কীয় লোকক কৌতূহল কৰে, তেওঁলোকে উত্তম ফলাফল লাভ কৰিব পাৰিলে।” আমি কেনেকৈ তেনেদৰে কৰিব পাৰোঁ?

২ তেওঁলোকক কৌতূহল কৰা: আপুনি কেনেকৈ তেওঁলোকক কৌতূহল কৰিব পাৰে, এই বিষয়ে আগতীয়াকৈ সাৱধানে চিন্তা কৰি চোৱা উচিত। (হিতো. ১৫:⁠২৮) তেওঁলোকে কেনেবোৰ বিষয় জানিবলৈ আগ্ৰহী? তেওঁলোকে কেনে সমস্যাবোৰৰ সম্মুখীন হৈছে? আপুনি হয়তো তেওঁলোকক এটা লেখ বা প্ৰভাৱিত কৰা এটা বিষয়ত শাস্ত্ৰীয় পদ দেখুৱাব পাৰে, যিয়ে তেওঁলোকক বিশেষকৈ আগ্ৰহী কৰিব। আপোনাৰ সম্পৰ্কীয় লোকসকলে যদি ওচৰত বাস কৰা নাই, তেন্তে টেলিফোন বা পত্ৰৰ যোগেদি তেনেদৰে কৰিব পাৰে। তেওঁলোকক বিমূৰত নেপেলাই সত্যতাৰ বীজ ৰোপন কৰি সেই বীজ ডাঙৰ হʼবলৈ যিহোৱালৈ বাট চোৱা উচিত।​—⁠১ কৰি. ৩:⁠৬.

৩ বহুতো দুষ্ট আত্মা বাহিৰ কৰা এজন ব্যক্তিক যীচুৱে এইদৰে কৈছিল: “তুমি নিজৰ ঘৰলৈ আত্মীয়বিলাকৰ ওচৰলৈ যোৱা, আৰু প্ৰভুৱে তোমাক দয়া কৰি, তোমালৈ কেনে মহৎ কৰ্ম্ম কৰিলে, তাৰ সম্বাদ তেওঁলোকক দিয়াগৈ।” (মাৰ্ক ৫:⁠১৯) কল্পনা কৰক যে এনে কাৰ্য্যই সেই ব্যক্তিজনৰ আত্মীয় লোকক কিমান যে প্ৰভাৱিত কৰিলে! আপুনি যদিও তেনেদৰে কোনো নাটকীয় ঘটনাৰ অভিজ্ঞতা হোৱা নাই, তথাপিও সম্পৰ্কীয় লোকসকলে হয়তো আপোনাৰ বা আপোনাৰ লʼৰা-ছোৱালীৰ কাৰ্য্যৰ প্ৰতি আগ্ৰহী হʼব পাৰে। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত পোৱা এটা ভাষণ, এখন অধিৱেশনত উপস্থিত, বেথেলগৃহ ভ্ৰমণ বা আপোনাৰ সৈতে ঘটা এটা ব্যক্তিগত ঘটনাৰ বিষয়ে সম্পৰ্কীয় লোকসকলক কোৱাৰ দ্বাৰা হয়তো যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিষয়ে অধিককৈ কʼবলৈ সুবিধা মুকলি কৰিব।

৪ বিবেচক হওক: সম্পৰ্কীয় লোকসকলক সাক্ষী দিয়াৰ সময়ত এবাৰতে সকলোবোৰ কোৱাৰ পৰা বিৰত থাকক। এজন ভায়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰা সময়ৰ বিষয়ে সুঁৱৰি এইদৰে কয়: “মই বাইবেলৰ পৰা শিকা সকলোবোৰ বিষয় মোৰ মাক ঘন্টাৰ পিছত ঘন্টা ধৰি বৰ্ণনা কৰিলো আৰু এনে কৰাৰ পৰিণামস্বৰূপে বিশেষকৈ মোৰ দেউতাৰ সৈতে সদায়ে তৰ্ক-বিতৰ্ক হৈছিল।” এজন সম্পৰ্কীয় লোকে বাইবেলৰ বাৰ্ত্তাৰ বিষয়ে জানিবলৈ আগ্ৰহী হোৱাৰ সময়তো সকলোবোৰ একেবাৰতে কোৱাৰ পৰিৱৰ্তে এনেদৰে কওক, যাতে তেওঁ জানিবলৈ অধিক আগ্ৰহী হয়। (হিতো. ২৫:⁠৭) আপুনি পৰিচৰ্য্যাত অচিনাকী ব্যক্তিক শুভবাৰ্ত্তা কোৱাৰ সময়ত কৰা আচৰণৰ দৰে তেওঁলোকৰ প্ৰতিও সদায়ে সন্মানীয়, দয়ালু আৰু ধৈৰ্য্যশীল হওক।​—⁠কল. ৪:⁠৬.

৫ এটা সময়ত সম্পৰ্কীয় লোকসকলে যীচু বলিয়া হʼল বুলি ভাবিছিল। (মাৰ্ক ৩:⁠২১) কিন্তু পিছলৈ কিছুমান সম্পৰ্কীয় লোকে সত্যতাক গ্ৰহণ কৰিলে। (পাঁচ. ১:⁠১৪) যদিও প্ৰথম অৱস্থাত আপুনি সম্পৰ্কীয় লোকসকলক সত্যতাৰ বিষয়ে কʼবলৈ কৰা চেষ্টাৰ প্ৰতি তেওঁলোকে মনোযোগ দিয়া নাই, তথাপিও ধৈৰ্য্য নেহেৰুৱাব। পৰিস্থিতি আৰু তেওঁলোকৰ মনোবৃত্তিৰ সলনি হʼব পাৰে। আন সময়ত তেওঁলোকৰ কৌতূহল জগাই তুলিবলৈ একেৰাহে সুযোগ বিচাৰক। অনন্ত জীৱনৰ পথত চলিবলৈ সম্পৰ্কীয় লোকক সহায় কৰাৰ দ্বাৰা আপুনি হয়তো আনন্দত উল্লাসিত হʼব।​—⁠মথি ৭:⁠১৩, ১৪.

[Study Questions]

১. সম্পৰ্কীয় লোকক সাক্ষী দিবলৈ কিয় বিবেচক হোৱা আৱশ্যক?

২. আমাৰ সৰল মনৰ সম্পৰ্কীয় লোকসকলে তেওঁলোকক কৌতূহল জগাই তুলাত কেনেকৈ আমাক সহায় কৰিব পাৰে?

৩. আমাৰ সম্পৰ্কীয় লোকৰ কেনে আগ্ৰহকতাই আমাৰ বাবে সাক্ষী দিয়াৰ সুবিধা মুকলি কৰিব পাৰে?

৪. সম্পৰ্কীয় লোকক সাক্ষী দিয়াৰ সময়ত কেনে বিপদসমূহৰ পৰা বিৰত থকা উচিত?

৫. সম্পৰ্কীয় লোকসকলে যদি আমাৰ শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া নেদেখুৱাই তেন্তে আমি কি কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক