পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰচাৰ কাৰ্য্য কৰা পৰিয়াল তালিকা
১ কিশোৰ-কিশোৰীসকলে তেওঁৰ নামৰ স্তুতি কৰা দেখি যিহোৱাই আনন্দিত হয়। (গীত ১৪৮:১২, ১৩) যীচুৰ সময়ত আনকি ‘শিশু আৰু কেঁচুৱাবিলাকে’ ঈশ্বৰৰ স্তুতি কৰিছিল। (মথি ২১:১৫, ১৬) আজিৰ সময়তো একেইদৰে হৈছে। পিতৃ-মাতৃসকল, খ্ৰীষ্টান পৰিচৰ্য্যাৰ দ্বাৰা যিহোৱাৰ নাম উৎসাহেৰে স্তুতি কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে? ওপৰত মণ্ডলীৰ সভাবোৰ নামৰ লেখটোত উল্লেখ কৰা অনুসাৰে পিতৃ-মাতৃ, অৰ্থাৎ আপোনালোকৰ উত্তম আৰ্হিয়ে লʼৰা-ছোৱালীক সহায় কৰিব। বহুতো পিতৃ-মাতৃয়ে অনুভৱ কৰা অভিজ্ঞতাৰ বিষয়ে সোঁৱৰি এজন পিতৃয়ে এইদৰে কৈছিল: “আপুনি কোৱাৰ অনুসাৰে লʼৰা-ছোৱালীয়ে নকৰে; কিন্তু, আপুনি কৰাৰ অনুসাৰে লʼৰা-ছোৱালীয়ে কৰে!”
২ যিহোৱাৰ সাক্ষীৰ পৰিয়ালত ডাঙৰ-দীঘল হোৱা এগৰাকী ভনীয়ে এইদৰে কয়: “শনিবাৰৰ বন্ধৰ দিনা কি কৰিম বা নকৰিম, এই বুলি কেতিয়াও ভাবিবলগীয়া নহৈছিল। কিয়নো আমি জানিছিলোঁ যে শনিবাৰৰ দিনা পৰিয়ালৰ সকলোৱে প্ৰচাৰ কাৰ্য্যত একেলগে অংশ গ্ৰহণ কৰে।” একেইদৰে আপুনিও নিজৰ সপ্তাহিক তালিকাত পৰিয়ালৰ সকলোৱে একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আয়োজন কৰি নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত প্ৰচাৰ কাৰ্য্যৰ গুৰুত্বতাৰ বিষয়ে বুজাত সহায় কৰিব পাৰে। এনে কৰাৰ দ্বাৰা লʼৰা-ছোৱালীয়ে আপোনাৰ আৰ্হিক দেখি শিকিব এনে নহয়, কিন্তু আপুনিও তেওঁলোকৰ মনোবৃত্তি, আচাৰ-ব্যৱহাৰ আৰু উন্নত পাৰগতাক লক্ষ্য কৰিব পাৰিব।
৩ উন্নতিশীল প্ৰশিক্ষণ: লʼৰা-ছোৱালীয়ে প্ৰচাৰ কাৰ্য্যত আনন্দ লাভ কৰিবলৈ, তেওঁলোকে কাৰ্য্যকাৰীৰূপে ভাগ লোৱাৰ বাবে আগতীয়াকৈ তৈয়াৰ কৰা আৱশ্যক। আগতে উল্লেখ কৰা সেই একেই ভনী গৰাকীয়ে এইদৰে কয়: “আমি মা-দেউতাৰ সৈতে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যলৈ নামমাত্ৰত যোৱা নাছিলোঁ। আমি জানিছিলোঁ যে আমি কি কোৱা আৱশ্যক, আনকি দৰকাৰ পৰিলে দুৱাৰৰ কলিং বেল বজাই এখন হেণ্ডবিল নিদিওঁ কিয়। প্ৰত্যেক সপ্তাহৰ কাৰ্য্যক্ৰমৰ পূৰ্বে আমি মনোযোগেৰে তৈয়াৰ কৰাৰ বাবে প্ৰচাৰ ক্ষেত্ৰত কি কোৱা বা নোকোৱা আৱশ্যক, সেই বিষয়ে ভালকৈ জানিছিলোঁ।” আপোনালোকেও নিজৰ লʼৰা-ছোৱালীক প্ৰচাৰ কাৰ্য্যৰ বাবে তেনে প্ৰশিক্ষণ দিবলৈ সপ্তাহটোৰ পৰিয়াল অধ্যয়ন বা আন এটা সময়ত অলপ সময় অতিবাহিত কৰিব পাৰে।
৪ পৰিয়ালৰ সৈতে একেলগে প্ৰচাৰ কৰাৰ দ্বাৰা আপুনি নিজৰ লʼৰা-ছোৱালীক সত্যতাৰ বিষয়ে প্ৰশিক্ষণ দিবলৈ সুযোগ লাভ কৰিব। এজন খ্ৰীষ্টান পিতৃয়ে জীয়েকৰ সৈতে নিজৰ গাৱঁৰ পৰা চুবুৰীয়া গাওঁখনলৈ গৈ ট্ৰেক্ট বিতৰণ কৰিবলৈ অহা-যোৱাৰ বাবে দহ কিলোমিটাৰ পদযাত্ৰা কৰিছিল। পিছলৈ জীয়েকে আগ্ৰহেৰে সুঁৱৰি এইদৰে কয় যে, “সেই পদযাত্ৰাৰ সময়ছোৱাত মোৰ দেউতাই সত্যতাৰ বিষয়ে মোক শিকাইছিল।” (দ্বিতী. ৬:৭) ঠিক সেইদৰে আপুনিও নিজৰ সপ্তাহিক পৰিয়াল তালিকাত প্ৰচাৰ কাৰ্য্যৰ বাবে আঁচনি বনাই একেইদৰে আশীৰ্ব্বাদ লাভ কৰিব পাৰে।