পাঠ ১
ভাল খবৰ কি হয়?
১. ঈশ্বৰৰপৰা কি ভাল খবৰ আছে?
সকলো মানুহে এই পৃথিৱীত আনন্দেৰে জীৱন কতোৱাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰে মানৱজাতিক ভালপোৱাৰ বাবে তেওঁ এই পৃথিৱীখন আৰু ইয়াত থকা সকলো বস্তু সৃষ্টি কৰিছিল। বহুত সোনকালে তেওঁ এনে এটা কাৰ্য্য কৰিবলৈ গৈ আছে, যাৰ যোগেদি সকলো লোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত হʼব। মানৱজাতিয়ে ভুগি থকা সকলো দুখ-কষ্ট তেওঁ নাইকিয়া কৰিব।—যিৰিমিয়া ২৯:১১ পঢ়ক।
কোনো মানৱীয় চৰকাৰে আজিলৈকে হিংসা, বেমাৰ-আজাৰ বা মৃত্যু দূৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু আমাৰ সকলোৰে বাবে এটা ভাল খবৰ আছে। অতি সোনকালে ঈশ্বৰে তেওঁ নিজৰ চৰকাৰৰ যোগেদি মানৱ চৰকাৰবোৰক বিনাশ কৰিব। ঈশ্বৰৰ চৰকাৰৰ অধীনত থকা লোকসকলে শান্তি আৰু সু-স্বাস্থ্যৰ অধিকাৰী হʼব।—যিচয়া ২৫:৮; ৩৩:২৪; দানিয়েল ২:৪৪ পঢ়ক।
২. আজি ভাল খবৰৰ কিয় প্ৰয়োজন?
ঈশ্বৰে দুষ্ট লোকসকলক বিনাশ কৰাৰ পাছতহে, এই পৃথিৱীৰপৰা দুখ-কষ্ট নাইকিয়া হʼব। (চফনিয়া ২:৩) ঈশ্বৰে এই কাৰ্য্য কেতিয়া কৰিব? বৰ্তমান সময়ত হৈ থকা ঘটনাবোৰৰ বিষয়ে বাইবেলত আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। আজি হৈ থকা বেয়া কাৰ্য্যবোৰে প্ৰমাণ কৰে যে ঈশ্বৰৰ ন্যায় বিচাৰৰ দিন একেবাৰে ওচৰ চাপিছে।—২ তীমথিয় ৩:১-৫ পঢ়ক।
৩. আমি কি কৰা উচিত?
আমি বাইবেলৰপৰা ঈশ্বৰৰ বিষয়ে শিকা উচিত। বাইবেলত উল্লেখ থকা বিষয়বোৰ এজন মৰমিয়াল পিতৃয়ে লিখা এখন চিঠিৰ নিচিনা। বৰ্তমান সময়ত এক অৰ্থপূৰ্ণ জীৱন আৰু ভৱিষ্যতে এই পৃথিৱীত অনন্ত জীৱন কেনেকৈ লাভ কৰিব পাৰি, তাৰ বিষয়ে ইয়াত উল্লেখ আছে। আপুনি বাইবেল অধ্যয়ন কৰাৰ বাবে কিছুমান লোকে হয়তো ভাল নাপাবও পাৰে। কিন্তু মনত ৰখা উচিত যে ঈশ্বৰে আমাক এক উজ্জ্বল ভৱিষ্যতৰ আশা দিছে আৰু আমি তাক কেতিয়াও হেৰুৱা উচিত নহʼব।—হিতোপদেশ ২৯:৫; প্ৰকাশিত বাক্য ১৪:৬, ৭ পঢ়ক।