ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৮ পৃষ্ঠা ২৬-২৮
  • যেতিয়া দুৰ্ঘটনা ঘটে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যেতিয়া দুৰ্ঘটনা ঘটে
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক
  • ২ আপুনি নিজৰ আৰু পৰিয়ালৰ যত্ন লওক
  • ৩ প্ৰয়োজনীয় সহায় গ্ৰহণ কৰক
  • যিহোৱাই আমাক চাই থাকে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সঙ্কটৰ সময়ত যিহোৱাক সম্পূৰ্ণ মনেৰে ভাৰসা কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৮ পৃষ্ঠা ২৬-২৮
স্বামী আৰু স্ত্ৰীয়ে নিজৰ সন্তানৰ মৃত্যুত শোক কৰিছে

ভাগ ৮

যেতিয়া দুৰ্ঘটনা ঘটে

“আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে।”—২ কৰিন্থীয়া ৪:১৮

নিঃসন্দেহ, আপোনাৰ পৰিয়াল আৰু বিবাহিত জীৱন সুখী কৰিবলৈ আপুনি দেহে-কেহে চেষ্টা কৰিছে, কিন্তু কেতিয়াবা অকস্মাতে হোৱা দুৰ্ঘটনাৰ বাবে আপোনাক আনন্দ বজাই ৰখা হয়তো কঠিন হʼব পাৰে। (উপদেশক ৯:১১) কঠিন সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সময়ত, যিহোৱা ঈশ্বৰে প্ৰেমেৰে আমাক সহায় আগবঢ়ায়। যদি আপুনি পৰৱৰ্তী বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰে, তেতিয়া আপুনি আৰু আপোনাৰ পৰিয়ালে যিকোনো বিপদৰ সন্মুখীন হʼব পাৰিব।

১ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক

বাইবেলত কি উল্লেখ আছে: “তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৭) সদায় মনত ৰাখিব যে আপোনালোকে সন্মুখীন হোৱা পৰীক্ষাবোৰৰ বাবে ঈশ্বৰ কেতিয়াও দায়ী নহয়। (যাকোব ১:১৩) যদি আপুনি ঈশ্বৰৰ কাষ চাপে, তেনেহʼলে তেওঁ আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ সহায় কৰিব। (যিচয়া ৪১:১০) “তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা।”—গীতমালা ৬২:৮.

প্ৰতিদিনে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ যোগেদি আপুনি শান্ত্বনা লাভ কৰিব পাৰিব। এইদৰে কৰিলে যিহোৱা ঈশ্বৰে কেনেকৈ “আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা” দিয়ে, তাৰ বিষয়ে আপুনি অনুভৱ কৰিব। (২ কৰিন্থীয়া ১:৩, ৪; ৰোমীয়া ১৫:৪) তেওঁ আমাক “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” তাক দিব বুলি প্ৰতিজ্ঞা কৰিছে।—ফিলিপীয়া ৪:৬, ৭, ১৩.

চিকিৎসালয়ত ভৰ্তি থকা এজন ব্যক্তিয়ে পৰিয়ালৰ সৈতে প্ৰাৰ্থনা কৰিছে

আপুনি কি কৰিব পাৰে:

  • শান্ত হৈ থাকিবলৈ আৰু ভালদৰে চিন্তা-চৰ্চ্চা কৰিবলৈ যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰক

  • আপোনাৰ সকলোবোৰ উপায় চালি-জাৰি চাওক আৰু আটাইতকৈ ভাল উপায়টো বাছনি কৰক

২ আপুনি নিজৰ আৰু পৰিয়ালৰ যত্ন লওক

বাইবেলত কি উল্লেখ আছে: “সুবিবেচকৰ মনে জ্ঞান উপাৰ্জ্জন কৰে, আৰু জ্ঞানীবিলাকে কাণেৰে জ্ঞানৰ চেষ্টা কৰে।” (হিতোপদেশ ১৮:১৫) সকলোবোৰ কথা ভালদৰে জানি লওক। পৰিয়ালৰ প্ৰতিজন সদস্যৰ কি প্ৰয়োজন, তাক বিচাৰি উলিয়াওক। তেওঁলোকৰ লগত কথা-বতৰা হওক আৰু তেওঁলোকৰ কথা ভালদৰে শুনক।—হিতোপদেশ ২০:৫.

যদি কোনোবা আপোনজনাৰ মৃত্যু হয়, তেতিয়া আপুনি কি কৰিব? আপুনি আপোনাৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ সংকোচ নকৰিব। মনত ৰাখিব যে আনকি যীচুৱেও “ক্ৰন্দন” কৰিছিল। (যোহন ১১:৩৫; উপদেশক ৩:৪) ইয়াৰ উপৰিও বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন। (উপদেশক ৪:৬) এনে কৰিলে যিকোনো পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আপোনাৰ সহজ হৈ পৰিব।

আপুনি কি কৰিব পাৰে:

  • কিবা দুৰ্ঘটনা ঘটাৰ আগতেই, পৰিয়ালৰ লোকসকলৰ লগত যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে, কিবা সমস্যা অহাৰ সময়ত আপোনাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ সহজ হৈ পৰিব

  • আপোনাৰ দৰে একেই সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰপৰা পৰামৰ্শ লওক

৩ প্ৰয়োজনীয় সহায় গ্ৰহণ কৰক

বাইবেলত কি উল্লেখ আছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।” (হিতোপদেশ ১৭:১৭) আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিব বিচাৰে, কিন্তু কেনেকৈ সহায় কৰিব তাক তেওঁলোকে নাজানে। আপোনাক কি সহায়ৰ প্ৰয়োজন, সেই বিষয়ে বন্ধুসকলক জনাওক। (হিতোপদেশ ১২:২৫) ইয়াৰ উপৰিও বাইবেলৰ জ্ঞান থকা ভাই-ভনীসকলৰপৰা সহায় লওক। তেওঁলোকে বাইবেলৰপৰা দিয়া পৰামৰ্শই আপোনাক সমস্যাবোৰ সমাধান কৰিবলৈ সহায় কৰিব।—যাকোব ৫:১৪.

যিহোৱা ঈশ্বৰক বিশ্বাস কৰা আৰু তেওঁৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত ভৰসা কৰা লোকসকলৰ লগত নিয়মীয়াকৈ সংগতি কৰিলে, আপোনাৰ প্ৰয়োজনৰ সময়ত আপুনি সহায় লাভ কৰিব। হতাশ লোকসকললৈ সহায় আগবঢ়ালে, আপুনি নিজেও শান্ত্বনা লাভ কৰিব। যিহোৱা ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস আৰু প্ৰতিজ্ঞাৰ বিষয়ে তেওঁলোকক জনাওক। প্ৰয়োজনীয় লোকক সহায় আগবঢ়োৱা কাৰ্য্যত ব্যস্ত থাকক। আপোনাক ভালপোৱা আৰু যত্ন লোৱা লোকসকলৰ পৰা আঁতৰি নাথাকিব।—হিতোপদেশ ১৮:১; ১ কৰিন্থীয়া ১৫:৫৮.

আপুনি কি কৰিব পাৰে:

  • আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত কথা-বতৰা হওক আৰু তেওঁৰ সহায় গ্ৰহণ কৰক

  • আপোনাৰ প্ৰয়োজনৰ বিষয়ে ভাঙি-পাতি আৰু স্পষ্টৰূপে কওক

কেৱল দুৰ্ঘটনাৰ বিষয়ে চিন্তা নকৰি, আগলৈ চিন্তা কৰক

দুৰ্ঘটনাৰ বাবে আপুনি হয়তো হতাশত জুৰুলা হʼব পাৰে, তথাপিও আপুনি যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰিবলৈ এৰি নিদিব। ইয়োব নামৰ এজন ঈশ্বৰৰ দাসে পৰীক্ষাৰ সন্মুখীন হওঁতে এইদৰে কৈছিল: “যিহোৱাৰ নাম ধন্য হওক।” (ইয়োব ১:২১, ২২) ইয়োবৰ দৰে আপুনিও যিহোৱা ঈশ্বৰৰ নাম আৰু তেওঁৰ ইচ্ছাক প্ৰথম স্থান দিয়ক। যদি আপুনি ভবাৰ দৰে একো নহয়, নিৰাশ নহʼব। ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা ৰাখক। যিহোৱাই কৈছে, “মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।”—যিৰিমিয়া ২৯:১১.

নিজকে সুধক . . .

  • সৰু সৰু বিষয়তো মই যিহোৱা ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁনে?

  • প্ৰতিদিনে যিহোৱা ঈশ্বৰে কৰা ভাল কাৰ্য্যবোৰৰ বাবে তেওঁক ধন্যবাদ দিবলৈ মোৰ ওচৰত কি কি কাৰণ আছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক