অধ্যায় ১২
এনে কথা কওক যিয়ে “অনুগ্ৰহ দান” কৰিব পাৰে
“তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক।”—ইফিচীয়া ৪:২৯.
১-৩. (ক) যিহোৱা ঈশ্বৰে আমাক কি উপহাৰ দিছে আৰু আমি হয়তো ইয়াক কেনেকৈ অপব্যৱহাৰ কৰিব পাৰোঁ? (খ) ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হʼলে আমি কথা কʼব পৰা উপহাৰক কেনেকৈ ব্যৱহাৰ কৰা উচিত?
যদি আপুনি বন্ধু এজনক এটা উপহাৰ দিছে আৰু তেওঁ জানি-শুনি তাৰ অপব্যৱহাৰ কৰিছে, তেনেহʼলে আপোনাক কেনে লাগিব? ধৰি লওক, আপুনি তেওঁক এখন মটৰ চাইকেল দিছে। কিন্তু আপুনি জানিব পাৰিলে যে তেওঁ মটৰ চাইকেলখন জধে-মধে চলাই বহুতো লোকক আঘাত কৰিছে। আপোনাৰ কেনে অনুভৱ হʼব? আপোনাক বেয়া নালাগিবনে?
২ “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” দিওঁতা, যিহোৱা ঈশ্বৰে আমাক এটা উপহাৰ দিছে। (যাকোব ১:১৭) এই উপহাৰ হৈছে কথা কʼব পৰা শক্তি। মানৱজাতিক জীৱ-জন্তুৰপৰা পৃথক কৰি ৰাখিব পৰা এই শক্তিৰ বাবে আমি আমাৰ চিন্তা-ভাৱনা আৰু অনুভূতি আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ। ওপৰত উল্লেখ কৰা মটৰ চাইকেলখনৰ দৰে, কথা কʼব পৰা শক্তিকো অপব্যৱহাৰ কৰিব পৰা যায়। যদি আমি জধে-মধে কোনো চিন্তা নকৰি কথা-বতৰাৰে আনক আঘাত কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰৰ বেয়া নালাগিবনে?
৩ যদি আমি নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব বিচাৰোঁ, তেনেহʼলে উপহাৰ দিওঁতা যিহোৱা ঈশ্বৰে বিচৰা অনুসৰি আমি কথা কʼব পৰা শক্তিক ব্যৱহাৰ কৰা উচিত। কেনেধৰণৰ কথা-বতৰাই যিহোৱাক আনন্দিত কৰে তাৰ বিষয়ে তেওঁ আমাক স্পষ্টৰূপে জনাইছে। তেওঁৰ বাক্যই বৰ্ণনা কৰিছে: “তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক।” (ইফিচীয়া ৪:২৯) গতিকে আহক আমি অলপ সময় আলোচনা কৰোঁ যে কিয় ভাবি-চিন্তি কথা কোৱা উচিত, আমি কেনেধৰণৰ কথা-বতৰাৰপৰা আঁতৰি থকাৰ প্ৰয়োজন আৰু আমি কেনেধৰণৰ কথা-বতৰাৰে আনক “অনুগ্ৰহ দান” বা উৎসাহিত কৰিব পাৰোঁ।
আমি কিয় ভাবি-চিন্তি কথা কোৱা উচিত
৪, ৫. বাইবেলৰ কিছুমান পদে কথা-বতৰাৰ শক্তিৰ বিষয়ে কি বৰ্ণনা কৰিছে?
৪ আমি ভাবি-চিন্তি কথা কোৱাৰ এক গুৰুত্বপূৰ্ণ কাৰণ হʼল যে শব্দৰ প্ৰবল শক্তি আছে। হিতোপদেশ ১৫:৪ পদে বৰ্ণনা কৰিছে: “জিবাৰ শান্ত ভাব জীৱন-গছস্বৰূপ; কিন্তু তাৰ কুটিলতা মন ভঙাস্বৰূপ।” পানীয়ে যেনেকৈ এজোপা মৰহি যোৱা গছক সজীৱ কৰি তুলিব পাৰে, তেনেকৈ শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে। আনহাতে, বেয়া কথা-বতৰাই আনৰ ভাৱনাক আঘাত দিব পাৰে। সঁচাকৈ, আমি যি কথা কওঁ সেইবোৰে আনক সুস্থ বা আঘাত কৰাৰ শক্তি আছে।—হিতোপদেশ ১৮:২১.
৫ কথা-বতৰাৰ শক্তিৰ বিষয়ে হিতোপদেশৰ আন এটা পদে এইদৰে বৰ্ণনা কৰিছে, “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়।” (হিতোপদেশ ১২:১৮) চিন্তা-ভাৱনা নকৰাকৈ কোৱা কথাই আনৰ হৃদয়ক আঘাত দিব পাৰে আৰু সম্পৰ্কৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ কথা-বতৰাই আপোনাক আঘাত কৰিছেনে? সেই একে পদতে আগলৈ বৰ্ণনা কৰিছে, “জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” যিজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰজ্ঞা অনুসৰি কাম কৰি ভাবি-চিন্তি কথা কয়, তেওঁৰ বাক্যই হৃদয়ত আঘাত পোৱা লোকক সুস্থ কৰিব পাৰে আৰু ভাঙি যোৱা সম্পৰ্কক পুনৰ স্থাপন কৰিব পাৰে। আপোনাৰ এনে কিবা ঘটনা মনত আছেনে, যেতিয়া কোনোবাই উৎসাহিত বাক্যৰে আপোনাৰ দুখিত হৃদয়ক সুস্থ কৰিছিল? (হিতোপদেশ ১৬:২৪ পঢ়ক।) আমি নিশ্চিত যে আমাৰ কথা-বতৰাত শক্তি আছে। সেইবাবে আমি আনক আঘাত দিবলৈ নহয় কিন্তু আনক সুস্থ কৰিবলৈ কথা-বতৰা কৰা উচিত।
শান্ত কথা-বতৰাই সতেজ কৰি তোলে
৬. আমাৰ জিবাখনক নিয়ন্ত্ৰণ কৰিবলৈ কিয় সংঘৰ্ষ কৰিবলগীয়া হয়?
৬ আমি যিমানেই চেষ্টা নকৰোঁ কিয়, সম্পূৰ্ণৰূপে নিজৰ জিবাখনক নিয়ন্ত্ৰণ কৰাটো কঠিন। আমি ভাবি-চিন্তি কথা কোৱাৰ দ্বিতীয় কাৰণটো হৈছে: পাপ আৰু অসিদ্ধতাৰ বাবে আমাৰ জিবাখন অপব্যৱহাৰ কৰাৰ ফালে ঢাল খায়। আমাৰ হৃদয়ত যি আছে সেয়া শব্দৰ দ্বাৰা প্ৰকাশ হয় আৰু “মানুহৰ মনৰ [হৃদয়ৰ] কল্পনা সৰু কালৰে পৰা মন্দ।” (আদিপুস্তক ৮:২১; লূক ৬:৪৫) সেইবাবে, জিবাখনক নিয়ন্ত্ৰণ কৰাৰ বাবে আমি সঁচাকৈ সংঘৰ্ষ কৰিবলগীয়া হয়। (যাকোব ৩:২-৪ পঢ়ক।) এইটো সঁচা যে আমি আমাৰ জিবাখনক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু ইয়াক ভালদৰে ব্যৱহাৰ কৰিবলৈ আমি প্ৰয়োজনীয় পদক্ষেপ লʼব পাৰোঁ। যেনেকৈ নদীৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ যথেষ্ট সংঘৰ্ষ কৰিবলগীয়া হয়, ঠিক সেইদৰে আমাৰ জিবাখনক অপব্যৱহাৰ কৰা প্ৰৱণতাবোৰৰ বিৰুদ্ধে সংঘৰ্ষ কৰিব লাগিব।
৭, ৮. আমাৰ কথা-বতৰাৰ বাবে যিহোৱা ঈশ্বৰক কি লেখ দিব লাগিব?
৭ ভাবি-চিন্তি কথা কোৱাৰ তৃতীয় কাৰণটো হৈছে, আমি যিবোৰ কথা কওঁ তাৰ লেখ যিহোৱা ঈশ্বৰে লʼব। আমি কোৱা কথা-বতৰাই কেৱল আনৰ লগত থকা সম্পৰ্কত প্ৰভাৱ পেলাই এনে নহয়, কিন্তু ইয়ে যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে। যাকোব ১:২৬ পদে বৰ্ণনা কৰিছে: “কোনোৱে যদি নিজকে ধাৰ্ম্মিক যেন মানে, কিন্তু নিজৰ জিবা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম্ম-কৰ্ম্ম ব্যৰ্থ।” যেনেকৈ আমি আগৰ অধ্যায়ত দেখিলোঁ যে আমাৰ কথা-বতৰা আমাৰ উপাসনাৰ পৰা পৃথক নহয়। যদি আমাৰ জিবাখনত লাগাম নাথাকে, তেনেহʼলে আমাৰ মুখৰপৰা আনৰ হৃদয়ক আঘাত দিয়া আৰু বিষাক্ত কথা ওলাব আৰু সেইবাবে ঈশ্বৰৰ সেৱাত আমি কৰা সকলো কাৰ্য্য মূল্যহীন হৈ পৰিব। ই এক গুৰুত্বপূৰ্ণ বিষয় নহয়নে বাৰু?—যাকোব ৩:৮-১০.
৮ এইটো স্পষ্ট যে আমি কথা কʼব পৰা যি উপহাৰ ঈশ্বৰৰ পৰা পাইছোঁ তাক ভাবি-চিন্তি ব্যৱহাৰ কৰাৰ যথেষ্ট কাৰণ আছে। আহক আমি এতিয়া দুই ধৰণৰ কথা-বতৰাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমটো হৈছে এনেধৰণৰ কথা-বতৰা যিবোৰ সত্য খ্ৰীষ্টানে কোৱা উচিত নহয় আৰু দ্বিতীয়টো হৈছে এনেধৰণৰ কথা-বতৰা যাৰ যোগেদি আনক উৎসাহিত কৰিব পাৰি।
এনেধৰণৰ কথা-বতৰা যিয়ে আনক আঘাত দিয়ে
৯, ১০. (ক) আজিৰ জগতত কেনেধৰণৰ ভাষা দৈনন্দিন জীৱনৰ ভাগ হৈ পৰিছে? (খ) আমি কিয় অশ্লীল ভাষা ব্যৱহাৰ কৰাৰপৰা দূৰে থকা উচিত? (ফুটনোটতো চাওক।)
৯ অশ্লীল ভাষা। আজিৰ জগতত শাও দিয়া, বেয়া কথা-বতৰা আৰু বিভিন্ন ধৰণৰ অশ্লীল ভাষা দৈনন্দিন জীৱনৰ ভাগ হৈ পৰিছে। কিছুমান লোকে খং উঠিলে গালি-গালাজ কৰে। কৌতুক কোৱা লোকসকলে আনক হঁহোৱাবলৈ অৰুচিকৰ আৰু যৌন উদ্দিপনামূলক ভাষা ব্যৱহাৰ কৰে। অশ্লীল ভাষা ব্যৱহাৰ কৰা কোনো হাঁহি-ধেমালিৰ বিষয় নহয়। প্ৰায় ২,০০০ বছৰ আগতে পাঁচনি পৌলে কলচীয়া মণ্ডলীক “অবচনীয় বচন” বা বেয়া কথা-বতৰা ত্যাগ কৰাৰ বাবে পৰামৰ্শ দিছিল। (কলচীয়া ৩:৮) ইফিচীয়া মণ্ডলীক পৌলে কৈছিল যে সত্য খ্ৰীষ্টান হিচাপে “অশ্লিলতা, উন্মত্ত বলকনি” এই বিষয়বোৰ যেন “তোমালোকৰ মাজত নহওক।”—ইফিচীয়া ৫:৩, ৪.
১০ অশ্লীল কথা-বতৰাক যিহোৱা ঈশ্বৰে ঘৃণা কৰে। যিসকল লোকে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকেও এনেধৰণৰ কথা-বতৰাক ঘিণ কৰে। সঁচাকৈ, যিহোৱা ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক এনেধৰণৰ অশ্লীল ভাষাৰপৰা আঁতৰি থাকিবলৈ অনুপ্ৰাণিত কৰে। পৌলে ‘মাংসৰ কাৰ্য্যবোৰত’ জড়িত থকা বিষয়বোৰ বৰ্ণনা কৰোঁতে, সেই তালিকাত ‘অশুচি কাৰ্য্যৰ’ বিষয়েও উল্লেখ কৰিছিল। বেয়া কথা-বতৰা পতাও এক প্ৰকাৰৰ অশুচি কাৰ্য্য হয়। (গালাতীয়া ৫:১৯-২১) ই এক গুৰুতৰ বিষয় হয়। যদি এজন ব্যক্তিয়ে বাৰে বাৰে পৰামৰ্শ দিয়াৰ পাছতো অনুতাপ নকৰাকৈ অনৈতিক, হীন বা নীচ আৰু ভ্ৰষ্ট কথা-বতৰা পাতি থাকে বা সমৰ্থন কৰে, তেনেহʼলে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা যাব পাৰে।a
১১, ১২. (ক) আলোচনাৰ অৰ্থ কি আৰু ই কেনেকৈ আনক হানি কৰিব পাৰে? (খ) যিহোৱাৰ উপাসকসকলে কিয় পৰচৰ্চ্চা কৰাৰপৰা আঁতৰি থকা উচিত?
১১ হানিকাৰক আলোচনা, পৰচৰ্চ্চা। আনৰ বিষয়ে আলোচনা কৰা সকলো সময়ত ক্ষতিকাৰক হয়নে? কোনো বেয়া মনোবৃত্তি নথকাকৈ বা কাকো হানি নকৰাকৈ আলোচনা কৰা, যেনে অলপতে কাৰ বাপ্তিষ্মা হʼল বা মণ্ডলীত কাক উৎসাহৰ প্ৰয়োজন আছে আদি বিষয়বোৰ। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এজনে-আনজনৰ খা-খবৰ লোৱাৰ বাবে আগ্ৰহী আছিল আৰু তেওঁলোকে সদায় এজনে-আনজনক উৎসাহিত কৰিছিল। (ইফিচীয়া ৬:২১, ২২; কলচীয়া ৪:৮, ৯) কিন্তু যেতিয়া সত্য বিষয়বোৰ সজাই-পৰাই কোৱা হয় অথবা গুপনীয় বিষয়বোৰ আনৰ আগত প্ৰকাশ কৰা হয়, তেতিয়া আলোচনা হানিকাৰক হʼব পাৰে। ইয়াতকৈ আৰু গভীৰ কথা হʼল যে এনেধৰণৰ হানিকাৰক আলোচনাই পৰচৰ্চ্চালৈ পৰিণত হʼব পাৰে। পৰচৰ্চ্চা কৰাৰ অৰ্থ হৈছে এজন ব্যক্তিৰ ওপৰত “মিছা অভিযোগ দিয়া . . . যাৰ বাবে ভাল নামৰ ওপৰত কলংক আহে আৰু ব্যক্তিজনৰ মান হানি হয়।” উদাহৰণস্বৰূপে, ফৰীচীসকলে যীচুক কলংকিত কৰিবলৈ তেওঁৰ ওপৰত মিছা অপবাদ দিছিল। (মথি ৯:৩২-৩৪; ১২:২২-২৪) পৰচৰ্চ্চাই প্ৰায়ে কাজিয়াৰ সৃষ্টি কৰে।—হিতোপদেশ ২৬:২০.
১২ যিসকলে কথা কোৱা উপহাৰক আনৰ কলংক আনিবলৈ বা বিভেদ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰে, তেওঁলোকৰ এনে কাৰ্য্যক যিহোৱা ঈশ্বৰে সাধাৰণ কথা বুলি নাভাবে। তেওঁ সেই লোকসকলক ঘিণ কৰে, যিসকলে ‘ভাই ভাইৰ মাজত কন্দলস্বৰূপ গুটি সিচে।’ (হিতোপদেশ ৬:১৬-১৯) ‘পৰচৰ্চ্চাকাৰীৰ’ বাবে গ্ৰীক শব্দ দিয়াবলোচ ব্যৱহাৰ কৰা হৈছে আৰু এই শব্দক ‘চয়তানৰ’ উপাধি হিচাপে ব্যৱহাৰ কৰা হৈছে। সিয়েই হৈছে ঈশ্বৰক মিছা অপবাদ দিয়া “দিয়াবল” বা চয়তান। (প্ৰকাশিত বাক্য ১২: ৯, ১০) সঁচাকৈ, আমি এনেধৰণৰ কথা-বতৰাৰপৰা আঁতৰি থাকিব বিচাৰোঁ, যিবোৰে আমাক দিয়াবল বুলি পৰিচয় দিব পাৰে। পৰচৰ্চ্চা কৰা লোকসকলৰ মণ্ডলীত কোনো স্থান নাই। কাৰণ ইয়াৰ বাবে “বিবাদ” আৰু “বিভেদ” আদিৰ দৰে মাংস বা শাৰীৰিক কাৰ্য্যবোৰ কৰিবলৈ উদ্গণি দিয়ে। (গালাতীয়া ৫:১৯-২১) সেইবাবে, যদি কাৰোবাৰ বিষয়ে কিবা শুনিবলৈ পাওঁ, তেনেহʼলে আনক কোৱাৰ আগতে আমি এই বিষয়ে নিজকে প্ৰশ্ন কৰা উচিত: ‘এইটো সঁচানে? এই বিষয়ে আনক কোৱাটো উচিত হʼবনে? এই বিষয়ে আনক জনোৱাৰ প্ৰয়োজন আছেনে?’—১ থিচলনীকীয়া ৪:১১ পঢ়ক।
১৩, ১৪. (ক) গালি-শপনিয়ে শুনা লোকসকলৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে? (খ) নিন্দা কি হয় আৰু নিন্দা কৰা লোকসকলে কেনেকৈ নিজকে বিপদত পেলাব পাৰে?
১৩ গালি-শপনি। আমি আগত শিকিলোঁ যে কথা-বতৰাই মানুহক আঘাত কৰাৰ ক্ষমতা ৰাখে। এইটো সঁচা যে আমি অসিদ্ধ হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা এনে কথা কৈ পেলাওঁ, যাৰ বাবে পাছত অনুতাপ কৰিবলগীয়া হয়। কিন্তু বাইবেলে আমাক এনে কথা-বতৰা পতাৰ বিষয়ে সাৱধান কৰে, যিবোৰ সত্য খ্ৰীষ্টানৰ ঘৰত বা মণ্ডলীত কোনো স্থান নাই। পৌলে সত্য খ্ৰীষ্টানসকলক উপদেশ দিছিল: “সকলো কটু-বাক্য, খং, ক্ৰোধ, দ্বন্দ, নিন্দা এই সকলো, আটাই হিংসাই সৈতে তোমালোকৰ পৰা দূৰ হওক।” (ইফিচীয়া ৪:৩১) কাৰোবাক অসন্মান কৰিবলৈ বেয়া বেয়া নাম লৈ চিঞৰা আৰু মৰম-স্নেহ নোহোৱাকৈ অপমান কৰা আদি বিষয়বোৰ গালি-শপনিৰ ভিতৰত পৰে। যিজন ব্যক্তিক এনে ভাষা ব্যৱহাৰ কৰি গালি-শপনি দিয়া হয়, সেই ব্যক্তিয়ে নিজৰ কোনো সন্মান নথকা আৰু কোনো কামৰ যোগ্য নহয় বুলি অনুভৱ কৰে। বিশেষকৈ কণ কণ লʼৰা-ছোৱালীক যদি গালি-শপনি পৰা হয়, তেনেহʼলে ইয়ে তেওঁলোকৰ হৃদয়ক বেয়াকৈ প্ৰভাৱিত কৰে।—কলচীয়া ৩:২১.
১৪ গালি-গালাজ কৰাত জড়িত আছে নিন্দা কৰা। নিন্দা কৰাৰ অৰ্থ হৈছে বেয়া বেয়া শব্দৰে বা গালিৰে কাৰোবাক অপমান কৰা। এনে শব্দ ব্যৱহাৰ নকৰিবলৈ বাইবেলে আজ্ঞা দিছে। কোনোবাই যদি এনে কথা-বতৰা কৰাৰ অভ্যাস গঢ়ি তোলে, তেনেহʼলে তেওঁ নিজকে বিপদত পেলায়। যদি এনে ব্যক্তিক পৰিৱৰ্তন কৰিবলৈ বাৰে বাৰে সহায় কৰাৰ সত্ত্বেও তেওঁ নিজকে পৰিৱৰ্তন নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হয় আৰু তেওঁ অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱাবলগীয়া হʼব পাৰে। (১ কৰিন্থীয়া ৫:১১-১৩; ৬:৯, ১০) গতিকে এইটো স্পষ্ট যে যদি আমি অশ্লীল আৰু মিছা কথা-বতৰা বা আনক আঘাত কৰা কথা-বতৰা পাতোঁ, তেনেহʼলে নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব নোৱাৰিম। এনেধৰণৰ কথা-বতৰাই কেৱল বিনাশহে আনে।
আনক সুস্থ বা উৎসাহিত কৰিব পৰা কথা-বতৰা
১৫. কেনেধৰণৰ কথা-বতৰাই আনক উৎসাহিত কৰে?
১৫ যিহোৱা ঈশ্বৰে দিয়া কথা কʼব পৰা উপহাৰক আমি তেওঁ বিচৰা অনুসৰি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? আপোনাৰ নিশ্চয় মনত আছে যে ঈশ্বৰৰ বাক্যই আমাক আনক “প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা” কʼবলৈ পৰামৰ্শ দিছে। (ইফিচীয়া ৪:২৯) যেতিয়া আমি নিজৰ কথা-বতৰাৰ যোগেদি আনক উৎসাহিত আৰু দৃঢ় কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয়। কিন্তু এনেধৰণৰ কথা-বতৰাৰ বাবে গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি কথা পাতোঁতে কেনেধৰণৰ শব্দ ব্যৱহাৰ কৰা উচিত আৰু কেনেধৰণৰ শব্দ ব্যৱহাৰ কৰা অনুচিত তাৰ বিষয়ে বাইবেলে আমাক কোনো নীতি-নিয়ম বান্ধি দিয়া নাই বা “নিৰাময় বাক্য” অৰ্থাৎ হিতকৰ বাক্যৰ কোনো তালিকাও দিয়া নাই। (তীত ২:৭) আনক উৎসাহিত কৰা কথা-বতৰা কওঁতে তিনিটা সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ গুণ মনত ৰখা উচিত: আমাৰ কথা-বতৰা নিৰাময় অৰ্থাৎ শুদ্ধ, সত্য আৰু সদয় হোৱা উচিত। এই তিনিটা গুণ মনত ৰাখি, আহক আমি এতিয়া আনক উৎসাহিত কৰিব পৰা কথা-বতৰাৰ কিছুমান উদাহৰণ আলোচনা কৰোঁ।—“মোৰ কথা-বতৰা উৎসাহজনক হয়নে?” নামৰ বক্সত চাওক।
১৬, ১৭. (ক) আমি কিয় আনক প্ৰশংসা কৰা উচিত? (খ) মণ্ডলীত আৰু পৰিয়ালত আনক প্ৰশংসা কৰিবলৈ আমাৰ কি কি সুযোগ আছে?
১৬ হৃদয়ৰপৰা প্ৰশংসা কৰক। হৃদয়ৰপৰা প্ৰশংসা কৰা আৰু শলাগ লোৱা যে কিমান প্ৰয়োজন তাৰ বিষয়ে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্ট দুয়োজনেই ভালদৰে উপলব্ধি কৰে। (মথি ৩:১৭; ২৫:১৯-২৩; যোহন ১:৪৭) সত্য খ্ৰীষ্টান হিচাপে আমিও আনক হৃদয়ৰপৰা প্ৰশংসা কৰা উচিত। কিয় বাৰু? হিতোপদেশ ১৫:২৩ পদত বৰ্ণনা কৰিছে: “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!” নিজকে নিজে সোধক: ‘কোনোবাই মোক হৃদয়ৰপৰা প্ৰশংসা কৰিলে মই কেনে অনুভৱ কৰোঁ? ইয়ে মোক আনন্দিত নকৰেনে আৰু মই উৎসাহিত নহওঁনে?’ সঁচাকৈ, হৃদয়ৰপৰা কৰা প্ৰশংসাই আপোনাক বুজিবলৈ সহায় কৰে যে কোনোবাই আপোনাৰ কাৰ্য্যবোৰ লক্ষ্য কৰিছে আৰু আপোনাৰ বাবে চিন্তা কৰে। আপুনি কৰা প্ৰচেষ্টাই প্ৰশংসা পোৱাৰ যোগ্য। এনেধৰণৰ আশ্বাসে আপোনাৰ বিশ্বাস বৃদ্ধি কৰে আৰু ভৱিষ্যতে আপোনাক আৰু ভালদৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। আপুনি যেনেকৈ আনৰপৰা প্ৰশংসা পোৱাটো বিচাৰে, ঠিক সেইদৰে আপুনিও আনক হৃদয়ৰপৰা প্ৰশংসা কৰিবলৈ চেষ্টা নকৰিবনে?—মথি ৭:১২ পঢ়ক।
১৭ আনৰ ভাল গুণবোৰ বিচাৰি তেওঁলোকক প্ৰশংসা কৰিবলৈ শিকক। মণ্ডলীত আনক প্ৰশংসা কৰিবলৈ বহুতো সুযোগ থাকে। উদাহৰণস্বৰূপে, আপুনি হয়তো লক্ষ্য কৰিছে যে কোনোবা এজনে সভাত ভালদৰে ভাষণ দিছে, এজন ডেকা ভায়ে আধ্যাত্মিক দিশত উন্নতি কৰাৰ বাবে লক্ষ্য ৰাখিছে বা বয়সৰ লগে লগে অহা সমস্যাবোৰ থকাৰ সত্ত্বেও এজন বয়সস্থ ভাইয়ে নিয়মিতভাৱে সভাত উপস্থিত থাকিবলৈ চেষ্টা কৰিছে। আপুনি হৃদয়ৰপৰা কৰা প্ৰশংসাই তেওঁলোকক উৎসাহিত কৰিব পাৰে আৰু আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ তেওঁলোক অনুপ্ৰাণিত হʼব পাৰে। পৰিয়াল জীৱনতো স্বামী-স্ত্ৰীয়ে এজনে-আনজনক হৃদয়ৰপৰা প্ৰশংসা আৰু মৰমেৰে শলাগ লোৱা উচিত। (হিতোপদেশ ৩১:১০, ২৮) বিশেষকৈ, সন্তানসকলেও যেতিয়া অনুভৱ কৰে যে পিতৃ-মাতৃয়ে তেওঁলোকৰ ভাল কামবোৰ লক্ষ্য কৰিছে তেতিয়া তেওঁলোকৰ জীৱন আনন্দেৰে ভৰি পৰে আৰু উন্নতি হয়। সৰু পুলি এটা বৃদ্ধি পোৱাৰ বাবে যেনেকৈ সূৰ্য্যৰ ৰশ্মিৰ আৰু পানীৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ সন্তানক উৎসাহিত কৰিবলৈ প্ৰশংসা কৰা আৰু শলাগ লোৱাৰ অতি প্ৰয়োজন। সেইবাবে পিতৃ-মাতৃসকলে নিজৰ সন্তানসকলৰ ভাল গুণবোৰ আৰু তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰিবলৈ সুযোগ বিচৰা উচিত। এনেধৰণৰ প্ৰশংসাই আপোনাৰ সন্তানক সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। এইদৰে কৰিলে তেওঁলোকে সঠিক কাম কৰিবলৈ আৰু কঠিন পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত হʼব।
১৮, ১৯. আমি আমাৰ বিশ্বাসী ভাই-ভনীসকলক সান্ত্বনা দিবলৈ কিয় চেষ্টা কৰা উচিত? আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ?
১৮ সান্ত্বনা দিয়া। যিহোৱা ঈশ্বৰে “নম্ৰ মনৰ” আৰু “ভগ্নচিত্তিয়া” লোকসকলৰ যত্ন লয়। (যিচয়া ৫৭:১৫) তেওঁৰ বাক্যই আমাক “পৰস্পৰে প্ৰবোধ” বা সান্ত্বনা দিবলৈ আৰু “অল্প-সাহসীবিলাকক আশ্বাস” দিবলৈ অনুপ্ৰাণিত কৰে। (১ থিচলনীকীয়া ৫:১১, ১৪) যেতিয়া আমি নিৰাশাত থকা লোকসকলক সান্ত্বনা দিবলৈ নিজৰ ফালৰপৰা চেষ্টা কৰোঁ, তেতিয়া আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে আমাৰ প্ৰচেষ্টাক লক্ষ্য কৰে আৰু ইয়াৰ মূল্যাংকন কৰে।
যেতিয়া আমি আনক উৎসাহিত কৰিবলৈ কথা-বতৰা পাতোঁ তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয়
১৯ নিৰাশাত ভাগি পৰা এজন ভাই বা ভনীক উৎসাহিত কৰিবলৈ আপুনি কি কʼব পাৰে? আপুনি এইটো কেতিয়াও নাভাবিব যে তেওঁৰ সমস্যা আপুনি সমাধান কৰিবই লাগিব। বহুতো ক্ষেত্ৰত দেখা গৈছে যে হৃদয়ৰপৰা কোৱা এষাৰ কথাই সফলতা লাভ কৰিছে। নিৰাশাত ভুগী থকা এজন ব্যক্তিক আশ্বাস দিয়ক যে আপুনি তেওঁৰ বিষয়ে চিন্তা কৰে। আপুনি তেওঁক কওক যে আপুনি তেওঁৰ লগত প্ৰাৰ্থনা কৰিব বিচাৰে। মণ্ডলীৰ আন আন ভাই-ভনীসকলে আৰু যিহোৱা ঈশ্বৰে নিজে ভাইজনক কিমান প্ৰেম কৰে, তাৰ বিষয়ে তেওঁক বুজিবলৈ আপুনি প্ৰাৰ্থনা কৰাৰ সময়ত যিহোৱা ঈশ্বৰৰ সহায় বিচাৰক। (যাকোব ৫:১৪, ১৫) তেওঁক আশ্বাস দিয়ক যে মণ্ডলীত তেওঁৰ প্ৰয়োজন আছে আৰু সকলোৱে তেওঁক সন্মান কৰে। (১ কৰিন্থীয়া ১২:১২-২৬) উৎসাহিত কৰিব পৰা বাইবেলৰ এটা পদ পঢ়ক আৰু আশ্বাস দিয়ক যে যিহোৱা ঈশ্বৰে তেওঁক ব্যক্তিগতভাৱে যত্ন লয়। (গীতমালা ৩৪:১৮; মথি ১০:২৯-৩১) নিৰাশাত ভুগী থকা ব্যক্তিজনে যেতিয়া দেখিব যে আপুনি ‘মঙ্গলৰ বাক্য’ কʼবলৈ তেওঁৰ লগত যথেষ্ট সময় অতিবাহিত কৰিছে আৰু হৃদয়ৰপৰা তেওঁৰ লগত কথা পাতিছে, তেতিয়া তেওঁ বুজিব পাৰিব যে আন লোকসকলেও তেওঁক প্ৰেম আৰু সন্মান কৰে।—হিতোপদেশ ১২:২৫ পঢ়ক।
২০, ২১. পৰামৰ্শ প্ৰভাৱশালী কৰিবলৈ হʼলে কি কথা মনত ৰখা উচিত?
২০ প্ৰভাৱশালী পৰামৰ্শ। অসিদ্ধ মানুহ হিচাপে আমাৰ সকলোকে সময়ে সময়ে পৰামৰ্শৰ প্ৰয়োজন। বাইবেলে আমাক উৎসাহিত কৰিছে: “তুমি শেষ বয়সত জ্ঞানী হবৰ নিমিত্তে, পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা।” (হিতোপদেশ ১৯:২০) আনক পৰামৰ্শ দিয়াৰ দায়িত্ব কেৱল প্ৰাচীনসকলৰে হয় এনে নহয়। পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক পৰামৰ্শ দিয়ে। (ইফিচীয়া ৬:৪) পৰিপক্ক ভনীসকলে যুৱতী ভনীসকলক প্ৰয়োজন অনুসৰি পৰামৰ্শ দিয়ে। (তীত ২:৩-৫) যদি আমাৰ হৃদয়ত আনৰ প্ৰতি প্ৰেম থাকে, তেনেহʼলে আমি এনে পৰামৰ্শ দিম যিবোৰে এজন ব্যক্তিক হতাশ নকৰি, সহজে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। এনেধৰণৰ পৰামৰ্শ দিবলৈ কি কথাই আমাক সহায় কৰিব? পৰামৰ্শ প্ৰভাৱশালী হʼবলৈ তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰিব: পৰামৰ্শ দিওঁতাজনৰ মনোভাব আৰু উদ্দেশ্য, পৰামৰ্শ দিয়াৰ আধাৰ আৰু পৰামৰ্শ দিওঁতাজনৰ ধৰণ।
২১ পৰামৰ্শ দিওঁতাজনৰ ওপৰতে প্ৰভাৱশালী পৰামৰ্শ নিৰ্ভৰ কৰে। নিজকে নিজে সোধক, ‘পৰামৰ্শ গ্ৰহণ কৰিবলৈ মোৰ কেতিয়া সহজ হয়?’ যেতিয়া পৰামৰ্শ দিওঁতাজনে আপোনাৰ বিষয়ে চিন্তা কৰে, তেওঁ আপোনাৰ ওপৰত নিজৰ খং প্ৰকাশ কৰা নাই আৰু তেওঁৰ কোনো বেয়া উদ্দেশ্য নাই, তেতিয়া আপোনাক পৰামৰ্শ গ্ৰহণ কৰিবলৈ সহজ হয়। তেনেহʼলে আনক পৰামৰ্শ দিয়াৰ সময়ত আপোনাকো এই কথাবোৰ মনত ৰখা উচিত নহʼবনে? সফল পৰামৰ্শৰ মূল আধাৰ হৈছে ঈশ্বৰৰ বাক্য। (২ তীমথিয় ৩:১৬) বাইবেলৰপৰা প্ৰত্যক্ষভাৱে উল্লেখ কৰা হওক বা নহওক, কিন্তু আমি দিয়া যিকোনো পৰামৰ্শৰ আধাৰ শাস্ত্ৰৰপৰা হোৱা উচিত। সেইবাবে, প্ৰাচীনসকলে নিজৰ ব্যক্তিগত মতামত আনৰ ওপৰত জাপি দিয়া উচিত নহয়। তেওঁলোকে শাস্ত্ৰপদৰ অৰ্থ এনেদৰে বৰ্ণনা কৰা উচিত নহয় যাৰ যোগেদি এনে লাগিব পাৰে যেন তেওঁলোকৰ ব্যক্তিগত মতামতক বাইবেলে সমৰ্থন কৰিছে। ভাল ধৰণে দিয়া পৰামৰ্শই আৰু বেছিকৈ প্ৰভাৱশালী হয়। যেতিয়া পৰামৰ্শ নম্ৰতাৰে দিয়া হয় তেতিয়া ইয়াক গ্ৰহণ কৰিবলৈ সহজ হয় আৰু শুনোঁতাজনৰ মৰ্য্যদা বজাই ৰখাত সহায় কৰে।—কলচীয়া ৪:৬.
২২. কথা কোৱা উপহাৰক ব্যৱহাৰ কৰিবলৈ আপুনি কি সংকল্প লৈছে?
২২ সঁচাকৈ, কথা কোৱা ঈশ্বৰৰ পৰা এক মূল্যৱান উপহাৰ। যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক এই উপহাৰক ভালদৰে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব। আমাক মনত ৰখা উচিত যে আমি কোৱা কথা-বতৰাৰ শক্তি আছে। ইয়ে কাৰোবাক উৎসাহিত কৰিব পাৰে বা কাৰোবাক নিৰাশ কৰিব পাৰে। তেনেহʼলে আহক আমি যিহোৱা ঈশ্বৰে বিচৰা অনুসৰি এই উপহাৰক আনক সতেজ কৰিবলৈ ব্যৱহাৰ কৰোঁ। সেইবাবে আমাৰ কথা-বতৰাই আমাৰ আশে-পাশে থকা লোকসকলৰ বাবে উৎসাহজনক হʼব আৰু ইয়ে আমাক ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ সহায় কৰিব।
a বাইবেলত “অশুচি” শব্দটো, বিভিন্ন ধৰণৰ পাপ কাৰ্য্যৰ বাবে ব্যাপকৰূপে ব্যৱহাৰ কৰা হৈছে। এইটো সঁচা যে সকলো ধৰণৰ অশুচিতাৰ বাবে মণ্ডলীত ন্যায়িক কাৰ্য্যৰ প্ৰয়োজন নহʼবও পাৰে, কিন্তু যদি এজন ব্যক্তিয়ে অনুতাপ নকৰাকৈ অশুচি কাৰ্য্যবোৰত লিপ্ত হৈ থাকে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হʼব।—২ কৰিন্থীয়া ১২:২১; ইফিচীয়া ৪:১৯; ২০০৬, ১৫ জুলাই প্ৰহৰীবুৰুজৰ (ইংৰাজী) “পাঠকসকলৰ প্ৰশ্ন” শিতানত চাওক।