ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ১২
  • স্পষ্টকৈ পৰামৰ্শ দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্পষ্টকৈ পৰামৰ্শ দিয়ক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কি কৰিলে?
  • যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
  • যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ১২

বাইবেল অধ্যয়ন কৰাৰ সময়ত

যীচু আৰু তেওঁৰ শিষ্যসকলৰ আগত আঁঠু কাঢ়ি থকা ব্যক্তিজনৰ লগত যীচুৱে মৰমেৰে কথা পাতিছে।

মাৰ্ক ১০:১৭-২২

পাঠ ১২

স্পষ্টকৈ পৰামৰ্শ দিয়ক

সিদ্ধান্ত: ‘সুগন্ধি তেল আৰু ধূপে যেনেকৈ মনক আনন্দিত কৰে, বন্ধুৰ আন্তৰিক পৰামৰ্শও তেনেকৈ আনন্দিত কৰে।’—হিতো. ২৭:৯.

যীচুৱে কি কৰিলে?

যীচু আৰু তেওঁৰ শিষ্যসকলৰ আগত আঁঠু কাঢ়ি থকা ব্যক্তিজনৰ লগত যীচুৱে মৰমেৰে কথা পাতিছে।

ভিডিঅʼ: যীচুৱে এজন ধনী ব্যক্তিক পৰামৰ্শ দিলে

১. ভিডিঅʼখন চাওক বা মাৰ্ক ১০:১৭-২২ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. যীচুৱে সেই ধনী ব্যক্তিজনৰ কি ভাল গুণলৈ লক্ষ্য কৰিলে?

  2. খ. সেই ব্যক্তিজনক পৰামৰ্শ দিবলৈ যীচুক কিয় সাহসৰ প্ৰয়োজন আছিল? ইয়াৰ পৰা কেনেকৈ জানিব পাৰি যে যীচুৱে সেই ব্যক্তিজনক প্ৰেম কৰিছিল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. বিদ্যাৰ্থীক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ মৰমেৰে আৰু বন্ধুৰ দৰে সহায় কৰিব লাগিব।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. লক্ষ্যত উপনীত হʼবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰক।

  1. ক. দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা বিদ্যাৰ্থীক “লক্ষ্য” ৰাখিবলৈ সহায় কৰক।

  2. খ. আপোনাৰ বিদ্যাৰ্থীক সৰু বা ডাঙৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰক।

  3. গ. আপোনাৰ বিদ্যাৰ্থীয়ে উন্নতি কৰিলে প্ৰশংসা কৰক।

৪. বিদ্যাৰ্থীক উন্নতি কৰিবলৈ বাধা দিয়া কথাক চিনাক্ত কৰক আৰু সহায় কৰক।

  1. ক. চিন্তা কৰক:

    • ‘মোৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ কিহে বাধা দিছে?’

    • ‘মই তেওঁক কেনেকৈ ব্যৱহাৰিকভাৱে সহায় কৰিব পাৰোঁ?’

  2. খ. নিজৰ বিদ্যাৰ্থীক স্পষ্টকৈ আৰু মৰমেৰে বুজাবলৈ সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।

৫. উন্নতি নকৰা বিদ্যাৰ্থীৰ অধ্যয়ন বন্ধ কৰক।

  1. ক. অধ্যয়ন বন্ধ কৰাটো উচিত হʼব নে নহয়, এই বিষয়ে বুজিবলৈ চিন্তা কৰক:

    • ‘মোৰ বিদ্যাৰ্থীয়ে যি শিকি আছে, সেয়া পালন কৰেনে?’

    • ‘তেওঁ নিয়মীয়াকৈ সভাবোৰত উপস্থিত হয়নে আৰু যি শিকি আছে, সেয়া আনক জনাইনে?’

    • ‘যদি তেওঁ বহু সময়ৰ পৰা অধ্যয়ন কৰি আছে, তেনেহʼলে তেওঁ এজন যিহোৱাৰ সাক্ষী হʼব বিচাৰেনে?’

  2. খ. যদি বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰা নাই:

    • তেনেহʼলে তেওঁক সোধক যে কি কথাই তেওঁক বাধা দিছে।

    • বিদ্যাৰ্থীক স্পষ্টকৈ কওক যে আপুনি কিয় অধ্যয়ন বন্ধ কৰিছে।

    • যদি বিদ্যাৰ্থীজনে পুনৰ অধ্যয়ন কৰিব বিচাৰে, তেনেহʼলে তেওঁক স্পষ্টকৈ জনাওক যে তেওঁ কি কৰিব লাগিব।

এয়াও চাওক

গীত. ১৪১:৫; হিতো. ২৫:১২; ২৭:৬; ১ কৰি. ৯:২৬; কল. ৪:৫, ৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক