ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ৩
  • দয়া দেখুৱাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দয়া দেখুৱাওক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কি কৰিলে?
  • যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
  • যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
  • লোকসকলৰ বিষয়ে চিন্তা কৰক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • ‘মৰম কৰাটো আপোনাৰ শিক্ষা’ হয়নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ লোকসকলে দয়াক প্ৰেম কৰা উচিত
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ৩

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

যীচুৱে মৰমেৰে অন্ধ ব্যক্তিজনক ভাল কৰিলে।

যোহ. ৯:১-৭

পাঠ ৩

দয়া দেখুৱাওক

সিদ্ধান্ত: ‘প্ৰেমে দয়া দেখুৱাই।’—১ কৰি. ১৩:৪.

যীচুৱে কি কৰিলে?

যীচুৱে মৰমেৰে অন্ধ ব্যক্তিজনক ভাল কৰিলে।

ভিডিঅʼ: যীচুৱে এজন অন্ধ ব্যক্তিক ভাল কৰিলে

১. ভিডিঅʼখন চাওক বা যোহন ৯:১-৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. যীচুৱে প্ৰথমে কি কৰিলে, অন্ধ ব্যক্তিজনক ভাল কৰিলে নে শুভবাৰ্তা জনালে?—যোহন ৯:৩৫-৩৮ চাওক।

  2. খ. যীচুৱে যি কৰিলে, ব্যক্তিজনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিলে? ব্যক্তিজনে কি কৰিবলৈ আগ্ৰহী হʼল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যদি ব্যক্তিজনে অনুভৱ কৰে যে আমি তেওঁৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে তেওঁ আমাৰ কথা শুনিব।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. সহানুভুতি দেখুৱাওক। ব্যক্তিজনে কেনে অনুভৱ কৰিছে, বুজিবলৈ চেষ্টা কৰক।

  1. ক. নিজকে সোধক: ‘তেওঁ হয়তো কি বিষয়ে চিন্তা কৰিছে? তেওঁক হয়তো কোনটো বিষয়ে সহায় কৰিব বা শান্ত্বনা দিব?’ যেতিয়া আমি এই কথাবোৰৰ বিষয়ে ধ্যান দিম, তেতিয়া আমি ব্যক্তিজনৰ দুখ বুজি পাম আৰু তেওঁক সহানুভুতি দেখুৱাব পাৰিম।

  2. খ. ব্যক্তিজনৰ কথা শুনাৰ যোগেদি দেখুৱাব পাৰে যে আপুনি তেওঁৰ বিষয়ে চিন্তা কৰে। যদি ব্যক্তিজনে কেনে অনুভৱ কৰে বা তেওঁৰ সমস্যাৰ বিষয়ে আপোনাক জনাই, তেনেহʼলে বিষয়টো সলনি নকৰিব।

৪. আদৰ আৰু সন্মানেৰে কথা পাতক। আপোনাৰ কথাৰ পৰা ব্যক্তিজনে বুজিব পাৰিব যে আপুনি তেওঁক সহানুভুতি দেখুৱাইছে আৰু সহায় কৰিব বিচাৰে। সেইবাবে সাৱধানেৰে শব্দ বাছনি কৰক আৰু মৰমেৰে কথা পাতক। তেওঁক আঘাত কৰিব পৰা কথা কোৱাৰ পৰা আঁতৰি থাকক।

৫. সহায় কৰক। লক্ষ্য কৰক যে ব্যক্তিজনক কেনেকৈ সহায় কৰিব পাৰে। আপুনি ব্যক্তিজনক সহায় কৰাৰ যোগেদি তেওঁৰ লগত কথা-বতৰা আৰম্ভ কৰিব পাৰে।

এয়াও চাওক

ৰোম. ১২:১৫, ১৬; গালা. ৬:১০; ইব্ৰী ১৩:১৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক