ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ৪
  • নম্ৰতাৰে কথা পাতক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নম্ৰতাৰে কথা পাতক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৌলে কি কৰিলে?
  • পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?
  • পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?
  • আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আনক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা গ্ৰহণ কৰাত সহায় কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিজকে বৰ বুলি বিবেচনা নকৰিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ৪

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

এজন প্ৰহৰীয়ে পাঁচনি পৌলক শিকলিৰে বান্ধি থৈছে আৰু তেওঁ ৰজা আগ্ৰিপ্প, গৱৰ্ণৰ ফীষ্ট আৰু বৰ্ণীকীৰ লগত সন্মানেৰে কথা পাতি আছে।

পাঁচ. ২৬:২, ৩

পাঠ ৪

নম্ৰতাৰে কথা পাতক

সিদ্ধান্ত: “নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।”—ফিলি. ২:৩.

পৌলে কি কৰিলে?

এজন প্ৰহৰীয়ে পাঁচনি পৌলক শিকলিৰে বান্ধি থৈছে আৰু তেওঁ ৰজা আগ্ৰিপ্প, গৱৰ্ণৰ ফীষ্ট আৰু বৰ্ণীকীৰ লগত সন্মানেৰে কথা পাতি আছে।

ভিডিঅʼ: পৌলে আগ্ৰিপ্প ৰজাক প্ৰচাৰ কৰিলে

১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. পৌলে ৰজা আগ্ৰিপ্পৰ লগত কেনেকৈ নম্ৰতাৰে কথা পাতিলে?

  2. খ. পৌলে কেনেকৈ নিজৰ পৰিৱৰ্তে যিহোৱা আৰু শাস্ত্ৰৰ ফালে তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিলে?—পাঁচনিৰ কৰ্ম্ম ২৬:২২ চাওক।

পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যেতিয়া আমি আদৰ আৰু নম্ৰতাৰে কথা পাতোঁ, তেতিয়া লোকসকলে আমাৰ কথা ভালদৰে শুনিব।

পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. আনক তল চকুৰে নাচাব। এইদৰে কথা নাপাতিব যে আপুনি সকলো জানে আৰু সেই ব্যক্তিজনে একো নাজানে।

৪. স্পষ্টকৈ কওক যে আপুনি যি জনাইছে, সেয়া বাইবেলৰ পৰা হয়। ঈশ্বৰৰ বাক্যই লোকসকলৰ হৃদয় স্পৰ্শ কৰে। বাইবেল ব্যৱহাৰ কৰাৰ যোগেদি আমি তেওঁলোকৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ ওপৰত দৃঢ় কৰিব পাৰোঁ।

৫. শান্ত হৈ থাকক। আপুনি সঠিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব আৰু তৰ্কও নকৰিব। শান্ত হৈ থাকক আৰু পৰিস্থিতি বেয়া হোৱাৰ আগতেই তাৰ পৰা ওলাই আহক। (হিতো. ১৭:১৪; তীত ৩:২) যদি আমি শান্তভাৱে কথা পাতোঁ, তেনেহʼলে হয়তো ব্যক্তিজনে অন্য সময়ত আমাৰ লগত কথা পাতিব।

এয়াও চাওক

ৰোম. ১২:১৬-১৮; ১ কৰি. ৮:১; ২ কৰি. ৩:৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক