ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ৮
  • ধৈৰ্য্য ধৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধৈৰ্য্য ধৰক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কি কৰিলে?
  • যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
  • যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
  • সদায় ধৈৰ্য্যেৰে কাম কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • লোকসকলৰ বিষয়ে চিন্তা কৰক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • সহায় কৰিবলৈ চেষ্টা কৰি থাকক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • দয়া দেখুৱাওক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ৮

পুনৰ সাক্ষাৎ কৰাৰ সময়ত

যীচুৱে কাঠৰ দোকানত নিজৰ ভাই যাকোবক লগ কৰিবলৈ আহিছে। তেওঁক দেখি যাকোব আচৰিত হৈছে।

যোহ. ৭:৩-৫; ১ কৰি. ১৫:৩, ৪, ৭

পাঠ ৮

ধৈৰ্য্য ধৰক

সিদ্ধান্ত: ‘প্ৰেমে ধৈৰ্য্য ধৰে।’—১ কৰি. ১৩:৪.

যীচুৱে কি কৰিলে?

যীচুৱে কাঠৰ দোকানত নিজৰ ভাই যাকোবক লগ কৰিবলৈ আহিছে। তেওঁক দেখি যাকোব আচৰিত হৈছে।

ভিডিঅʼ: যীচুৱে ধৈৰ্য্যৰে যাকোবক সহায় কৰিলে

১. ভিডিঅʼখন চাওক বা যোহন ৭:৩-৫ আৰু ১ কৰিন্থীয়া ১৫:৩, ৪, ৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. প্ৰথমতে যীচুৰ ভাইসকলে তেওঁৰ বাৰ্তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  2. খ. যাকোবে এদিন নহয় এদিন যীচুৰ কথাত বিশ্বাস কৰিব বুলি তেওঁ আশা কৰিছিল, এয়া কেনেকৈ জানিব পাৰি?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. আমি ধৈৰ্য্য ধৰা উচিত, কিয়নো কিছুমান লোকে বাইবেলৰ কথাৰ ওপৰত বিশ্বাস কৰিবলৈ সময় লাগিব পাৰে।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. বেলেগ পদ্ধতি ব্যৱহাৰ কৰক। যদি ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি নহয়, তেনেহʼলে হেঁচা নিদিব। যদি সম্ভৱ হয়, তেনেহʼলে বাইবেল অধ্যয়নত কি হয়, তাৰ বিষয়ে জনাবলৈ ভিডিঅʼ দেখুৱাওক বা লেখবোৰ পঢ়িবলৈ দিয়ক। লগতে বাইবেল অধ্যয়নৰ পৰা কেনেকৈ লাভৱান হʼব পাৰি, তাৰ বিষয়ে বুজিবলৈ সহায় কৰক।

৪. তুলনা নকৰিব। সকলো ব্যক্তি এজনে-আনজনতকৈ বেলেগ। যদি পৰিয়ালৰ কোনো ব্যক্তি বা আপুনি পুনৰ সাক্ষাৎ কৰা ব্যক্তিজনে বাইবেল অধ্যয়ন বা বাইবেলৰ শিক্ষা গ্ৰহণ কৰিবলৈ সংকোচ কৰে, তেনেহʼলে চিন্তা কৰক যে ইয়াৰ কাৰণ কি হʼব পাৰে? তেওঁক নিজৰ ধৰ্মৰ কিবা শিক্ষা বা ৰীতি-নীতি এৰিবলৈ কঠিন লাগিছে নেকি? তেওঁ পৰিয়ালৰ সমন্ধীয় লোক বা ওচৰ-চুবুৰীয়াৰ হেঁচাৰ সন্মুখীন হৈছে নেকি? আপুনি যি কʼলে আৰু বাইবেলত যি লিখা আছে, তাৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁক সময় দিয়ক।

৫. প্ৰাৰ্থনা কৰক। আশা এৰি নিদিবলৈ আৰু ব্যক্তিজনৰ লগত ভাবি-চিন্তি কথা পাতিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। যদি ব্যক্তিজনৰ আগ্ৰহ কম, তেনেহʼলে কথা পাতিবলৈ বন্ধ কৰা উচিত নে? এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক।—১ কৰি. ৯:২৬.

এয়াও চাওক

মাৰ্ক ৪:২৬-২৮; ১ কৰি. ৩:৫-৯; ২ পিত. ৩:৯

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক