ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 অক্টোবৰ পৃষ্ঠা ২৬-৩১
  • আপোনাৰ সন্তানে ডাঙৰ হৈ ঈশ্বৰৰ সেৱা কৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সন্তানে ডাঙৰ হৈ ঈশ্বৰৰ সেৱা কৰিবনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাৰপৰা শিকক
  • যোচেফ আৰু মৰিয়মৰপৰা শিকক
  • যীচুৰপৰা শিকক
  • আপুনি কি কৰিব?
  • যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 অক্টোবৰ পৃষ্ঠা ২৬-৩১

অধ্যয়নৰ লেখ ৪৪

আপোনাৰ সন্তানে ডাঙৰ হৈ ঈশ্বৰৰ সেৱা কৰিবনে?

“যীচু জ্ঞানত, বয়সত, আৰু ঈশ্বৰ আৰু মনুষ্যৰ দৃষ্টিতে অনুগ্ৰহতো পাই থাকিল।”—লূক ২:৫২.

গীত ১৩৪ সন্তান হৈছে যিহোৱাৰ আধিপত্য

লেখৰ এক আভাসa

১. এজন ব্যক্তিৰ জীৱনত আটাইতকৈ উত্তম নিৰ্ণয় কি হʼব পাৰে?

প্ৰায়ে দেখিবলৈ পোৱা যায় যে পিতৃ-মাতৃসকলে যি নিৰ্ণয় লয়, সেয়া তেওঁলোকৰ সন্তানৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। যদি পিতৃ-মাতৃয়ে ভুল নিৰ্ণয় লয়, তেনেহʼলে লʼৰা-ছোৱালীয়ে বহুতো সমস্যাৰ সন্মুখীন হʼব পাৰে। কিন্তু তেওঁলোকে যদি সঠিক নিৰ্ণয় লয়, তেনেহʼলে সন্তানে ডাঙৰ হৈ আনন্দ আৰু সন্তুষ্টিৰ জীৱন লাভ কৰিব। কিন্তু সন্তানেও জীৱনত ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত। সন্তানে যদি ডাঙৰ হৈ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে এয়া বৰ ভাল কথা। কিয়নো যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাটো জীৱনৰ আটাইতকৈ উত্তম নিৰ্ণয় হয়।—গীত. ৭৩:২৮.

২. যীচু আৰু তেওঁৰ পিতৃ-মাতৃয়ে সঠিক নিৰ্ণয় লৈছিল বুলি আমি কিয় কʼব পাৰোঁ?

২ যোচেফ আৰু মৰিয়মে নিজৰ সন্তানক যিহোৱাৰ সেৱা কৰিবলৈ সহায় কৰিছিল। তেওঁলোকে নিজেও জীৱনত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিছিল আৰু এয়া তেওঁলোকৰ নিৰ্ণয়ৰপৰা দেখিব পাৰি। (লূক ২:৪০, ৪১, ৫২) যীচুৱে জীৱনত সঠিক নিৰ্ণয় লৈছিল। সেইবাবে, তেওঁ যিহোৱাৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰিলে। (মথি ৪:১-১০) যীচু ডাঙৰ হৈ দয়ালু, নিষ্ঠাৱান আৰু সাহসী ব্যক্তি হʼল। যিহোৱাক প্ৰেম কৰা পিতৃ-মাতৃয়ে নিজৰ সন্তান যীচুৰ দৰে হোৱাটো বিচাৰে।

৩. এই লেখত আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

৩ এই লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম: যিহোৱাই যীচুৰ ক্ষেত্ৰত কেনেকৈ সঠিক নিৰ্ণয় লʼলে? যোচেফ আৰু মৰিয়মে কেনেধৰণৰ নিৰ্ণয় লৈছিল আৰু আজি খ্ৰীষ্টান পিতৃ-মাতৃয়ে তেওঁলোকৰপৰা কি শিকিব পাৰে? যীচুৱে কেনেধৰণৰ নিৰ্ণয় লৈছিল আৰু আজি সন্তানসকলে তেওঁৰপৰা কি শিকিব পাৰে?

যিহোৱাৰপৰা শিকক

৪. যিহোৱা ঈশ্বৰে যীচুৰ ক্ষেত্ৰত লোৱা নিৰ্ণয়টো কিয় সঠিক আছিল?

৪ যিহোৱাই যীচুৰ বাবে সকলোতকৈ ভাল পিতৃ-মাতৃ বাছনি কৰিলে। (মথি ১:১৮-২৩; লূক ১:২৬-৩৮) এয়া আমি কিয় কʼব পাৰোঁ? যিহোৱা আৰু তেওঁৰ বাক্যৰ প্ৰতি মৰিয়মৰ গভীৰ প্ৰেম আছিল। এবাৰ তাইৰ হৃদয়ৰপৰা যি বাক্য ওলাইছিল, তাৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে তাই যিহোৱাক কিমান প্ৰেম কৰিছিল আৰু তেওঁৰ বাক্য গভীৰভাৱে অধ্যয়ন কৰিছিল। (লূক ১:৪৬-৫৫) যোচেফে যিহোৱাৰ আজ্ঞা শীঘ্ৰে পালন কৰাৰ যোগেদি প্ৰমাণ কৰিলে যে তেওঁ যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে।—মথি ১:২৪.

৫-৬. যিহোৱাই নিজৰ পুত্ৰক কেনে পৰিস্থিতিৰ সন্মুখীন হʼবলৈ দিছিল?

৫ মন কৰক যে যিহোৱা ঈশ্বৰে যীচুৰ বাবে ধনী পিতৃ-মাতৃ বাছনি কৰা নাছিল। যীচুৰ জন্মৰ পাছত যোচেফ আৰু মৰিয়মে কেৱল দুটা চৰাই বলিদান কৰিলে। ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোক দুখীয়া আছিল। (লূক ২:২৪) যোচেফে নাচৰতত বাঢ়ৈৰ কাম কৰিছিল। তেওঁৰ হয়তো ঘৰতে লাগি থকা সৰু দুকান আছিল। তেওঁলোকে নিশ্চয় সৰল জীৱন-যাপন কৰিছিল। কিয়নো বাইবেলৰ অনুসৰি তেওঁলোকৰ সাত বা আঠজন সন্তান আছিল।—মথি ১৩:৫৫, ৫৬.

৬ যিহোৱা ঈশ্বৰে যীচুক কিছুমান বিপদৰপৰা ৰক্ষা কৰিছিল। কিন্তু কিছুমান সমস্যাৰ সন্মুখীন হʼবলৈও দিছিল। (মথি ২:১৩-১৫) উদাহৰণস্বৰূপে, তেওঁৰ পৰিয়ালৰ কিছুমান লোকে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। সেইবাবে, কেতিয়াবা কেতিয়াবা যীচুৱে নিৰাশ হৈ পৰিছিল। কিয়নো তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁক মচীহ হিচাপে স্বীকাৰ কৰা নাছিল। (মাৰ্ক ৩:২১; যোহ. ৭:৫) যীচু সৰু হৈ থাকোতে হয়তো যোচেফৰ মৃত্যু হৈছিল। নিজৰ পিতৃৰ মৃত্যুৰ দুখ সহন কৰাৰ লগতে ঘৰৰ ডাঙৰ লʼৰা হিচাপে তেওঁ পৰিয়ালৰ ব্যৱসায় চাবলগীয়া হৈছিল। (মাৰ্ক ৬:৩) যীচুৱে ডাঙৰ হোৱাৰ লগে লগে নিজৰ পৰিয়ালক চোৱা-চিতা কৰিবলৈ আৰু দায়িত্ব লʼবলৈ শিকিলে। তেওঁ পৰিয়ালক চোৱা-চিতা কৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল। দুবেলা দুমুঠি আহাৰ গোটাবলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, এই বিষয়ে তেওঁ ভালদৰে জানিছিল।

ছবি: ১. মৰিয়মে যীচুক বহীত এটা পদ লিখিবলৈ শিকাইছে। ২. এগৰাকী মাতৃয়ে নিজৰ ছোৱালীজনীক এখন প্ৰকাশনৰপৰা ঈশ্বৰৰ বাক্য শিকাইছে।

পিতৃ-মাতৃসকল, সন্তানক সমস্যাৰ সন্মুখীন হʼবলৈ শিকাওক। তেওঁলোকক দেখুৱাওক যে ঈশ্বৰৰ বাক্যৰপৰা ভাল পৰামৰ্শ কেনেকৈ পাব পাৰি (অনুচ্ছেদ ৭ চাওক)d

৭. (ক) যিসকলে সন্তান হোৱাটো বিচাৰে, তেওঁলোকে কি কি প্ৰশ্নৰ ওপৰত ধ্যান দিয়া উচিত? (খ) হিতোপদেশ ২:১-৬ পদত দিয়া পৰামৰ্শ পালন কৰিলে পিতৃ-মাতৃয়ে সন্তানক কেনেকৈ ভালদৰে চোৱা-চিতা কৰিব পাৰে?

৭ যদি আপোনালোকে বিবাহিত হয় আৰু সন্তান হোৱাটো বিচাৰে, তেনেহʼলে নিজকে সোধক: ‘আমি নম্ৰ আৰু আধ্যাত্মিক ব্যক্তি হয়নে আৰু সন্তানক আমি ভালদৰে চোৱা-চিতা কৰিব পাৰিম বুলি যিহোৱাই আমাৰ ওপৰত ভৰসা কৰিব পাৰিবনে?’ (গীত. ১২৭:৩, ৪) যদি আপোনালোকৰ সন্তান আছে, তেনেহʼলে নিজকে সোধক: ‘পৰিশ্ৰম কৰাটো ভাল হয় বুলি মই নিজৰ সন্তানক শিকাওঁনে?’ (উপ. ৩:১২, ১৩) ‘মই নিজৰ সন্তানক চয়তানৰ জগতৰপৰা ৰক্ষা কৰোঁনে?’ (হিতো. ২২:৩) এই কথা মনত ৰাখক যে জীৱনত আহিবলগীয়া সকলো সমস্যাৰপৰা আপুনি সন্তানক ৰক্ষা কৰিব নোৱাৰে। কিন্তু আপুনি তেওঁলোকক শিকাব পাৰে যে তেওঁলোকে কেনেকৈ বাইবেলৰ পৰামৰ্শ পালন কৰি সমস্যাৰ সন্মুখীন হʼব পাৰে? (হিতোপদেশ ২:১-৬ পঢ়ক।) যেতিয়া পৰিয়ালৰ কোনো সদস্যই সত্য এৰি দিয়ে, তেতিয়া সমস্যা আহিব পাৰে। এই ক্ষেত্ৰত নিজৰ সন্তানক ঈশ্বৰৰ বাক্যৰপৰা শিকাওক যে এনে পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থকাটো কিয় প্ৰয়োজন। (গীত. ৩১:২৩) অথবা পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হʼলে সন্তানৰ বাবে দুখ সহন কৰাটো কঠিন হʼব পাৰে। এনে পৰিস্থিতিত লʼৰা-ছোৱালীক এনে পদ দেখুৱাওক, যাৰপৰা তেওঁলোকে দুখ সহন কৰিব পাৰে।—২ কৰি. ১:৩, ৪; ২ তীম. ৩:১৬, ১৭.

যোচেফ আৰু মৰিয়মৰপৰা শিকক

৮. দ্বিতীয় বিবৰণ ৬:৬, ৭ পদৰ অনুসৰি যোচেফ আৰু মৰিয়মে কি কৰিবলগীয়া আছিল?

৮ যিহোৱাই পিতৃ-মাতৃসকলক দিয়া নিৰ্দেশনাৰ অনুসৰি যোচেফ আৰু মৰিয়মে যীচুৰ চোৱা-চিতা কৰিছিল, যাতে তেওঁ যিহোৱাৰ অনুগ্ৰহ লাভ কৰে। (দ্বিতীয় বিবৰণ ৬:৬, ৭ পঢ়ক।) যোচেফ আৰু মৰিয়মৰ অন্তৰত যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম আছিল আৰু এনেধৰণৰ প্ৰেম তেওঁলোকৰ সন্তানৰ হৃদয়ত থকাৰ বাবে তেওঁলোকে কঠিন পৰিশ্ৰম কৰিছিল।

৯. যোচেফ আৰু মৰিয়মে উপাসনাৰ ক্ষেত্ৰত কেনেকৈ ভাল নিৰ্ণয় লʼলে?

৯ যোচেফ আৰু মৰিয়মে নিজৰ সন্তানসকলৰ বাবে কিছুমান ভাল নিৰ্ণয় লৈছিল। তেওঁলোকে নিজৰ সন্তানসকলক লৈ প্ৰতিসপ্তাহে নাচৰতৰ সভা ঘৰলৈ গৈছিল আৰু বছৰত এবাৰ নিস্তাৰ-পৰ্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল। (লূক ২:৪১; ৪:১৬) যেতিয়া তেওঁলোকে নিজৰ সন্তানসকলৰ লগত যিৰূচালেমলৈ দীঘলীয়া যাত্ৰা কৰিছিল, তেতিয়া তেওঁলোকে হয়তো প্ৰাচীন সময়ৰ যিহোৱাৰ লোকসকলৰ লগত কি কি ঘটনা ঘটিছিল, তাৰ বিষয়ে যীচু আৰু তেওঁৰ ভাই-ভনীসকলক কৈছিল। হয়তো তেওঁলোকে যাত্ৰা কৰাৰ সময়ত বাইবেলত উল্লেখ কৰা ঠাইবোৰো পাইছিল। যোচেফ আৰু মৰিয়মৰ পৰিয়াল বাঢ়িবলৈ ধৰাত সপৰিয়ালে মিলি নিয়মীয়াকৈ যিহোৱাৰ উপাসনা কৰাটো কঠিন আছিল। তথাপি তেওঁলোকে এইদৰে কৰিলে আৰু তেওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰিলে। যোচেফ আৰু মৰিয়মৰ দৰে তেওঁলোকৰ সন্তানসকলেও যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিলে।

১০. পিতৃ-মাতৃসকলে যোচেফ আৰু মৰিয়মৰপৰা কি শিকিব পাৰে?

১০ পিতৃ-মাতৃসকল, আপোনালোকে যোচেফ আৰু মৰিয়মৰপৰা কি শিকিব পাৰে? নিজৰ সন্তানক হৃদয়ৰপৰা যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক আৰু আপুনি নিজেও এইদৰে কৰক। এনে কৰাটো অতি প্ৰয়োজন। যদি আপুনি তেওঁলোকক যিহোৱাক প্ৰেম কৰিবলৈ শিকায়, তেনেহʼলে এয়া আপোনাৰ ফালৰপৰা তেওঁলোকৰ বাবে এক উত্তম উপহাৰ হʼব। আপুনি সন্তানক অধ্যয়ন কৰিবলৈ, প্ৰাৰ্থনা কৰিবলৈ, সভাত উপস্থিত হʼবলৈ আৰু প্ৰচাৰ কৰিবলৈ অভ্যাস কৰাব পাৰে। কিয়নো এয়া তেওঁলোকৰ জীৱনত অতি প্ৰয়োজন হʼব। (১ তীম. ৬:৬) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সন্তানক টকা-পইচা বা প্ৰয়োজনীয় বস্তু দিয়াৰপৰা দূৰে থকা। কিয়নো এইবোৰৰো প্ৰয়োজন আছে। (১ তীম. ৫:৮) কিন্তু এই কথা মনত ৰখা উচিত যে চয়তানৰ জগতখন ধ্বংস হোৱাৰ সময়ত টকা-পইচা বা ধন-সম্পত্তিয়ে আপোনাৰ সন্তানৰ জীৱন ৰক্ষা কৰিব নোৱাৰে। গতিকে, যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলেহে তেওঁলোকে নতুন পৃথিৱীত প্ৰৱেশ কৰিব পাৰিব।b—যিহি. ৭:১৯; ১ তীম. ৪:৮.

ছবি: ১. যোচেফ, মৰিয়ম আৰু তেওঁলোকৰ সন্তানসকলে সভা ঘৰলৈ আহিছে। আন ইস্ৰায়েলীসকলে তেওঁলোকক আদৰণি জনাইছে। ২. এহাল দম্পতী আৰু তেওঁলোকৰ ছোৱালীজনীয়ে ৰাজ্যগৃহলৈ আহিছে। এজন ভায়ে তেওঁলোকক লগ কৰিছে।

আজি বহুতো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে সঠিক নিৰ্ণয় লোৱা দেখি আমি আনন্দিত হওঁ (অনুচ্ছেদ ১১ চাওক)e

১১. (ক) পিতৃ-মাতৃয়ে ১ তীমথিয় ৬:১৭-১৯ পদত দিয়া পৰামৰ্শ কিয় পালন কৰা উচিত? (খ) আপুনি নিজৰ পৰিয়ালাৰ বাবে কি কি লক্ষ্য ৰাখিব পাৰে আৰু এইদৰে কৰিলে আপুনি কি কি আশীৰ্বাদ লাভ কৰিব? (“আপুনি কি লক্ষ্য ৰাখিব?” নামৰ বক্স চাওক।)

১১ আজি বহুতো পিতৃ-মাতৃয়ে নিজৰ সন্তানসকলৰ বাবে সঠিক নিৰ্ণয় লৈছে। এয়া দেখি আমি আনন্দিত হওঁ। তেওঁলোকে একেলগে মিলি নিয়মীয়াকৈ যিহোৱাৰ উপাসনা কৰে। তেওঁলোকে সভা, অধিৱেশন আৰু প্ৰচাৰতো যায়। কিছুমান পৰিয়ালে প্ৰচাৰকৰ প্ৰয়োজন হোৱা এলেকালৈ গৈ সেৱা কৰিছে। কিছুমান পৰিয়ালে বেথেল চাবলৈ যায় বা কোনো নিৰ্মাণ কামত সহযোগ কৰে। এনেধৰণৰ কাম কৰিবলৈ বহুতো টকা-পইচাৰ খৰচ হয় আৰু তেওঁলোকে হয়তো কিছুমান সমস্যাৰো সন্মুখীন হয়। কিন্তু তেওঁলোকে যি ত্যাগ কৰে, তাৰ সলনি যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিয়ে। (১ তীমথিয় ৬:১৭-১৯ পঢ়ক।) এনে পৰিয়ালত ডাঙৰ-দীঘল হোৱা লʼৰা-ছোৱালীয়ে লʼৰালি কালতে যি অভ্যাসবোৰ শিকে, ডাঙৰ হৈয়ো তেওঁলোকৰ সেই অভ্যাসবোৰ থাকে। তেওঁলোকেও নিজৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ। কিয়নো তেওঁলোকে লʼৰালি কালৰেপৰা নিজৰ সন্তানক এই সকলো শিকালে।c—হিতো. ১০:২২.

আপুনি কি লক্ষ্য ৰাখিব?

  1. ১. চাৰ্কিট ওভাৰচিয়াৰৰ সাক্ষাতৰ সময়ত নিজৰ সন্তানৰ লগত সহযোগী অগ্ৰগামী সেৱা কৰক

  2. ২. এনে এলেকাত এসপ্তাহ প্ৰচাৰ কৰক যʼত একেবাৰে কম প্ৰচাৰ কৰা হৈছে

  3. ৩. ৰাজ্যগৃহ বা সন্মিলন ভৱনৰ নিৰ্মাণ কামত সহযোগ কৰক

  4. ৪. নিজৰ দেশৰ শাখা কাৰ্য্যালয় চাবলৈ যাওক

যীচুৰপৰা শিকক

১২. ডাঙৰ হৈ যীচুৱে কি কৰিবলগীয়া হৈছিল?

১২ যীচুৰ পিতৃ যিহোৱাই সদায় সঠিক নিৰ্ণয় লয় আৰু তেওঁৰ পৃথিৱীৰ পিতৃ-মাতৃ যোচেফ আৰু মৰিয়মেও তেওঁৰ বাবে সঠিক নিৰ্ণয় লৈছিল। কিন্তু যীচু ডাঙৰ হোৱাৰ পাছত তেওঁ নিজেও কিছুমান নিৰ্ণয় লʼবলগীয়া হৈছিল। (গালা. ৬:৫) আমাৰ দৰে যীচুৰো স্বাধীনতা আছিল। তেওঁ ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ বিষয়ে চিন্তা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ নিৰ্ণয় লʼলে। (যোহ. ৮:২৯) যীচুৰ উদাহৰণৰপৰা বৰ্তমান সময়ৰ লʼৰা-ছোৱালীয়ে কি শিকিব পাৰে?

 ছবি: ১. যোচেফে যীচুক এটা সঁজুলি ব্যৱহাৰ কৰিবলৈ শিকাইছে। ২. এজন পিতৃয়ে নিজৰ সন্তানক ড্ৰিল মেচিন ব্যৱহাৰ কৰিবলৈ শিকাইছে।

সন্তানসকল, নিজৰ পিতৃ-মাতৃৰপৰা শিকক, তেওঁলোকৰ কথা কেতিয়াও অস্বীকাৰ নকৰিব (অনুচ্ছেদ ১৩ চাওক)f

১৩. যীচুৱে সৰুৰেপৰা কি কৰিলে?

১৩ সৰুৰেপৰা যীচুৱে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিছিল। তেওঁ কেতিয়াও নিজৰ পিতৃ-মাতৃৰ আজ্ঞা অস্বীকাৰ কৰা নাছিল। তেওঁ নিজৰ পিতৃ-মাতৃতকৈ বেছি জানোঁ বুলি কেতিয়াও ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে, যীচু “তেওঁলোকৰ বশ হৈ থাকিল।” (লূক ২:৫১) ঘৰৰ ডাঙৰ লʼৰা হিচাপে যীচুৱে নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে। যীচুৱে নিজৰ পৰিয়ালক যাতে সহায় কৰিব পাৰে, তাৰ বাবে তেওঁ নিজৰ পিতৃ, যোচেফৰপৰা বাঢ়ৈৰ কাম শিকিবলৈ হয়তো কঠিন পৰিশ্ৰম কৰিছিল।

১৪. যীচুৱে ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

১৪ যীচুৰ পিতৃ-মাতৃয়ে নিশ্চয় তেওঁক কৈছিল যে তেওঁৰ জন্ম আচৰিতভাৱে হৈছিল আৰু এয়াও কৈছিল যে স্বৰ্গদূত আৰু ঈশ্বৰৰ সেৱকসকলে তেওঁৰ বিষয়ে কি কৈছিল। (লূক ২:৮-১৯, ২৫-৩৮) যীচুৱে আনৰপৰা শিকাৰ উপৰিও নিজেও শাস্ত্ৰৰ অধ্যয়ন কৰিছিল। কিয়নো যেতিয়া তেওঁ ১২ বছৰৰ আছিল, তেতিয়া যিৰূচালেম মন্দিৰৰ শিক্ষকসকলে “তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।” (লূক ২:৪৬, ৪৭) ইমান কম বয়সতে যীচুৱে শাস্ত্ৰৰ ভালদৰে অধ্যয়ন কৰিছিল আৰু যিহোৱা তেওঁৰ পিতৃ হয় বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল।—লূক ২:৪২, ৪৩, ৪৯.

১৫. যীচুৱে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ নিৰ্ণয় লৈছিল বুলি আমি কিয় কʼব পাৰোঁ?

১৫ যেতিয়া যীচুৱে জানিলে যে যিহোৱাই তেওঁৰপৰা কি বিচাৰে, তেতিয়া তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ নিৰ্ণয় লʼলে। (যোহ. ৬:৩৮) তেওঁ জানিছিল যে যিহোৱাই দিয়া আজ্ঞা পালন কৰিলে বহুতোলোকে তেওঁক ঘৃণা কৰিব আৰু এনে কৰাটো তেওঁৰ বাবে সহজ নহয়। তথাপি তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ থিৰাং কৰিলে। ২৯ খ্ৰীষ্টাব্দত যেতিয়া যীচুৱে বাপ্তিষ্মা লৈছিল, তেতিয়াৰপৰা মৃত্যুলৈকে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাই তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল। (ইব্ৰী ১০:৫-৭) যাতনা-স্তম্ভত দুখ-ভোগ কৰাৰ সময়তো তেওঁৰ উদ্দেশ্য সলনি নহʼল।—যোহ. ১৯:৩০.

১৬. সন্তানসকলে যীচুৰপৰা কি শিকিব পাৰে?

১৬ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰক। যোচেফ আৰু মৰিয়মৰ দৰে আপোনাৰ পিতৃ-মাতৃয়ো সিদ্ধ নহয়। তথাপি যিহোৱাই আপোনাৰ সুৰক্ষা দিবলৈ আৰু শিক্ষা দিবলৈ তেওঁলোকক দায়িত্ব দিছে। যদি আপুনি যীচুৰ দৰে পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিব আৰু অধীনত থাকিব, তেনেহʼলে আপোনাৰ “কল্যাণ হব।”—ইফি. ৬:১-৪.

১৭. যিহোচূৱা ২৪:১৫ পদৰ অনুসৰি লʼৰা-ছোৱালী আৰু ডেকাসকলে নিজে কি নিৰ্ণয় লোৱা উচিত?

১৭ যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিবলৈ নিৰ্ণয় লওক। আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি নিজেই জানিব লাগিব যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁৰ উদ্দেশ্য কি, তেওঁৰ ইচ্ছা কি আৰু আপুনি নিজৰ জীৱনত তেওঁৰ ইচ্ছা কেনেকৈ পূৰ কৰিব পাৰে। (ৰোম. ১২:২) তেতিয়া আপুনি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼব পাৰিব আৰু এয়া আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্ণয় হʼব। (যিহো. ২৪:১৫ পঢ়ক; উপ. ১২:৭) নিয়মীয়াকৈ বাইবেল পঢ়ক লগতে অধ্যয়নো কৰক। তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু আপোনাৰ বিশ্বাসো দৃঢ় হʼব।

১৮. (ক) লʼৰা-ছোৱালী আৰু ডেকাসকলে কি নিৰ্ণয় কৰা? (খ) এয়া কিয় এক ভাল নিৰ্ণয় হʼব?

১৮ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ থিৰাং কৰক। চয়তানৰ জগতে প্ৰতিজ্ঞা কৰে যে যদি আপুনি নিজৰ দক্ষতা ধন-সম্পত্তি, যশ্যসা আৰু নাম অৰ্জন কৰিবলৈ ব্যৱহাৰ কৰে, তেনেহʼলে আপুনি আনন্দত থাকিব। কিন্তু প্ৰকৃততে যিসকলে এইবোৰ লাভ কৰিব বিচাৰে, তেওঁলোকে ‘যাতনাৰূপ শলাৰে নিজকে শালে।’ (১ তীম. ৬:৯, ১০) গতিকে, আপুনি যিহোৱাৰ আজ্ঞা পালন কৰিলে আৰু তেওঁৰ ইচ্ছাক প্ৰথম স্থান দিলেহে প্ৰকৃত আনন্দ লাভ কৰিব।—যিহো. ১:৮.

আপুনি কি কৰিব?

১৯. পিতৃ-মাতৃসকলে কি মনত ৰখা উচিত?

১৯ পিতৃ-মাতৃসকল, যিহোৱাৰ সেৱা কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰক। যিহোৱাৰ ওপৰত ভৰসা ৰাখক আৰু সঠিক নিৰ্ণয় লʼবলৈ তেওঁ আপোনাক সহায় কৰিব। (হিতো. ৩:৫, ৬) মনত ৰাখত, আপুনি সন্তানক যি শিকায়, তাতকৈ বেছি আপুনি যি কৰে, সেয়া তেওঁলোকক বেছিকৈ প্ৰভাৱিত কৰে। সেইবাবে, এনে নিৰ্ণয় লওক, যাৰ বাবে লʼৰা-ছোৱালীৰ ভাল হয় আৰু তেওঁলোকে যিহোৱাৰ আশীৰ্বাদ লাভ কৰিব পাৰে।

২০. সন্তানসকলে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব?

২০ সন্তানসকল, জীৱনত সঠিক নিৰ্ণয় লʼবলৈ পিতৃ-মাতৃয়ে আপোনাক সহায় কৰিব পাৰে। কিন্তু আপুনি যিহোৱাক আনন্দিত কৰিব নে নকৰে, এয়া আপুনি নিজেই নিৰ্ণয় লʼব লাগিব। যীচুৰ দৰে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লওক। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বৰ্তমানতো এক সন্তুষ্ট জীৱন জীয়াই থাকিব পাৰিব আৰু যিহোৱাৰ সেৱাত বহুতো কাম কৰিব পাৰিব। (১ তীম. ৪:১৬) ভৱিষ্যতে আপুনি এক আনন্দপূৰ্ণ জীৱন লাভ কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱা, যোচেফ আৰু মৰিয়মৰ দৰে পিতৃ-মাতৃয়ে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

  • যীচুৱে যি নিৰ্ণয় লʼলে, তাৰপৰা লʼৰা-ছোৱালীয়ে কি শিকিব পাৰে?

  • যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়াৰ বাবে আপুনি কি কি আশীৰ্বাদ লাভ কৰিছে?

গীত ১৩৩ যৌৱনকালত যিহোৱাৰ সেৱা কৰা

a সত্য খ্ৰীষ্টানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তান ডাঙৰ হৈ যিহোৱাৰ সেৱা কৰি আনন্দ লাভ কৰাটো বিচাৰে। পিতৃ-মাতৃয়ে সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰে, যাতে তেওঁলোকৰ সন্তানে ডাঙৰ হৈ যিহোৱাৰ সেৱা কৰিব পাৰে? লʼৰা-ছোৱালীও ডাঙৰ হৈ এটা ভাল জীৱন অতিবাহিত কৰিবলৈ কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে? এই লেখত এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰা হʼব।

b গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনা পুনৰস্থাপন (হিন্দী) নামৰ কিতাপখনৰ ৬৯-৭০ পৃষ্ঠাৰ ১৭-১৮ অনুচ্ছেদ পঢ়ক।

c অক্টোবৰ ২০১১ চনৰ সচেতন থাকক! (হিন্দী) আলোচনীৰ ২০ পৃষ্ঠাত দিয়া এই বক্সটো চাওক: “মোৰ মা-দেউতা পৃথিৱীৰ সকলোতকৈ ভাল মা-দেউতা হয়।” এপ্ৰিল ৮, ১৯৯৯ চনৰ সচেতন থাকক! (হিন্দী) আলোচনীৰ ২৫ পৃষ্ঠাত দিয়া এই আলোচনী পঢ়ক: “নিজৰ পিতৃ-মাতৃৰ নামত বিশেষ চিঠি।”

d ছবিৰ বিষয়ে: যীচু সৰু হৈ থাকোঁতে মৰিয়মে হয়তো তেওঁৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াইছিল। ঠিক সেইদৰে, মাতৃসকলে সন্তানৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াব পাৰে।

e ছবিৰ বিষয়ে: যোচেফে জানিছিল যে সন্তানসকলক সভালৈ লৈ যোৱাটো অতি প্ৰয়োজন। ঠিক সেইদৰে, আজিও পিতৃসকলে নিজৰ সন্তানক সভালৈ লৈ যোৱা উচিত।

f ছবিৰ বিষয়ে: যীচুৱে নিজৰ পিতৃৰপৰা কাম কৰাৰ দক্ষতা শিকিলে। আজিও সন্তানসকলে নিজৰ পিতৃৰপৰা এনে দক্ষতা শিকিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক