পাঠ ৪৩
মদ খোৱাৰ বিষয়ে বাইবেলত কি লিখা আছে?
মদ খোৱাৰ বিষয়ে জগতৰ লোকসকলৰ বেলেগ বেলেগ চিন্তাধাৰ আছে। কিছুমান লোকে নিজৰ বন্ধুসকলৰ লগত মদ খোৱাটো কোনো ভুল নহয় বুলি ভাবে। আন কিছুমানে একেবাৰে মদ নাখায়। কিছুমান লোকে মদ খাই মতলীয়া হৈ থাকে। কিন্তু এই বিষয়ে বাইবেলে কি কয়, আহক চাওঁ।
১. মদ খোৱাটো ভুল নে?
মদ খোৱাটো ভুল বুলি বাইবেলত কʼতো উল্লেখ নাই। আনকি, মানুহে মদৰপৰা আনন্দ-ফূৰ্তি কৰাটোৱেই যিহোৱাই বিচাৰে। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, “মানুহৰ মন আনন্দিত কৰোঁতা দ্ৰাক্ষাৰস।” (গীতমালা ১০৪:১৪, ১৫) বাইবেলত উল্লেখ কৰা বিশ্বাসী পুৰুষ আৰু তিৰোতাসকলৰ মাজতো কিছুমান লোকে মদ খাইছিল।—১ তীমথিয় ৫:২৩.
২. মদ খোৱাৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?
বাইবেলত এইদৰে লিখা আছে, “যিবোৰে অপৰিমিতৰূপে দ্ৰাক্ষাৰস পান কৰে . . . সিহঁতৰ সঙ্গী নহবা।” (হিতোপদেশ ২৩:২০) বেছিকৈ মদ খোৱা আৰু মদ খাই মতলীয়া হোৱাটোক যিহোৱাই ভাল নাপায়। (গালাতীয়া ৫:২১) সেইবাবে, আমি বেছিকৈ মদ খোৱা উচিত নহয়। কিয়নো বেছিকৈ মদ খালে আমি ভালদৰে চিন্তা কৰিব নোৱাৰিম, নিজৰ কাম আৰু কথাত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিম আৰু ইয়াৰ বাবে আমাৰ শৰীৰৰো ক্ষতি হʼব পাৰে। আমি অকলে মদ খোৱাৰ সময়তো এই কথাবোৰ মনত ৰখা উচিত। যদি আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেনেহʼলে মদ নোখোৱাই ভাল হʼব।
৩. মদৰ বিষয়ে আনে লোৱা নিৰ্ণয়ক আমি কেনেকৈ সন্মান কৰিব পাৰোঁ?
এজন ব্যক্তিয়ে মদ খাব নে নাখায়, সেয়া তেওঁৰ ব্যক্তিগত নিৰ্ণয়। যদি এজন ব্যক্তিয়ে মদ খাবলৈ নিৰ্ণয় লয়, তেনেহʼলে সেয়া আমি ভুল বুলি কʼব নোৱাৰোঁ। আনহাতে, যদি এজন ব্যক্তিয়ে মদ নাখাবলৈ নিৰ্ণয় লয়, তেনেহʼলে তেওঁক আমি মদ খাবলৈ জোৰ নকৰিম। (ৰোমীয়া ১৪:১০) আমি আনৰ বিবেকৰ বিষয়েও চিন্তা কৰা উচিত। কিয়নো বাইবেলত এইদৰে লিখা আছে, “প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৩, ২৪ পঢ়ক।) সেইবাবে, আমি মদ খোৱাৰ কাৰণে যদি কোনোবাই আঘাত বা উজুটি খাইছে, তেনেহʼলে আমি মদ নাখাম।—ৰোমীয়া ১৪:২১ পঢ়ক।
গভীৰভাৱে ধ্যান কৰক
এতিয়া আমি বাইবেলৰ কিছুমান সিদ্ধান্তৰ ওপৰত ধ্যান দিম। এই সিদ্ধান্তবোৰৰ সহায়ত আমি নিৰ্ণয় লʼব পাৰিম যে আমি মদ খাম নে নাখাম আৰু যদি আমি মদ খাবলৈ নিৰ্ণয় লৈছোঁ, তেনেহʼলে কিমান খাম। যদি আমাৰ মদ খোৱাৰ অভ্যাস আছে, তেনেহʼলে এই অভ্যাস কেনেকৈ এৰিব পাৰিম, ইয়াৰ বিষয়েও আমি আলোচনা কৰিম।
৪. মদ খাব নে নাখাব, সেয়া কেনেকৈ নিৰ্ণয় লʼব?
মদৰ বিষয়ে যীচুৱে কি ভাবিছিল? ইয়াৰ উত্তৰ জানিবলৈ আমি যীচুৱে কৰা প্ৰথম আচৰিত কৰ্মৰ ওপৰত ধ্যান দিব পাৰোঁ। যোহন ২:১-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
মদ আৰু মদ খোৱা লোকসকলৰ বিষয়ে যীচুৱে কি ভাবিছিল?
যীচুৰ দৃষ্টিত মদ খোৱাটো কোনো ভুল নাছিল। যদি এজন ব্যক্তিয়ে মদ খাবলৈ নিৰ্ণয় লয়, তেনেহʼলে এজন খ্ৰীষ্টানে তেওঁৰ বিষয়ে কি ভবা উচিত?
এজন খ্ৰীষ্টানে মদ খাব পাৰে, কিন্তু যেতিয়াই মন যায়, তেতিয়াই মদ খোৱা উচিত নে? হিতোপদেশ ২২:৩ পঢ়ক, তাৰ পাছত ধ্যান দিয়ক যে তলত দিয়া পৰিস্থিতিত আপুনি মদ খাবনে:
আপুনি গাড়ী বা কোনো ডাঙৰ মেচিন চলাবলগীয়া আছে।
আপুনি গৰ্ভৱতী হয়।
ডাক্তৰে আপোনাক মদ খাবলৈ মানা কৰিছে।
এবাৰ খালে আপোনাক খাই থাকিবলৈ মন যায়।
আইনৰ মতে মদ খোৱা নিষেধ আছে।
আপোনাৰ লগত এনে এজন ব্যক্তি আছে, যিজনে মদ খোৱাৰ অভ্যাস এৰিবলৈ বহুত কষ্ট কৰিছে।
আপুনি বিয়া বা মণ্ডলীৰ ভাই-ভনীসকলৰ লগত একেলগে আহাৰ খোৱাৰ সময়ত মদৰ ব্যৱস্থা কৰাটো উচিত নে? এই নিৰ্ণয় লʼবলৈ কি কথাই আপোনাক সহায় কৰিব? ভিডিঅʼখন চাওক।
ৰোমীয়া ১৩:১৩ আৰু ১ কৰিন্থীয়া ১০:৩১-৩৩ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
সঠিক নিৰ্ণয় লʼবলৈ এই সিদ্ধান্তই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
এজন খ্ৰীষ্টানে মদ খাব নে নাখায়, সেয়া তেওঁৰ ব্যক্তিগত নিৰ্ণয়। কিন্তু কিছুমান পৰিস্থিতিত হয়তো তেওঁ মদ নাখাব
৫. আগতীয়াকৈ চিন্তা কৰক যে আপুনি কিমান মদ খাব?
মনত ৰাখক যিহোৱাৰ দৃষ্টিত মদ খোৱাটো কোনো ভুল নহয়। কিন্তু বেছিকৈ মদ খোৱাটো যিহোৱাই ভাল নাপায়। কিয় বাৰু? হোচেয়া ৪:১১, ১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বেছিকৈ মদ খালে কি হʼব পাৰে?
বেছিকৈ মদ নাখাবলৈ আমি কি কৰিব পাৰোঁ? আমি নিজৰ মৰ্য্যদাত থকা উচিত অৰ্থাৎ নিজৰ সীমা বুজি পোৱা উচিত। হিতোপদেশ ১১:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
আপুনি কিমান মদ খাব, এই বিষয়ে আগতীয়াকৈ চিন্তা কৰাটো কিয় ভাল হʼব?
৬. মদ খোৱাৰ অভ্যাস কেনেকৈ এৰিব পাৰি?
এজন ব্যক্তিয়ে বহুত মদ খাইছিল। কিন্তু মন কৰক যে তেওঁ এই অভ্যাস কেনেকৈ এৰিব পাৰিলে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
ডিমিট্ৰীয়ে মদ খাই কেনেধৰণৰ আচৰণ কৰিছিল?
মদ খোৱাৰ অভ্যাস এৰিবলৈ তেওঁৰ বাবে সহজ আছিল নে?
তেওঁ এই অভ্যাস কেনেকৈ এৰিব পাৰিলে?
প্ৰথম কৰিন্থীয়া ৬:১০, ১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
মতলীয়া হৈ মদ খোৱাটো যিহোৱাই কেনে দৃষ্টিৰে চায়?
যিজন ব্যক্তিৰ মদ খোৱাৰ অভ্যাস আছে, তেওঁ এই অভ্যাস এৰিব পাৰিব বুলি কি কথাৰপৰা জানিব পাৰি?
মথি ৫:৩০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই পদত হাত কাটি পেলাই দিয়াৰ যি উদাহৰণ দিয়া হৈছে, ইয়াৰ অৰ্থ হৈছে আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ হয়তো কিছুমান ত্যাগ কৰিব লাগিব। যদি মদ খোৱাৰ অভ্যাস আপুনি এৰিব পৰা নাই, তেনেহʼলে কি কৰিব পাৰে?a
প্ৰথম কৰিন্থীয়া ১৫:৩৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যদি আপুনি বেছিকৈ মদ খোৱা লোকসকলৰ লগত সংগতি কৰে, তেনেহʼলে আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব?
কিছুমান লোকে কয়: “যিহোৱাৰ সাক্ষীসকলে মদ খায় নে?”
আপুনি কি উত্তৰ দিব?
আমি কি শিকিলোঁ
মানুহে মদৰপৰা আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে। কিন্তু বেছিকৈ মদ খোৱা বা মদ খাই মতলীয়া হোৱাটো তেওঁ ভাল নাপায়।
আপুনি কেনেকৈ উত্তৰ দিব?
মদ খোৱাৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?
বেছিকৈ মদ খালে কি হʼব পাৰে?
মদৰ বিষয়ে আনে লোৱা নিৰ্ণয়ক আমি কেনেকৈ সন্মান কৰিব পাৰোঁ?
বেছিকৈ জানক
ডেকাসকলে মদৰ বিষয়ে কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে?
মদ খোৱাৰ অভ্যাস এৰিবলৈ আপুনি কি পদক্ষেপ লʼব পাৰে? আহক চাওঁ।
প্ৰায়ে লোকসকলে মদৰ গিলাচ তুলি চিয়ৰ্চ কৰে আৰু কয় এয়া আপোনাৰ নামত। খ্ৰীষ্টানসকলে এইদৰে কৰা উচিত নে?
“মই বটলে বটলে মদ খাইছিলোঁ,” ইয়াত এনে এজন ব্যক্তিৰ জীৱন কাহিনী উল্লেখ আছে, যিজন ব্যক্তিয়ে বটলে বটলে মদ খাইছিল। তেওঁ মদ খোৱাৰ অভ্যাস কেনেকৈ এৰিব পাৰিলে, আহক চাওঁ।
a যিসকলৰ মদ খোৱাৰ অভ্যাস আছে, তেওঁলোকে এই অভ্যাস এৰিবলৈ ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হʼব পাৰে। কিছুমান ডাক্তৰৰ মতে যিসকলে মদ খোৱাৰ অভ্যাস এৰিলে, তেওঁলোকে কেতিয়াও মদ খোৱা উচিত নহয়।