ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 নৱেম্বৰ পৃষ্ঠা ২৬-৩০
  • যিহোৱাৰ ওপৰত ভৰসা কৰি প্ৰকৃত সুৰক্ষা পালোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ ওপৰত ভৰসা কৰি প্ৰকৃত সুৰক্ষা পালোঁ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাক জানিলোঁ আৰু তেওঁৰ ওপৰত ভৰসা ৰাখিব শিকিলোঁ
  • যুদ্ধৰ মাজতো যিহোৱাৰ ওপৰত ভাৰসা ৰাখিলোঁ
  • নাইজৰত অহা বাধা
  • “আমি গিনিত হৈ থকা কামৰ বিষয়ে বেছিকৈ জনা নাছিলোঁ”
  • বিয়াৰ পাছতো যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা
  • সুৰক্ষা কেৱল যিহোৱাৰ পৰাহে পোৱা যায়
  • যিহোৱাই বিশ্বাসীলোকক বহুতো আশীৰ্বাদ দিয়ে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 নৱেম্বৰ পৃষ্ঠা ২৬-৩০
ইজ্ৰায়েল ইটাজবী।

জীৱন কাহিনী

যিহোৱাৰ ওপৰত ভৰসা কৰি প্ৰকৃত সুৰক্ষা পালোঁ

ইজ্ৰায়েল ইটাজবীৰ বাক্য

মই প্ৰায়েই লোকসকলক কওঁ “মই যিহোৱাৰ হাতত এটা চুটকেচৰ দৰে হওঁ।” মই যেতিয়াই যাত্ৰা কৰোঁ, মোৰ চুটকেচখনক লগত লৈ যাওঁ। মই যʼলৈকে যাওঁ মোৰ চুটকেচো তালৈকে যায়। ঠিক সেইদৰে যিহোৱা আৰু তাৰ সংগঠনে মোক যʼলৈকে যাবলৈ কয়, মই তালৈকে যাবলৈ সাজু হৈ থাকোঁ। বহু বাৰ মোক এনে ঠাইবোৰত যাবলগীয়া হৈছিল, যʼত বহুত বিপদ আছিল। কিন্তু মই অনুভৱ কৰিলোঁ যে যিহোৱাৰ ওপৰত ভৰসা কৰিলে তেওঁ মোক সুৰক্ষা দিব।

যিহোৱাক জানিলোঁ আৰু তেওঁৰ ওপৰত ভৰসা ৰাখিব শিকিলোঁ

মোৰ জন্ম ১৯৪৮ চনত নাইজেৰিয়াৰ এখন সৰু গাওঁত হৈছিল। আমাৰ গাওঁখন নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম ভাগত আছিল। এই সময়তে মোৰ খুৰা মুস্তাফা আৰু ডাঙৰ দাদা ৱাহাবিয়ে বাপ্তিষ্মা লʼলে আৰু তেওঁলোক যিহোৱাৰ সাক্ষী হৈ পৰিল। মোৰ ৯ বছৰ বয়সতে মোৰ দেউতাৰ মৃত্যু হৈছিল। মই একেবাৰে ভাঙি পৰিছিলোঁ। কিন্তু মোৰ দাদাই মোক বুজালে যে আমি দেউতাক পুনৰাই লগ পাম। এয়া শুনি মই বহুত আনন্দিত হৈছিলোঁ আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিলোঁ। পাছত মই ১৯৬৩ চনত বাপ্তিষ্মা লʼলোঁ আৰু ইয়াৰ অলপ পাছত মোৰ আন তিনিজন ভায়েও বাপ্তিষ্মা লʼলে।

মই ১৯৬৫ চনত মোৰ ডাঙৰ দাদা উইলচনৰ তাত লাগʼচলৈ গʼলোঁ। তাত ইগববি মণ্ডলীৰ অগ্ৰগামী সেৱকসকলৰ লগত ভাল সময় অতিবাহিত কৰিলোঁ। মই দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে কিমান উৎসাহেৰে প্ৰচাৰ কৰে আৰু কিমান আনন্দত আছে। তেওঁলোকক চাই জানুৱাৰী ১৯৬৮ চনত ময়ো অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ।

কিছু সময়ৰ পাছত বেথেলত সেৱা কৰা এজন ভাই এলবাৰ্ট অলুগবেবীয়ে ডেকাসকলৰ বাবে এখন বিশেষ সভা ৰাখিলে। তাত তেওঁ আমাক জনালে যে উত্তৰ নাইজেৰিয়াত বিশেষ অগ্ৰগামীসকলৰ বহুত প্ৰয়োজন আছে। তেওঁ আমাক কিমান উৎসাহ দিলে সেয়া মোৰ আজিও মনত আছে। তেওঁ কʼলে, “কাম বহুত আছে, শস্য তৈয়াৰ হৈ আছে আৰু তোমালোক এতিয়া ডেকা হৈ আছা। সেইবাবে, তোমালোকে নিজৰ শক্তি আৰু সময় যিহোৱাৰ কামত লগাব পাৰা।” মই ভৱিষ্যবক্তা যিচয়াৰ দৰে নিজকে তেওঁৰ কামত লগাব বিচাৰাছিলোঁ। সেইবাবে, মই ৰ্ফম পূৰ কৰিলোঁ।—যিচ. ৬:৮.

মে’ ১৯৬৮ চনত মোক এজন বিশেষ অগ্ৰগামী সেৱক হিচাপে কানʼ চহৰত সেৱা কৰিবলৈ কোৱা হʼল। এই চহৰখন উত্তৰ নাইজেৰিয়াত আছিল। সেই সময়ত নাইজেৰিয়াত যুদ্ধ হৈ আছিল আৰু কানʼ চহৰৰ ওচৰে-পাজৰে থকা ঠাইবোৰো ইয়াৰ কবলত পৰিছিল (এই যুদ্ধ ১৯৬৭-১৯৭০ চনৰলৈকে হৈছিল)। তাৰ পৰিস্থিতি বহুত বেয়া আছিল। এজন ভায়ে মোৰ বিষয়ে বহুত চিন্তিত হৈ পৰিছিল আৰু মোক ৰখাবলৈ চেষ্টা কৰিছিল। কিন্তু মই তেওঁক কʼলোঁ, “ধন্যবাদ ভাই আপুনি মোৰ বিষয়ে ইমান চিন্তা কৰে। কিন্তু মই তাত গৈ সেৱা কৰাটো যিহোৱাই বিচাৰিছে, তেনেহʼলে মোৰ সম্পূৰ্ণ ভৰসা আছে যে তেওঁ নিশ্চয় মোক ৰক্ষা কৰিব।”

পশ্চিম আফ্ৰিকাৰ এখন নক্সা, যʼত ভাই ইজ্ৰায়েল ইটাজবীয়ে সেৱা কৰা ঠাইবোৰ দেখুৱা হৈছে: গিনি দেশৰ কʼনাৰ্কী চহৰ, চিয়েৰা লিয়ন, নাইজৰ দেশৰ নিয়ামে চহৰ, নাইজেৰিয়া দেশৰ কানʼ, অৰিচনবাৰী আৰু লাগʼচ।

যুদ্ধৰ মাজতো যিহোৱাৰ ওপৰত ভাৰসা ৰাখিলোঁ

কানʼ চহৰত পোৱাৰ পাছত তাৰ পৰিস্থিতি দেখি আমি বহুত ভয় খালোঁ। কাৰণ সেই চহৰৰ বহুতো ঠাই একেবাৰে ধ্বংস হৈ গৈছিল। বহু বাৰ যেতিয়া আমি প্ৰচাৰলৈ গৈছিলোঁ, তেতিয়া যুদ্ধত মৃত্যু হোৱা লোকসকলৰ মৃতদেহ চাবলৈ পাইছিলোঁ। কানʼ চহৰত বহুতো মণ্ডলী আছিল। কিন্তু যুদ্ধৰ বাবে ভাই-ভনীসকলক সেই ঠাই এৰি পলাবলগীয়া হৈছিল। তাত মাত্ৰ ১৫ জন প্ৰচাৰকহে থাকি গৈছিল আৰু তেওঁলোকে বহুত ভয়ত আছিল। যেতিয়া আমি ৬ জন বিশেষ অগ্ৰগামী সেৱক তাত গৈ পালোঁ, তেতিয়া ভাই-ভনীসকল বহুত আনন্দিত হʼল। আমি সেই প্ৰচাৰকসকলৰ উৎসাহ বঢ়ালোঁ আৰু তেওঁলোকে বহুত ভাল পালে। আমি পুনৰাই সভা আৰম্ভ কৰিলোঁ আৰু প্ৰচাৰত তেওঁলোকক সহায় কৰিলোঁ। তেওঁলোকে বহু সময়লৈকে শাখা কাৰ্য্যালয়লৈ প্ৰচাৰৰ ৰিপৰ্ট পঠোৱা নাছিল, কিন্তু আমি পুনৰাই ৰিপৰ্ট পঠিয়াবলৈ আৰম্ভ কৰিলোঁ আৰু কিছুমান পত্ৰিকাৰ বাবে আবেদন কৰিলোঁ।

আমি সকলো বিশেষ অগ্ৰগামী সেৱকে হাউচা ভাষা শিকিবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া লোকসকলে নিজৰ মাতৃ ভাষাত শুভবাৰ্তা শুনিবলৈ পালে, তেতিয়া তেওঁলোকে বহুত ধ্যান দি শুনিলে। কিন্তু কানʼ ঠাইত যিটো ধৰ্মৰ প্ৰভাৱ আছিল, তেওঁলোকে আমাৰ প্ৰচাৰ কামক ভাল পোৱা নাছিল। সেইবাবে, আমি সাৱধানেৰে প্ৰচাৰ কৰিছিলোঁ। এবাৰ প্ৰচাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে হাতত চুৰি লৈ আমাক খেদিলে। আমি বহুত বেগেৰে তাৰ পৰা পলালোঁ আৰু সেই ব্যক্তিজনে আমাক ধৰিব নোৱাৰিলে যাৰ বাবে আমি বাচি গʼলোঁ। বিপদ বহুত আছিল কিন্তু যিহোৱাই আমাক সুৰক্ষিত কৰি ৰাখিলে আৰু প্ৰচাৰক সকলৰ সংখ্যাও বাঢ়িবলৈ ধৰিলে। (গীত. ৪:৮) আজি কানʼ ঠাইখনত ১১ টা মণ্ডলীত ৫০০-তকৈ বেছি প্ৰচাৰক আছে।

নাইজৰত অহা বাধা

যেতিয়া মই নাইজৰ দেশৰ নিয়ামেত বিশেষ অগ্ৰগামী সেৱা কৰি আছিলোঁ

কানʼ ঠাইখনত মোৰ কেইমাহ মান হোৱাৰ পাছতেই অৰ্থাৎ ১৯৬৮ চনৰ আগষ্ট মাহত মোৰ লগতে আৰু দুজন বিশেষ অগ্ৰগামী সেৱকক নাইজৰ দেশৰ ৰাজধানী নিয়ামেলৈ পঠিওৱা হʼল। নাইজৰ আফ্ৰিকাতে আছে আৰু ইয়াত বহুত গৰম পৰে। এয়া পৃথিৱীৰ আটাইতকৈ বেছি গৰম পৰা এলেকাৰ ভিতৰত এখন হয়। ইয়াত ফ্ৰেন্স ভাষা কোৱা হয় আৰু এই ভাষা আমি শিকি আছিলোঁ। এফালে ইমান গৰম, আনফালে আমি ইয়াৰ ভাষাও নাজানিছিলোঁ। এই সমস্যাবোৰ পাৰ কৰা ইমান সহজ নাছিল। কিন্তু যিহোৱাৰ ওপৰত আমি ভৰসা ৰাখিলোঁ আৰু নিয়ামেত যিসকল প্ৰচাৰক আছিল, তেওঁলোকৰ লগত মিলি প্ৰচাৰ কাম আৰম্ভ কৰিলোঁ। সেই সময়ত লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰাবলৈ জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন দিছিলোঁ। ভাই-ভনীসকলে ইমান উৎসাহেৰে প্ৰচাৰ কৰিছিল যে তাত পঢ়া-লিখা জনা সকলো লোকৰ হাতত এই কিতাপখন আছিল। আনকি লোকসকল দূৰ-দূৰণিৰ পৰাও এই কিতাপখন লʼবলৈ আহিছিল।

নাইজৰত ১৯৬৯ চনৰ জুলাই মাহত প্ৰথমবাৰৰ বাবে চাৰ্কিট সন্মিলন ৰখা হʼল আৰু তাত প্ৰায় ২০ জন লোক আহিছিল। আমি বহুত আনন্দিত আছিলোঁ আৰু তাৰে মাজত ২ জন প্ৰচাৰকে বাপ্তিষ্মা লʼবলগীয়া আছিল। কিন্তু আমি বুজি পালোঁ যে চৰকাৰী অধিকাৰীসকলক আমাৰ এই কাম ভাল লগা নাছিল। চাৰ্কিট সন্মিলনৰ প্ৰথম দিনাই পুলিচ আহিলে আৰু চাৰ্কিট ওভাৰচিয়াৰৰ লগতে বিশেষ অগ্ৰগামী সেৱকসকলক পুলিচ ষ্টেচনলৈ লৈ গʼল। তেওঁলোকে আমাক বহুতো কথা সুধিলে আৰু আমাক দ্বিতীয় দিনাও আহিবলৈ কʼলে। আমি আৰু বিপদৰ সন্মুখীন হʼব বিচৰা নাছিলোঁ। সেইবাবে, বাপ্তিষ্মাৰ ভাষণ কাৰোবাৰ ঘৰত দিয়া হʼল আৰু সেই দুজন প্ৰচাৰকক এখন নদীত মনে-মনে বাপ্তিষ্মা দিয়া হʼল।

কিছু সপ্তাহৰ পাছত চৰকাৰে মোক আৰু আন পাঁচজন বিশেষ অগ্ৰগামী প্ৰচাৰকক দেশ এৰি যাবলৈ আদেশ দিলে। তেওঁলোকে আমাক কʼলে তোমালোকৰ ওচৰত মাত্ৰ ৪৮ ঘন্টা আছে। এই দেশৰ পৰা ওলাই যাবলৈ আমাক নিজৰ ব্যৱস্থা নিজে কৰিব লাগিব। তাৰ পৰা ওলাই আমি নাইজেৰিয়া শাখা কাৰ্য্যালয়লৈ গʼলোঁ। তাৰ পাছত আমি কʼত যাব লাগে সেই কথা তাতে জনোৱা হʼল।

মোক নাইজেৰিয়াৰ এখন সৰু গাওঁ অৰিচনবাৰীত সেৱা কৰিবলৈ কোৱা হʼল। তাত বহুত কম ভাই-ভনী আছিল, তথাপিও তেওঁলোকৰ লগত সেৱা কৰি আৰু বাইবেল অধ্যয়ন চলাই বহুত ভাল লাগিছিল। তাৰ ছয় মাহৰ পাছত শাখা কাৰ্য্যালয়ে মোক নাইজৰলৈ উভতি যাবলৈ কʼলে। এয়া শুনি আচৰিত হৈছিলোঁ আৰু অলপ ভয়ো লাগিছিল। কিন্তু মই নাইজৰৰ ভাই-ভনীসকলক আকৌ লগ পাম বুলি আনন্দিত আছিলোঁ।

মই আকৌ নাইজৰৰ নিয়ামেই চহৰলৈ আহিলোঁ। তাত গৈ পোৱাৰ এদিনৰ পাছত মই নাইজেৰিয়াৰ এজন ব্যক্তিক লগ পালোঁ, যাৰ নিজৰ ব্যৱসায় আছিল। তেওঁ মোক লগ পোৱাৰ লগে লগে বুজি পালে যে মই এজন যিহোৱাৰ সাক্ষী হওঁ আৰু তেওঁ মোক বাইবেলৰ পৰা বহুতো প্ৰশ্ন সুধিবলৈ ধৰিলে। ইয়াৰ পাছত মই তেওঁৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তেওঁ নিজৰ জীৱনত বহুতো সাল-সলনি কৰিবলৈ ধৰিলে। আগতে তেওঁ বহুত মদ আৰু চিগাৰেট খাইছিল কিন্তু এতিয়া তেওঁ এই সকলোবোৰ এৰি দিলে। কিছু সময়ৰ পাছতে তেওঁ বাপ্তিষ্মা লʼলে। মই নাইজৰৰ বহুতো এলেকাত বেলেগ বেলেগ ভাই-ভনীৰ লগত প্ৰচাৰ কৰিছিলোঁ আৰু দেখিবলৈ পাইছিলোঁ যে তাত ভাই-ভনীসকলৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ ধৰিছে। মই নাইজৰত যেতিয়া প্ৰথমবাৰ আহিছিলোঁ, তেতিয়া তাত ৩১ জন সাক্ষী আছিল। কিন্তু যেতিয়া মই নাইজৰ এৰিলোঁ, তেতিয়া তাত ৬৯ জন যিহোৱাৰ সাক্ষী আছিল।

“আমি গিনিত হৈ থকা কামৰ বিষয়ে বেছিকৈ জনা নাছিলোঁ”

মোক ১৯৭৭ চনৰ ডিচেম্বৰ মাহত ট্ৰেইনিঙৰ বাবে পুনৰাই নাইজেৰিয়ালৈ মাতা হʼল। এই ট্ৰেইনিং প্ৰায় তিনি সপ্তাহলৈকে চলিল আৰু ইয়াৰ পাছত শাখা সমিতিৰ প্ৰৱন্ধক ভাই মেলকʼম বিগʼৱে মোক এখন চিঠি দি পঢ়িবলৈ কʼলে। এই চিঠি চিয়েৰা লিয়নৰ শাখা কাৰ্য্যালয়ৰ পৰা আহিছিল। তাত লিখা আছিল যে গিনি দেশত এজন চাৰ্কিট ওভাৰচিয়াৰৰ প্ৰয়োজন আছে। তেওঁলোকক এজন অবিবাহিত, সুস্থ আৰু ইংৰাজীৰ লগতে ফ্ৰেন্স ভাষা কʼব পৰা এজন ভাইৰ প্ৰয়োজন আছে। ইয়াৰ বাবেই মোক ট্ৰেইনিং দিয়া হৈছে বুলি ভাই মেলকʼমে জনালে। তেওঁ স্পষ্টকৈ কʼলে যে এয়া এটা ডাঙৰ দায়িত্ব হয়। সেইবাবে, মই ভাবি-চিন্তি উত্তৰ দিয়া উচিত। কিন্তু মই লগে লগে তেওঁক কʼলোঁ, “যিহোৱাই মোক পঠিয়াইছে, গতিকে মই নিশ্চয় যাম।”

মই উৰাজাহাজেৰে চিয়েৰা লিয়নলৈ গৈ পালোঁ আৰু তাত থকা শাখা কাৰ্য্যালয়ৰ ভাইসকলক লগ কৰিলোঁ। চিয়েৰা লিয়ন শাখা কাৰ্য্যালয়ে গিনিত হোৱা প্ৰচাৰ কামৰ চোৱা-চিতা কৰিছিল। কিন্তু শাখা সমিতিৰ এজন ভায়ে মোক কʼলে, “আমি গিনিত হৈ থকা প্ৰচাৰ কামৰ বিষয়ে বেছি কথা নাজানোঁ।” ৰাজনৈতিক হূলস্থূল হোৱাৰ বাবে ভাইসকলে তাত থকা প্ৰচাৰকসকলৰ লগত যোগাযোগ কৰিব পৰা নাছিল। শাখা কাৰ্য্যালয়ে তাত কাৰোবাক পঠিয়াবলৈ চেষ্টা কৰি আছিল কিন্তু এইদৰে কৰিব নোৱাৰিলে। সেইবাবে, ভাইসকলে মোক গিনিৰ ৰাজধানী কʼনাৰ্কীলৈ যাবলৈ কʼলে আৰু তাৰ চৰকাৰে যাতে মোক তাত থাকিবলৈ অনুমতি দিয়ে তাৰ বাবে চেষ্টা কৰিবলৈ কʼলে।

“যিহোৱাই মোক পঠাইছে মই নিশ্চয় যাম”

মই কʼনাৰ্কীত গৈ পোৱাৰ পাছত নাইজেৰিয়াৰ দূতাবাছলৈ (এম্বেছী) গʼলোঁ আৰু তাত এজন ডাঙৰ অফিচাৰক লগ কৰিলোঁ। মই তেওঁক কʼলোঁ যে মই গিনিত প্ৰচাৰ কৰিব বিচাৰোঁ। তেতিয়া তেওঁ মোক কʼলে, “নাইজেৰিয়ালৈ গুচি যোৱা আৰু তাত প্ৰচাৰ কৰা।” তেওঁ এয়াও কʼলে যে যদি মই এইদৰে নকৰোঁ, তেনেহʼলে মোক হয়তো গ্ৰেপ্তাৰ কৰা হʼব বা ইয়াতকৈ কিবা বেয়া হʼব পাৰে। কিন্তু মই তেওঁক কʼলোঁ, “মই গিনিতেই প্ৰচাৰ কৰিম বুলি ভাবি লৈছোঁ।” সেইবাবে, তেওঁ গিনিৰ এজন মন্ত্ৰীলৈ চিঠি লিখিলে আৰু মোক সহায় কৰিবলৈ কʼলে। যেতিয়া মই সেই মন্ত্ৰীজনক লগ কৰিলোঁ, তেতিয়া তেওঁ মোৰ লগত ভালদৰে কথা পাতিলে আৰু মোক সহায়ো কৰিলে।

যিহোৱাৰ আশীৰ্বাদত সকলো কাম ভালদৰে হৈ গʼল। মই গিনিত থাকিবলৈ অনুমতি পালোঁ! মই আকৌ চিয়েৰা লিয়নৰ শাখা কাৰ্য্যালয়লৈ উভতি আহিলোঁ আৰু ইয়াৰ বিষয়ে ভাইসকলক জনালোঁ। যেতিয়া তেওঁলোকে ইয়াৰ বিষয়ে শুনিলে, তেতিয়া বহুত আনন্দিত হʼল।

ভাই ইজ্ৰায়েলে আনন্দ মনেৰে নিজৰ বস্তুবোৰ লৈ গৈ আছে।

চিয়েৰা লিয়নত চাৰ্কিটৰ কাম কৰি থকাৰ সময়ত

মই ১৯৭৮-ৰ পৰা ১৯৮৯ চনৰলৈকে গিনি আৰু চিয়েৰা লিয়নত চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিলোঁ আৰু লাইবেৰিয়াত চাবছটিটিউট চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিলোঁ। আৰম্ভণিতে মই বহু বাৰ বেমাৰ হৈ পৰিছিলোঁ আৰু কেতিয়াবা কেতিয়াবা এনে ঠাইবোৰত থাকিবলগীয়া হৈছিল, যʼত এখনো হস্পিতাল নাছিল। তেতিয়াও ভাই-ভনীসকলে মোৰ চিকিৎসা কৰাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে।

এবাৰ মোৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল, মোৰ মেলেৰিয়া আৰু পেটত পেলু হৈছিল। যেতিয়া মোৰ বেমাৰ ভাল হʼলে, তেতিয়া মই গম পালোঁ যে মই নাবাচিম চাগে বুলি ভাইসকলে ভাবিছিল। সেইবাবে, তেওঁলোকে এয়াও ভাবি থৈছিল যে মোক কʼত মৈদাম দিব। জীৱনত বহুতো ঘটনা ঘটিল কিন্তু মোৰ মনলৈ এয়া কেতিয়াও নাহিল যে মই এই সেৱা এৰি গুচি যাম। মোৰ আজিও ভৰসা আছে যে যিহোৱাই মোক সুৰক্ষিত কৰি ৰাখিব আৰু যদি মোৰ মৃত্যুও হৈ যায়, তেনেহʼলে তেওঁ মোক আকৌ জীয়াই তুলিব।

বিয়াৰ পাছতো যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা

ইজ্ৰায়েল আৰু দৰকাচ নিজৰ বিয়াৰ দিনাখন।

১৯৮৮ চনত আমাৰ বিয়াৰ দিনা

মই ১৯৮৮ চনত দৰকাচক লগ পালোঁ। তেওঁ এজনী অগ্ৰগামী সেৱক আছিল। তাই যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু বহুত নম্ৰ আছিল। কিছু সময়ৰ পাছত আমি বিয়া পাতিলোঁ আৰু দুয়োজনে একেলগে মিলি চাৰ্কিটৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। বহু বাৰ এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ আমাক খোজকাঢ়ি যাবলগীয়া হৈছিল। ৰাস্তাবোৰ বোকাৰে ভৰি আছিল আৰু বহুতো গাঁত আছিল। আমি নিজৰ বস্তুবোৰ লৈ প্ৰায় ২৫ কিলোমিটাৰলৈকে (১৫ মাইল) খোজকাঢ়ি গৈছিলোঁ। কিছুমান মণ্ডলী বহুত দূৰত আছিল। তেওঁলোকৰ ওচৰত গৈ পাবলৈ আমি বেলেগ বেলেগ যান-বাহনৰ ব্যৱহাৰ কৰিছিলোঁ। সেই সময়ত দৰকাচে মোক বহুত সহযোগ কৰিলে, পৰিশ্ৰম কৰিলে আৰু তাই যিহোৱাৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সদায় সাজু থাকিছিল।

তাই বহুত সাহসী হয়। বহু বাৰ আমাক এনে নদীবোৰ পাৰ কৰিবলগীয়া হৈছিল, যʼত ঘঁৰিয়াল আছিল। মই এটা ঘটনাৰ বিষয়ে কওঁ। এবাৰ আমি কʼৰবালৈ গৈ আছিলোঁ, যʼত গৈ পাবলৈ ৫ দিন লাগিলেহেঁতেন। সেই ৰাস্তাত আমি এখন নদী পাৰ কৰিবলগীয়া আছিল। কিন্তু নদীখন পাৰ কৰিবলৈ যি দলং আছিল, সেইখন ভাঙি গৈছিল। সেইবাবে, আমি এখন সৰু নাৱেৰে নদীখন পাৰ কৰিবলগীয়া হʼল। কিন্তু নাৱৰ পৰা নামি থকাৰ সময়ত দৰকাচ নদীত পৰি গʼল আৰু সেই ঠাই বহুত দ আছিল। আমি দুয়োজনে সাঁতুৰিব নাজানিছিলোঁ আৰু নদীখনত ঘঁৰিয়ালো আছিল। কিন্তু ওচৰতে ৰৈ থকা কিছুমান লʼৰাই লগে লগে পানীত জপিয়ালে আৰু তাইক বচালে। কেইবা দিনৰলৈকে এই ভয় লগা ঘটনাটো আমাৰ সপোনত আহিবলৈ ধৰিলে। কিন্তু এই সমস্যাবোৰে আমাক ৰখাব নোৱাৰিলে।

জাহগিফ্ট আৰু এৰিক যেতিয়া সৰু হৈ আছিল, তেতিয়া ৰাজ্যগৃহৰ ওচৰত থিয় হৈ আছে।

জাহগিফ্ট আৰু এৰিক আমাৰ বাবে উপহাৰতকৈ কম নহয়

আমি ১৯৯২ চনৰ আৰম্ভণিত গম পালোঁ যে দৰকাচ গৰ্ভৱতী আছে। আমাৰ বিশ্বাসে হোৱা নাছিল। আমি ভাবিলোঁ, ‘এতিয়া আমাৰ পূৰ্ণ সময়ৰ সেৱাৰ কি হʼব?’ তথাপি আমি ভাবিলোঁ এয়া যিহোৱাৰ ফালৰ পৰা পোৱা এটা উপহাৰ হয়। সেইবাবে, আমি নিজৰ ছোৱালীৰ নাম জাহগিফ্ট ৰাখিলোঁ (ইংৰাজীত জাহগিফ্টৰ অৰ্থ হৈছে “যিহোৱাৰ পৰা পোৱা উপহাৰ”)। ইয়াৰ ৪ বছৰৰ পাছত আমাৰ এটা লʼৰা হʼল আৰু আমি তাৰ নাম এৰিক ৰাখিলোঁ। জাহগিফ্টে কিছু সময়লৈকে কʼনাৰ্কী ৰিমৰ্ট ট্ৰান্চলেশ্ব্যন অফিচত কাম কৰিলে আৰু এৰিক এজন সহায়ক সেৱক হয়। সঁচাকৈ এই দুয়োজন সন্তানে আমাৰ বাবে উপহাৰতকৈ কম নহয়!

ইজ্ৰায়েল আৰু দৰকাচে নিজৰ লʼৰা এৰিক আৰু ছোৱালী জাহগিফ্টৰ লগত ৰাজ্যগৃহৰ ওচৰত থিয় হৈছে।

দৰকাচক কিছু সময়ৰ বাবে এই বিশেষ অগ্ৰগামী সেৱা এৰিবলগীয়া হ’ল। কিন্তু লʼৰা-ছোৱালীবোৰৰ চোৱা-চিতা কৰাৰ সময়তো তেওঁ অগ্ৰগামী সেৱা কৰি থাকিল। যিহোৱাৰ সহায়ত মই বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি থাকিব পাৰিলোঁ আৰু যেতিয়া লʼৰা-ছোৱালীবোৰ ডাঙৰ হ’ল, তেতিয়া দৰকাচেও পুনৰ বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিবলৈ আৰম্ভ কৰিলে। আজি আমি দুয়োজনেই কʼনাৰ্কীত মিচেনাৰী হিচাপে সেৱা কৰি আছোঁ।

সুৰক্ষা কেৱল যিহোৱাৰ পৰাহে পোৱা যায়

যিহোৱাই মোক য’লৈকে লৈ গ’ল, মই তালৈকে গʼলোঁ। মই আৰু দৰকাচে বহু বাৰ অনুভৱ কৰিলোঁ যে যিহোৱাই আমাক সুৰক্ষা দিছে আৰু আমাক আশীৰ্বাদ দিবলৈ এৰি দিয়া নাই। আজি জগতৰ লোকে টকা-পইচাৰ ওপৰত ভৰসা কৰে, তথাপিও তেওঁলোকৰ জীৱন চিন্তা আৰু সমস্যাৰে ভৰি আছে। কিন্তু মই আৰু দৰকাচে নিজৰ অনুভৱৰ পৰা ক’ব পাৰোঁ যে আমাৰ “পৰিত্ৰাণৰ ঈশ্বৰ” যিহোৱাই আমাক সুৰক্ষা দিব পাৰে। (১ বং. ১৬:৩৫) মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিজন যিহোৱাৰ ওপৰত ভৰসা ৰাখে, যিহোৱাই তেওঁক ‘এনেদৰে সুৰক্ষা দিয়ে, যিদৰে লোকসকলে নিজৰ মূল্যৱান বস্তুক সুৰক্ষিত কৰি ৰাখে।’—১ চমূ. ২৫:২৯, NW.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক