সমস্যা
আমাৰ সুৰক্ষা বিপদত আছে
“আজি লোকসকলৰ ওচৰত যিমান টেকনʼলজিৰ সুবিধা, টকা-পইচা, সাধন আৰু সা-সুবিধা আছে, সিমান আগতে লোকসকলৰ ওচৰত নাছিল। . . . কিন্তু এনে লাগিছে যে এই লোকসকলে পৃথিৱীৰ ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থাক আৰু প্ৰকৃতিক একেবাৰে ধ্বংস কৰি দিব।”—বিশ্ব বিপদ ৰিপʼৰ্ট ২০১৮, বিশ্ব অৰ্থনৈতিক মঞ্চ, ইংৰাজী।
কিছুমান বিশেষজ্ঞ লোকে পৃথিৱী আৰু লোকসকলৰ ভৱিষ্যতক লৈ কিয় ইমান চিন্তিত? কিয়নো আমি বহুতো সমস্যাৰ সন্মুখীন হৈ আছোঁ, তাৰে ভিতৰত কিছুমান হৈছে:
ইণ্টাৰনেটৰ যোগেদি অপৰাধ: অষ্ট্ৰেলিয়াৰ এখন বাতৰি কাকতত এইদৰে কোৱা হৈছে, “ইণ্টাৰনেট দিনক-দিনে অপৰাধৰ আড্ডা হৈ পৰিছে। এয়া সৰু লʼৰা-ছোৱালীসকলৰ লগত বেয়া কাম কৰা লোক, গুণ্ডাসকল, ট্ৰলa আৰু হেকাৰসকলৰ পচন্দৰ ঠাই হৈ পৰিছে। ব্যক্তিগত তথ্যৰ চুৰি পৃথিৱীৰ আটাইতকৈ বেছি হোৱা অপৰাধৰ মাজৰ এটা। . . . ইণ্টাৰনেট নিষ্ঠুৰ আৰু নিৰ্দয় কাম কৰাৰ এটা মাধ্যম হৈ পৰিছে।” ২২ জুলাই, ২০১৭-ৰ নব ভাৰত টাইম্চত কোৱা হৈছিল যে ২০১৭-ৰ আৰম্ভনিৰ ছয় মাহত ভাৰতত প্ৰত্যেক দহ মিনিটৰ ভিতৰত ইণ্টাৰনেটৰ যোগেদি এটা অপৰাধ হৈছিল।
ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য বাঢ়িছে: দুখীয়াসকলক সহায় কৰা এখন সংগঠনে ৰিপʼৰ্ট দিছে যে পৃথিৱীৰ আধা জনসংখ্যাৰ ওচৰত যিমান পইচা আছে, সিমান পইচা পৃথিৱীৰ আঠ জন ধনী ব্যক্তিৰ ওচৰত আছে। এই ৰিপʼৰ্টৰ অনুসৰি, “দেশবোৰৰ অৰ্থনৈতিক ব্যৱস্থাত যি খেলি-মেলি হৈছে, তাৰ ফলত সমাজত দুখীয়া লোকসকলে পাবলগীয়া পইচা কাঢ়ি লোৱা হৈছে, বিশেষকৈ মহিলাসকলৰ।” সেইবাবে, ধনী লোকসকলে ধনী হৈ গৈ আছে আৰু দুখীয়াসকলে আৰু দুখীয়া হৈ পৰিছে। কিছুমান লোকে ভয় কৰে যে ধনী দুখীয়াৰ মাজত পাৰ্থক্য বাঢ়ি গʼলে প্ৰতিবাদ আৰু হাই-কাজিয়া আৰু বেছি হʼব।
যুদ্ধ আৰু অত্যাচাৰ: সংযুক্ত ৰাষ্ট্ৰ শৰণাৰ্থী এজেন্সিৰ ২০১৮-ৰ এটা ৰিপʼৰ্টৰ অনুসৰি, “আজি কোটি কোটি লোকে নিজৰ ঘৰ এৰি পলাবলগীয়া হৈছে। এইদৰে আগতে কেতিয়াও হোৱা নাছিল।” বিশেষকৈ যুদ্ধ আৰু অত্যাচাৰৰ বাবে ৬ কোটি ৮০ লাখ লোক বাধ্যত পৰি নিজৰ এলেকা এৰি পলাবলগীয়া হʼল। ৰিপʼৰ্টত এয়াও কোৱা হৈছে যে প্ৰতি দুই ছেকেণ্ডত এজন ব্যক্তিয়ে নিজৰ সকলো এৰি পলাবলগীয়া হৈছে।
পৰিৱেশ বিপদত: বিশ্ব সংকট ৰিপʼৰ্ট ২০১৮-ৰ অনুসৰি, “কিছুমান জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু গছ-গছনিৰ গোটেই প্ৰজাতি লুপ্ত হৈ গৈছে। বায়ু আৰু সাগৰৰ প্ৰদূষণ লোকসকলৰ স্বাস্থ্যৰ বাবে ডাঙৰ বিপদ হৈ পৰিছে।” কিছুমান দেশত কীট-পতংগৰ সংখ্যা তীব্ৰ গতিত কমিবলৈ ধৰিছে। কীট-পতংগই উদ্ভিদৰ পৰাগ-যোগ কৰে। সেইবাবে বৈজ্ঞানিকসকলে কয় যে কীট-পতংগ শেষ হৈ যোৱাটো পৰিৱেশৰ বাবে এটা ডাঙৰ বিপদ।
আমি সুৰক্ষিত থাকিবলৈ এই সমস্যাবোৰৰ সমাধান কৰিব পাৰোঁনে? কিছুমান লোকে কয় যে এই ক্ষেত্ৰত লোকসকলক শিক্ষিত কৰিলে, কিছু পৰিমাণে সমস্যাৰ সমাধান কৰিব পাৰি। কিন্তু লোকসকলক কেনেধৰণৰ শিক্ষা দিয়া উচিত? পৰৱৰ্তী লেখবোৰত এই বিষয়ে আলোচনা কৰা হʼব।
[ফুটনোট]
a ইণ্টাৰনেটত কাৰোবাৰ পক্ষে বা বিপক্ষে একো নভবাকৈ লিখা লোকসকল।