ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g19 নং ১ পৃষ্ঠা ৬-৭
  • নৈতিক শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৈতিক শিক্ষা
  • সচেতন থাকক!—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • শিক্ষা যিয়ে জীৱন সলনি কৰিব পাৰে
  • প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপোনাৰ প্ৰেম সীমিত নে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
সচেতন থাকক!—২০১৯
g19 নং ১ পৃষ্ঠা ৬-৭
এজনী ছোৱালীয়ে নিজৰ মা-দেউতাৰ লগত বাচন ধুই আছে

মা-দেউতাক চাই লʼৰা-ছোৱালীয়ে প্ৰেম কৰিবলৈ শিকে

নৈতিক শিক্ষা

সমস্যাবোৰ সমাধান কৰাৰ দিশত এক পদক্ষেপ

কানাডাৰ এখন বিখ্যাত স্কুলৰ বিদ্যাৰ্থীসকলে স্কুলৰ ফালৰ পৰা কʼৰবালৈ ফুৰিবলৈ গৈছিল। তাৰে ভিতৰত কিছুমান লʼৰাই লগতে পঢ়া এজন লʼৰাক মাৰ-পিট কৰিলে আৰু তাৰ লগত অনৈতিক কাম কৰিলে। এই ঘটনাৰ পাছত অটাৱা চিটিজেন নামৰ বাতৰি কাকতৰ এজন সংবাদক লিয়নাৰ্ড ষ্টাৰ্ণে লিখিলে: “লʼৰা-ছোৱালী ধনী ঘৰৰেই হওক, যিমানেই শিক্ষিত বা পঢ়া-শুনাত ভাল নহওক কিয়, তথাপিও তেওঁলোকে আনৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে বুলি শিকিব নোৱাৰে।”

ষ্টাৰ্ণে এয়াও লিখিলে: “লʼৰা-ছোৱালীক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ, কি ভাল কি বেয়া তেওঁলোকক শিকোৱাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু বেছিভাগ মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেৱল পঢ়াত ধ্যান দিবলৈ শিকায়। যাতে তেওঁলোকে ভাল চাকৰি পাব পাৰে আৰু বহুতো টকা-পইচা উপাৰ্জন কৰিব পাৰে।”

এয়া সঁচা যে স্কুলৰ শিক্ষা লʼৰা-ছোৱালীৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু লʼৰা-ছোৱালীয়ে স্কুলত যিমানেই ভাল শিক্ষা লাভ নকৰক কিয়, তেওঁলোকে নিজৰ বেয়া ইচ্ছাক দমন কৰিবলৈ শিকিব নোৱাৰে। তেনেহʼলে এজন ভাল ব্যক্তি হʼবলৈ তেওঁলোকে কʼৰ পৰা নৈতিক শিক্ষা লাভ কৰিব পাৰে?

শিক্ষা যিয়ে জীৱন সলনি কৰিব পাৰে

বাইবেল এখন আইনাৰ দৰে হয়। যেতিয়া আমি ইয়াত নিজকে চাওঁ, তেতিয়া আমি আমাৰ দুৰ্বলতাবোৰ স্পষ্টকৈ দেখা পাওঁ। (যাকোব ১:২৩-২৫) ইয়াৰ উপৰিও বাইবেল পঢ়িলে আমি নিজকে সলনি কৰিব পাৰোঁ আৰু এনে গুণবোৰ বঢ়াব পাৰোঁ, যাৰ যোগেদি আমি আনৰ লগত শান্তি আৰু মিলা-প্ৰীতিৰে থাকিব পাৰোঁ। এনেধৰণৰ গুণবোৰ হৈছে, কৰুণাময়, কৃপা, ধৈৰ্য্য, আত্মসংযম আৰু প্ৰেম। বাইবেলত প্ৰেমক একতাৰ “সৰ্ব্বসিদ্ধিৰ বান্ধনি” বুলি কোৱা হৈছে। (কলচীয়া ৩:১৪) প্ৰেম কিয় এক বিশেষ গুণ হয়? মন কৰক বাইবেলত ইয়াৰ বিষয়ে কি লিখা আছে।

  • “প্ৰেমে অনেক দিন সহে, মৰমো কৰে; প্ৰেমে ঈৰ্ষা নকৰে; প্ৰেমে আত্ম-গৌৰৱ নকৰে, অহঙ্কাৰো নকৰে, অশিষ্টাচৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্ম্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে, সকলো কথাতে সহন কৰে . . . সকলোকে সহ্য কৰে, প্ৰেম কেতিয়াও লুপ্ত নহব।”​—১ কৰিন্থীয়া ১৩:৪-৮.

  • “প্ৰেমে চুবুৰীয়াৰ অনিষ্টসাধন নকৰে।”​—ৰোমীয়া ১৩:১০.

  • “বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।”​—১ পিতৰ ৪:৮.

যেতিয়া আপুনি আপোনাক প্ৰেম কৰা লোকসকলৰ লগত থাকে, তেতিয়া আপোনাক কেনেকুৱা লাগে? আপুনি নিশ্চয় সুৰক্ষিত অনুভৱ কৰে আৰু আপোনাৰ কোনো কথাৰ চিন্তা নাথাকে। আপোনাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে তেওঁলোকে আপোনাৰ ভাল হোৱাটো বিচাৰে আৰু জানি-শুনি আপোনাক কেতিয়াও দুখ নিদিব।

যদি আনৰ প্ৰতি আপোনাৰ প্ৰেম থাকে, তেনেহʼলে আপুনি যিকোনো কৰিবলৈ সাজু থাকিব, আনকি বেয়া অভ্যাসবোৰো এৰিব পাৰিব। এজন ব্যক্তিয়ে এইদৰেই কৰিলে, তেওঁ নিজৰ নাতিক বহুত মৰম কৰিছিল। কিন্তু তেওঁ নিজৰ নাতিক লগ কৰাটো জোঁৱাইয়ে বিচৰা নাছিল। কিয় বাৰু? কিয়নো, সেই মানুহজন বহুত চিগাৰেট খাইছিল আৰু ইয়াৰ বাবে লʼৰাজনৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিলেহেঁতেন। তেতিয়া সেই ব্যক্তিজনে কি কৰিলে? তেওঁ ৫০ বছৰৰ পৰা চিগাৰেট খোৱাৰ বেয়া অভ্যাস এৰি দিলে। সঁচাকৈ প্ৰেম বহুত শক্তিশালী।

বাইবেলৰ সহায়ত আমি ভাল গুণবোৰ বঢ়াব পাৰোঁ। যেনে: কৃপাময়, কৰুণা আৰু প্ৰেম

আনক প্ৰেম কৰিবলৈ আমি শিকিবলগীয়া হয়। ভাল মা-দেউতাই নিজৰ সন্তানৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰে, তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ধ্যান দিয়ে আৰু যেতিয়া তেওঁলোকে বেমাৰ হয় বা তেওঁলোকে দুখ পায়, তেতিয়া তেওঁলোকৰ যত্ন লয়। তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত কথা পাতে আৰু তেওঁলোকক ভাল পৰামৰ্শ দিয়ে। লʼৰা-ছোৱালীৰ পৰা যেতিয়া কিবা ভুল হয়, তেতিয়া তেওঁলোকক শুধৰণি কৰে আৰু কি ভাল কি বেয়া তাৰ বিষয়ে বুজায়। ভাল মা-দেউতাই নিজৰ লʼৰা-ছোৱালীৰ বাবে এক আদৰ্শ হয়।

কিন্তু দুখৰ বিষয় যে কিছুমান মা-দেউতাই নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই। তেনেহʼলে এনে লোকসকলৰ সন্তানসকল ভাল ব্যক্তি হʼব নোৱাৰে নে? এনে নহয়, কিছুমান লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ নিজৰ জীৱনত কিছুমান সাল-সলনি কৰে। এনে লোকসকলো আছে যিসকলে ভাল পৰিৱেশত ডাঙৰ-দীঘল হোৱা নাছিল, তথাপিও আগলৈ গৈ তেওঁলোকে দায়িত্বশীল ব্যক্তি হʼব পাৰিলে। ইয়াৰ উপৰিও আগতে বহুত বেয়া কাম কৰা লোকসকলেও নিজকে সলনি কৰিব পাৰিলে।

মূল বিষয়

আমি আটাইতকৈ ভাল নৈতিক শিক্ষা বাইবেলৰ পৰা পাব পাৰোঁ আৰু আমি এজন ভাল ব্যক্তি হʼব পাৰোঁ

কিছুমান লোক সলনি নহʼব

বাইবেলত স্পষ্টকৈ লিখা আছে যে কিছুমান লোকে নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰিব নিবিচাৰিব। ইয়াত লিখা আছে, ‘দুষ্টবোৰে দুষ্কৰ্ম্ম কৰি থাকিব।’ (দানিয়েল ১২:১০) তেনেহʼলে পৃথিৱীত কেতিয়াও শান্তি আৰু সুৰক্ষা নহʼব নে? পৃথিৱীৰ ভৱিষ্যত মানুহৰ হাতত থকা হʼলে, কেতিয়াও শান্তি আৰু সুৰক্ষা নহʼলহেঁতেন। কিন্তু আগলৈ গৈ আমাৰ পৰিস্থিতি ভাল হʼব। এই বিষয়ে আমি পৰৱৰ্তী লেখবোৰত আলোচনা কৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক