অতিৰিক্ত লেখ
মানৱৰ শৰীৰৰ ভিতৰত আত্মা বুলি কিবা আছে নেকি?
আজি বহুতোলোকে বিশ্বাস কৰে যে মানুহৰ শৰীৰৰ ভিতৰত এটা আত্মা থাকে। তেওঁলোকে ইয়াকো বিশ্বাস কৰে যে মৃত্যুৰ পাছত আত্মাই দেহা ত্যাগ কৰে আৰু ইয়াৰ কোনো মৰণ নাই। এই শিক্ষা আজি পৃথিৱীজুৰি বহুলভাৱে প্ৰচলিত। কিন্তু বাইবেলে আত্মাৰ বিষয়ে এনেদৰে শিকোৱা নাই বুলি জানি, লোকসকলে আচৰিত হয়। গতিকে প্ৰশ্ন হʼব পাৰে যে মৃত্যুত আমাৰ কি হয়? আৰু ঈশ্বৰৰ বাক্যই ইয়াৰ বিষয়ে কি শিক্ষা দিয়ে?
বাইবেলে কি শিকায়?
অসমীয়া বাইবেলত কেইবা ঠাইতো আত্মা শব্দটো পোৱা যায়। হীব্ৰু শব্দ, ৰোৱাষ্ আৰু গ্ৰীক শব্দ নিওমাৰ পৰা আত্মা অনুবাদ কৰা হৈছে, কিন্তু এই অনুবাদ সঠিক নহয়। ৰোৱাষ্ আৰু নিওমাৰ প্ৰকৃত অৰ্থ হৈছে প্ৰাণবায়ু, যিয়ে ব্যক্তিজনক জীৱিত কৰি ৰাখে। ইয়াৰ অৰ্থ আত্মা নহয়। উদাহৰণস্বৰূপে, অসমীয়া বাইবেলত যাকোব ২:২৬ পদত এইদৰে লিখা আছে: “আত্মা-বিহীন [নিওমা] শৰীৰ মৰা।” যেতিয়া লোকসকলে এই পদটো পঢ়ে, তেওঁলোকে ভাবিবলৈ ধৰে যে মানুহৰ শৰীৰৰ ভিতৰত আত্মা থাকে। প্ৰকৃততে এই পদটোৰ অনুবাদ এইদৰে হোৱা উচিত, “প্ৰাণবায়ু অবিহনে শৰীৰ মৰা।” ইয়াৰ বিষয়ে আৰু এটা উদাহৰণলৈ লক্ষ্য কৰক। নোহৰ দিনৰ জল-প্লাবনৰ বিষয়ে আদিপুস্তক ৬:১৭ পদত এইদৰে বৰ্ণনা কৰিছে: “চোৱা, আকাশৰ তলত প্ৰাণবায়ু [ৰোৱাষ্] থকা সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে, মই পৃথিবীলৈ জল-প্লাবন আনিম; পৃথিবীত থকা সকলোৱেই প্ৰাণত্যাগ কৰিব।” (আদিপুস্তক ৭:১৫, ২২) গতিকে, ইয়াৰপৰা আমি কʼব পাৰোঁ যে ৰোৱাষ্ আৰু নিওমা শব্দৰ অৰ্থ প্ৰাণবায়ু, যাৰ দ্বাৰা সকলো প্ৰাণী জীৱিত থাকে।
আমি প্ৰাণবায়ুৰ তুলনা বিদ্যুৎ প্ৰৱাহৰ লগত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, এটা ৰেডিঅʼৰ বিষয়ে খন্তেক চিন্তা কৰক। ৰেডিঅ’ এটা চলাবলৈ হʼলে ইন্ধনৰ প্ৰয়োজন। যেতিয়া আমি ৰেডিঅʼৰ ছুইচটো দিওঁ তেতিয়া ৰেডিঅʼটো বাজিবলৈ ধৰে, কʼবলৈ গʼলে ৰেডিঅʼটোৱে যেন জীৱনহে পালে। বিজুলী বা বেটাৰীৰ অবিহনে ৰেডিঅ’ চলিব নোৱাৰে। ঠিক সেইদৰে, প্ৰাণবায়ুয়ে আমাক জীৱিত কৰি ৰাখে। বিজুলী বা বেটাৰীৰ দৰে প্ৰাণবায়ুৰো কোনো অনুভূতি বা চিন্তা কৰাৰ ক্ষমতা নাই। ইয়াৰ বিষয়ে গীত ৰচকে কৈছিল যে প্ৰাণবায়ুৰ অবিহনে আমাৰ শৰীৰ “মৰি পুনৰায় নিজ ধূলিলৈ ওভটে।”—গীতমালা ১০৪:২৯.
অসমীয়া বাইবেলত উপদেশক ১২:৭ পদত এইদৰে বৰ্ণনা আছে: “ধূলি [তেওঁৰ শৰীৰ] আগৰ দৰে মাটিত লীন নৌ হওঁতেই, আৰু ঈশ্বৰে দিয়া আত্মা [ৰোৱাষ্] তেওঁলৈ উলটি নৌ যাওঁতেই তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।” আমি ইতিমধ্যে দেখিলোঁ যে আত্মা শব্দটো সঠিক অনুবাদ নহয়। হীব্ৰু শব্দ ৰোৱাষ্ৰ অৰ্থ হৈছে প্ৰাণবায়ু। তেনেহʼলে এই পদত বৰ্ণনা কৰা অনুসৰি প্ৰাণবায়ু ঈশ্বৰলৈ উলটি যোৱাৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটো নেকি যে প্ৰাণবায়ু প্ৰকৃততে স্বৰ্গলৈ যায়? নহয়। ইয়াৰ অৰ্থ হৈছে যে যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তাৰ ভৱিষ্যত জীৱনৰ আশা ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে। কʼবলৈ গʼলে তেওঁৰ জীৱন ঈশ্বৰৰ হাতত থাকে। মাত্ৰ ঈশ্বৰ যিহোৱাইহে, তেওঁক পুনৰ জীৱন দিব পাৰে।—গীতমালা ৩৬:৯.
‘মৈদামত থকা সকলৰ’ বাবে ঈশ্বৰে কি কৰিব তাৰ বিষয়ে জানি আমি আনন্দিত নহওঁনে বাৰু? (যোহন ৫:২৮, ২৯) মৃত লোকসকলক পুনৰুত্থান কৰাৰ সময়ত যিহোৱা ঈশ্বৰে তেওঁলোকক এক নতুন শৰীৰ দিব আৰু তাত প্ৰাণবায়ু দি জীৱিত কৰি তুলিব। সঁচাকৈ, কি যে এক আনন্দৰ দিন হʼব!