পাঠ ২৬
পৃথিৱীত ইমান দুষ্টতা আৰু দুখ-কষ্ট কিয় হৈ আছে?
যেতিয়া কিবা বেয়া ঘটনা ঘটে, তেতিয়া লোকসকলে প্ৰায়ে এইদৰে সোধে, “এইবোৰ কিয় হৈ আছে?” কিন্তু বাইবেলে ইয়াৰ উত্তৰ দিয়ে। এই বিষয়ে জানি আপুনি শান্ত্বনা লাভ কৰিব।
১. চয়তানে দুষ্টতাৰ আৰম্ভণি কেনেকৈ কৰিলে?
চয়তানে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সি লোকসকলৰ ওপৰত শাসন কৰিব বিচাৰিছিল। সেইবাবে, সি প্ৰথম দম্পতী আদম আৰু হৱাক নিজৰ ফলিয়া কৰিবলৈ চেষ্টা কৰিলে। চয়তানে এয়া কেনেকৈ কৰিলে? সি হৱাক মিছা কথা কৈ ভুলালে। (আদিপুস্তক ৩:১-৫) সি যেন হৱাক এইদৰে কৈছিল, ‘ঈশ্বৰে জানি-বুজি তোমালোকক ভাল বস্তু দিব বিচৰা নাই। যদি তুমি ঈশ্বৰৰ আজ্ঞা পালন নকৰা, তেনেহʼলে তুমি বেছিকৈ আনন্দত থাকিব পাৰিবা।’ তাৰ পাছত চয়তানে প্ৰথম মিছা কথা কৈছিল। সি হৱাক কৈছিল, তাই কেতিয়াও মৃত্যু নহʼব। সেইবাবে, বাইবেলত চয়তানৰ বিষয়ে এইদৰে লিখা আছে, “সি মিছলীয়া, আৰু তাৰ বাপেক।”—যোহন ৮:৪৪.
২. আদম আৰু হৱাই কি নিৰ্ণয় লʼলে?
যিহোৱাই আদম আৰু হৱাক সকলো বস্তু দিছিল। তেওঁলোকৰ কোনো বস্তুৰ অভাৱ নাছিল। যিহোৱাই তেওঁলোকক কৈছিলে যে এদন বাগিচাৰ এজোপা গছৰ বাহিৰে সকলো গছৰ ফল খাব পাৰে। (আদিপুস্তক ২:১৫-১৭) কিন্তু যিহোৱাই যি গছজোপাৰ ফল খাবলৈ তেওঁলোকক মানা কৰিছিল, তেওঁলোকে সেই গছৰ ফল খালে। বাইবেলত লিখা আছে যে হৱাই ‘সেই গছৰ ফল ছিঙি খালে আৰু পাছত আদমেও খালে।’ (আদিপুস্তক ৩:৬) যিহোৱাই আদম আৰু হৱাক সিদ্ধ জীৱন দিছিল। সেইবাবে, বেয়া কাম কৰাৰ ভাৱনা তেওঁলোকৰ মনলৈ নাহিলেহেঁতেন। সেইবাবে, কʼব পাৰি যে তেওঁলোকে জানি-শুনি ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে। এইদৰে তেওঁলোকে পাপ কৰিলে আৰু যিহোৱাৰ শাসনক অস্বীকাৰ কৰিলে। এই নিৰ্ণয় লোৱাৰ বাবে তেওঁলোকে বহুতো দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হʼল।—আদিপুস্তক ৩:১৬-১৯.
৩. আদম আৰু হৱাই যি নিৰ্ণয় লৈছিল, তাৰপৰা আমাৰ ওপৰত কি প্ৰভাৱ পৰিল?
যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, তেতিয়া তেওঁলোক অসিদ্ধ হৈ পৰিল। পাছলৈ তেওঁলোকৰ সন্তানসকলেও উত্তৰাধিকাৰী হিচাপে পাপ আৰু অসিদ্ধতা লাভ কৰিলে। বাইবেলত আদমৰ বিষয়ে এইদৰে কোৱা হৈছে, “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।”—ৰোমীয়া ৫:১২.
আমি বহুতো কাৰণৰ বাবে দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হয়। কেতিয়াবা আমি লোৱা ভুল নিৰ্ণয়ৰ বাবে আৰু কেতিয়াবা কেতিয়াবা আনে লোৱা ভুল নিৰ্ণয়ৰ বাবে আমি দুখ-কষ্টৰ সন্মুখীন হওঁ। ইয়াৰ উপৰিও, কেতিয়াবা কেতিয়াবা আকস্মিক দুৰ্ঘটনাৰ বাবে আমি দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হয়।—উপদেশক ৯:১২ পঢ়ক।
গভীৰভাৱে ধ্যান কৰক
পৃথিৱীত হৈ থকা বেয়া কাম আৰু দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ী নহয় বুলি আমি কিয় কʼব পাৰোঁ? আমি দুখ-কষ্ট ভুগি থকা দেখি ঈশ্বৰে কেনে অনুভৱ কৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. দুখ-কষ্টৰ বাবে কোন দায়ী?
বহুতোলোকে বিশ্বাস কৰে যে পৃথিৱীখনক ঈশ্বৰে নিয়ন্ত্ৰণ কৰিছে। কিন্তু এয়া সঁচানে? ভিডিঅʼখন চাওক।
বিলাপ ৩:৩৩ আৰু ১ যোহন ৫:১৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
দুখ-কষ্ট আৰু দুষ্টতাৰ বাবে ঈশ্বৰ দায়ীনে?
৫. চয়তানে শাসন কৰাৰ বাবে কি হʼল?
আদিপুস্তক ৩:১-৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
চয়তানে কি মিছা কথা কৈছিল?—পদ ৪ আৰু ৫ চাওক।
চয়তানে কেনেকৈ যিহোৱাৰ বিষয়ে মিছা কথা কৈছিল যে তেওঁ মানুহক ভাল বস্তু দিব নিবিচাৰে?
যিহোৱাৰ শাসনৰ অধীনত থাকি মানুহে আনন্দত থাকিব পাৰিব নে নোৱাৰে, তাৰ বিষয়ে চয়তানে কি দাবী কৰিছিল?
উপদেশক ৮:৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যিহোৱাৰ শাসনৰ অবিহনে পৃথিৱীখনৰ কি অৱস্থা হৈছে?
ক. আদম আৰু হৱা সিদ্ধ আছিল আৰু তেওঁলোকে এখন সুন্দৰ বাগিচাত বাস কৰিছিল। কিন্তু তেওঁলোকে চয়তানৰ কথা শুনি যিহোৱাৰ বিৰুদ্ধে কাম কৰিলে
খ. ঈশ্বৰৰ বিৰুদ্ধে কাম কৰাৰ বাবে পৃথিৱীত পাপ, দুখ-কষ্ট আৰু মৃত্যু আহিল
গ. যিহোৱাই পাপ, মৃত্যু আৰু দুখ-কষ্টক নাইকিয়া কৰিব। তাৰ পাছত লোকসকল পুনৰ সিদ্ধ হৈ যাব আৰু এখন সুন্দৰ বাগিচাত সদায় জীয়াই থাকিব
৬. যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে
যেতিয়া আমি দুখ-কষ্টৰ সন্মুখীন হওঁ, তেতিয়া ঈশ্বৰে কেনে অনুভৱ কৰে? মন কৰক, ৰজা দায়ূদ আৰু পাঁচনি পিতৰে কি লিখিছিল। গীতমালা ৩১:৭ আৰু ১ পিতৰ ৫:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যিহোৱাই আমাৰ দুখ-কষ্ট বুজি পায় আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে। এই বিষয়ে জানি আপুনি কেনে অনুভৱ কৰে?
৭. ঈশ্বৰে মানুহৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব
যিচয়া ৬৫:১৭ আৰু প্ৰকাশিত বাক্য ২১:৩, ৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মানুহৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব বুলি যিহোৱাই প্ৰতিজ্ঞা কৰিছে। এই প্ৰতিজ্ঞাৰপৰা আপুনি কিয় শান্ত্বনা লাভ কৰে?
আপুনি জানেনে?
এদন বাগিচাত চয়তানে প্ৰথমবাৰ মিছা কথা কৈ যিহোৱাৰ নাম কলংকিত কৰিছিল। তেওঁ দাবী কৰিছিল যে যিহোৱা ভাল শাসক নহয় আৰু তেওঁ মানুহক প্ৰেম নকৰে। অতি সোনকালে ঈশ্বৰে মানুহৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব আৰু তেওঁৰ নামৰ ওপৰত লগা কলংক নাইকিয়া কৰিব অৰ্থাৎ তেওঁৰ শাসনেই সকলোতকৈ ভাল বুলি যিহোৱাই প্ৰমাণ কৰিব। গোটেই পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ বিষয় হৈছে যিহোৱাৰ নাম পবিত্ৰ কৰা।—মথি ৬:৯, ১০.
কিছুমান লোকে কয়: “সুখ আৰু দুখ এয়াইতো জীৱন।”
আপুনি কি উত্তৰ দিব?
আমি কি শিকিলোঁ
চয়তান, আদম আৰু হৱাৰ বাবে গোটেই পৃথিৱীত দুষ্টতা আৰু দুখ-কষ্ট হৈ আছে। যিহোৱা ঈশ্বৰে আমাৰ দুখ-কষ্ট বুজি পায় আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে। তেওঁ অতি সোনকালে মানুহৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব।
আপুনি কেনেকৈ উত্তৰ দিব?
চয়তানে হৱাক কি মিছা কথা কৈছিল?
আদম আৰু হৱাই যিহোৱাৰ বিৰুদ্ধে কাম কৰাৰ বাবে আমাৰ ওপৰত কি প্ৰভাৱ পৰিল?
যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে বুলি আমি কিয় কʼব পাৰোঁ?
বেছিকৈ জানক
পাপৰ অৰ্থ কি, এই বিষয়ে বাইবেলত কি কোৱা হৈছে? আহক চাওঁ।
এদন বাগিচাত চয়তানে ঈশ্বৰৰ বিৰুদ্ধে যি প্ৰশ্ন কৰিছিল, তাৰ বিষয়ে বেছিকৈ জানিবলৈ তলত দিয়া লেখটো পঢ়ক।
“আমাৰ ওপৰত দুখ-কষ্ট হʼবলৈ ঈশ্বৰে কিয় অনুমতি দিছে?” (প্ৰহৰীদুৰ্গ লেখ)
এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিলে আপুনি শান্ত্বনা লাভ কৰিব।
“নাজী ধ্বংসলীলা (হলʼকষ্ট) কিয় হয়? ঈশ্বৰে এইবোৰ কিয় হʼবলৈ অনুমতি দিছে?” (ৱেবছাইটত দিয়া লেখ)
পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈ আছে, যেতিয়া এজন ব্যক্তিয়ে জানিলে, তেতিয়া তেওঁক কেনেকুৱা লাগিল, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।