ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩৯
  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • পাঠকসকলৰ প্ৰশ্ন
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩৯
পাঠ ৩৯. অনুবীক্ষণ যন্ত্ৰৰ যোগেদি দেখুৱা আমাৰ তেজ।

পাঠ ৩৯

তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

তেজ আমাৰ কাৰণে অতি প্ৰয়োজন। তেজৰ অবিহনে কোনো মানুহে জীয়াই থাকিব নোৱাৰে। যিহোৱা আমাৰ সৃষ্টিকৰ্তা, সেইবাবে তেজ আমি কেনেকৈ ব্যৱহাৰ কৰা উচিত, সেয়া কোৱাৰ তেওঁৰ অধিকাৰ আছে। তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে? তেজ আমি খাব বা লʼব পাৰোঁনে? এই বিষয়ে ভাল নিৰ্ণয় আমি কেনেকৈ লʼব পাৰোঁ, আহক চাওঁ।

১. তেজৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি?

প্ৰাচীন সময়ত যিহোৱাই নিজৰ সেৱকসকলক এইদৰে কৈছিল, “প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে।” (লেবীয়া পুস্তক ১৭:১৪) যিহোৱাৰ দৃষ্টিত তেজ জীৱন হয়। জীৱনৰ দৰে তেজক তেওঁ পবিত্ৰ বুলি ভাবে আৰু এই দুয়োটা তেওঁ আমাক দিছে।

২. তেজৰ বিষয়ে ঈশ্বৰে কি আজ্ঞা দিছে?

জলপ্লাৱনৰ পাছত যিহোৱাই নিজৰ সেৱকসকলক তেজ নাখাবলৈ আজ্ঞা দিছিল। আগলৈ গৈ তেওঁ ইস্ৰায়েল ৰাষ্ট্ৰকো এই আজ্ঞা দিছিল। (আদিপুস্তক ৯:৪ আৰু লেবীয়া পুস্তক ১৭:১০ পঢ়ক।) খ্ৰীষ্টান মণ্ডলী স্থাপন হোৱাৰ সময়তো তেজৰ বিষয়ে ঈশ্বৰৰ আজ্ঞা সলনি হোৱা নাছিল। তেওঁ প্ৰশাসন গোষ্ঠীৰ যোগেদি সকলো মণ্ডলীক ‘তেজৰ পৰা পৃথকে থাকিবলৈ’ নিৰ্দেশনা দিছিল।—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯ পঢ়ক।

তেজৰপৰা পৃথকে থকাৰ অৰ্থ কি? কল্পনা কৰক, যদি ডাক্তৰে আপোনাক মদৰপৰা আঁতৰি থাকিবলৈ কয়, তেনেহʼলে আপুনি মদ নাখাব। কিন্তু আপুনি এয়া ভাবিব নে, ‘ঠিক আছে, ডাক্তৰেতো মোক মদ খাবলৈ মানা কৰিছে, গতিকে মই খোৱা বস্তুৰ লগত মিহলাই খাম বা বেজীৰ যোগেদি লʼম।’ আপুনি এইদৰে কেতিয়াও নাভাবে। ঠিক সেইদৰে, ঈশ্বৰে আমাক তেজৰপৰা আঁতৰি থাকিবলৈ আজ্ঞা দিছে। গতিকে, ইয়াৰ অৰ্থ হৈছে আমি তেজ কেতিয়াও নাখাম। আমি এনে জীৱ-জন্তুৰ মাংস নাখাম, যাৰ তেজ উলিয়াই দিয়া নাই। ইয়াৰ উপৰিও, আমি তেজ মিহলোৱা কোনো আহাৰো নাখাম।

চিকিৎসাত তেজ ব্যৱহাৰ কৰাৰ বিষয়ে কি কʼব পাৰি? চিকিৎসাৰ কিছুমান পদ্ধতি ঈশ্বৰৰ নিয়মৰ অনুসৰি নহয়। যেনে, তেজ বা তেজৰ চাৰিটা উপাদান গ্ৰহণ কৰা। এই চাৰিটা উপাদান হৈছে, লোহিত ৰক্ত কণিকা (ৰেড চেল্চ), শ্বেতৰক্ত কণিকা (হোৱাইট চেল্চ), প্লেটলেটছ্‌ আৰু প্লাজ্‌মা। কিন্তু কিছুমান চিকিৎসা পদ্ধতি হয়তো ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে নহʼবও পাৰে। উদাহৰণস্বৰূপে, কিছুমান চিকিৎসা পদ্ধতিত তেজৰ উপাদানৰপৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ (ব্লাড ফ্ৰেক্‌শ্বন্‌) ব্যৱহাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত ৰোগীৰ নিজৰ তেজ চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু সেয়া ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে নহʼবও পাৰে। এনে পৰিস্থিতিত আমি চিকিৎসাৰ কোনটো পদ্ধতি গ্ৰহণ কৰিম, এই নিৰ্ণয় আমি নিজেই লʼব লাগিব।a—গালাতীয়া ৬:৫.

গভীৰভাৱে ধ্যান কৰক

আপুনি চিকিৎসাৰ কোনটো পদ্ধতি গ্ৰহণ কৰিব, সেয়া আপুনি কেনেকৈ নিৰ্ণয় লʼব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক

চিকিৎসাৰ ক্ষেত্ৰত আপুনি যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় কেনেকৈ লʼব পাৰে? ভিডিঅʼখন চাওক, তাৰ পাছত আলোচনা কৰক যে তলত দিয়া পৰামৰ্শবোৰ পালন কৰাটো কিয় প্ৰয়োজন।

ভিডিঅʼ: তেজৰ অবিহনে চিকিৎসা—ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি? (৫:৪৭)

  • বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।—যাকোব ১:৫.

  • অনুসন্ধান কৰক আৰু এই বিষয়ে বাইবেলৰ সিদ্ধান্ত বিচাৰক।—হিতোপদেশ ১৩:১৬.

  • আপোনাৰ এলেকাত চিকিৎসাৰ কোনটো পদ্ধতি উপলব্ধ আছে, সেয়া বিচাৰক।

  • ইয়াৰ ভিতৰত আপুনি কোনটো পদ্ধতি গ্ৰহণ নকৰিব, সেয়া বেলেগ কৰি ৰাখক।

  • এই কথাৰ ওপৰতো ধ্যান দিয়ক যে আপুনি যি নিৰ্ণয় লয়, তাৰপৰা আপোনাৰ বিবেক শুদ্ধ হৈ থকা উচিত।—পাঁচনিৰ কৰ্ম্ম ২৪:১৬.b

  • যেতিয়া আপোনাক নিজৰ বিবেকৰ অনুসৰি নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া মনত ৰাখক যে আপোনাৰ বাবে আনে নিৰ্ণয় লʼব নোৱাৰে। আপোনাৰ স্বামী বা পত্নী, মণ্ডলীৰ কোনো প্ৰাচীন বা আপোনাক বাইবেল অধ্যয়ন কৰা ব্যক্তিজনেও লʼব নোৱাৰে।—ৰোমীয়া ১৪:১২.

  • নিৰ্ণয় লোৱাৰ পাছত, সেয়া লিখি ৰাখক।

ছবি: এজন ব্যক্তিয়ে নিজৰ চিকিৎসাৰ বিষয়ে নিৰ্ণয় লৈছে। ১. তেওঁ প্ৰাৰ্থনা কৰিছে। ২. তেওঁ বাইবেল, বাইবেল আধাৰিত প্ৰকাশন আৰু ইলেকট্ৰনিক টেবলেটৰ যোগেদি অনুসন্ধান কৰিছে। ৩. তেওঁ নিজৰ ডাক্তৰৰ লগত কথা পাতিছে।

৪. যিহোৱাৰ সাক্ষীসকলে ভাল চিকিৎসা কৰিব বিচাৰে

তেজৰ বিষয়ে দিয়া যিহোৱাৰ আজ্ঞা পালন কৰা আৰু তেজ নোলোৱাকৈ ভাল চিকিৎসা পোৱাটো সম্ভৱ। ভিডিঅʼখন চাওক।

ভিডিঅʼ: প্ৰফেচাৰ মাচিমʼ পি. ফ্ৰান্সিৰ (এম.ডি.) সাক্ষাৎকাৰ (১:৩৬)

তীত ৩:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি ডাক্তৰৰ লগত কিয় সন্মানেৰে কথা পতা উচিত আৰু তেওঁলোকক সহযোগ কৰা উচিত?

এটা টেষ্ট ট্যুবত তেজৰ চাৰিটা উপাদান দেখুৱা হৈছে। ইয়াক ক, খ, গ আৰু ঘ ভাগত ভাগ কৰা হৈছে।

খ্ৰীষ্টানসকলে গ্ৰহণ নকৰে

খ্ৰীষ্টানসকলে নিজে নিৰ্ণয় লোৱা উচিত

ক. প্লাজ্‌মা

প্লাজ্‌মাৰ ক্ষুদ্ৰ অংশ

খ. শ্বেত ৰক্ত কণিকা

শ্বেত ৰক্ত কণিকাৰ ক্ষুদ্ৰ অংশ

গ. প্লেটলেটছ্‌

প্লেটলেটছ্‌ৰ ক্ষুদ্ৰ অংশ

ঘ. লোহিত ৰক্ত কণিকা

লোহিত ৰক্ত কণিকাৰ ক্ষুদ্ৰ অংশ

৫. তেজৰ ক্ষুদ্ৰ অংশ গ্ৰহণ কৰাৰ সময়ত

তেজ মূল চাৰিটা উপাদানেৰে গঠিত। সেয়া হৈছে, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্‌ আৰু প্লাজ্‌মা। এই উপাদানবোৰৰপৰা তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ (ব্লাড ফ্ৰেক্‌শ্বন্‌) ওলোৱা হয়।c তেজৰ কিছুমান ক্ষুদ্ৰ অংশৰপৰা দৰৱ বনোৱা হয়, যিয়ে বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ বা তেজ বোৱা বন্ধ কৰিবলৈ সহায় কৰে।

চিকিৎসাৰ বাবে এজন খ্ৰীষ্টানে তেজৰ ক্ষুদ্ৰ অংশ লʼব পাৰেনে? এই বিষয়ে এজন খ্ৰীষ্টানে বাইবেলৰ অনুসৰি প্ৰশিক্ষণ পোৱা বিবেকৰ আধাৰত নিজে নিৰ্ণয় লোৱা উচিত। কিছুমান খ্ৰীষ্টানে হয়তো চিকিৎসাৰ বাবে তেজৰ ক্ষুদ্ৰ অংশ গ্ৰহণ কৰিবলৈ নিৰ্ণয় লʼব পাৰে। আনহাতে, কিছুমান খ্ৰীষ্টানক হয়তো এই অংশ লʼবলৈ তেওঁলোকৰ বিবেকে বাধা দিব পাৰে।

নিৰ্ণয় লোৱাৰ সময়ত তলত দিয়া প্ৰশ্নৰ বিষয়ে চিন্তা কৰক:

  • মই তেজৰ কিছুমান ক্ষুদ্ৰ অংশ কিয় গ্ৰহণ কৰিম বা কিয় গ্ৰহণ নকৰিম, ইয়াৰ কাৰণ মই ডাক্তৰক বুজাব পাৰিম নে?

কিছুমান লোকে কয়: “ৰক্ত দান মহান দান।”

  • এই বিষয়ে আপুনি কি ভাবে?

আমি কি শিকিলোঁ

আমি তেজক পবিত্ৰ বুলি ভবাটো যিহোৱাই বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই তেজক কিয় পবিত্ৰ বুলি ভাবে?

  • তেজৰপৰা আঁতৰি থকাৰ বিষয়ে ঈশ্বৰে যি নিয়ম দিছে, তাত তেজ লোৱাও জড়িত আছে বুলি আমি কিয় কʼব পাৰোঁ?

  • চিকিৎসাৰ ক্ষেত্ৰত ভাল নিৰ্ণয় লʼবলৈ আপুনি কি কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

আপুনি এনেধৰণৰ চিকিৎসা গ্ৰহণ কৰিবনে, যʼত আপোনাৰ নিজৰ তেজ ব্যৱহাৰ কৰা হʼব? এই নিৰ্ণয় লোৱাৰ আগতে আপুনি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত, আহক চাওঁ।

“পাঠকসকলৰ প্ৰশ্ন” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ১৫, ২০০০)

চিকিৎসাত আপুনি তেজৰ ক্ষুদ্ৰ অংশ গ্ৰহণ কৰিবনে? এই নিৰ্ণয় লোৱাৰ সময়ত আপুনি কি কথাৰ ওপৰত ধ্যান দিব পাৰে, আহক চাওঁ।

“পাঠকসকলৰ প্ৰশ্ন” (প্ৰহৰীদুৰ্গ, জুলাই ১, ২০০৪)

তেজৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী সঠিক বুলি এজন ডাক্তৰৰ কেনেকৈ বিশ্বাস হʼল, আহক চাওঁ।

“তেজৰ বিষয়ে মই ঈশ্বৰৰ দৃষ্টিভংগী গ্ৰহণ কৰিলোঁ” (সচেতন থাকক! লেখ)

চিকিৎসালয় যোগাযোগ সমিতিত সেৱা কৰা প্ৰাচীনসকলে কেনেকৈ ভাই-ভনীসকলক সহায় কৰে, আহক চাওঁ।

যিহোৱাই ৰোগীসকলৰ যত্ন লয় (১০:২৩)

a পাঠ ৩৫, “ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?” চাওক।

b বিষয় ৫, “তেজৰ ক্ষুদ্ৰ অংশ গ্ৰহণ কৰাৰ সময়ত” আৰু টোকা ৩ “তেজৰ লগত জড়িত চিকিৎসা পদ্ধতি” চাওক।

c কিছুমান ডাক্তৰে তেজৰ চাৰিটা উপাদানক ক্ষুদ্ৰ অংশ বুলি ভাবে। সেইবাবে, ডাক্তৰৰ লগত কথা পতাৰ সময়ত তেওঁক স্পষ্টকৈ জনোৱা উচিত যে আপুনি তেজ আৰু ইয়াৰ চাৰিটা উপাদান, যেনে লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্‌ আৰু প্লাজ্‌মা গ্ৰহণ নকৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক