ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 জুলাই পৃষ্ঠা ২৬-২৯
  • যিহোৱাৰ সেৱাত পোৱা আনন্দ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেৱাত পোৱা আনন্দ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • দক্ষিণ আফ্ৰিকালৈ গʼলোঁ
  • বিয়া আৰু বিশেষ অগ্ৰগামী সেৱা
  • পুনৰ এবাৰ বেথেলত
  • পুনৰ চপা কৰা বিভাগত
  • নতুন দেশ, নতুন কাম
  • আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 জুলাই পৃষ্ঠা ২৬-২৯
জʼন আৰু লৰা কিকʼট।

জীৱন কাহিনী

যিহোৱাৰ সেৱাত পোৱা আনন্দ

জʼন কিকʼটৰ বাক্য

১৯৫৮ চনত মই কানাডাৰ বেথেললৈ আহিছিলোঁ, তেতিয়া মোৰ বয়স ১৮ বছৰ আছিল। তাত মোৰ প্ৰথম কাম আছিল চপাশালত সৰা মোচা কৰা। তাৰ কিছু সময়ৰ পাছত মোক এনে এখন মেচিনত কাম কৰিবলৈ কোৱা হৈছিল, যি মেচিনৰ দ্বাৰা চপা কৰা কিতাপৰ পৃষ্ঠাবোৰ কটা হয়। মোৰ জীৱনত সকলো ভালদৰে চলি আছিল আৰু বেথেলত কাম কৰি মই বহুত আনন্দিত আছিলোঁ।

এবছৰৰ পাছত বেথেলত ঘোষণা কৰা হʼল যে দক্ষিণ আফ্ৰিকাৰ শাখা কাৰ্য্যালয়ত নতুন ৰʼটেৰী প্ৰিন্টিং প্ৰেচ মেচিন লগোৱা হʼল আৰু তাত ভাইসকলৰ প্ৰয়োজন আছে। মই তাত মোৰ নাম দিলোঁ আৰু যেতিয়া মোক বাছনি কৰা হʼল, তেতিয়া মই বৰ আনন্দিত আছিলোঁ। মোৰ লগত আৰু তিনিজন ভাইক বাছনি কৰা হৈছিল। তেওঁলোক আছিল, ডেনিছ লীচ, বিল মেকলেলন আৰু কেন নʼৰডীন। আমাক কোৱা হৈছিল যে আমি দক্ষিণ আফ্ৰিকাত বেছি সময়লৈকে থাকিব লাগিব। আমি সোনকালে উভতি আহিব নোৱাৰোঁ।

মই মোৰ মাক ফোন কৰি কৈছিলোঁ যে “মই আপোনাক কিবা কʼব বিচাৰিছোঁ। মই দক্ষিণ আফ্ৰিকালৈ গৈ আছোঁ।” মায়ে বেছি কথা নকʼলে, কিন্তু মই জানিছিলোঁ যে মোৰ নিৰ্ণয়ৰপৰা তাই আনন্দিত আছিল। ঈশ্বৰৰ ওপৰত তাইৰ বিশ্বাস আছিল আৰু তেওঁৰ লগত এক ভাল সম্পৰ্ক আছিল। যদিও মই দূৰলৈ যোৱাৰ বাবে মা-দেউতাক দুখ লাগিছিল, তথাপি তেওঁলোকে বাধা দিয়া নাছিল।

দক্ষিণ আফ্ৰিকালৈ গʼলোঁ

১৯৫৯ চনত কেপ টাউনৰপৰা জʼহেনেচবৰ্গলৈ যোৱাৰ ট্ৰেনত ডেনিছ লীচ, কেন নʼৰডীন আৰু বিল মেকলেলনৰ লগত

২০১৯ চনত আমি চাৰিজনে ৬০ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাৰ শাখা কাৰ্য্যালয়ত পুনৰ লগ কৰিলোঁ

আমাক ব্ৰুকলিনৰ বেথেলত পঠোৱা হৈছিল। তাত আমাক তিনিমাহৰ বাবে চপা কৰা কামত ট্ৰেইনিং দিয়া হʼল। ইয়াৰ পাছত আমি দক্ষিণ আফ্ৰিকাৰ কেপ টাউন চহৰলৈ জাহাজেৰে গʼলোঁ। সেইসময়ত মই ২০ বছৰৰ আছিলোঁ। আমি গধূলি কেপ টাউনলৈ পালোঁ। তাৰ পাছত আমি জʼহেনেচবৰ্গলৈ যাবলৈ ট্ৰেনত উঠিলোঁ। তাত বহুত গৰম আৰু ধুলি মাকটি আছিল। আমি চাৰিওজনে ট্ৰেনৰপৰা বাহিৰলৈ চালোঁ আৰু ভাবিবলৈ ধৰিলোঁ, ‘আমি কʼত যে আহি পালোঁ। আমি ইয়াত সেৱা কৰিব পাৰিম জানো?’ কিন্তু কিছু বছৰৰ পাছত যেতিয়া আমি পুনৰ ইয়ালৈ আহিলোঁ, তেতিয়া ইয়াৰ সৰু সৰু চহৰবোৰ আমাক বৰ ভাল লাগিল। ইয়াৰ লোকসকলে আনন্দেৰে জীৱন কটাইছিল।

মই বহুবছৰ ধৰি লাইনʼটাইপ মেচিনত কাম কৰিছিলোঁ। এইখন বৰ ভাল মেচিন আছিল, যʼত মই প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! আলোচনীবোৰ টাইপ কৰিছিলোঁ আৰু চপা কৰিবলৈ প্ৰস্তুত কৰিছিলোঁ। দক্ষিণ আফ্ৰিকাৰ শাখা কাৰ্য্যালয়ে নিজৰ দেশৰ ভাষাত আলোচনী চপা কৰাৰ লগতে ওচৰ-চুবুৰীয়া দেশৰ ভাষাতো আলোচনীবোৰ চপা কৰিছিল। এই নতুন ৰʼটেৰী প্ৰেচ মেচিনটো বহুত দূৰৰপৰা অনা হৈছিল আৰু ইয়াক চপা কৰা কামত ভালদৰে ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰ পাছত মই ফেক্টৰী অফিচত কাম কৰিবলৈ ধৰিলোঁ আৰু ইয়াত অনুবাদ, প্ৰিন্টিং আৰু চিপিঙৰ কাম-কাজবোৰ চোৱা-চিতা কৰা হৈছিল। মই বহুত ব্যস্ত থকাৰ সত্ত্বেও আনন্দিত আছিলোঁ।

বিয়া আৰু বিশেষ অগ্ৰগামী সেৱা

১৯৬৮ চনত লৰা আৰু মোক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হৈছিল

১৯৬৮ চনত মই ভনী লৰা বʼবেনক বিয়া পাতিলোঁ আৰু তাই বেথেলৰ ওচৰতে থাকিছিল। তাই অগ্ৰগামী সেৱা কৰিছিল আৰু অনুবাদ বিভাগৰ বাবে টাইপিং কৰিছিল। সেইসময়ত নতুনকৈ বিয়া হোৱা দম্পতীক বেথেলত থাকিবলৈ অনুমতি নাছিল। সেইবাবে, আমাক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰিলে। মই দহ বছৰ ধৰি বেথেলত থকাৰ বাবে মোক খোৱা-বোৱা আৰু থকা-মেলাৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাছিল। কিন্তু এতিয়া মই চিন্তা কৰিবলৈ ধৰিলোঁ যে বিশেষ অগ্ৰগামী সেৱকসকলক যি টকা দিয়া হৈছিল, সেই টকাৰপৰা আমি চলিব পাৰিমনে? এজন বিশেষ অগ্ৰগামী সেৱকক প্ৰতিমাহে ২৫ ৰেণ্ড দিয়া হৈছিল (সেইসময়ত ইয়াৰ মূল্য ২৬২ টকা)। ইমান টকাত তেওঁলোকে খোৱা-বোৱা, থকা-মেলা, যাত্ৰা কৰা, চিকিৎসা আদি সকলো চোৱা-চিতা কৰিব লাগিছিল। বিশেষ অগ্ৰগামী সেৱকসকলে নিৰ্ধাৰিত ঘন্টা পূৰ কৰিব লাগিছিল লগতে পুনৰ সাক্ষাৎ কৰিব লাগিছিল আৰু আলোচনীবোৰ বিতৰণ কৰিব লাগিছিল। তেতিয়াহে তেওঁলোকে এই টকা পাইছিল।

আমাক অগ্ৰগামী সেৱা কৰিবলৈ ডাৰবন চহৰৰ ওচৰলৈ পঠিওৱা হৈছিল আৰু এয়া ভাৰত মহাসাগৰৰ পাৰত আছিল। তাত বেছিভাগ ভাৰতীয় লোকে বাস কৰিছিল। তেওঁলোকৰ পূৰ্বপুৰুষে ১৮৭৫ চনত চেনি বনোৱা ফেক্টৰীত কাম কৰিবলৈ ভাৰতৰপৰা আহিছিল। কিন্তু এতিয়া তেওঁলোকে বেলেগ বেলেগ কাম কৰি আছে। যদিও তেওঁলোকে বহুবছৰ ধৰি তাত আছিল, কিন্তু তেওঁলোকৰ সংস্কৃতি আৰু খোৱা-বোৱা ভাৰতীয় লোকসকলৰ দৰে হয়। তেওঁলোকৰ আহাৰ মোৰ বৰ ভাল লাগিছিল। তেওঁলোকে ইংৰাজী ভাষা জানিছিল, সেইবাবে তেওঁলোকক প্ৰচাৰ কৰিবলৈ আমি নতুন ভাষা শিকিবলগীয়া নহʼল।

বিশেষ অগ্ৰগামী সেৱকসকলে প্ৰতিমাহে ১৫০ ঘন্টা প্ৰচাৰত দিব লাগিছিল। মই আৰু মোৰ পত্নীয়ে ভাবিলোঁ যে আমি প্ৰথম দিনাখন ছয় ঘন্টা প্ৰচাৰ কৰিম। আমাৰ ওচৰত কোনো পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন নাছিল, সেইবাবে আমি ছয় ঘন্টা কেৱল ঘৰে ঘৰে প্ৰচাৰ কৰিবলগীয়া আছিল। সেইদিনাখন বহুত গৰম আছিল। অলপ সময়ৰ পাছত মই ঘড়ী চালোঁ, আমি প্ৰচাৰ কৰা কেৱল ৪০ মিনিটহে হৈছিল। এই সেৱা আমি কেনেকৈ কৰিম, তাৰ বিষয়ে আমি ভাবি চিন্তিত হʼলোঁ।

আমি অতি সোনকালে এখন তালিকা বনালোঁ আৰু ভালদৰে তৈয়াৰী কৰি প্ৰচাৰত ভাগ লʼলোঁ। আমি খাবলৈ কিছুমান সৰু-সুৰা বস্তু লৈ গৈছিলোঁ আৰু মাজে-সময়ে আমাৰ সৰু গাড়ীখনক গছৰ তলত ৰাখি আমি খোৱা-বোৱা কৰিছিলোঁ। কেতিয়াবা কেতিয়াবা কিছুমান ধুনীয়া ভাৰতীয় লʼৰা-ছোৱালীয়ে আমাক চাই থাকিছিল, কিয়নো আমি দেখাত তেওঁলোকতকৈ বেলেগ আছিলোঁ। কিছু দিনৰ পাছত দিনটো কেনেকৈ পাৰ হৈছিল আমি গমেই পোৱা নাছিলোঁ।

আমি প্ৰচাৰত যি ভাৰতীয় লোকসকলক লগ পাইছিলোঁ, তেওঁলোকে আমাক সন্মানেৰে অতিথি সৎকাৰ দেখুৱাইছিল আৰু তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰিছিল। বেছিভাগ লোকে হিন্দু ধৰ্মৰ আছিল, কিন্তু তেওঁলোকে যিহোৱা, যীচু, বাইবেল, নতুন পৃথিৱী আৰু মৃতলোকসকলৰ পুনৰ জীৱিত হোৱাৰ বিষয়ে জানিবলৈ বিচাৰিছিল। তেওঁলোকক সত্য জনাবলৈ পাই আমি বৰ আনন্দিত হৈছিলোঁ! এবছৰ পাছত আমাৰ ওচৰত ২০ টা বাইবেল অধ্যয়ন আছিল। প্ৰতিদিনে এবাৰ আমি বেলেগ বেলেগ বাইবেল বিদ্যাৰ্থীৰ ঘৰত আহাৰ খাইছিলোঁ। সঁচাকৈ আমি বৰ আনন্দিত আছিলোঁ।

কিছু সময়ৰ পাছত মোক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হৈছিল আৰু আমি ভাৰত মহাসাগৰৰ পাৰত থকা মণ্ডলীবোৰক লগ কৰিছিলোঁ। প্ৰতিসপ্তাহে আমি এটা এটা পৰিয়ালৰ লগত থাকিছিলোঁ আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ লগত প্ৰচাৰ কৰি তেওঁলোকক উৎসাহিত কৰিছিলোঁ। আমি যিসকলৰ ঘৰত থাকিছিলোঁ আমি তেওঁলোকৰ পৰিয়াল যেন হৈ পৰিছিলোঁ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ লগত আমি সময় অতিবাহিত কৰিছিলোঁ। আমি আমাৰ সেৱাৰপৰা আনন্দ উপভোগ কৰিছিলোঁ আৰু দুবছৰ কেনেকৈ পাৰ হʼল গমেই নাপালোঁ। এদিনাখন আমাক বেথেলৰপৰা এজন ভায়ে ফোন কৰি সুধিলে “আপুনি পুনৰ বেথেলত সেৱা কৰিব বিচাৰেনে?” মই কʼলোঁ, “আমি ইয়াত বৰ আনন্দিত আছোঁ।” এইদৰে কোৱাৰ সত্ত্বেও আমি বেথেললৈ গʼলোঁ।

পুনৰ এবাৰ বেথেলত

বেথেলত সেৱা বিভাগত কাম কৰিবলৈ মোক সুযোগ দিয়া হʼল। তাত মই বহুতো অভিজ্ঞ ভাইসকলৰ লগত কাম কৰিবলৈ পালোঁ। সেই সময়ছোৱাত মণ্ডলীৰ সাক্ষাতৰ পাছত চাৰ্কিট ওভাৰচিয়াৰে শাখা কাৰ্য্যালয়লৈ এটা ৰিপৰ্ট পঠিয়াইছিল। তাৰ পাছত শাখা কাৰ্য্যালয়ে আকৌ মণ্ডলীলৈ এখন চিঠি পঠিয়াইছিল, যাতে ভাই-ভনীয়ে প্ৰয়োজনীয় নিৰ্দেশনা আৰু উৎসাহ লাভ কৰে। ইয়াৰ বাবে সেৱা বিভাগৰ বহুতো ভায়ে কঠিন পৰিশ্ৰম কৰিব লাগিছিল, কিয়নো তেওঁলোকে চাৰ্কটি ওভাৰচিয়াৰৰ ৰিপৰ্টতো খʼছা, জুলু আৰু আন ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ কৰিবলগীয়া হৈছিল। লগতে শাখা কাৰ্য্যালয়ৰপৰা অহা চিঠিখন এই ভাষাবোৰলৈ অনুবাদ কৰিবলগীয়া হৈছিল। এই ভাইসকলৰপৰা মই এয়াও শিকিলোঁ যে আফ্ৰিকাৰ কʼলা বৰণৰ ভাই-ভনীসকলে কিমান সমস্যাৰ সন্মুখীন হৈ যিহোৱাৰ সেৱা কৰি আছে।

সেই সময়তছোৱাত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে বৰ্ণভেদ কৰিছিল। বেলেগ বেলেগ জাতিৰ লোকসকলে নিজৰ নিজৰ এলেকাত থাকিছিল আৰু বেলেগ বৰণৰ লোকসকলৰ লগত সংগতি কৰিব নোৱাৰিছিল। সেইবাবে, আমাৰ কʼলা বৰণৰ ভাই-ভনীসকলে কেৱল নিজৰ ভাষা কৈছিল, নিজৰ ভাষাৰ লোকসকলক প্ৰচাৰ কৰিছিল আৰু নিজৰ ভাষাৰ মণ্ডলীলৈ গৈছিল।

মই আগৰেপৰা ইংৰাজী মণ্ডলীত থকাৰ বাবে কʼলা বৰণৰ ভাইসকলৰ বিষয়ে বেছিকৈ নাজানিছিলোঁ। কিন্তু এতিয়া মই তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে জানিবলৈ সুযোগ পালোঁ। মই গম পালোঁ যে গাঁৱৰ লোকসকলে বহুত দুখীয়া আৰু কম পঢ়া-শুনা আছিল। তথাপি তেওঁলোকে বাইবেলৰ বিষয়ে জানিবলৈ আগ্ৰহী আছিল। মই এয়াও জানিবলৈ পালোঁ যে আমাৰ কʼলা বৰণৰ ভাই-ভনীয়ে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। যাদুবিদ্যা আৰু মিছা ধৰ্মৰ পৰম্পৰা পালন কৰিবলৈ তেওঁলোকৰ ওপৰত হেঁচা আহে। যেতিয়া তেওঁলোকে এইবোৰ পালন নকৰে, তেতিয়া তেওঁলোকৰ পৰিয়াল আৰু গাঁৱৰ লোকসকলে বিৰোধ কৰে। তথাপি তেওঁলোকে সাহসেৰে এনে পৰিস্থিতিৰ সন্মুখীন হয়।

সেই সময়ছোৱাত উপাসনা আৰু নিৰপেক্ষতাক বজাই ৰাখিবলৈ সংগঠনে আইনৰ লগত যুঁজ কৰিছিল আৰু এই কামত সহায় কৰিবলৈ মই সুযোগ পালোঁ। সাক্ষীসকলৰ বহুতো লʼৰা-ছোৱালীক স্কুলৰপৰা উলিয়াই দিয়া হৈছিল, কিয়নো তেওঁলোকে আন লʼৰা-ছোৱালীৰ দৰে মিছা ধৰ্মৰ প্ৰাৰ্থনাত ভাগ লোৱা নাছিল। সেই লʼৰা-ছোৱালীৰ সাহস আৰু বিশ্বাস দেখি আমাৰো বিশ্বাস মজবুত হʼল।

আফ্ৰিকাৰ এখন দেশত (যি দেশক চোৱাজিলেণ্ড বুলি কোৱা হৈছিল) ভাইসকলক আৰু এটা সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তাত ৰজা চʼবুজা দ্বিতীয়ৰ মৃত্যু হৈছিল আৰু সকলো নাগৰিকক মৃত্যুৰ লগত জড়িত কিছুমান ৰীতি-নীতি পালন কৰিবলৈ কোৱা হৈছিল। পুৰুষসকলে চুলি খুৰাব লাগিছিল আৰু তিৰোতাসকলে চুলি চুটিকৈ কাটিব লাগিছিল। বহুতো ভাই-ভনীয়ে এই ৰীতি-নীতি পালন নকৰিলে, কিয়নো এয়া পূৰ্বপুৰুষৰ উপাসনাৰ লগত জড়িত আছিল। সেইবাবে, তেওঁলোকক তাড়না দিয়া হৈছিল। তথাপি তেওঁলোকে বিশ্বাসী হৈ ধৈৰ্য্যেৰে সমস্যাৰ সন্মুখীন হৈছিল। এয়া দেখি আমি সাহস লাভ কৰিলোঁ।

পুনৰ চপা কৰা বিভাগত

১৯৮১ চনত মোক পুনৰ চপা কৰা বিভাগত নিযুক্ত কৰা হʼল। সেইসময়ত কম্পিউটাৰৰ সহায়ত চপা কৰা কাম আৰম্ভ হৈছিল। এয়া বৰ ৰোমাঞ্চকৰ সময় আছিল, কিয়নো চপা কৰাৰ উপায় সলনি হৈছিল। এজন ব্যক্তিয়ে আমাক ফটʼটাইপচেটৰ মেচিন চলাই চাবলৈ দিলে আৰু ইয়াৰ বাবে তেওঁ কোনো পইচা লোৱা নাছিল। চপা কৰাৰ আগতে এই মেচিনে কম্পিউটাৰৰ যোগেদি সকলো তৈয়াৰী কৰিছিল। আমাৰ ওচৰত যি ৯ টা লাইনʼটাইপ মেচিন আছিল তাৰ সলনি আমি পাঁচটা ফটʼটাইপচেটৰ মেচিন কিনিলোঁ। লগতে আমি নতুন এটা ৰʼটৰী অফচেট প্ৰেচো কিনিলোঁ। সেইবাবে, চপা কৰা কাম সোনকালে হʼবলৈ ধৰিলে।

কম্পিউটাৰৰ যোগেদি এটা প্ৰʼগাম তৈয়াৰ কৰা হʼল, যাক মাল্টিলেংগুৱেজ ইলেক্ট্ৰʼনিক পাব্লিচিং চিচটেম (MEPS) কোৱা হয়। ইয়াৰ সহায়ত আখৰবোৰ শৃংখলাবদ্ধভাৱে সজোৱা হৈছিল, যাতে সেয়া চপা কৰিব পাৰি। যেতিয়া আমি চাৰিজন ভায়ে প্ৰথমবাৰ দক্ষিণ আফ্ৰিকালৈ আহিছিলোঁ, তেতিয়াৰ তুলনাত এতিয়াৰ টেকনʼলজি বহুত আগবাঢ়ি গৈছে। (যিচ. ৬০:১৭) আমাৰ চাৰিজন ভাইৰ জীৱনতো বহুত সাল-সলনি হৈছিল, কিয়নো আমি চাৰিজনে বিয়া পাতিছিলোঁ। এই ভনীসকলে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু অগ্ৰগামী সেৱা কৰিছিল। মই আৰু বিলে বেথেলত সেৱা কৰি আছিলোঁ। কিন্তু কেন আৰু ডেনিছৰ লʼৰা-ছোৱালী জন্ম হʼল আৰু তেওঁলোকে বেথেলৰ ওচৰতে থাকিবলৈ ধৰিলে।

শাখা-কাৰ্য্যালয়ত বহুতো কাম হৈছিল। তাত আমাৰ আলোচনীবোৰ অনুবাদ কৰা হৈছিল, সেইবোৰ চপা কৰা হৈছিল আৰু বিভিন্ন শাখা কাৰ্য্যালয়ত পঠিওৱা হৈছিল। আমাক এখন ডাঙৰ বেথেলৰ প্ৰয়োজন আছিল। ভাইসকলে জʼহেনেচবৰ্গৰ পশ্চিম ফালে থকা এক সুন্দৰ ঠাইত নতুন বেথেল বনালে আৰু ইয়াক ১৯৮৭ চনত যিহোৱালৈ সমৰ্পণ কৰা হৈছিল। এইবোৰ কামত ভাগ লʼবলৈ সুযোগ পোৱাৰ বাবে মই আনন্দিত আৰু বহুবছৰ ধৰি শাখা সমিতিৰ সদস্য হিচাপে সেৱা কৰিবলৈ মই সুযোগ লাভ কৰিলোঁ।

নতুন দেশ, নতুন কাম

২০০১ চনৰ আমেৰিকাত নতুন শাখা সমিতিক নিযুক্ত কৰা হʼল। মই আচৰিত হʼলোঁ যে শাখা সমিতিৰ সদস্য হিচাপে সেৱা কৰিবলৈ মোকো নিযুক্ত কৰা হʼল। এফালে দক্ষিণ আফ্ৰিকাৰ সেৱা আৰু বন্ধুসকলক এৰি যাবলৈ দুখ লাগিছিল। আনফালে, আমি আমেৰিকাৰ বেথেল পৰিয়ালৰ সদস্য হʼবলৈ আনন্দিত আছিলোঁ।

কিন্তু আমি লৰাৰ মাতৃৰ বিষয়ে চিন্তিত হৈছিলোঁ, কিয়নো তাই বৃদ্ধ হৈছিল। আমি নিউ য়ৰ্ক চহৰত থাকি তাইক সহায় কৰিব নোৱাৰিলোঁহেঁতেন। কিন্তু লৰাৰ তিনিজনী ভনীয়ে কʼলে যে তেওঁলোকে তাইৰ চোৱা-চিতা কৰিব। তেওঁলোকে কʼলে, “আমি পূৰ্ণ সময়ৰ সেৱা কৰিব নোৱাৰোঁ। কিন্তু আপোনালোকে এই সেৱা কৰি থকাটো আমি বিচাৰোঁ। সেইবাবে, মাক লৈ চিন্তা নকৰিব। আমি তাইৰ চোৱা-চিতা কৰিম।” মই আৰু লৰাই তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ।

কেনাডাৰ টʼৰন্টʼ চহৰত মোৰ দাদা আৰু বৌয়ে মোৰ মাৰ চোৱা-চিতা কৰি আছিল। তাই বিধৱা আছিল। তেওঁলোকে ২০ বছৰ ধৰি মাৰ চোৱা-চিতা কৰিলে। কিন্তু আমি নিউ য়ৰ্কলৈ অহাৰ অলপ সময়ৰ পাছত তাইৰ মৃত্যু হʼল। মই দাদা আৰু বৌৰ প্ৰতি কৃতজ্ঞ যে তেওঁলোকে মাক বহুত প্ৰেম কৰিলে আৰু তাইৰ যত্ন লʼলে। যদিও তেওঁলোকৰ বাবে সহজ নাছিল, কিন্তু তেওঁলোকে এয়া আনন্দেৰে কৰিলে, যাতে আমি পূৰ্ণ সময়ৰ সেৱা কৰি থাকিব পাৰোঁ।

কিছুবছৰ ধৰি মই আমেৰিকাৰ বেথেলত চপা কৰা বিভাগত কাম কৰিলোঁ। এতিয়া এই বিভাগত আৰু নতুন টেকনʼলজি ব্যৱহাৰ কৰাৰ বাবে কাম আগতকৈ সহজ আৰু সৰল হৈ পৰিছে। এতিয়া মই কিনা-বেচা কৰা বিভাগত (পাৰ্চেচিং ডিপাৰ্টমেন্ট) কাম কৰি আছোঁ। এতিয়া আমেৰিকাৰ বেথেলত সেৱা কৰা মোৰ ২০ বছৰ হʼল। এই বেথেলখন বৰ ডাঙৰ আছে আৰু প্ৰায় ৫০০০জন ভাই-ভনীয়ে ইয়াত থাকি সেৱা কৰে। লগতে ২০০০জন ভাই-ভনীয়ে নিজৰ ঘৰৰপৰা সেৱা কৰি আছে।

ষাঠি বছৰৰ আগতে মই ভবাই নাছিলোঁ যে যিহোৱাৰ সেৱাত মই ইমান ৰোমাঞ্চকৰ এটা জীৱন লাভ কৰিম। এই সময়ছোৱাত লৰাই সম্পূৰ্ণভাৱে মোক সহযোগ কৰিলে। আমি বেলেগ বেলেগ শাখা কাৰ্য্যালয়ত, বহুতো ভাই-ভনীৰ লগত বিভিন্ন ধৰণৰ কাম কৰিবলৈ সুযোগ লাভ কৰিলোঁ। ইয়াৰপৰা আমি জীৱনত বহুতো আনন্দ লাভ কৰিলোঁ। এতিয়া মোৰ বয়স ৮০ বছৰতকৈ বেছি হʼল, সেইবাবে মোক আগতকৈ কম পৰিমাণে কাম কৰিবলৈ দিছে। বেছিভাগ কাম ডেকা ভাইসকলে কৰে, কিয়নো তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে।

গীত ৰচকে এইদৰে কৈছিল, “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য।” (গীত. ৩৩:১২) এই কথা সম্পূৰ্ণভাৱে সঁচা হয়! সঁচাকৈ, যিহোৱাৰ লোকসকলৰ লগত মিলি তেওঁৰ সেৱা কৰি আমি বৰ আনন্দিত হৈছোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক