অধ্যয়নৰ লেখ ১৯
গীত নং ১ যিহোৱাৰ গুণবোৰ
বিশ্বাসী স্বৰ্গদূতসকলৰ দৰে হওক!
“হে যিহোৱাৰ দূতবিলাক, তেওঁৰ ধন্যবাদ কৰা।”—গীত. ১০৩:২০.
কি শিকিম?
আমি কেনেকৈ স্বৰ্গদূতসকলৰ দৰে হʼব পাৰোঁ, তাৰ বিষয়ে শিকিম।
১-২. (ক) আমি স্বৰ্গদূতসকলৰ পৰা কেনেকৈ বেলেগ? (খ) আমাৰ আৰু স্বৰ্গদূতসকলৰ মাজত কি মিল আছে?
যেতিয়া যিহোৱাই আমাক সত্যৰ ফালে আকৰ্ষিত কৰিলে, তেতিয়া আমি তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰিলোঁ। এই পৰিয়াল বেলেগ বেলেগ লোকসকলেৰে গঠিত, যিসকলৰ মাজত গভীৰ প্ৰেম আছে। এই পৰিয়ালত লাখ লাখ বিশ্বাসী স্বৰ্গদূতসকলেও আছে। (দানি. ৭:৯, ১০) স্বৰ্গদূতসকলৰ কথা শুনি হয়তো আমাৰ মনত আহিব পাৰে যে তেওঁলোকে আমাতকৈ একেবাৰে বেলেগ। আমি জন্ম হোৱা কিছু বছৰেই হৈছে, কিন্তু স্বৰ্গদূতসকলে শ শ বছৰৰ পৰা আছে। (ইয়ো. ৩৮:৪, ৭) তেওঁলোকে আমাতকৈ বহুত শক্তিশালী। ইয়াৰ উপৰিও তেওঁলোক পবিত্ৰ, সিদ্ধ আৰু যিহোৱাৰ সকলো কথা মানে। কিন্তু আমি অসিদ্ধ মানুহে তেওঁলোকৰ দৰে কৰিব নোৱাৰোঁ।—লূক ৯:২৬.
২ স্বৰ্গদূত আৰু আমাৰ মাজত বহুত পাৰ্থক্য আছে। কিন্তু কিছুমান কথা মিলো আছে। স্বৰ্গদূতসকলৰ দৰে আমিও যিহোৱাৰ গুণবোৰ দেখুৱাব পাৰোঁ। তেওঁলোকৰ দৰে আমাৰো এটা নাম আছে আৰু স্বভাৱ আছে। আমাৰ ওচৰতো নিজৰ নিৰ্ণয় নিজে লোৱাৰ স্বাধীনতা আছে আৰু তেওঁলোকৰ দৰে কিছুমান দায়িত্ব আছে। ইয়াৰ উপৰিও স্বৰ্গদূতসকলৰ দৰে আমাৰ অন্তৰতো ঈশ্বৰৰ বিষয়ে শিকাৰ আৰু তেওঁৰ উপাসনা কৰাৰ ইচ্ছা আছে।—১ পিত. ১:১২.
৩. বিশ্বাসী স্বৰ্গদূতসকলৰ পৰা আমি কি শিকিব পাৰোঁ?
৩ স্বৰ্গদূত আৰু আমাৰ মাজত কিছুমান কথা মিল আছে। সেইবাবে, যেতিয়া আমি তেওঁলোকৰ উদাহৰণৰ ওপৰত ধ্যান দিম, তেতিয়া আমি বহুতো কথা শিকিব পাৰিম আৰু উৎসাহিত হʼম। এই লেখত আমি শিকিম যে আমি কেনেকৈ তেওঁলোকৰ দৰে নম্ৰ হʼব পাৰোঁ, লোকসকলক প্ৰেম কৰিব পাৰোঁ, ধৈৰ্য্য ধৰিব পাৰোঁ আৰু মণ্ডলীক শুদ্ধ বনাই ৰাখিব পাৰোঁ।
স্বৰ্গদূতসকল নম্ৰ হয়
৪. (ক) স্বৰ্গদূতসকলে নম্ৰ হয় বুলি কেনেকৈ জানিব পাৰি? (খ) স্বৰ্গদূতসকলে কিয় ইমান নম্ৰ হয়? (গীতমালা ৮৯:৭)
৪ স্বৰ্গদূতসকলৰ বহুত অভিজ্ঞতা আছে, তেওঁলোকে বহুত শক্তিশালী আৰু বুদ্ধিমান, তথাপিও তেওঁলোক নম্ৰ হয়। তেওঁলোকে যিহোৱাৰ সকলো কথা মানে। (গীত. ১০৩:২০) তেওঁলোকে যি কৰে তাৰ বাবে অহংকাৰ নকৰে আৰু নিজৰ শক্তি দেখুৱাই লোকসকলৰ পৰা নিজৰ প্ৰশংসা নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ হোৱাটো বিচাৰে।a (আদি. ৩২:২৪, ২৯; ২ ৰাজা. ১৯:৩৫) তেওঁলোকে নিজৰ মহিমা হোৱাটো নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ মহিমা হোৱাটো বিচাৰে। স্বৰ্গদূতসকল নম্ৰ হয়, কাৰণ তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু হৃদয়েৰে তেওঁৰ সন্মান কৰে।—গীতমালা ৮৯:৭ পঢ়ক।
৫. স্বৰ্গদূতজনে যিদৰে যোহনক শুধৰণি কৰিলে, তাৰ পৰা কেনেকৈ জানিব পাৰি যে তেওঁ নম্ৰ আছিল? (ছবিখনো চাওক।)
৫ খন্তেকৰ বাবে এটা ঘটনাৰ ওপৰত ধ্যান দিয়ক, যাৰ পৰা জানিব পাৰিব যে স্বৰ্গদূতসকল কিমান নম্ৰ। এয়া ৯৬ খ্ৰীষ্টাব্দৰ কথা হয়। এজন স্বৰ্গদূত পাঁচনি যোহনৰ ওচৰলৈ আহে, যাৰ নাম আমি নাজানোঁ, তেওঁ যোহনক সুন্দৰ দৰ্শন দেখুৱায়। (প্ৰকা. ১:১) এয়া চোৱাৰ পাছত তেওঁ কি কৰিলে? তেওঁ সেই স্বৰ্গদূতজনক প্ৰণিপাত কৰিবলৈ ধৰিলে। তেতিয়া স্বৰ্গদূতজনে লগে লগে যোহনক মানা কৰিলে আৰু কʼলে, “এইদৰে নকৰিবা! মইতো কেৱল তোমাৰ আৰু তোমাৰ ভাইসকলৰ নিচিনা এজন দাস হওঁ . . . ঈশ্বৰৰ উপাসনা কৰা।” (প্ৰকা. ১৯:১০) সঁচাকৈ, সেই স্বৰ্গদূতজন কিমান নম্ৰ আছিল। তেওঁ নিজৰ প্ৰশংসা নিবিচাৰিলে। তেওঁ লগে লগে যোহনৰ ধ্যান যিহোৱাৰ ফালে আকৰ্ষিত কৰিলে। চিন্তা কৰক, সেই স্বৰ্গদূতজন শ শ বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি আছিল আৰু যোহনতকৈ বহুত শক্তিশালী আছিল। তথাপিও তেওঁ যোহনক নিজতকৈ সৰু বুলি ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কʼলে যে তেওঁ যোহনৰ নিচিনাই এজন দাস হয়। মন কৰিবলগীয়া আৰু এটা কথা, সেই স্বৰ্গদূতজনে বৃদ্ধ পাঁচনিক শুধৰণি কৰাৰ সময়ত খং বা বেয়া ব্যৱহাৰ কৰা নাছিল। তেওঁ মৰমেৰে তেওঁৰ লগত কথা পাতিলে। হয়তো সেই স্বৰ্গদূতজনে বুজি পাইছিল যে যোহনে দৰ্শন চাই বিস্ময়েৰে ভৰি তেওঁক প্ৰণিপাত কৰিছে।
স্বৰ্গদূতজনে যোহনক যিদৰে শুধৰণি কৰিলে, তাৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল (অনুচ্ছেদ ৫ চাওক)
৬. স্বৰ্গদূতসকলৰ দৰে নম্ৰ হʼবলৈ আমি কি কৰা উচিত?
৬ আমি স্বৰ্গদূতসকলৰ দৰে কেনেকৈ হʼব পাৰোঁ? আমি যিহোৱাৰ সেৱাত যি কৰোঁ, তাৰ বাবে আমি ফিতাহী মৰা উচিত নহয়। যদি আমি কিবা কাম ভালদৰে কৰিব পাৰোঁ, তেনেহʼলে আমি যিহোৱাৰ প্ৰশংসা কৰা উচিত। (১ কৰি. ৪:৭) যদি আমি বহু সময়ৰ পৰা যিহোৱাৰ সেৱা কৰি আছোঁ আৰু কিবা বিশেষ দায়িত্ব লাভ কৰিছোঁ, তেনেহʼলে আমি আন ভাই-ভনীসকলতকৈ নিজকে ডাঙৰ বুলি ভবা উচিত নহয়। আমাৰ ওচৰত যিমানে দায়িত্ব থাকে, আমি নিজকে সিমানে সৰু বুলি ভবা উচিত। (লূক ৯:৪৮) স্বৰ্গদূতসকলৰ দৰে আমিও আনৰ সেৱা কৰা উচিত আৰু নিজকে আনতকৈ সৰু বুলি ভবা উচিত।
৭. কাৰোবাক পৰামৰ্শ দিয়াৰ সময়ত বা তেওঁৰ চিন্তাধাৰা শুধৰণি কৰাৰ সময়ত আমি নম্ৰ হওঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
৭ কেতিয়াবা কেতিয়াবা আমি কোনো ভাই বাভনী বা নিজৰ লʼৰা-ছোৱালীক পৰামৰ্শ দিবলগীয়া হʼব পাৰে অথবা তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰিবলগীয়া হʼব পাৰে। সেই সময়ত আমি নম্ৰ হওঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? হয়তো কোনো এটা কথা আমি তেওঁলোকক চিধা-চিধিকৈ কʼবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি সেই স্বৰ্গদূতজনক মনত ৰাখিব পাৰোঁ, যিজনে যোহনক পৰামৰ্শ দিছিল। আমি সেই ব্যক্তিক চিধা-চিধিকৈ পৰামৰ্শ দিম কিন্তু তেওঁক খং নকৰিম। তেওঁ যাতে আমাৰ কথাৰ পৰা আঘাত নাপায়, তাৰ প্ৰতিও ধ্যান দিম। যেতিয়া আমি নিজকে আনতকৈ সৰু বুলি ভাবিম, তেতিয়া বাইবেলৰ পৰা পৰামৰ্শ দিয়াৰ সময়ত আমি প্ৰেম আৰু আদৰেৰে ব্যৱহাৰ কৰিম।—কল. ৪:৬.
স্বৰ্গদূতসকলে লোকসকলক প্ৰেম কৰে
৮. (ক) লূক ১৫:১০ পদৰ পৰা কেনেকৈ জানিব পাৰি যে স্বৰ্গদূতসকলে লোকসকলক প্ৰেম কৰে? (খ) স্বৰ্গদূতসকলে প্ৰচাৰ কামত আমাক কেনেকৈ সহায় কৰে? ( ছবিখনো চাওক।)
৮ স্বৰ্গদূতসকলে আমাক বহুত প্ৰেম কৰে আৰু আমাৰ বিষয়ে চিন্তা কৰে। তেওঁলোক আমাতকৈ বহুত শক্তিশালী, তথাপিও তেওঁলোকে আমাক সৰু বুলি নাভাবে। বাইবেলত কোৱা হৈছে যে যেতিয়া এজন ব্যক্তি যিহোৱাৰ ওচৰলৈ উভতি আহে অৰ্থাৎ অনুতাপ কৰে, তেতিয়া স্বৰ্গদূতসকলে বহুত আনন্দিত হয়। (লূক ১৫:১০ পঢ়ক।) যেতিয়া কোনোবাই যিহোৱাৰ বিষয়ে শিকি নিজৰ জীৱনত সাল-সলনি কৰে, তেতিয়াও স্বৰ্গদূতসকলে বহুত আনন্দিত হয়। ইয়াৰ উপৰিও স্বৰ্গদূতসকলে উৎসাহেৰে প্ৰচাৰ কামত ভাগ লয়। (প্ৰকা. ১৪:৬) তেওঁলোকে নিজে গৈ লোকসকলক প্ৰচাৰ নকৰে। কিন্তু যিহোৱাৰ বিষয়ে জানিব বিচৰা লোকসকলক লগ কৰিবলৈ তেওঁলোকে আমাক সহায় কৰে। আমি সঠিককৈ কʼব নোৱাৰোঁ যে কোনো এজন ব্যক্তিক সহায় কৰিবলৈ স্বৰ্গদূতসকলে আমাক সহায় কৰিছে। কাৰণ যিহোৱাই আৰু বহুতো উপায়েৰে আমাক সহায় কৰে। যেনে, নিজৰ পবিত্ৰ শক্তিৰ জৰিয়তে। ইয়াৰ যোগেদি তেওঁ লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে বা আমাক লগ কৰাব পাৰে। (পাঁচ. ১৬:৬, ৭) কিন্তু এটা কথা স্পষ্ট যে প্ৰচাৰ কামত যিহোৱাই স্বৰ্গদূতসকলক ব্যৱহাৰ কৰে। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে এই কামত তেওঁলোকে আমাক সহায় কৰে।—“তেওঁলোকৰ প্ৰাৰ্থনা শুনা গʼল” নামৰ বক্সখনো চাওক।b
এহাল দম্পতীয়ে ৰাজহুৱাভাৱে প্ৰচাৰ কৰি ঘৰলৈ উভতি আহিছে। ভনীয়ে এজনী ছোৱালীক দেখে, যি বহুত চিন্তিত আছে। ভনীয়ে ভাবি আছে যে স্বৰ্গদূতসকলে এনে লোকসকলক বিচাৰিবলৈ সহায় কৰে, যিসকলে ঈশ্বৰৰ বিষয়ে জানিব বিচাৰে। সেই ছোৱালীজনীক চাই ভনীৰ মনত দয়া উপজে আৰু তাইৰ লগত কথা পাতিবলৈ ভনীৰ মন যায় (অনুচ্ছেদ ৮)
৯. আমি স্বৰ্গদূতসকলৰ দৰে কেনেকৈ দেখুৱাব পাৰোঁ যে লোকসকলৰ প্ৰতি আমাৰ প্ৰেম আছে?
৯ স্বৰ্গদূতসকলৰ দৰে আমি কেনেকৈ দেখুৱাব পাৰোঁ যে লোকসকলৰ প্ৰতি আমাৰ প্ৰেম আছে? যেতিয়া মণ্ডলীত ঘোষণা কৰা হয় যে এজন ব্যক্তি যিহোৱাৰ ওচৰলৈ উভতি আহিছে, তেতিয়া আমি স্বৰ্গদূতসকলৰ দৰে আনন্দ কৰিব পাৰোঁ। আমি সেই ভাই বা ভনীক আদৰণি জনাব পাৰোঁ আৰু আশ্বাস দিব পাৰোঁ যে আমি তেওঁলোকক বহুত প্ৰেম কৰোঁ। (লূক ১৫:৪-৭; ২ কৰি. ২:৬-৮) প্ৰচাৰত উৎসাহেৰে ভাগ লৈ আমি স্বৰ্গদূতসকলৰ দৰে হʼব পাৰোঁ। (উপ. ১১:৬) তেওঁলোকে যেনেকৈ আমাক প্ৰচাৰত সহায় কৰে, ঠিক সেইদৰে আমিও প্ৰচাৰ কামত ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ। সেইবাবে, চিন্তা কৰক আপুনি কাক সহায় কৰিব বিচাৰে। যিসকল অলপতে প্ৰচাৰ কাম আৰম্ভ কৰিছে, আপুনি তেওঁলোকৰ লগত প্ৰচাৰ কৰিব পাৰিব নে? নাইবা বেমাৰ বা বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিব পাৰে নে যিসকল প্ৰচাৰত যাব পৰা নাই?
১০. ভনী চাৰাৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?
১০ যেতিয়া আমি কিবা কাৰণত যিহোৱাৰ সেৱা বেছিকৈ কৰিব নোৱাৰোঁ, তেতিয়া আমি বিশ্বাস ৰাখিব পাৰোঁ যে স্বৰ্গদূতসকলে আমাক সহায় কৰিব। ভাৰতত থকা ভনী চাৰাৰc অনুভৱৰ ওপৰত মন কৰক। তাই ২০ বছৰলৈকে অগ্ৰগামী সেৱা কৰি আছিল। পাছত তাই বহুত বেমাৰ হৈ পৰিল আৰু বিছনাৰ পৰা উঠিব পৰা নাছিল। সেইবাবে, ভনী বহুত নিৰাশ হৈ পৰিল। কিন্তু নিয়মীয়াকৈ বাইবেল অধ্যয়ন আৰু ভাই-ভনীসকলৰ সহায়ৰ কাৰণে ভনীয়ে নিজৰ আনন্দ ঘূৰাই পালে। ভনীৰ পৰিস্থিতি সলনি হোৱাৰ বাবে তাই প্ৰচাৰ কৰাৰ পদ্ধতি সলনি কৰিলে। তাই বহিব পৰা নাছিল, সেইবাবে চিঠি লিখাৰ পৰিৱৰ্তে ফোনৰ যোগেদি প্ৰচাৰ কৰিবলৈ ধৰিলে। তাই প্ৰচাৰত পোৱা লোকসকলক পুনৰ ফোন কৰিলে। তেওঁলোকৰ লগত কথা পাতি তাই জানিব পাৰিলে যে এনে বহুতো লোক আছে, যিসকলে ঈশ্বৰৰ বিষয়ে জানিব বিচাৰে। ইয়াৰ পৰিণাম কি হʼল? কিছু মাহৰ ভিতৰতে ৭০-তকৈ বেছি বাইবেল অধ্যয়ন তাই আৰম্ভ কৰিব পাৰিলে। তাইৰ ওচৰত ইমান সময় নথকাৰ বাবে কিছুমান বাইবেল অধ্যয়ন চলাবলৈ তাই মণ্ডলীৰ ভাই-ভনীসকলক দি দিলে। ভনীয়ে যিসকল লোকৰ লগত বাইবেল অধ্যয়ন কৰি আছে, তেওঁলোকৰ মাজৰ কিছুমান লোকে সভালৈ আহিবলৈ ধৰিছে। চিন্তা কৰক, ভনী চাৰাৰ দৰে পৰিশ্ৰমী ভাই-ভনীসকলক সহায় কৰি স্বৰ্গদূতসকলে কিমান আনন্দিত হয়!
স্বৰ্গদূতসকলে ধৈৰ্য্য ধৰে
১১. ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত বিশ্বাসী স্বৰ্গদূতসকল কিয় এক ভাল উদাহৰণ হয়?
১১ ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত স্বৰ্গদূতসকলে ভাল উদাহৰণ ৰাখিছে। তেওঁলোকে হাজাৰ হাজাৰ বছৰ ধৰি চাই আছে যে পৃথিৱীত অন্যায় আৰু দুষ্টতা বাঢ়ি গৈ আছে। যেনে, তেওঁলোকে দেখিলে যে চয়তান আৰু কিছুমান দুষ্ট স্বৰ্গদূত, যিসকলে এসময়ত যিহোৱাৰ বিশ্বাসী আছিল, তেওঁলোকে এতিয়া যিহোৱাৰ বিৰোধী হৈ পৰিল। (আদি. ৩:১; ৬:১, ২; যিহূ. ৬) বাইবেলত এয়াও কোৱা আছে যে এজন দুষ্ট স্বৰ্গদূতে বহু দিন ধৰি এজন বিশ্বাসী স্বৰ্গদূতক বিৰোধ কৰিছিল। (দানি. ১০:১৩) ইয়াৰ উপৰিও আদম আৰু হৱাক সৃষ্টি কৰা সময়ৰ পৰাই স্বৰ্গদূতসকলে দেখিছে যে বহুত কম লোকে সত্য উপাসনা কৰে। তথাপিও, এই বিশ্বাসী স্বৰ্গদূতসকলে আনন্দেৰে আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আহিছে। যিহোৱাই উচিত সময়ত সকলো অন্যায় দূৰ কৰিব বুলি তেওঁলোকে জানে।
১২. ধৈৰ্য্য ধৰিবলৈ কি কথাই আমাৰ সহায় কৰিব পাৰে?
১২ আমি স্বৰ্গদূতসকলৰ দৰে কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ? স্বৰ্গদূতসকলৰ দৰে আমিও আমাৰ লগত অন্যায় হোৱাটো দেখিছোঁ বা আমাৰ বিৰোধ কৰা হৈছে। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে উচিত সময়ত যিহোৱাই সকলো অন্যায় দূৰ কৰিব। সেইবাবে, বিশ্বাসী স্বৰ্গদূতসকলৰ দৰে আমিও “উত্তম কাম কৰিবলৈ হাৰ নামানোঁ।” (গালা. ৬:৯) ঈশ্বৰে আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব আৰু এই কথা আমি মনত ৰখা উচিত। (১ কৰি. ১০:১৩) সেইবাবে, আমি প্ৰাৰ্থনা কৰোঁ আৰু পবিত্ৰ শক্তি বিচাৰোঁ যাতে আমি ধৈৰ্য্য ধৰিব পাৰোঁ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰিব পাৰোঁ। (গালা. ৫:২২; কল. ১:১১) কিন্তু বিৰোধৰ সন্মুখীন হোৱাৰ সময়ত আপুনি কি কৰিব পাৰে? যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখক আৰু ভয় নকৰিব। মনত ৰাখিব, যিহোৱা সদায় আপোনাক সহায় কৰিব আৰু সাহস দিব।—ইব্ৰী ১৩:৬.
স্বৰ্গদূতসকলে মণ্ডলীক শুদ্ধ কৰি ৰাখে
১৩. এই শেষ সময়ছোৱাত যিহোৱাই স্বৰ্গদূতসকলক কি গুৰুত্বপূৰ্ণ কাম দিছে? (মথি ১৩:৪৭-৪৯)
১৩ এই শেষ সময়ছোৱাত যিহোৱাই নিজৰ স্বৰ্গদূতসকলক এটা গুৰুত্বপূৰ্ণ কাম দিছে। (মথি ১৩:৪৭-৪৯ পঢ়ক।) আজি গোটেই পৃথিৱীত প্ৰচাৰ কাম হৈ আছে আৰু সকলো ধৰণৰ লোকে শুভবাৰ্তা শুনি আছে। ইয়াৰ মাজৰ কিছুমান লোকে নিজৰ জীৱনত সাল-সলনি কৰে আৰু যিহোৱাৰ ইচ্ছাৰ মতে জীৱন-যাপন কৰিবলৈ ধৰে। কিন্তু বহুতো লোকে এইদৰে নকৰে। বিশ্বাসী স্বৰ্গদূতসকলৰ এটা কাম হৈছে, ভাল মানুহৰ পৰা দুষ্ট লোকক পৃথক কৰা। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে মণ্ডলীক শুদ্ধ বনাই ৰাখে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিসকল লোকে অধ্যয়ন কৰিবলৈ, সভালৈ আহিবলৈ বা প্ৰচাৰ কৰিবলৈ এৰি দিছে, তেওঁলোকে মণ্ডলীত আকৌ উভতি আহিব নোৱাৰে। ইয়াৰ অৰ্থ এয়াও নহয় যে মণ্ডলীত কোনেও পাপ নকৰিব। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে মণ্ডলীক শুদ্ধ বনাই ৰাখিবলৈ স্বৰ্গদূতসকলে বহুত পৰিশ্ৰম কৰি আছে।
১৪-১৫. মণ্ডলীক শুদ্ধ বনাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? (ছবিখনো চাওক।)
১৪ স্বৰ্গদূতসকলৰ দৰে আমি মণ্ডলীক কেনেকৈ শুদ্ধ বনাই ৰাখিব পাৰোঁ? মণ্ডলীক শুদ্ধ বনাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ? আমি ভাবি-চিন্তি বন্ধু বাছনি কৰিম আৰু সেই সকলো কথাৰ পৰা আঁতৰি থাকিম, যিয়ে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। (গীত. ১০১:৩) যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমি আন ভাই-ভনীসকলকো সহায় কৰিব পাৰোঁ। ধৰি লওক, এজন ভাই বা ভনীয়ে গভীৰ পাপ কৰিছে আৰু ইয়াৰ বিষয়ে আপুনি গʼম পালে। সেই সময়ত আপুনি কি কৰিব? আপুনি তেওঁক প্ৰেম কৰে, সেইবাবে আপুনি তেওঁক ইয়াৰ বিষয়ে প্ৰাচীনসকলক জনাবলৈ কʼব। কিন্তু যদি তেওঁ এইদৰে নকৰে, তেনেহʼলে কি কৰিব? আপুনি নিজে গৈ প্ৰাচীনসকলক ইয়াৰ বিষয়ে জনোৱা উচিত। ভাই-ভনীসকলে সোনকালে সহায় পোৱাটো আমি বিচাৰোঁ যাতে তেওঁলোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰে।—যাকো. ৫:১৪, ১৫.
১৫ যিসকল ভাই-ভনীয়ে গভীৰ পাপ কৰে, হয়তো তেওঁলোকৰ মাজৰ কিছুমানক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হয়। এনে পৰিস্থিতিত আমি তেওঁলোকৰ লগত “সংগতি কৰিবলৈ বন্ধ” কৰোঁ।d (১ কৰি. ৫:৯-১৩) এই ব্যৱস্থাৰ কাৰণে মণ্ডলী শুদ্ধ হৈ থাকে। মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলৰ লগত যেতিয়া আমি সংগতি নকৰোঁ, তেতিয়া আচলতে আমি তেওঁলোকৰ বাবে প্ৰেম দেখুৱাও। কেনেকৈ বাৰু? যেতিয়া আমি যিহোৱাৰ আজ্ঞা মানি তেওঁলোকৰ লগত কোনো সংগতি নকৰোঁ, তেতিয়া যিহোৱাৰ ওচৰলৈ উভতি আহিব লাগিব বুলি তেওঁলোকৰ অনুভৱ হʼব। যেতিয়া তেওঁলোকে যিহোৱাৰ ওচৰলৈ উভতি আহে, তেতিয়া আমি যিহোৱা আৰু স্বৰ্গদূতসকলৰ লগত মিলি আনন্দ কৰোঁ।—লূক ১৫:৭.
যদি আমি গʼম পাওঁ যে কোনো ভাই বা ভনীয়ে কিবা গভীৰ পাপ কৰিছে, তেতিয়া আমি কি কৰা উচিত? (অনুচ্ছেদ ১৪ চাওক)e
১৬. স্বৰ্গদূতসকলৰ দৰে হʼবলৈ আপুনি কি কৰিব বিচাৰে?
১৬ যিহোৱাই স্বৰ্গদূতসকলৰ বিষয়ে আমাক বহুতো কথা জনাইছে আৰু তেওঁলোকৰ লগত মিলি সেৱা কৰিবলৈ সুযোগ দিছে। গতিকে, আহক আমি স্বৰ্গদূতসকলৰ দৰে নম্ৰ হওঁ, লোকসকলক প্ৰেম কৰোঁ, ধৈৰ্য্য ধৰোঁ আৰু মণ্ডলীক শুদ্ধ বনাই ৰাখোঁ। যদি আমি বিশ্বাসী স্বৰ্গদূতসকলৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ থাকিব পাৰিম।
গীত নং ১১৮ “আমাৰ বিশ্বাস বঢ়োৱা”
b চন ২০১৭-ৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) খণ্ড ৫, পৃষ্ঠা ৩ আৰু ‘ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভালদৰে সাক্ষ্য দিয়ক’ কিতাপৰ অধ্যায় ৭, পৃষ্ঠা ৫৯, অনু. ১৭-ত দিয়া অনুভৱো পঢ়ক। ইয়াৰ উপৰিও আমাৰ প্ৰকাশনবোৰত এনেধৰণৰ আৰু বহুতো অনুভৱ আহিছে, আপুনি সেইবোৰো পঢ়িব পাৰে।
c কিছুমান নাম সলনি কৰা হৈছে।
d যিদৰে ২০২৪ চনৰ প্ৰশাসন গোষ্ঠীৰ আপডেট #২-ত বুজোৱা হৈছে, যেতিয়া মণ্ডলীৰ পৰা বাহিৰ কৰা এজন ব্যক্তি সভালৈ আহে, তেতিয়া প্ৰচাৰকে নিজৰ বিবেকৰ অনুসৰি নিৰ্ণয় লʼব পাৰে। তেওঁ নিজেই নিৰ্ণয় লʼব যে এনে ব্যক্তিক তেওঁ স্বাগতম জনাব নে নজনাই আৰু সেই ব্যক্তিক নমস্কাৰ কʼব নে নকয়।
e ছবিৰ বিষয়ে: এজনী ভনীয়ে নিজৰ বান্ধৱীৰ লগত কথা পাতি আছে আৰু তাইক প্ৰাচীনৰ লগত কথা পাতিবলৈ কৈছে। কিন্তু কিছু সময়ৰ পাছত যেতিয়া তাই এইদৰে নকৰিলে, তেতিয়া ভনীয়ে নিজেই গৈ প্ৰাচীনসকলক সকলো কথা জনাই।