জীৱন কাহিনী
লাজুকীয়া স্বভাৱৰ হোৱাৰ সত্ত্বেও মই মিচনেৰী হʼলোঁ
সৰুতে মই বহুত লাজুকীয়া স্বভাৱৰ আছিলোঁ আৰু লোকসকলক বহুত ভয় কৰিছিলোঁ। কিন্তু সময় পাৰ হোৱাৰ লগে লগে যিহোৱাই মোক লোকসকলক প্ৰেম কৰিবলৈ আৰু মিচনেৰী হʼবলৈ সহায় কৰিলে। তেওঁ এয়া কেনেকৈ কৰিলে? প্ৰথমে তেওঁ মোক মোৰ দেউতাৰ যোগেদি সহায় কৰিলে। পাছত এজনী যুৱতী ভনীৰ উদাহৰণৰ পৰা শিকালে। তাৰ পাছত মোৰ স্বামীৰ যোগেদি, যিজনে মোক মৰমেৰে ভাল পৰামৰ্শ দিলে। আহক মই মোৰ যাত্ৰাৰ বিষয়ে আৰু কিছুমান কথা জনাওঁ।
মোৰ জন্ম ১৯৫১ চনত অষ্ট্ৰিয়াৰ ভিয়েনা চহৰত হৈছিল। মোৰ মা-দেউতা কেথলিক আছিল। মই বহুত লাজুকীয়া স্বভাৱৰ আছিলোঁ। কিন্তু মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিলোঁ আৰু প্ৰায়ে তেওঁলৈ প্ৰাৰ্থনা কৰিছিলোঁ। যেতিয়া মই ন বছৰৰ হʼলোঁ, তেতিয়া মোৰ দেউতাই যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন কৰিবলৈ ধৰিলে। পাছত মায়েও তেওঁৰ লগত অধ্যয়ন কৰিবলৈ ধৰিলে।
নিজৰ ভণ্টী এলিজাবেথৰ লগত (বাওঁফালে)
অতি সোনকালে আমি ভিয়েনাৰ ডমলিংগ মণ্ডলীৰ ভাগ হৈ পৰিলোঁ। আমি গোটেই পৰিয়ালে একেলগে মিলি বহুত কিছু কৰিছিলোঁ। আমি একেলগে বাইবেল পঢ়িছিলোঁ, অধ্যয়ন কৰিছিলোঁ, সভালৈ গৈছিলোঁ আৰু সন্মিলনবোৰত স্বেচ্ছাসেৱক হিচাপেও কাম কৰিছিলোঁ। সৰুৰে পৰা মোৰ দেউতাই মোক যিদৰে শিকালে, তাৰ বাবে মই যিহোৱাক বহুত প্ৰেম কৰিবলৈ ধৰিলোঁ। মোৰ ভণ্টী আৰু মই যাতে অগ্ৰগামী সেৱা কৰিব পাৰোঁ, তাৰ বাবেও মোৰ দেউতাই প্ৰাৰ্থনা কৰিছিল। কিন্তু মই অগ্ৰগামী সেৱা কৰিব বিচৰা নাছিলোঁ।
পূৰ্ণ সময় সেৱা
মই ১৯৬৫ চনত ১৪ বছৰ বয়সত বাপ্তিষ্মা লʼলোঁ। কিন্তু এতিয়াও মোক অচিনাকি লোকসকলৰ লগত কথা পাতিবলৈ ভয় লাগিছিল। যেতিয়া মই মোৰ বয়সৰ আন লʼৰা-ছোৱালীক চাইছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে ময়ো তেওঁলোকৰ দৰে হোৱা হʼলে কিমান ভাল আছিল, সকলোৱে মোক ভাল পালেহেঁতেঁন। সেইবাবে, মই বাপ্তিষ্মাৰ কিছু সময়ৰ পাছত এনে লোকসকলৰ লগত সংগতি কৰিবলৈ ধৰিলোঁ, যিসকল যিহোৱাৰ সাক্ষী নাছিল। তেওঁলোকৰ লগত সময় কটাই মোৰ বহুত ভাল লাগিছিল। কিন্তু মই গʼম পাইছিলোঁ যে এইদৰে কৰাটো সঠিক নহয়। কাৰণ মই তেওঁলোকৰ লগত বেছিকৈ সময় কটাইছিলোঁ। নিজকে সলনি কৰিবলৈ মোৰ ওচৰত ইমান সাহস নাছিল। তেনেহʼলে কিহে মোক এইদৰে কৰিবলৈ সহায় কৰিলে?
মই ডৰ্থীৰ পৰা বহুতো কথা শিকিলোঁ (বাওঁফালে)
সেই সময়ত ১৬ বছৰৰ বয়সৰ এজনী ভনী আমাৰ মণ্ডলীত আহিল। তাইৰ নাম আছিল ডৰ্থী। তাই উৎসাহেৰে ঘৰে ঘৰে প্ৰচাৰ কৰিছিল আৰু তাইক চাই মই আচৰিত হʼলোঁ। মই বয়সত তাইতকৈ অলপ ডাঙৰ আছিলোঁ। কিন্তু মোৰ তাইৰ নিচিনা ইমান উৎসাহ নাছিল। মই ভাবিছিলোঁ মোৰ মা-দেউতাতো যিহোৱাৰ সাক্ষী হয়, কিন্তু তাইৰ পৰিয়ালত কোনো সত্যত নাই। তাই নিজৰ বেমাৰী মাকৰ চোৱা-চিতা কৰিবলগীয়া হয়, তথাপিও তাই সদায় প্ৰচাৰলৈ আহে। এইবোৰৰ বিষয়ে চিন্তা কৰি ময়ো যিহোৱাৰ সেৱাত কিবা কৰিবলৈ উৎসাহিত হʼলোঁ। পাছত ডৰ্থী আৰু মই অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ। প্ৰথমতে আমি সহকাৰী অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ (যাক সেই সময়ত ভেকেশ্ব্যন পায়নিয়াৰ বুলি কোৱা হৈছিল) আৰু তাৰ পাছত আমি অগ্ৰগামী সেৱা কৰিবলৈ কৰিবলৈ ধৰিলোঁ। তাইৰ উৎসাহ চাই ময়ো উৎসাহিত হʼলোঁ। তাইৰ সহায়ত মই প্ৰথম বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলোঁ। কিছু সময়ৰ পাছত ঘৰে ঘৰে প্ৰচাৰ, ৰাজহুৱাভাৱে প্ৰচাৰ আৰু আন পৰিস্থিতিত অচিনাকি লোকসকলৰ লগত কথা পাতিবলৈ মোৰ বাবে সহজ হʼবলৈ ধৰিলে।
মই অগ্ৰগামী সেৱা আৰম্ভ কৰা এবছৰৰ ভিতৰতে অষ্ট্ৰিয়াৰ এজন ভাই আমাৰ মণ্ডলীলৈ আহিল, তেওঁৰ নাম আছিল হিন্টছ। এবাৰ যেতিয়া তেওঁ নিজৰ দাদাক লগ কৰিবলৈ কানাডালৈ গৈছিল, যি এজন যিহোৱাৰ সাক্ষী আছিল, তেতিয়া তেওঁ তাতেই সত্য শিকিছিল। তেওঁক ভিয়েনাত আমাৰ মণ্ডলীত বিশেষ অগ্ৰগামী হিচাপে সেৱা কৰিবলৈ পঠিওৱা হৈছিল। মই আৰম্ভণিৰে পৰা তেওঁক পছন্দ কৰিছিলোঁ। কিন্তু তেওঁ মিচনেৰী সেৱক হিচাপে সেৱা কৰিব বিচাৰিছিল আৰু মোৰ মিচনেৰী হিচাপে সেৱা কৰাৰ কোনো ইচ্ছা নাছিল। সেইবাবে, আৰম্ভণিতে মই তেওঁক পছন্দ কৰোঁ বুলি কোনো ইংগিত দিয়া নাছিলোঁ। কিন্তু কিছু সময়ৰ পাছত আমি ডেটিং কৰিবলৈ ধৰিলোঁ আৰু বিয়া পাতিলোঁ। পাছত আমি অষ্ট্ৰিয়াতে একেলগে মিলি অগ্ৰগামী সেৱা কৰিলোঁ।
মিচনেৰী সেৱা কৰাৰ লক্ষ্য
হিন্টছৰ মিচনেৰী সেৱা কৰাৰ বহুত ইচ্ছা আছিল আৰু ইয়াৰ বিষয়ে তেওঁ প্ৰায়ে কথা পাতিছিল। তেওঁ মোক কেতিয়াও হেঁচা দিয়া নাছিল। কিন্তু তেওঁ মোক কেতিয়াবা কেতিয়াবা এনেধৰণৰ প্ৰশ্ন সুধিছিল, যাৰ বাবে মই চিন্তা কৰিবলৈ মই বাধ্য হৈছিলোঁ। যেনে, ‘আমাৰ লʼৰা-ছোৱালী নাই, তেনেহʼলে আমি যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰোনে?’ যেনেকৈ মই আগতে জনাইছিলোঁ মই লাজুকীয়া স্বভাৱৰ হওঁ। সেইবাবে, মিচনেৰী সেৱাৰ বিষয়ে ভাবিয়েই মোক বহুত ভয় লাগিছিল। এয়া সঁচা যে মই এজনী অগ্ৰগামী সেৱাক আছিলোঁ। কিন্তু যেতিয়াই মই মিচনেৰী সেৱাৰ বিষয়ে ভাবিছিলোঁ মোক বহুত ভয় লাগিছিল। কিন্তু হিন্টছে হাৰ নামানিলে। তেওঁ মোৰ লগত মিচনেৰী সেৱাৰ বিষয়ে কথা পাতি থাকিছিল। তেওঁ মোক নিজৰ বিষয়ে ভবাৰ পৰিৱৰ্তে লোকসকলৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰিলে। তেওঁৰ এই পৰামৰ্শৰ বাবে মোৰ বহুত লাভ হʼল।
১৯৭৪ চনত হিন্টছে অষ্ট্ৰিয়াৰ ছাল্জবাৰ্গত ছাৰ্ব-ক্ৰয়েছিয়ান ভাষা কোৱা মণ্ডলীত প্ৰহৰীদুৰ্গ অধ্যয়ন চলাই থকাৰ সময়ত
লাহে লাহে মিচনেৰী হিচাপে সেৱা কৰিবলৈ মোৰো মন গʼল। সেইবাবে, আমি গিলিয়াড স্কুলৰ ফৰ্ম পূৰ কৰিলোঁ। কিন্তু সেই সময়ত শাখা কাৰ্য্যালয়ত কাম কৰা এজন ভায়ে মোক মোৰ ইংৰাজী ভাষা আৰু ভাল কৰিবলৈ পৰামৰ্শ দিলে। সেইবাবে, মই তিনি বছৰলৈকে ইংৰাজী ভাষা ভালদৰে শিকিবলৈ পৰিশ্ৰম কৰিলোঁ। কিন্তু হঠাতে আমাক অষ্ট্ৰিয়াৰ ছাল্জবাৰ্গ চহৰত গৈ তাত ছাৰ্ব-ক্ৰয়েছিয়ান ভাষা কোৱা মণ্ডলীত সেৱা কৰিবলৈ কোৱা হʼল। তাত আমি সাত বছৰ সেৱা কৰিলোঁ। যাৰ মাজত এবছৰ আমি চাৰ্কিটৰ কাম কৰিবলৈ সুযোগ পালোঁ। ছাৰ্ব-ক্ৰয়েছিয়ান কোৱা ভাষা শিকাটো ইমান সহজ নাছিল, কিন্তু আমি বহুতো বাইবেল অধ্যয়ন পালোঁ।
শাখা কাৰ্য্যালয়ৰ নেতৃত্ব লোৱা ভাইসকলে আমাক ১৯৭৯ চনত কিছু সময়ৰ বাবে বুলগেৰিয়ালৈ যাবলৈ কʼলে, তাত আমাৰ প্ৰচাৰ কাম নিষেধ কৰা হৈছিল। সেইবাবে, আমি এনেদৰে যাব লাগিছিল, যেন আমি ফুৰিবলৈহে গৈছোঁ। তাত আমাক প্ৰচাৰ কৰিবলৈ মানা কৰা হৈছিল। কিন্তু আমি সৰু সৰু আকাৰেৰে তৈয়াৰ কৰা কিতাপ-পত্ৰিকা নিজৰ লগত লৈ যাব লাগিছিল আৰু তাৰ ৰাজধানী ছোফিয়াত থকা আমাৰ পাঁচজনী ভনীক দিব লাগিছিল। মোৰ বহুত ভয় লাগিছিল। কিন্তু যিহোৱাৰ সহায়ত আমি এই কাম কৰিব পাৰিলোঁ। তাত থকা আমাৰ পাঁচজনী ভনীৰ যিকোনো সময়ত নিজৰ বিশ্বাসৰ বাবে জেইল হʼলহেঁতেন। কিন্তু তেওঁলোকৰ সাহস আৰু আনন্দ চাই যিহোৱাৰ সংগঠনে মোক যিয়ে কাম নিদিয়ক কিয় সেয়া মনে-প্ৰাণে কৰিবলৈ মই উৎসাহিত হʼলোঁ।
সেই সময়ত আমি গিলিয়াডৰ বাবে আকৌ ফৰ্ম পূৰ কৰিলোঁ আৰু এইবাৰ আমি তাত যাবলৈ অনুমতি পালোঁ। আমি ভাবিছিলোঁ যে আমি আমেৰিকাত ইংৰাজী ভাষাত এই ক্লাচত উপস্থিত হোৱাৰ সুযোগ পাম। কিন্তু নৱেম্বৰ ১৯৮১ চনত জাৰ্মানীত বীচবেডন চহৰত গিলিয়াড এক্সটেনচন স্কুলৰ আৰম্ভণি হʼল। সেইবাবে, আমি জাৰ্মান ভাষত এই স্কুলত উপস্থিত হʼবলৈ সুযোগ পালোঁ। এইদৰে হোৱাৰ বাবে ভালেই হʼল। কাৰণ জাৰ্মান ভাষাত হোৱাৰ বাবে মই সকলোবোৰ ভালদৰে বুজি পালোঁ। ইয়াৰ পাছত আমাক ক’ত পঠোৱা হʼলহেঁতেন?
এনে এখন দেশত সেৱা কৰা যʼত, এটাৰ পাছত এটা যুদ্ধ হৈ আছিল
আমাক কেনিয়াত সেৱা কৰিবলৈ পঠোৱা হʼল। কিন্তু কেনিয়াত সেৱা কৰা ভাইসকলে আমাক সুধিলে যে তোমালোকে উগাণ্ডাত গৈ সেৱা কৰিব পাৰিবা নে? প্ৰায় দহ বছৰৰ আগত উগাণ্ডাৰ এজন সেনা অধিকাৰী জেনেৰেল ইডি আমিনে শাসন ভাৰ নিজৰ হাতত লৈ লৈছিল। তেওঁ বহুত অত্যাচাৰী আছিল। সেইবাবে, ইয়াৰ কিছু বছৰৰ লৈকে হাজাৰ হাজাৰ লোকৰ হত্যা কৰালে আৰু লাখ লাখ লোকৰ জীয়াই থকাটো কঠিন কৰি তুলিলে। কিন্তু পাছত ১৯৭৯ চনত জেনেৰেল ইডি আমিনৰ বিৰোধে বিৰোধীসকলে মাত মাতিলে আৰু তেওঁক শাসন ভাৰ এৰিবলৈ বাধ্য কৰিলে। এতিয়া আপোনালোকে বুজিব পাৰিলে যে মই এনে এখন দেশত গৈ সেৱা কৰিবলৈ আৰম্ভণিতে কিয় ভয় কৰিছিলোঁ। কিন্তু আমি গিলিয়াডত শিকিছিলোঁ যে আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। সেইবাবে, আমি তাত যাম বুলি কʼলোঁ।
উগাণ্ডাৰ পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। ইয়াৰ বিষয়ে হিন্টছে ২০১০ চনৰ বাৰ্ষিক কিতাপত (ইংৰাজী) এইদৰে কৈছে, ‘বহুতো প্ৰয়োজনীয় সুবিধা চৰকাৰে বন্ধ কৰিছিল। যেনে, পানী আৰু টেলিফোনৰ ব্যৱস্থা। ঠায়ে ঠায়ে গুলী চালনা আৰু লুট-মাৰ কৰাটো সাধাৰণ হৈ পৰিছিল আৰু ৰাতি এইদৰে বেছিকৈ হৈছিল। সেইবাবে, আন্ধাৰ হোৱাৰ লগে লগে লোকসকলে নিজৰ ঘৰত সোমাই গৈছিল। তেওঁলোকে প্ৰাৰ্থনা কৰিছিল আৰু আশা কৰিছিল যাতে এই ৰাতিটো যেনে-তেনে কটাব পাৰে আৰু কোনো অচিনাকি লোকে যাতে তেওঁলোকৰ ঘৰলৈ নাহে। এই সকলো সমস্যাৰ সত্ত্বেও আমাৰ ভাই-ভনীসকলে আনন্দেৰে যিহোৱাৰ সেৱা কৰিছিল!
বাইচৱা পৰিয়ালৰ লগত আহাৰ ৰান্ধি থকাৰ সময়ত
মই আৰু হিন্টছে ১৯৮২ চনত উগাণ্ডাৰ ৰাজধানী কাম্পালালৈ গʼলোঁ। আৰম্ভণিৰ পাঁচ মাহ আমি ভাই চেম আৰু ক্ৰিষ্টীনা বাইচৱাৰ ঘৰতে থাকিলোঁ। তেওঁলোকৰ পৰিয়ালত তেওঁলোকৰ পাঁচজন সন্তান আৰু চাৰিজন সম্বন্ধীয় লোক আছিল। তেওঁলোকে প্ৰায়ে দিনত এবেলাহে আহাৰ খাইছিল। তথাপিও তেওঁলোকে আমাৰ বাবে যি উদাৰশীলতা দেখুৱালে, সেয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকৰ লগত থাকি আমি বহুতো কথা শিকিব পাৰিলোঁ, যি আমাৰ মিচনেৰী সেৱাত কামত আহিল। যেনে, আমি কেনেকৈ পানী বচাব পাৰোঁ। কিছু লিটাৰ পানীত গা ধুব পাৰোঁ আৰু লেতেৰা পানী টয়লেটত ব্যৱহাৰ কৰিব পাৰোঁ। পাছত ১৯৮৩ চনত আমি এটা ঘৰ পালোঁ, যি কম্পালাৰ সুৰক্ষিত এলেকাত আছিল।
কম্পালাত সেৱা কৰাটো বহুত আনন্দদায়ক আছিল। মোৰ মনত আছে আমি এমাহত প্ৰায় ৪,০০০-তকৈয়ো বেছি পত্ৰিকা বিতৰণ কৰিলোঁ। কিন্তু তাতকৈয়ো বেছি আমি এই কথাৰ বাবে আনন্দিত আছিলোঁ যে তাৰ লোকসকলে ঈশ্বৰ আৰু বাইবেলৰ বিষয়ে কথা পাতি ভাল পাইছিল। আমি ১০-ৰ পৰা ১৫ টা বাইবেল অধ্যয়ন কৰাইছিলোঁ। আমাৰ বিদ্যাৰ্থীৰ পৰা আমি বহুতো কথা শিকিলোঁ। তেওঁলোকে খোজকাঢ়ি সভাৰ বাবে অহা-যোৱা কৰিছিল। তথাপিও তেওঁলোকে কোনো অভিযোগ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোক আনন্দিত আছিল। তেওঁলোকৰ উৎসাহ চাই আমাক বহুত ভাল লাগিছিল।
উগাণ্ডাত ১৯৮৫ আৰু ১৯৮৬ চনত আৰু দুটা যুদ্ধ হʼল। আমি প্ৰায় দেখিবলৈ পাইছিলোঁ যে সৰু লʼৰাবিলাকে বন্দুক লৈ ঘূৰি ফুৰিছিল আৰু তেওঁলোকক ৰাস্তাৰ নাকা বন্দীৰ ঠাইত ৰখা হৈছিল। সেই সময়ত আমি প্ৰাৰ্থনা কৰিছিলোঁ, যাতে আমি শান্ত হৈ থাকিব পাৰোঁ, ভাবি-চিন্তি কাম কৰিব পাৰোঁ আৰু প্ৰচাৰত আগ্ৰহী লোকসকলক বিচাৰিব পাৰোঁ। যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিলে। যেতিয়া আমি এনে এজনে ব্যক্তিক লগ পাইছিলোঁ যিজন আমাৰ বাৰ্তাৰ ওপৰত আগ্ৰহ দেখুৱাইছিল, তেতিয়া আমাৰ সকলো ভয় আমি পাহৰি গৈছিলোঁ আৰু প্ৰায়ে এইদৰেই হৈছিল।
হিন্টছ আৰু মই তাতিয়ানাৰ লগত (মাজৰ জনী তাতিয়ানা)
আমি আন দেশৰ লোকসকলক প্ৰচাৰ কৰি বহুত ভাল পাইছিলোঁ। যেনে, আমি মুৰত আৰু দিলবৰ ইবাতুলিন নামৰ এহাল দম্পতীকো লগ পালোঁ, যিসকল তাতৰস্থান (মধ্য ৰাছিয়াৰ) আছিল। মুৰত এজন ডাক্তৰ আছিল। তেওঁলোকে সত্য শিকিলে আৰু পাছত উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত মই তাতিয়ানা বিলেস্কা নামৰ এগৰাকী তিৰোতাক লগ পালোঁ। যিজনী ইউক্ৰেনৰ আছিল। সেই সময়ত তাই বহুত নিৰাশাত আছিল আৰু আত্মহত্যা কৰাৰ বিষয়ে ভাবি আছিল। কিন্তু পাছত তাই সত্য শিকিলে আৰু বাপ্তিষ্মা লʼলে। তাৰ পাছত তাই ইউক্ৰেনলৈ উভতি গʼল আৰু তাত আমাৰ প্ৰকাশনবোৰ অনুবাদ কৰাৰ কামত সহায় কৰিলে।a
আন কিছুমান সমস্যা
যেতিয়া আমি ১৯৯১ চনত ফুৰিবলৈ অষ্ট্ৰিয়ালৈ গʼলোঁ, তেতিয়া তাৰ শাখা কাৰ্য্যালয়ে আমাক বুলগেৰিয়াত গৈ সেৱা কৰিব লাগিব বুলি জনালে। পূব ইউৰোপত যেতিয়া সাম্যবাদ শেষ হʼল, তেতিয়া বুলগেৰিয়াত আমাৰ কামে আইনৰ মান্যতা পালে। আপোনাৰ হয়তো মনত আছে আমি বুলগেৰিয়াত আগতেও গৈছিলোঁ, তেতিয়া তাত আমাৰ কামক নিষেধ কৰা হৈছিল আৰু আমি লুকাই লুকাই কিতাপ-পত্ৰিকা লৈ গৈছিলোঁ। কিন্তু এতিয়া আমাক তাত প্ৰচাৰ কৰিবলৈ পঠোৱা হৈছে।
আমাক ইউগাণ্ডা আকৌ ঘূৰি নাযাবলৈ কোৱা হʼল। সেইবাবে, কাম্পালাত আমি আমাৰ মিচনেৰী ঘৰত যাবলৈ আৰু তাত থকা আমাৰ বন্ধুসকলক লগ কৰিবলৈ নোৱাৰিলোঁ। তাৰ পৰিৱৰ্তে আমি জাৰ্মানী বেথেললৈ গʼলোঁ। তাৰ পৰা আমি এখন গাড়ীৰে বুলগেৰিয়ালৈ গʼলোঁ। ছোফিয়া চহৰত আমাক এটা সমূহত সেৱা কৰিবলৈ কোৱা হʼল। তাত সেই সময়ত ২০ জন প্ৰচাৰক আছিল।
বুলগেৰিয়াতো আমি কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। এটা হৈছে আমি সেই ঠাইৰ ভাষা নাজানিছিলোঁ। আনটো সেই ভাষাত কেৱল দুখনেই কিতাপ আছিল, সত্য যি অনন্ত জীৱনলৈ লৈ যায় আৰু বাইবেলৰ কাহিনী। ইয়াৰ উপৰিও তাত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈয়ো আমাৰ বাবে বৰ কঠিন হৈছিল। ইমান সমস্যাৰ সত্ত্বেও ছোফিয়াত আমাৰ সৰু সমূহৰ উন্নতি হৈ আছিল। তাৰ ভাই-ভনীসকল বহুত উৎসাহী আছিল। কিন্তু পাছত যেতিয়া অৰ্থডক্স চাৰ্চৰ পাদুৰীসকলে আমাৰ কামলৈ মন কৰিলে, তেতিয়া আমাৰ ওপৰত কিছুমান ডাঙৰ ডাঙৰ সমস্যা আহিবলৈ ধৰিলে।
তাত ১৯৯৪ চনত যিহোৱাৰ সাক্ষীসকলৰ আইনৰ মান্যতা বাতিল কৰি দিয়া হৈছিল আৰু তাৰ বহুতো লোকে ভাবিছিল যে যিহোৱাৰ সাক্ষীসকল বিপদজনক সংস্থাৰ লোক হয়। আমাৰ কিছুমান ভাইক জেলত ভৰোৱা হৈছিল। মিডিয়াই আমাৰ বিষয়ে বেয়া বেয়া খবৰ বিয়পাইছিল, যিবোৰ একেবাৰে মিছা আছিল। যেনে, তেওঁলোকে জনাইছিল যে যিহোৱাৰ সাক্ষীসকলে নিজৰ লʼৰা-ছোৱালীক মৰিবলৈ এৰি দিয়ে আৰু আনক নিজৰ জীৱন দিবলৈ বাধ্য কৰে। তাত প্ৰচাৰ কৰিবলৈ আমাৰ বাবে বৰ কঠিন হৈছিল। প্ৰচাৰত আমি প্ৰায়ে এনে লোকসকলক লগ পাইছিলোঁ, যিসকলে আমাৰ ওপৰত চিঞৰ-বাখৰ কৰিছিল, আমাৰ ওপৰত কিবা-কিবি পেলাই দিছিল আৰু কেতিয়াবা কেতিয়াবা পুলিচক মাতিছিল। সেই দেশত কিতাপ-পত্ৰিকা লৈ যোৱাটো অসম্ভৱ আছিল আৰু সভাৰ বাবে কোনো ঠাই ভাড়াত লʼবলৈও কঠিন হৈ পৰিছিল। এবাৰ অধিৱেশন হৈ থকাৰ সময়ত হঠাতে পুলিচ তালৈ আহিল আৰু আমাৰ কাৰ্য্যক্ৰম বন্ধ কৰি দিলে। আমাৰ এইবোৰৰ অভ্যাস নাছিল। ইয়াৰ লোকসকল উগাণ্ডাৰ লোকসকলৰ পৰা একেবাৰে বেলেগ আছিল। উগাণ্ডাৰ লোকসকল মৰমিয়াল আছিল আৰু আমাৰ বাৰ্তা মন দি শুনছিল। সেইবাবে, ইয়াৰ নিৰ্দয়ী লোকসকলক প্ৰচাৰ কৰিবলৈ আমাৰ বাবে বৰ কঠিন হৈছিল। কিন্তু এই নতুন পৰিৱেশত আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ কিহে আমাক সহায় কৰিলে?
বুলগেৰিয়াৰ ভাই-ভনীসকলৰ লগত সময় কটাই আমাৰ বৰ ভাল লাগিছিল। আমি দেখিলোঁ যে তাৰ লোকসকলে সত্য শিকি কিমান আনন্দিত আছিল আৰু আমি তেওঁলোকক সহায় কৰিলোঁ, তাৰ বাবেও তেওঁলোকে কৃতজ্ঞ আছিল। তাত সকলোৱে এজনে-আনজনৰ বিষয়ে চিন্তা কৰিছিল আৰু সদায় এজনে-আনজনক সহায় কৰিছিল। এই সকলোবোৰৰ পৰা আমি শিকিলোঁ যে আমি যিহোৱাৰ সেৱা যʼতেই নকৰোঁ কিয়, যদি আমি লোকসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি আনন্দত থাকিব পাৰিম।
২০০৭ চনত বুলগেৰিয়া শাখা কাৰ্য্যালয়ত
কিন্তু কিছু সময়ৰ পাছত তাৰ পৰিস্থিতি ভাল হʼল। আমি ১৯৯৮ চনত আকৌ আইনৰ মান্যতা পালোঁ। তাৰ পাছত বুলগেৰিয়ান ভাষাত বহুতো কিতাপ-পত্ৰিকা আহিলে। পাছত ২০০৪ চনত নতুন শাখা কাৰ্য্যালয় বনোৱা হʼল। আজি বুলগেৰিয়াত ৫৭ খন মণ্ডলী আছে যʼত মুঠতে ২,৯৫৩ জন প্ৰচাৰক আছে। যোৱা সেৱা বছৰত তাত স্মৰণীয় দিনত ৬,৪৭৫ জন লোক উপস্থিত আছিল। ছোফিয়া চহৰত এসময়ত কেৱল পাঁচজনী ভনী আছিল, এতিয়া তাত নখন মণ্ডলী আছে। আমি দুয়োজনে তাত যিচয়া ৬০:২২ পদত কোৱা ভৱিষ্যবাণী নিজ চকুৰে পূৰ হোৱা দেখিলোঁ, যʼত লিখা আছে, “যি সৰু, হাজাৰ হৈ উঠিব।”
স্বাস্থ্যৰ লগত জড়িত আন সমস্যাবোৰ
মোৰ স্বাস্থ্য প্ৰায়ে বেয়া থাকিছিল। কিছু বছৰৰ পাছত ডাক্তৰসকলে জনালে যে মোৰ শৰীৰত বহুতো টিউমাৰ আছে, আনকি মূৰতো আছে। মোক ৰেডিয়েশ্ব্যন থেৰʼপি দিয়া হʼল আৰু আগৰ চিকিৎসাৰ বাবে মই ভাৰতলৈ গʼলোঁ যʼত মোৰ এটা অপাৰেশ্ব্যন ১২ ঘন্টালৈকে চলিল। সেই অপাৰেশ্ব্যনত মোৰ মূৰৰ পৰা বেছিভাগ টিউমাৰ উলিয়াই দিয়া হʼল। অপাৰেশ্ব্যনৰ পাছত মই কিছু সময়লৈকে ভাৰতৰ বেথেলত থাকিলোঁ যাতে সম্পূৰ্ণৰূপে সুস্থ হʼব পাৰোঁ। পাছত মই বুলগেৰিয়ালৈ উভতি গʼলোঁ।
সেই সময়ছোৱাত হিন্টছক হান্টিংগটন নামৰ এটা মানসিক বেমাৰ হৈছিল, যি বহুত কম সংখ্যক লোকৰ হয়। এই বেমাৰ প্ৰায়ে মা-দেউতাৰ পৰা সন্তানসকললৈ আহে। এই বেমাৰৰ বাবে হিন্টছৰ খোজকাঢ়িবলৈ, কথা পাতিবলৈ আৰু সৰু-সুৰা কামবোৰ কৰিবলৈ বৰ কঠিন হৈছিল। যিমানেই এই বেমাৰ বাঢ়ি গʼল, সিমানেই তেওঁ মোৰ ওপৰত বেছিকৈ নিৰ্ভৰ হʼবলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা মই একেবাৰে ভাগৰি পৰিছিলোঁ আৰু তেওঁক কেনেকৈ চম্ভালিম, সেই কথা ভাবি বহুত চিন্তিত হৈছিলোঁ। ববী নামৰ এজন ডেকা ভাই প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল আৰু হিন্টছক প্ৰচাৰলৈ লৈ গৈছিল। যেতিয়া হিন্টছে ভালদৰে কথা পাতিব নোৱাৰিব বা নিজৰ হাত-ভৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, তেতিয়া লোকসকলে কি ভাবিব, তাৰ বিষয়ে ভাবি ববীয়ে চিন্তিত হোৱা নাছিল। মোৰ এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে মই হিন্টছৰ লগত নথকাৰ সময়তো ববীয়ে তেওঁৰ ভালদৰে যত্ন লʼব। যদিও মই আৰু হিন্টছে এই জগতত সন্তানৰ বিষয়ে নাভাবিম বুলি কৈছিলোঁ, কিন্তু এনে লাগে যেন যিহোৱাই ববীৰ ৰূপত আমাক এটা লʼৰা দিছে।—মাৰ্ক ১০:২৯, ৩০.
হিন্টছৰ কেন্সাৰো হৈছিল। দুখৰ কথা যে ২০১৫ চনত মই তেওঁক মৃত্যুত হেৰুৱালোঁ। তেওঁৰ মৃত্যুৰ পাছত মই নিঃসহায় যেন অনুভৱ কৰিছিলোঁ। তেওঁ এতিয়া মোৰ লগত নাই বুলি মোৰ বিশ্বাসে হোৱা নাছিল। কিন্তু মোৰ স্মৃতিত তেওঁ এতিয়াও জীয়াই আছে। (লূক ২০:৩৮) তেওঁ মোক মৰমেৰে যিবোৰ কথা কৈছিল আৰু ভাল ভাল পৰামৰ্শ দিছিল, সেইবোৰ মই সদায় মনত পেলাওঁ। তেওঁলৈ মোৰ সদায় মনত পৰে। মই বহুত আনন্দিত যে ইমান বছৰলৈকে আমি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিব পাৰিলোঁ।
যিহোৱাৰ সহায়ৰ বাবে মই তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ
সমস্যাৰ সময়ত যিহোৱাই মোক সদায় চম্ভালিলে। তেওঁৰ সহায়তে মই লাজুকীয়া স্বভাৱৰ হোৱাৰ সত্ত্বেও মিচনেৰী হʼব পাৰিলোঁ আৰু লোকসকলক প্ৰেম কৰিবলৈ শিকিব পাৰিলোঁ। (২ তীম. ১:৭) আজি মোৰ ভণ্টী আৰু মই পূৰ্ণ সময়ৰ সেৱা কৰিব পাৰিছোঁ, ইয়াৰ বাবে যিহোৱাৰ বহুত বহুত ধন্যবাদ। তাই আৰু তাইৰ স্বামীয়ে ইউৰোপৰ ছাৰবিয়ান ভাষা কোৱা চাৰ্কিটত সেৱা কৰি আছে। বহু বছৰৰ আগতে মোৰ দেউতাই যি প্ৰাৰ্থনা কৰিছিলে, সেয়া পূৰ হʼল।
বাইবেল অধ্যয়ন কৰি মই মনৰ শান্তি লাভ কৰোঁ। যীচুৱে যিদৰে কৰিলে, ঠিক সেইদৰে সমস্যাৰ সময়ত মই “আৰু বেছিকৈ মিনতি” কৰা উচিত। (লূক ২২:৪৪) যিহোৱাই ভাই-ভনীসকলৰ যোগেদিও মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। ছোফিয়াৰ নাদেজডা মণ্ডলীৰ মৰমৰ ভাই-ভনীসকলে মোক বহুত মৰম কৰে আৰু সহায় কৰে। তেওঁলোকে মোক নিজৰ ঘৰলৈ মাতে, যাতে মোৰ লগত সময় কটাব পাৰে আৰু প্ৰায়ে মোৰ প্ৰশংসা কৰে। ইয়াৰ বাবে বহুত আনন্দিত হওঁ।
মই মোৰ পৰিয়ালক প্ৰায়ে মনৰ চকুৰে প্ৰমোদবনত চাওঁ। মই চাওঁ যে মোৰ মা-দেউতাই মোৰ ঘৰৰ বাহিৰত থিয় হৈ আছে আৰু তেওঁলোকৰ বিয়াৰ দিনাখন তেওঁলোকক যিমান ধুনীয়া দেখিছিল, সিমানেই ধুনীয়া দেখিছে। মোৰ ভণ্টী আহাৰ ৰান্ধি আছে আৰু হিন্টছে নিজৰ ঘোঁৰাটোৰ লগত থিয় হৈ আছে। এই সকলো কথাৰ বিষয়ে চিন্তা কৰাৰ বাবে মই নিৰাশ হোৱা কথাবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ আৰু যিহোৱাৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰোঁ।
যেতিয়া মই অতীতৰ কথা মনত পেলাওঁ আৰু ভৱিষ্যতৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই দায়ূদৰ দৰে অনুভৱ কৰোঁ। তেওঁ কৈছিল, “মই জীৱিতবিলাকৰ দেশত যিহোৱাৰ মঙ্গল দেখিবলৈ পাম, এই বুলি বিশ্বাস নকৰা হলে, মোৰ কি হলহেঁতেন? তুমি যিহোৱালৈ অপেক্ষা কৰা সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।”—গীত. ২৭:১৩, ১৪.
a তাতিয়ানা বিলেস্কাৰ জীৱন কাহিনী ডিচেম্বৰ ২২, ২০০০ চনৰ ইংৰাজী সচেতন থাকক! ২০-২৪ পৃষ্ঠাত পঢ়ক।