পাঠকসকলৰ প্ৰশ্ন
শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কেতিয়া বন্ধ কৰা হʼব?
যীচুৱে কৈছিল “সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।” (মথি ২৪:১৪) এই পদত আৰু ৬ আৰু ১৩ পদত যি গ্ৰীক শব্দৰ অনুবাদ “অন্ত” বুলি কৰা হৈছে, এয়া হৈছে তিলচ। এই শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে অন্ত হোৱা। গতিকে, এই পদবোৰত হৰমাগিদোনৰ কথা কোৱা হৈছে, যেতিয়া চয়তানৰ জগতৰ সম্পূৰ্ণৰূপে অন্ত হʼব। (প্ৰকা. ১৬:১৪, ১৬) ইয়াৰ অৰ্থ হৈছে , আমি হৰমাগিদোন আৰম্ভ হোৱাৰ অলপ আগলৈকে প্ৰচাৰ কৰি থাকিম। ইয়াৰ বাবে এই বিষয়ে আমাৰ আগৰ যি বুজাবুজি আছিল তাত সাল-সলনি হৈছে।
আগতে আমি বিশ্বাস কৰিছিলোঁ যে মহা-বাবিলৰ নাশ হোৱাৰ পাছত যেতিয়া মহা-সংকট আৰম্ভ হʼব, তেতিয়া আমি প্ৰচাৰ কৰিবলৈ বন্ধ কৰি দিম। (প্ৰকা. ১৭:৩, ৫, ১৫, ১৬) আমি এয়াও বিশ্বাস কৰিছিলোঁ যে এই ঘটনাৰ পৰা “যিহোৱাৰ অনুগ্ৰহ-বছৰ” শেষ হৈ যাব। (যিচ. ৬১:২) আমি ভাবিছিলোঁ যে যিসকল লোকে মহা-সংকটৰ পৰা বাচি ওলাব, তেওঁলোকে এই ঘটনাৰ আগতে প্ৰমাণ কৰিব যে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হয়। আমি এয়াও ভাবিছিলোঁ যে এয়া ঠিক সেইদৰে হʼব যিদৰে খ্ৰীষ্টপূৰ্ব ৬০৭-ত যিৰূচালেমৰ নাশৰ পৰা বাচি ওলোৱা লোকসকলৰ লগত হৈছিল। তেওঁলোকৰ ওপৰত আগতেই বচোৱাৰ চিন লগোৱা হৈছিল। কাৰণ তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছিল আৰু বেয়া কামবোৰক ঘিণ কৰিছিল। (যিহি. ৫:১১; ৯:৪) কিন্তু এই কথা মথি ২৪:১৪-ৰ লগত মিল নাখায়। কাৰণ সেই পদত লিখা যীচুৰ কথাৰ পৰা জানিব পাৰি যে পৃথিৱীৰ সম্পূৰ্ণৰূপে অন্ত হোৱাৰ অলপ আগতেও হয়তো লোকসকলৰ ওচৰত শুভবাৰ্তা গ্ৰহণ কৰাৰ সুযোগ থাকিব।
মথি ২৪:১৪ পদত আমাৰ বুজাবুজিত সাল-সলনি হোৱাৰ বাবে প্ৰকাশিত বাক্য ১৬:২১ পদৰ বিষয়েও আমাৰ বুজাবুজিত সাল-সলনি কৰাৰ প্ৰয়োজন আছে। তাত সেই বাৰ্তাৰ বিষয়ে কোৱা আছে যি ডাঙৰ-ডাঙৰ শিলাবৃষ্টিৰ দৰে হয়। বহুত অনুসন্ধান আৰু অধ্যয়ন কৰাৰ পাছত আমি বুজি পালোঁ যে এই দুয়োটা পদ এটাই আনটোৰ লগত মিল আছে। কেনেকৈ বাৰু? ইয়াৰ উত্তৰ আমি এই কথাৰ পৰা পাওঁ যে ৰাজ্যৰ বাৰ্তাৰ বিষয়ে লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায়। এই বিষয়ে পাঁচনি পৌলে লিখিলে যে ‘উদ্ধাৰ পোৱা লোকসকলৰ কাৰণে এই বাৰ্তা এনে সুগন্ধি হয়, যিয়ে জীৱনৰ ফালে লৈ যায়।’ কিন্তু ঈশ্বৰৰ শত্ৰুসকলৰ বাবে এয়া ‘দুৰ্গন্ধ হয়, যিয়ে মৃত্যুৰ ফালে লৈ যায়।’ (২ কৰি. ২:১৫, ১৬) এই লোকসকলে ৰাজ্যৰ বাৰ্তাক ঘিণ কৰে। কাৰণ এই বাৰ্তাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে তেওঁলোকৰ জগতখন কিমান বেয়া হয়, তেওঁলোকৰ ওপৰত চয়তানে শাসন কৰি আছে আৰু অতি সোনকালে তেওঁলোকৰ অন্ত হʼবলগীয়া আছে।—যোহ. ৭:৭; ১ যোহ. ২:১৭; ৫:১৯.
এই কথাৰ ওপৰতো মন কৰক যে প্ৰকাশিত বাক্য ১৬:২১ পদত কোৱা শিলাবৃষ্টি “বহুত” বেছি হʼব। ইয়াৰ পৰা জানিব পাৰি যে মহা-সংকটৰ সময়ছোৱাত প্ৰচাৰ কাম আৰু লোকসকলৰ ওপৰত তাৰ প্ৰভাৱ আৰু বেছিকৈ হʼব। ইয়াৰ বাবে যিহোৱাৰ নাম গোটেই পৃথিৱীত লোকসকলক ইমান ব্যাপকভাৱে জনোৱা হʼব, যিমান আগতে কেতিয়াও হোৱা নাই। (যিহি. ৩৯:৭) মহা-বাবিলৰ নাশ হোৱাৰ পাছত যি অলপ সময় বাকী থাকিব, তেতিয়া কিছুমান লোকে আমাৰ বাৰ্তা শুনি যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহিব নে? এইদৰে হʼব পাৰে। তেওঁলোকৰ হয়তো মনত পৰিব বা আনৰ পৰা শুনিব যে মিছা ধৰ্মৰ শেষ হʼব বুলি যিহোৱাৰ সাক্ষীসকলে বহু বছৰৰ পৰা প্ৰচাৰ কৰিছিল।
প্ৰাচীন মিচৰত দহটা মহামাৰী অহাৰ পাছত যি হৈছিল এয়াও ঠিক সেইদৰেই হʼব। যিহোৱাই “মিচৰীয়া সকলো দেৱতাবোৰক দণ্ড” দিয়াৰ পাছত তেওঁৰ লোকসকলৰ লগত “অনা ইস্ৰায়েলী বহুলোক” ওলাই আহিছিল। (যাত্ৰা. ১২:১২, ৩৭, ৩৮, IRV) যেতিয়া সেই অনা ইস্ৰায়েলীসকলে দেখিলে যে মোচিয়ে দহটা মহামাৰীৰ বিষয়ে যি কৈছিল সেয়া একেবাৰে সঁচা হʼল, তেতিয়া তেওঁলোকে হয়তো যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে।
মহা-বাবিলৰ অন্ত হোৱাৰ পাছত যিসকল লোকে যিহোৱাৰ উপাসনা কৰিবলৈ আৰম্ভ কৰিব, তেওঁলোকৰ খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰাৰ সুযোগ থাকিব যিসকল সেই সময়ত পৃথিৱীত থাকিব। (মথি ২৫:৩৪-৩৬, ৪০) এনে লোকসকলক ভেড়া সমান লোকসকলৰ লগত গণনা কৰা হʼব। কিন্তু হৰমাগিদোনৰ আগত এই সুযোগ অলপ সময়ৰ বাবেহে থাকিব। যেতিয়ালৈকে অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গত নিজৰ পুৰস্কাৰ নাপায়, তেতিয়ালৈকেহে এই সুযোগটো থাকিব।
এই লেখত আমি যিবোৰ পদৰ বিষয়ে আলোচনা কৰিলোঁ, সেইবোৰ আমি আৰু ভালদৰে বুজি পালোঁ। ইয়াৰ পৰা এয়াও স্পষ্ট হয় যে যিহোৱাই লোকসকলক বহুত প্ৰেম কৰে আৰু তেওঁ কিমান দয়ালু ঈশ্বৰ হয়। সঁচাকৈ, “কোনেও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।”—২ পিত. ৩:৯