মাৰ্কে লিখা শুভবাৰ্তা
৩ আকৌ এবাৰ তেওঁ সভাঘৰলৈ গʼল। তাত এনে এজন মানুহ আছিল, যিজনৰ হাত শুকাই গৈছিল।* ২ যীচুৱে বিশ্ৰাম-বাৰত* সেই মানুহজনক সুস্থ কৰিব নে নকৰে, সেয়া তেওঁলোকে ধ্যান দি চাই আছিল যাতে তেওঁলোকে যীচুক মিছা অভিযোগ লগাব পাৰে। ৩ তেতিয়া তেওঁ হাত শুকাই যোৱা মানুহজনক কʼলে, “উঠা আৰু মাজলৈ আহা।” ৪ তাৰ পাছত যীচুৱে তেওঁলোকক সুধিলে, “ঈশ্বৰৰ নিয়মৰ অনুসৰি বিশ্ৰাম-বাৰত কি কৰাটো সঠিক, কাৰোবাৰ কাৰণে ভাল কাম কৰা, নে বেয়া কাম কৰা? কাৰোবাৰ জীৱন বচোৱা, নে হত্যা কৰা?” কিন্তু তেওঁলোকে মনে মনে থাকিল। ৫ তেওঁলোকৰ হৃদয়ৰ কঠোৰতা দেখি যীচুৰ বহুত দুখ লাগিল আৰু খঙেৰে তেওঁলোকলৈ চালে। তাৰ পাছত তেওঁ মানুহজনক এইদৰে কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” যেতিয়া মানুহজনে হাতখন আগবঢ়াই দিলে, তেতিয়া তেওঁৰ হাতখন ঠিক হৈ গʼল। ৬ এয়া দেখি ফৰীচীবিলাকে বাহিৰলৈ ওলাই গʼল আৰু সেই সময়তে হেৰোদৰ গোটৰ লোকসকলৰ লগত মিলি যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।
৭ কিন্তু যীচুৱে তাৰ পৰা ওলাই নিজৰ শিষ্যসকলৰ লগত সাগৰৰ ফালে গʼল। তেতিয়া গালীল আৰু যিহূদিয়াৰ পৰা লোকসকলৰ এটা ডাঙৰ ভীৰ তেওঁৰ পিছে পিছে গʼল। ৮ তেওঁ কৰা কামৰ বিষয়ে শুনি যিৰূচালেম, ইদোম আৰু যৰ্দ্দনৰ সিপাৰে থকা এলেকা আৰু তূৰ আৰু চিদোনৰ আশে-পাশে থকা লোকসকলৰ এটা ডাঙৰ ভীৰেও তেওঁৰ ওচৰলৈ আহিল। ৯ লোকসকলৰ ভীৰৰ ঠেলা-হেঁচাৰ মাজত নপৰিবৰ কাৰণে তেওঁ নিজৰ শিষ্যসকলক এখন সৰু নাও সাজু কৰি ৰাখিবলৈ কʼলে। ১০ যীচুৱে বহুতো লোকক সুস্থ কৰিছিল। সেইবাবে, গম্ভীৰ বেমাৰত ভুগী থকা লোকসকলে যীচুক চুবলৈ ঠেলা-হেঁচা কৰিবলৈ ধৰিলে। ১১ দুষ্ট স্বৰ্গদূতে পোৱা লোকসকলে যেতিয়াই যীচুক দেখে, তেতিয়াই তেওঁলোকে তেওঁৰ সন্মুখত পৰি চিঞৰি এইদৰে কয়, “আপুনিয়েই ঈশ্বৰৰ পুত্ৰ।” ১২ কিন্তু যীচুৱে তেওঁ কোন হয়, এই বিষয়ে কাকো নকʼবলৈ তেওঁলোকক বহুবাৰ কʼলে।
১৩ তাৰ পাছত যীচুৱে এখন পাহাৰত উঠিল আৰু তেওঁ নিজৰ কিছুমান শিষ্যক মাতিলে। আৰু তেওঁলোকে যীচুৰ ওচৰলৈ আহিল। ১৪ তেওঁ ১২ জন শিষ্যৰ এটা সমূহ বনালে।* আৰু তেওঁলোকক পাঁচনি* নাম দিলে যাতে তেওঁলোকে সদায় তেওঁৰ লগত থাকিব পাৰে, তেওঁলোকক প্ৰচাৰলৈ পঠিয়াব পাৰে ১৫ আৰু দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াবলৈ অধিকাৰ দিব পাৰে।
১৬ তেওঁ যি ১২ জন শিষ্যৰ এটা সমূহ বনাইছিল, তেওঁলোক হৈছে, চিমোন, যিজনক তেওঁ পিতৰ নাম দিলে, ১৭ চিবদিয়ৰ লʼৰা যাকোব আৰু যাকোবৰ ভাই যোহন (তেওঁলোকক যীচুৱে বনেৰগচ নাম দিয়ে, যাৰ অৰ্থ হৈছে “মেঘ-গৰ্জ্জনৰ লʼৰা”), ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ লʼৰা যাকোব, থদ্দেয়, উৎসাহী* চিমোন ১৯ আৰু যিহূদা ঈষ্কৰিয়োতীয়া, যিজনে আগলৈ গৈ যীচুৰ লগত বিশ্বাসঘাত কৰিলে।
তাৰ পাছত যীচুৱে এটা ঘৰলৈ গʼল। ২০ আকৌ এবাৰ ইমান মানুহ গোট খালে যে যীচু আৰু তেওঁৰ শিষ্যসকলে আহাৰো খাব নোৱাৰিলে। ২১ কিন্তু যীচুৰ পৰিয়ালে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে যীচুক ধৰি আনিবলৈ ওলাই গʼল। কাৰণ তেওঁলোকে কৈছিল যে “তেওঁ পগলা হৈছে।” ২২ যিৰূচালেমৰ পৰা অহা নিয়ম শিকোৱা লোকসকলে* এইদৰে কৈ আছিল, “ইয়াক বেল্চবূবে* পাইছে। ই দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায়।” ২৩ তেতিয়া যীচুৱে তেওঁলোকক নিজৰ ওচৰলৈ মাতি উদাহৰণ দি কʼলে, “চয়তানে, নিজে চয়তানক কেনেকৈ উলিয়াব পাৰে? ২৪ কোনো ৰাজ্যত যদি বিভেদৰ সৃষ্টি হয়, তেন্তে সেই ৰাজ্য টিকি থাকিব নোৱাৰে। ২৫ আৰু কোনো ঘৰত যদি বিভেদৰ সৃষ্টি হয়, তেন্তে সেই ঘৰ টিকি থাকিব নোৱাৰে। ২৬ ঠিক সেইদৰে, চয়তানে যদি নিজৰ বিৰুদ্ধে থিয় দিয়ে, আৰু নিজৰ মাজতে বিভেদৰ সৃষ্টি কৰে, তেনেহʼলে সি টিকি নাথাকিব আৰু তাৰ অন্ত হʼব। ২৭ আচলতে শক্তিশালী ব্যক্তিক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব নোৱাৰে। তেওঁক বন্ধাৰ পাছতহে তেওঁৰ ঘৰত লুট কৰিব পাৰিব। ২৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, মানুহৰ সকলো ধৰণৰ পাপ আৰু নিন্দাজনক কথা ক্ষমা কৰা হʼব। ২৯ কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে নিন্দাজনক কথা কয়, তেওঁক কেতিয়াও ক্ষমা কৰা নহʼব। আনকি তেওঁ চিৰকাল সেই পাপৰ কাৰণে দায়ী হʼব।” ৩০ যীচুৱে তেওঁলোকক এই কথা কʼলে। কাৰণ তেওঁলোকে কৈছিল, “তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।”
৩১ তাৰ পাছত তেওঁৰ মা আৰু ভাইবিলাক আহিল আৰু তেওঁলোকে বাহিৰত থিয় হৈ যীচুক মাতি দিবলৈ কাৰোবাক পঠিয়ালে। ৩২ ভীৰৰ লোকসকলে তেওঁৰ চাৰিওফালে বহি আছিল। আৰু তেওঁলোকে যীচুক কʼলে, “চাওক! আপোনাৰ মা আৰু ভাইবিলাকে আপোনাক লগ কৰিবলৈ বাহিৰত থিয় হৈ আছে।” ৩৩ কিন্তু যীচুৱে কʼলে, “মোৰ মা আৰু মোৰ ভাইবিলাক কোন হয়?” ৩৪ তাৰ পাছত যীচুৱে তেওঁৰ চাৰিওফালে বহি থকা লোকসকললৈ চাই কʼলে, “চোৱা! এওঁলোক হৈছে মোৰ মা আৰু ভাই! ৩৫ যিজনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেৱেঁই মোৰ ভাই, মোৰ ভনী আৰু মোৰ মা হয়।”