লূকে লিখা শুভবাৰ্তা
৯ তাৰ পাছত যীচুৱে নিজৰ ১২ জন শিষ্যক মাতি লোকসকলৰ পৰা সকলো দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ আৰু বেমাৰবোৰ সুস্থ কৰিবলৈ তেওঁলোকক শক্তি আৰু অধিকাৰ দিলে। ২ আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আৰু লোকসকলক সুস্থ কৰিবলৈ পঠিয়ালে। ৩ যীচুৱে তেওঁলোকক কʼলে, “যাত্ৰাৰ কাৰণে একো নলʼবা, লাখুটি নলʼবা, খোৱাৰ মোনা নলʼবা, ৰুটি নলʼবা, টকা* নলʼবা আনকি দুযোৰ কাপোৰো নলʼবা। ৪ কিন্তু তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে সেই ঘৰতে থাকিবা। ৫ যদি কোনো চহৰত লোকসকলে তোমালোকক গ্ৰহণ নকৰে, তেনেহʼলে তাৰ পৰা ওলাই আহোঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা যাতে তেওঁলোকে সাক্ষ্য পায়।” ৬ তেতিয়া তেওঁলোকে গোটেই এলেকাৰ গাঁৱে গাঁৱে গৈ শুভবাৰ্তা জনাই থাকিল আৰু সকলো ঠাইৰ লোকসকলক সুস্থ কৰি থাকিল।
৭ যেতিয়া জিলা প্ৰশাসক হেৰোদে* যি যি ঘটিছিল সেই সকলো বিষয়ে শুনিলে, তেতিয়া তেওঁ চিন্তিত হৈ পৰিল। কাৰণ যীচুৰ বিষয়ে কিছুমান লোকে কৈছিল যে তেওঁ যোহন হয়, যিজনৰ মৃত্যু হৈছিল আৰু তেওঁক এতিয়া আকৌ জীয়াই তোলা হৈছে। ৮ কিন্তু আন কিছুমানে কৈছিল তেওঁ এলিয়া, আৰু কিছুমানে কৈছিল প্ৰাচীন সময়ৰ ভৱিষ্যবক্তাসকলৰ মাজৰ এজন জীৱিত হৈছে। ৯ হেৰোদে কʼলে, “মইতো যোহনৰ মূৰ কটোৱাইছিলোঁ, তেনেহʼলে এওঁনো কোন, যাৰ বিষয়ে মই এই কথা শুনি আছোঁ।” সেইবাবে, তেওঁ যীচুক চাব বিচাৰিছিল।
১০ পাঁচনিসকলে* উভতি আহি যীচুক কʼবলৈ ধৰিলে যে তেওঁলোকে কি কি কৰিলে। তেতিয়া যীচুৱে তেওঁলোকক লগত লৈ বৈৎচৈদা নামৰ চহৰৰ কোনো এখন নিৰ্জন ঠাইলৈ ওলাই গʼল। ১১ কিন্তু ভীৰৰ লোকসকলে ইয়াৰ বিষয়ে গʼম পালে আৰু তেওঁৰ পিছে পিছে গʼল। যীচুৱে তেওঁলোকক হৃদয়েৰে গ্ৰহণ কৰিলে আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কʼবলৈ ধৰিলে আৰু যিসকলৰ চিকিৎসাৰ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে। ১২ তাৰ পাছত গধূলি হʼবলৈ ধৰিলে আৰু সেই ১২ জনে তেওঁৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “মানুহৰ ভীৰক পঠাই দিয়ক যাতে তেওঁলোকে ওচৰৰ গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খাবলৈ আৰু থাকিবলৈ ব্যৱস্থা কৰিব পাৰে, কিয়নো আমি এই নিৰ্জন ঠাইত আছোঁ।” ১৩ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকেই তেওঁলোকক কিবা খাবলৈ দিয়া।” তেওঁলোকে কʼলে, “আমাৰ ওচৰত কেৱল পাঁচখন ৰুটি আৰু দুটা মাছহে আছে। আমি নিজেই গৈ এই সকলোৰে বাবে খোৱা বস্তু কিনি আনিম নে?” ১৪ আচলতে তাত প্ৰায় ৫,০০০ পুৰুষ আছিল। যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “তেওঁলোকক পঞ্চাচ পঞ্চাচ জনকৈ জুম বান্ধি বহিবলৈ দিয়া।” ১৫ তেওঁলোকে সেইদৰেই কৰিলে আৰু সকলোকে বহিবলৈ দিলে। ১৬ তেতিয়া তেওঁ পাঁচখন ৰুটি আৰু দুটা মাছ লৈ আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিবলৈ ধৰিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। ১৭ তেতিয়া সকলোৱে পেট ভৰাই খালে। আৰু শিষ্যসকলে যেতিয়া বাচি যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা টুকুৰী ভৰি গʼল।
১৮ পাছত যীচুৱে যেতিয়া অকলে প্ৰাৰ্থনা কৰি আছিল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহিল। যীচুৱে তেওঁলোকক সুধিলে, “লোকসকলে মোৰ বিষয়ে কি কয়, মই কোন?” ১৯ তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয়, এলিয়া আৰু কিছুমানে কয়, প্ৰাচীন সময়ৰ ভৱিষ্যবক্তাসকলৰ মাজৰ এজন জীৱিত হৈছে।” ২০ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে কি কোৱা, মই কোন?” পিতৰে উত্তৰ দিলে, “আপুনি ঈশ্বৰে পঠোৱা খ্ৰীষ্ট হয়।” ২১ তেতিয়া যীচুৱে এই বিষয়ে কাকো নকʼবলৈ তেওঁলোকক সাৱধান কৰি কʼলে ২২ আৰু তেওঁ এয়াও কʼলে, “মানুহৰ পুত্ৰই বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* তেওঁক অস্বীকাৰ কৰিব আৰু তেওঁক হত্যা কৰা হʼব। তাৰ পাছত তৃতীয় দিনাখন তেওঁক আকৌ জীয়াই তোলা হʼব।”
২৩ তেতিয়া যীচুৱে সকলোকে কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু প্ৰতিদিনে নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক। ২৪ কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ২৫ সঁচাকৈ এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন ধ্বংস কৰে বা জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? ২৬ কাৰণ যি কোনোৱে মোৰ শিষ্য হʼবলৈ আৰু মোৰ বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ লাজ অনুভৱ কৰে, তেওঁক মানুহৰ পুত্ৰও সেই সময়ত গ্ৰহণ কৰিবলৈ লাজ অনুভৱ কৰিব, যেতিয়া তেওঁ নিজৰ পিতৃ আৰু পবিত্ৰ স্বৰ্গদূতসকলৰ মহিমাৰে সৈতে আহিব। ২৭ কিন্তু মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে ঈশ্বৰৰ ৰাজ্য নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।”
২৮ আচলতে এয়া কোৱা প্ৰায় আঠ দিনৰ পাছত তেওঁ পিতৰ, যোহন আৰু যাকোবক নিজৰ লগত লৈ প্ৰাৰ্থনা কৰিবলৈ এখন পাহাৰত উঠিল। ২৯ যেতিয়া তেওঁ প্ৰাৰ্থনা কৰি আছিল, তেতিয়া তেওঁৰ মুখৰ ৰূপ সলনি হʼল আৰু তেওঁৰ কাপোৰ বগা হৈ জিলিকিবলৈ ধৰিলে। ৩০ আৰু চোৱা! দুজন মানুহে তেওঁৰ লগত কথা পাতি আছিল। তেওঁলোক আছিল, মোচি আৰু এলিয়া। ৩১ তেওঁলোকে সম্পূৰ্ণ মহিমাৰে সৈতে দেখা দিলে আৰু যীচুৰ বিদায়ৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, যি অতি সোনকালে যিৰূচালেমৰ পৰা হʼবলগীয়া আছিল। ৩২ পিতৰ আৰু তেওঁৰ লগৰবিলাকৰ চকু টোপনিত জাপ খাই গৈছিল। কিন্তু যেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে সজাগ হʼল, তেতিয়া তেওঁলোকে যীচুৰ মহিমা দেখিলে আৰু দুজন মানুহক তেওঁৰ লগত থিয় হৈ থকা দেখিলে। ৩৩ যেতিয়া তেওঁলোক দুয়োজনে যীচুক এৰি গৈ আছিল, তেতিয়া পিতৰে তেওঁক কʼলে, “গুৰু, আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। সেইবাবে, আমাক তিনিটা তম্বু সাজিবলৈ দিয়ক, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” পিতৰে কি কৈ আছিল, তেওঁ নিজেই বুজি পোৱা নাছিল। ৩৪ তেওঁ যেতিয়া কৈ আছিল, সেই সময়তে এডোখৰ মেঘে তেওঁলোকক ঢাকিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকৰ ভয় লাগিল। ৩৫ সেই মেঘৰ পৰা মাত শুনিবলৈ পোৱা গʼল: “এওঁ মোৰ পুত্ৰ, এওঁক মই বাছনি কৰিলোঁ। এওঁৰ কথা শুনা।” ৩৬ এই মাত শুনাৰ সময়ত তেওঁলোকে দেখিলে যে যীচু তাত অকলে আছে। কিন্তু তেওঁলোকে তাত যি দেখিলে, সেই বিষয়ে কিছু সময়লৈকে কাকো একো নকʼলে আৰু মনে মনে থাকিল।
৩৭ পাছ দিনাখন যেতিয়া তেওঁলোকে পাহাৰৰ পৰা নামিল, তেতিয়া এটা ডাঙৰ ভীৰ তেওঁৰ ওচৰলৈ আহিল। ৩৮ তেতিয়া হঠাতে ভীৰৰ মাজৰ পৰা এজন মানুহে জোৰেৰে চিঞৰি কʼলে, “গুৰু, মই আপোনাক মিনতি কৰিছোঁ, মোৰ লʼৰাটোক সহায় কৰক, কাৰণ ই মোৰ একমাত্ৰ লʼৰা। ৩৯ তাক এটা দুষ্ট স্বৰ্গদূতে ধৰি লয় আৰু হঠাতে সি চিঞৰিবলৈ ধৰে। সেই দূতে তাক এনেদৰে পকাই ধৰে যে তাৰ মুখৰ পৰা ফেন ওলাবলৈ ধৰে, সি তাক সহজে এৰিব নিবিচাৰে আৰু যেতিয়া এৰি দিয়ে, তেতিয়া বহুত কষ্ট দিহে এৰি দিয়ে। ৪০ তাক উলিয়াবলৈ মই আপোনাৰ শিষ্যসকলক মিনতি কৰিছিলোঁ, কিন্তু তেওঁলোকে উলিয়াব নোৱাৰিলে।” ৪১ তেতিয়া যীচুৱে কʼলে, “হে অবিশ্বাসী আৰু পাপী প্ৰজন্মৰ* লোকসকল, কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? লʼৰাজনক ইয়ালৈ লৈ আনা।” ৪২ যেতিয়া লʼৰাজন আহি আছিল, তেতিয়া দুষ্ট স্বৰ্গদূতে তাক মাটিত পেলাই দিলে আৰু তাক বেয়াকৈ পকাই ধৰিলে। কিন্তু যীচুৱে সেই দুষ্ট স্বৰ্গদূতক ধমকি দিলে আৰু লʼৰাজনক ঠিক কৰি দেউতাকৰ হাতত গতাই দিলে। ৪৩ ঈশ্বৰৰ এই মহাশক্তি দেখি সকলোৱে আচৰিত হʼল।
তেওঁলোকে যেতিয়া যীচুৰ এই সকলো কাম দেখি আচৰিত হৈছিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক কʼলে, ৪৪ “মই যি কʼবলৈ গৈ আছোঁ, সেয়া কাণ পাতি শুনা। মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব।” ৪৫ কিন্তু শিষ্যসকলে এতিয়াও তেওঁৰ কথাৰ অৰ্থ বুজি পোৱা নাছিল। আচলতে এই কথাৰ অৰ্থ তেওঁলোকৰ পৰা লুকুৱাই ৰখা হৈছিল যাতে তেওঁলোকে এয়া বুজিব নোৱাৰে আৰু এই বিষয়ে তেওঁক প্ৰশ্ন সুধিবলৈও তেওঁলোকে ভয় কৰিছিল।
৪৬ ইয়াৰ পাছত তেওঁলোকে এই কথাক লৈ তৰ্ক কৰিবলৈ ধৰিলে যে তেওঁলোকৰ মাজত সকলোতকৈ ডাঙৰ কোন হয়। ৪৭ তেতিয়া যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই এটি সৰু লʼৰাক নিজৰ ওচৰত থিয় কৰালে ৪৮ আৰু তেওঁলোকক কʼলে, “যি কোনোৱে মোৰ নামেৰে এই সৰু লʼৰাটিক গ্ৰহণ কৰে, তেওঁ মোকো গ্ৰহণ কৰে। আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে। কাৰণ যিজনে নম্ৰতাৰে ব্যৱহাৰ কৰে, তেৱেঁই তোমালোকৰ মাজত ডাঙৰ।”
৪৯ যোহনে কʼলে, “গুৰু, আমি এজন মানুহক আপোনাৰ নামেৰে লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিওৱা দেখিলোঁ আৰু আমি তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিয়নো সি আমাৰ লোক নহয়।” ৫০ কিন্তু যীচুৱে তেওঁক কʼলে, “তাক বাধা দিবলৈ চেষ্টা নকৰিবা, কাৰণ যিজন তোমালোকৰ বিৰুদ্ধে নহয়, তেওঁ তোমালোকৰ লগত আছে।”
৫১ যীচু স্বৰ্গলৈ যোৱাৰ দিন যিহেতু ওচৰ চাপি আহিছিল,* সেই কাৰণে তেওঁ যিৰূচালেমলৈ যাবলৈ থিৰাং কৰিলে। ৫২ সেইবাবে, তেওঁ কিছুমান শিষ্যক নিজৰ আগে আগে পঠালে। তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ তৈয়াৰী কৰিবলৈ চমৰীয়াৰ এখন গাঁৱলৈ গʼল। ৫৩ কিন্তু গাঁৱৰ লোকসকলে যীচুক থাকিবলৈ কোনো ঠাই নিদিলে, কিয়নো তেওঁ যিৰূচালেমলৈ যাবলৈ থিৰাং কৰি লৈছিল। ৫৪ এয়া দেখি তেওঁৰ শিষ্য যাকোব আৰু যোহনে কʼলে, “প্ৰভু, যদি আপুনি অনুমতি দিয়ে, তেনেহʼলে আকাশৰ পৰা জুই বৰষাই তেওঁলোকক ভষ্ম কৰিবলৈ আদেশ দিম নে?” ৫৫ কিন্তু তেওঁ পাছফালে ঘূৰি তেওঁলোকক ধমকি দিলে। ৫৬ তেতিয়া তেওঁলোকে বেলেগ এখন গাঁৱলৈ গুচি গʼল।
৫৭ যেতিয়া তেওঁলোকে ৰাস্তাইদি গৈ আছিল, তেতিয়া কোনোবা এজনে যীচুক কʼলে, “আপুনি যʼলৈকে যায়, তালৈকে ময়ো আপোনাৰ পিছে পিছে যাম।” ৫৮ কিন্তু যীচুৱে তেওঁক কʼলে, “শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থʼবলৈও ঠাই নাই।” ৫৯ তেতিয়া যীচুৱে আৰু এজনক কʼলে, “মোৰ শিষ্য হোৱা।” সেই মানুহজনে কʼলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক।” ৬০ কিন্তু যীচুৱে তেওঁক কʼলে, “মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক, কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা।” ৬১ তাৰ পাছত আৰু কোনোবাই কʼলে, “হে প্ৰভু, মই আপোনাৰ শিষ্য নিশ্চয় হʼম, কিন্তু প্ৰথমতে মোক নিজৰ পৰিয়ালৰ পৰা বিদায় লʼবলৈ অনুমতি দিয়ক।” ৬২ যীচুৱে তেওঁক কʼলে, “কোনো মানুহে নাঙলত হাত থৈ পিছফালে এৰি অহা বস্তুবোৰলৈ যদি ঘূৰি চায়, তেনেহʼলে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ যোগ্য নহয়।”