যোহনে লিখা শুভবাৰ্তা
১১ বৈথনিয়া গাঁৱত লাজাৰ নামৰ এজন ব্যক্তি বেমাৰ হৈ আছিল। মাৰ্থা আৰু তেওঁ ভনীয়েক মৰিয়মো সেই গাঁৱতে থাকিছিল। ২ আচলতে এওঁ সেইজনী মৰিয়ম যিগৰাকীয়ে প্ৰভুৰ ওপৰত সুগন্ধি তেল ঢালিছিল আৰু নিজৰ চুলিৰে প্ৰভুৰ ভৰি মচিছিল। অসুস্থ লাজাৰ এই মৰিয়মৰে ভায়েক আছিল। ৩ সেইবাবে, লাজাৰৰ বায়েকহঁতে যীচুৰ ওচৰলৈ খবৰ পঠালে, “প্ৰভু, চাওকহি! আপুনি যাক বহুত প্ৰেম কৰে, আপোনাৰ সেই বন্ধু বেমাৰত পৰি আছে।” ৪ কিন্তু এই কথা শুনাৰ পাছত যীচুৱে কʼলে, “এই বেমাৰৰ পৰিণাম মৃত্যু নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰা ঈশ্বৰৰ মহিমা হʼব যাতে ইয়াৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰ মহিমা হʼব পাৰে।”
৫ যীচুৱে মাৰ্থা, তেওঁৰ ভনীয়েক মৰিয়ম আৰু লাজাৰক বহুত প্ৰেম কৰিছিল। ৬ কিন্তু তেওঁ যেতিয়া শুনিলে যে লাজাৰ বেমাৰত পৰি আছে, তেতিয়া তেওঁ যিখন ঠাইত আছিল, তাতে আৰু দুদিন থাকিল। ৭ ইয়াৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, “বʼলা আমি আকৌ যিহূদিয়ালৈ যাওঁ।” ৮ তেতিয়া শিষ্যসকলে তেওঁক কʼলে, “গুৰু, কিছু দিনৰ আগেয়ে যিহূদীসকলে আপোনাক শিল দলিয়াই মাৰিব বিচাৰিছিল, আপুনি আকৌ তালৈ যাব বিচাৰে নে?” ৯ যীচুৱে উত্তৰ দিলে, “দিনটোত ১২ ঘণ্টা পোহৰ হৈ নাথাকে জানো? যদি কোনোবাই দিনৰ পোহৰত খোজ কাঢ়ে, তেনেহʼলে তেওঁ কোনো বস্তুত উজুটি নাখায়। কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। ১০ কিন্তু কোনোৱে যদি ৰাতি খোজ কাঢ়ে, তেনেহʼলে তেওঁ উজুটি খায়, কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
১১ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু মই তেওঁক জগাবলৈ তালৈ গৈ আছোঁ।” ১২ শিষ্যসকলে তেওঁক কʼলে, “প্ৰভু, যদি তেওঁ টোপনি গৈছে, তেনেহʼলে ঠিক হৈ যাব।” ১৩ আচলতে, যীচুৱে কৈ আছিল যে লাজাৰ মৰি গʼল। কিন্তু যীচুৱে সঁচাকৈ টোপনি যোৱাৰ কথা কৈছে বুলি শিষ্যসকলে ভাবিলে। ১৪ সেইবাবে, যীচুৱে তেওঁলোকক স্পষ্টকৈ কʼলে, “লাজাৰ মৰি গʼল ১৫ আৰু মই তাত নথকাৰ কাৰণে আনন্দিত হৈছোঁ, কাৰণ মই তাত গৈ যি কৰিম, সেয়া দেখি তোমালোকৰ বিশ্বাস মজবুত হʼব। বʼলা আমি তেওঁৰ ওচৰলৈ যাওঁ।” ১৬ সেইবাবে, থোমাই যাক যঁজা বুলিও কোৱা হয়, আন শিষ্যসকলক কʼলে, “বʼলা আমিও তেওঁৰ লগত যাওঁ যাতে আমি তেওঁৰ লগত মৰিব পাৰোঁ।”
১৭ যেতিয়া যীচুৱে বৈথনিয়া পালেগৈ, তেতিয়া তেওঁ গʼম পালে যে লাজাৰক কবৰত* থোৱা চাৰিদিন হৈ গʼল। ১৮ বৈথনিয়া, যিৰূচালেমৰ পৰা প্ৰায় তিনি কিলোমিটাৰ* দূৰত আছিল। ১৯ বহুতো যিহূদীয়ে মাৰ্থা আৰু মৰিয়মক তেওঁলোকৰ ভায়েকৰ মৃত্যু হোৱাৰ কাৰণে শান্ত্বনা দিবলৈ আহিছিল। ২০ যেতিয়া মাৰ্থাই শুনিলে যে যীচু আহি আছে, তেতিয়া তেওঁ যীচুক লগ কৰিবলৈ গʼল। কিন্তু মৰিয়ম ঘৰতে বহি থাকিল। ২১ মাৰ্থাই যীচুক কʼলে, “প্ৰভু, আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলেহেঁতেন। ২২ কিন্তু এতিয়াও মই জানোঁ যে ঈশ্বৰৰ পৰা আপুনি যিয়েই খুজিব, ঈশ্বৰে আপোনাক দিব।” ২৩ যীচুৱে তেওঁক কʼলে, “তোমাৰ ভাই জীয়াই উঠিব।” ২৪ মাৰ্থাই তেওঁক কʼলে, “মই জানোঁ যে শেষৰ দিনা মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ জীয়াই উঠিব।” ২৫ যীচুৱে তেওঁক কʼলে, “মৃতবিলাকক জীয়াই তোলা আৰু তেওঁলোকক জীৱন দিওঁতাজন ময়েই হওঁ। যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁৰ যদিও মৃত্যু হৈ যায়, তথাপি তেওঁক জীয়াই তোলা হʼব। ২৬ আৰু যি কোনোৱে জীয়াই আছে আৰু মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব। তুমি এই কথাৰ ওপৰত বিশ্বাস কৰা নে?” ২৭ তেওঁ কʼলে, “হয় প্ৰভু, মই বিশ্বাস কৰোঁ যে আপুনি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়, যিজন জগতলৈ আহিবলগীয়া আছিল।” ২৮ এয়া কোৱাৰ পাছত তেওঁ গুচি গʼল আৰু তেওঁ গৈ নিজৰ ভনী মৰিয়মক অকলশৰীয়াকৈ কʼলে, “গুৰু আহিছে আৰু তোমাক মাতিছে।” ২৯ মৰিয়মে এই কথা শুনাৰ লগে লগে উঠিলে আৰু তেওঁক লগ কৰিবলৈ ওলাই গʼল।
৩০ যীচুৱে এতিয়াও গাঁৱৰ ভিতৰলৈ অহা নাছিল। মাৰ্থাই তেওঁক যি ঠাইত লগ কৰিবলৈ গৈছিল, তেওঁ সেই ঠাইতে আছিল। ৩১ যিসকল যিহূদীয়ে ঘৰত মৰিয়মক শান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগেৰে উঠি বাহিৰলৈ যোৱা দেখি তেওঁৰ পিছে পিছে গʼল। তেওঁলোকে ভাবিলে যে মৰিয়মে কবৰৰ ওচৰত কান্দিবলৈ গৈছে। ৩২ যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাইলৈ আহি যীচুক দেখা পাই তেওঁৰ ভৰিত পৰি এইদৰে কʼলে, “প্ৰভু, আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলেহেঁতেন।” ৩৩ যেতিয়া যীচুৱে তেওঁ আৰু তেওঁৰ লগত অহা যিহূদীসকলক কান্দি থকা দেখিলে, তেতিয়া তেওঁৰ বহুত দুখ লাগিল। ৩৪ তেওঁ কʼলে, “তোমালোকে তাক কʼত থৈছা?” তেওঁলোকে কʼলে, “প্ৰভু, আহি চাই লওকহি।” ৩৫ যীচুৰ চকু পানী ওলাবলৈ ধৰিলে। ৩৬ এয়া দেখি যিহূদীসকলে কʼলে, “চোৱা, তেওঁ লাজাৰক কিমান প্ৰেম কৰিছিল!” ৩৭ কিন্তু কিছুমানে কʼলে, “যদি এই মানুহজনে অন্ধ মানুহজনৰ চকু ভাল কৰি দিলে, তেনেহʼলে ইয়াৰ জীৱন কিয় বচাব নোৱাৰিলে?”
৩৮ যীচুৰ আকৌ এবাৰ বহুত দুখ লাগিল আৰু তেওঁ কবৰৰ ওচৰলৈ আহিলে। এয়া আচলতে এটা গুহা আছিল আৰু ইয়াৰ মুখত এচটা শিল থোৱা আছিল। ৩৯ যীচুৱে কʼলে, “শিলচটা গুচাই দিয়া।” তেতিয়া মৃত লাজাৰৰ বায়েক মাৰ্থাই তেওঁক কʼলে, “প্ৰভু, এতিয়া হয়তো তাৰ পৰা বেয়া গোন্ধ ওলাইছে, কিয়নো সি মৰা আজি চাৰিদিন হʼল।” ৪০ যীচুৱে তেওঁক কʼলে, “মই তোমাক কোৱা নাছিলোঁ নে যদি তুমি বিশ্বাস কৰা, তেনেহʼলে তুমি ঈশ্বৰৰ মহিমা দেখিবা।” ৪১ তেতিয়া তেওঁলোকে শিলচটা গুচাই দিলে। তাৰ পাছত যীচুৱে চকু তুলি স্বৰ্গলৈ চাই কʼলে, “পিতৃ, মই তোমাক ধন্যবাদ দিওঁ যে তুমি মোৰ প্ৰাৰ্থনা শুনিলা। ৪২ মই জানোঁ যে তুমি সদায় মোৰ প্ৰাৰ্থনা শুনা। কিন্তু ইয়াত থিয় হৈ থকা ভীৰৰ কাৰণে মই তোমাক এইদৰে কৈছোঁ যাতে তুমিয়েই মোক পঠাইছা বুলি এওঁলোকে বিশ্বাস কৰিব পাৰে।” ৪৩ যেতিয়া তেওঁ এইবোৰ কথা কৈ শেষ কৰিলে, তেতিয়া তেওঁ জোৰেৰে চিঞৰি কʼলে, “লাজাৰ বাহিৰলৈ ওলাই আহা!” ৪৪ তেতিয়া মৃত লাজাৰ বাহিৰলৈ ওলাই আহিলে। তেওঁৰ হাত-ভৰি আৰু মুখ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল। যীচুৱে তেওঁলোকক কʼলে, “ইয়াক খুলি দিয়া আৰু যাবলৈ দিয়া।”
৪৫ সেইবাবে, মৰিয়মৰ ওচৰলৈ যিসকল যিহূদী আহিছিল, সেই লোকসকলৰ মাজৰ বহুতো লোকে যীচুৰ এই কাম দেখি তেওঁৰ ওপৰত বিশ্বাস কৰিলে। ৪৬ কিন্তু যীচুৱে যি কৰিলে, তাৰ বিষয়ে কিছুমান লোকে গৈ ফৰীচীবিলাকক কʼলে। ৪৭ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে মহা-সভাৰ সদস্যসকলক একগোট কৰিলে আৰু কʼলে, “আমি কি কৰিম, এই মানুহজনে দেখোন বহুতো চমৎকাৰ কৰিছে? ৪৮ যদি আমি ইয়াক এনেই এৰি দিওঁ, তেনেহʼলে সকলোৱে ইয়াৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিব আৰু ৰোমীয়াসকলে আহি আমাৰ ঠাই* আৰু ৰাষ্ট্ৰ দুয়োটাই কাঢ়ি লʼব।” ৪৯ কিন্তু তেওঁলোকৰ মাজৰ কায়াফা নামৰ এজনে, যিজন সেই বছৰৰ মহা-পুৰোহিত আছিল তেওঁ তেওঁলোকক কʼলে, “তোমালোকে একোৱেই নাজানা ৫০ আৰু তোমালোকে ভাবিও নোচোৱা যে গোটেই ৰাষ্ট্ৰ ধ্বংস হোৱাতকৈ এজন মানুহ সকলোৰে কাৰণে মৰিলে তোমালোকৰেই লাভ হʼব।” ৫১ তেওঁ এই কথা নিজৰ ফালৰ পৰা কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ সেই বছৰৰ মহা-পুৰোহিত হোৱাৰ কাৰণে তেওঁ এই ভৱিষ্যবাণী কৰিছিল যে যীচুৱে গোটেই ৰাষ্ট্ৰৰ কাৰণে নিজৰ জীৱন দিব ৫২ আৰু কেৱল সেই ৰাষ্ট্ৰৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ সেই সকলো সন্তান, যিসকল চাৰিওফালে সিঁচৰিত হৈ আছে, তেওঁলোকক একগোট কৰিবলৈও তেওঁ নিজৰ জীৱন দিব। ৫৩ সেইবাবে, সেই দিনাৰে পৰা তেওঁলোকে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।
৫৪ সেইবাবে, যীচুৱে যিহূদীসকলৰ মাজত মুকলিকৈ ফুৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ সেই এলেকা এৰি অৰণ্যৰ* ওচৰৰ ইফ্ৰয়িম নামৰ চহৰলৈ গুচি গʼল আৰু নিজৰ শিষ্যসকলৰ লগত তাতে থাকিল। ৫৫ যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ পাইছিলহি আৰু বহুতো লোকে গাঁৱৰ পৰা যিৰূচালেমলৈ গৈছিল যাতে নিস্তাৰ-পৰ্বৰ আগেয়ে নিয়মৰ অনুসৰি নিজকে শুচি কৰিব পাৰে। ৫৬ তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে আৰু মন্দিৰত থিয় হৈ নিজৰ মাজতে কʼবলৈ ধৰিলে, “তোমালোকে কি ভাবা, তেওঁ উৎসৱৰ কাৰণে নাহিব নেকি?” ৫৭ প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে আদেশ দিছিল যে যীচু কʼত আছে, সেই বিষয়ে যদি কোনোবাই গʼম পায়, তেনেহʼলে আহি খবৰটো তেওঁলোকক জনাওক যাতে তেওঁলোকে যীচুক ধৰিব* পাৰে।