যোহনে লিখা শুভবাৰ্তা
১৯ তেতিয়া পীলাতে যীচুক লৈ গʼল আৰু চাবুকেৰে কোবাবলৈ আদেশ দিলে। ২ সৈনিকসকলে কাঁইটেৰে কিৰীটি সাজি তেওঁৰ মূৰত দিলে আৰু তেওঁক এখন বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধালে। ৩ তেওঁলোকে যীচুৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা, প্ৰণাম!”* আৰু তেওঁক চৰ মাৰিবলৈ ধৰিলে। ৪ পীলাতে আকৌ এবাৰ বাহিৰলৈ আহি লোকসকলক কʼলে, “চোৱা! মই তেওঁক বাহিৰলৈ আনিছোঁ যাতে তোমালোকে জানিব পাৰা যে মই তেওঁৰ কোনো দোষ বিচাৰি নাপালোঁ।” ৫ তেতিয়া যীচুৱে কাঁইটৰ কিৰীটি আৰু বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি বাহিৰলৈ আহিলে। আৰু পীলাতে লোকসকলক কʼলে, “চোৱা এই মানুহজনক।” ৬ কিন্তু প্ৰধান পুৰোহিত আৰু পহৰা দিয়া লোকসকলে যেতিয়া যীচুক দেখিলে, তেতিয়া তেওঁলোকে চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক! কাঠত আঁৰি দিয়ক!” পীলাতে তেওঁলোকক কʼলে, “তোমালোকে নিজেই ইয়াক লৈ কাঠত আঁৰি দিয়া, কিয়নো মই এই মানুহজনৰ কোনো দোষ বিচাৰি নাপালোঁ।” ৭ যিহূদীসকলে কʼলে, “আমাৰ এটা নিয়ম আছে আৰু সেই নিয়মৰ অনুসৰি ই মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য, কিয়নো ই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কৈছে।”
৮ যেতিয়া পীলাতে এই কথা শুনিলে, তেতিয়া তেওঁ আৰু বেছিকৈ ভয় খালে। ৯ তেওঁ আকৌ ঘৰৰ ভিতৰলৈ গʼল আৰু যীচুক সুধিলে, “তুমি কʼৰ হোৱা?” কিন্তু যীচুৱে একো উত্তৰ নিদিলে। ১০ পীলাতে তেওঁক কʼলে, “তুমি মোক উত্তৰ নিদিয়া নে? তোমাক এৰি দিবলৈ আৰু তোমাক হত্যা কৰিবলৈও* মোৰ অধিকাৰ আছে বুলি তুমি নাজানা নে?” ১১ যীচুৱে তেওঁক উত্তৰ দিলে, “এই অধিকাৰ আপোনাক ওপৰৰ পৰা নিদিয়া হʼলে মোৰ ওপৰত আপোনাৰ কোনো অধিকাৰ নাথাকিলেহেঁতেন। সেইবাবে, যিজন ব্যক্তিয়ে মোক আপোনাৰ হাতত গতাই দিলে, তেওঁ ডাঙৰ পাপ কৰিছে।”
১২ সেইবাবে, পীলাতে যিকোনো উপায়েৰে তেওঁক এৰি দিবলৈ চেষ্টা কৰি থাকিল। কিন্তু যিহূদীসকলে চিঞৰি চিঞৰি কʼলে, “যদি আপুনি এই মানুহজনক এৰি দিয়ে, তেনেহʼলে আপুনি সম্ৰাটৰ* বন্ধু নহয়। যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ সম্ৰাটৰ বিৰুদ্ধে কয়।”* ১৩ এই কথা শুনাৰ পাছত পীলাতে যীচুক বাহিৰলৈ লৈ আহিলে। তাৰ পাছত তেওঁ শিলপতা নামৰ এখন ঠাইৰ ন্যায়ৰ আসনত বহিলে, যাক হিব্ৰু ভাষাত গব্বথা বুলি কোৱা হয়। ১৪ এয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিন আছিল আৰু দিনৰ প্ৰায় ছয় ঘন্টা* আছিল। পীলাতে যিহূদীসকলক কʼলে, “চোৱা! তোমালোকৰ ৰজা!” ১৫ কিন্তু তেওঁলোকে চিঞৰিলে, “ইয়াক মাৰি পেলাওক! মাৰি পেলাওক! ইয়াক কাঠত আঁৰি দিয়ক!” পীলাতে তেওঁলোকক কʼলে, “মই তোমালোকৰ ৰজাক কাঠত আঁৰি দিম নে?” প্ৰধান পুৰোহিতসকলে কʼলে, “সম্ৰাটৰ বাহিৰে আমাৰ কোনো ৰজা নাই।” ১৬ তেতিয়া তেওঁ যীচুক কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁলোকক গতাই দিলে।
আৰু সৈনিকসকলে যীচুক লৈ গʼল। ১৭ যীচুৱে নিজৰ যাতনাৰ কাঠ* উঠাই সেই ঠাইলৈ গʼল, যাক মূৰৰ লাওখোলা বুলি কোৱা হয়। হিব্ৰু ভাষাত সেই ঠাইক গলগথা বুলি কোৱা হয়। ১৮ তাত তেওঁলোকে দুজন মানুহৰ মাজত যীচুক কাঠত গজাল মাৰি দিলে। এজন তেওঁৰ বাওঁফালে আৰু আনজন তেওঁৰ সোঁফালে আছিল আৰু যীচু তেওঁলোকৰ মাজত আছিল। ১৯ পীলাতে যাতনাৰ কাঠৰ ওপৰত এই কথা লিখালে: “নাচৰতীয়া যীচু, যিহূদীসকলৰ ৰজা।” ২০ এয়া বহুতো যিহূদীয়ে পঢ়িছিল, কিয়নো যি ঠাইত যীচুক কাঠত গজাল মাৰি দিয়া হৈছিল, সেই ঠাই চহৰৰ ওচৰতে আছিল। আৰু এয়া হিব্ৰু, লেটিন আৰু গ্ৰীক ভাষাত লিখা হৈছিল। ২১ কিন্তু যিহূদীবিলাকৰ প্ৰধান পুৰোহিতসকলে পীলাতক কʼলে, “‘যিহূদীবিলাকৰ ৰজা’ বুলি নিলিখিব, কিন্তু এয়া লিখক যে তেওঁ কʼলে, ‘মই যিহূদীসকলৰ ৰজা হওঁ।’” ২২ কিন্তু পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁ আৰু।”
২৩ যেতিয়া সৈনিকসকলে যীচুক কাঠত গজাল মাৰি দিলে, তেতিয়া তেওঁলোকে যীচুৰ কাপোৰখন লʼলে আৰু তাৰ চাৰিভাগ কৰি তেওঁলোকে নিজৰ মাজতে ভগাই লʼলে। প্ৰতিজন সৈনিকে এডোখৰকৈ লʼলে। তাৰ পাছত তেওঁলোকে চোলাও লʼলে। কিন্তু চোলাটোত কোনো চিলাই নাছিল, ইয়াৰ পৰিৱৰ্তে ওপৰৰ পৰা তললৈকে বোৱা আছিল। ২৪ সেইবাবে, তেওঁলোকে এজনে-আনজনক কʼলে, “আমি ইয়াক নাফালিম, ইয়াৰ পৰিৱৰ্তে চিঠি খেলি আমি নিৰ্ণয় লʼম যে এয়া কাৰ হʼব।” এইদৰে হোৱাৰ কাৰণ হৈছে যে শাস্ত্ৰত লিখা এই কথা পূৰ হয়, “তেওঁলোকে মোৰ কাপোৰ নিজৰ মাজত ভগাই লয় আৰু মোৰ চোলাৰ কাৰণে চিঠি খেলে।” আৰু সৈনিকসকলে সঁচাকৈ এইদৰে কৰিলে।
২৫ যীচুৰ যাতনাৰ কাঠৰ ওচৰত তেওঁৰ মা, তেওঁৰ মাহী, ক্লোপাৰ পত্নী মৰিয়ম আৰু মৰিয়ম মগ্দলীনী থিয় হৈ আছিল। ২৬ যিজন শিষ্যক তেওঁ বহুত প্ৰেম কৰিছিল, সেইজন শিষ্যৰ ওচৰত যেতিয়া নিজৰ মাক থিয় হৈ থকা তেওঁ দেখিলে, তেতিয়া তেওঁ মাকক কʼলে, “চোৱা! তোমাৰ লʼৰা!” ২৭ ইয়াৰ পাছত যীচুৱে সেই শিষ্যজনক কʼলে, “চোৱা! তোমাৰ মা!” সেই দিনাই সেই শিষ্যজনে মৰিয়মক নিজৰ ঘৰলৈ লৈ গʼল যাতে তেওঁ তেওঁৰ লগতে থাকে।
২৮ ইয়াৰ পাছত যীচুৱে যেতিয়া সকলোবোৰ সম্পূৰ্ণ হʼল বুলি গʼম পালে, তেতিয়া শাস্ত্ৰত লিখা কথা পূৰ হʼবলৈ তেওঁ এইদৰে কʼলে, “মোৰ পিয়াহ লাগিছে।” ২৯ তাত টেঙা দ্ৰাক্ষাৰসেৰে ভৰা এটা পাত্ৰ ৰখা হৈছিল। সেইবাবে, তেওঁলোকে টেঙা দ্ৰাক্ষাৰসত স্পঞ্জৰ টুকুৰা তিয়াই লʼলে আৰু সেয়া এচোব* এডালত লগাই তেওঁৰ মুখত দিলে। ৩০ যীচুৱে সেই টেঙা দ্ৰাক্ষাৰস খোৱাৰ পাছত কʼলে, “পূৰ হʼল।” আৰু তেওঁ মূৰ দোৱাই প্ৰাণ ত্যাগ কৰিলে।
৩১ এয়া আয়োজনৰ দিন আছিল আৰু বিশ্ৰাম-বাৰে* যাতনাৰ কাঠত মৃতদেহ উলমি থকাটো যিহূদীসকলে বিচৰা নাছিল (কিয়নো এয়া ডাঙৰ বিশ্ৰাম-বাৰ আছিল)। সেইবাবে, কাঠত আঁৰি দিয়া মানুহবিলাকৰ ভৰি ভাঙিবলৈ আৰু তেওঁলোকৰ মৃতদেহ নমাবলৈ যিহূদীসকলে পীলাতক অনুৰোধ কৰিছিল। ৩২ সেইবাবে, সৈনিকসকলে আহি যীচুৰ কাষত কাঠত আঁৰি দিয়া প্ৰথমজন অপৰাধীৰ ভৰি ভাঙি দিলে আৰু তাৰ পাছত দ্বিতীয়জনৰো ভৰি ভাঙি দিলে। ৩৩ কিন্তু তেওঁলোকে যেতিয়া যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁলোকে যীচুৰ ভৰি নাভাঙিলে। ৩৪ তথাপি সৈনিকসকলৰ মাজৰ এজনে নিজৰ বৰছাৰে তেওঁৰ কামিহাড়ৰ মাজত খুচিলে আৰু লগে লগে তেজ আৰু পানী বৈ আহিল। ৩৫ যিজনে এই সকলোবোৰ নিজ চকুৰে দেখিছিল, তেওঁ ইয়াৰ সাক্ষ্য দিলে আৰু তেওঁৰ সাক্ষ্য সত্য। তেওঁ জানে যে তেওঁ যি কৈছে, সেই সকলো সত্য আৰু তোমালোকে যেন বিশ্বাস কৰা, সেইবাবে তেওঁ এই সকলোবোৰ কৈছে। ৩৬ আচলতে এই সকলোবোৰ হোৱাৰ কাৰণ হৈছে যাতে শাস্ত্ৰত লিখা এই কথা পূৰ হয়: “তেওঁৰ এডালো হাড় ভঙা নহʼব।” ৩৭ শাস্ত্ৰত আৰু এঠাইত লিখা আছে: “যিজনক তেওঁলোকে খুচিলে, তেওঁলোকে তেওঁক দেখিব।”
৩৮ ইয়াৰ পাছত অৰিমাথিয়াৰ যোচেফে পীলাতক অনুৰোধ কৰিলে যে তেওঁ যীচুৰ মৃতদেহ নিব বিচাৰিছে। যোচেফ, যীচুৰ এজন শিষ্য আছিল, কিন্তু যিহূদীসকলৰ ভয়ৰ কাৰণে তেওঁ এই কথা লুকুৱাই ৰাখিছিল। পীলাতে তেওঁক যীচুৰ মৃতদেহ লৈ যাবলৈ অনুমতি দিলে। সেইবাবে, যোচেফে গৈ তাৰ পৰা মৃতদেহ লৈ গʼল। ৩৯ সেই নীকদীমো আহিছিল, যিজন প্ৰথমবাৰ যীচুৰ ওচৰত ৰাতিৰ সময়ত আহিছিল, তেওঁ প্ৰায় ৩০ কিলো* গন্ধৰস আৰু অগুৰু মিশ্ৰণ লৈ আনিছিল। ৪০ তেতিয়া তেওঁলোকে যীচুৰ মৃতদেহ লʼলে আৰু যিহূদীসকলৰ কবৰ দিয়া ৰীতিৰ অনুসৰি সেই সুগন্ধি দ্ৰব্যেৰে সৈতে মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰেৰে মৃতদেহটো মেৰিয়ালে। ৪১ যি ঠাইত তেওঁক কাঠত আঁৰি দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল আৰু তাত এটা নতুন কবৰ* আছিল, যʼত এতিয়ালৈকে কোনো মৃতদেহ থোৱা নাছিল। ৪২ তেওঁলোকে যীচুক সেই কবৰতে থʼলে, কিয়নো সেই দিনা যিহূদীসকলৰ উৎসৱৰ আয়োজনৰ দিন আছিল আৰু সেই কবৰো ওচৰতে আছিল।