যোহনে লিখা শুভবাৰ্তা
৭ ইয়াৰ পাছত যীচুৱে গালীলতে যাত্ৰা কৰি থাকিল। তেওঁ যিহূদিয়ালৈ যাব বিচৰা নাছিল। কিয়নো যিহূদীসকলে তেওঁক হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ২ যিহূদীসকলৰ পঁজা-পৰ্ব ওচৰ চাপিছিলহি। ৩ সেইবাবে, যীচুৰ ভায়েকসকলে তেওঁক কʼলে, “ইয়াৰ পৰা ওলাই যিহূদালৈ যোৱা যাতে তুমি যি কাম কৰা, সেয়া তোমাৰ সকলো শিষ্যই চাব পাৰে। ৪ কাৰণ যদি কোনোবাই নিজে জনাজাত হʼব বিচাৰে, তেনেহʼলে তেওঁ লুকাই কাম নকৰে। যদি তুমি এইবোৰ কাম কৰা, তেনেহʼলে নিজকে জগতৰ আগত প্ৰকাশ কৰা।” ৫ আচলতে তেওঁৰ ভায়েকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। ৬ সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “মোৰ সময় এতিয়াও অহা নাই, কিন্তু তোমালোকে যিকোনো সময়ত যাব পাৰা। ৭ জগতে তোমালোকক ঘিণ কৰাৰ কোনো কাৰণ নাই। কিন্তু জগতে মোক ঘিণ কৰে, কিয়নো মই এই সাক্ষ্য দিওঁ যে ইয়াৰ কামবোৰ দুষ্ট হয়। ৮ তোমালোকে উৎসৱলৈ যোৱা। মই এই উৎসৱলৈ এতিয়া নাযাওঁ, কিয়নো মোৰ সময় এতিয়াও অহা নাই।” ৯ তেওঁলোকক এইদৰে কোৱাৰ পাছত তেওঁ গালীলতে থাকিল।
১০ কিন্তু তেওঁৰ ভায়েকসকলে উৎসৱলৈ যোৱাৰ পাছত তেৱোঁ তালৈ গʼল। কিন্তু তেওঁ লুকাই লুকাই গʼল যাতে লোকসকলে তেওঁক দেখা নাপায়। ১১ সেইবাবে, উৎসৱৰ সময়ত যিহূদীসকলে এইদৰে কৈ তেওঁক বিচাৰিবলৈ ধৰিলে, “সেই মানুহজন কʼত আছে?” ১২ লোকসকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হʼবলৈ ধৰিলে। কোনো কোনোৱে কʼলে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে কʼলে, “নহয় নহয়, তেওঁ ভাল মানুহ নহয়। তেওঁ লোকসকলক ভুল পথলৈ নিয়ে।” ১৩ কিন্তু যিহূদীসকলক ভয় কৰাৰ কাৰণে কোনেও সকলোৰে আগত তেওঁৰ বিষয়ে কথা পতা নাছিল।
১৪ যেতিয়া উৎসৱৰ আধা সময় পাৰ হʼল, তেতিয়া যীচু মন্দিৰলৈ গʼল আৰু শিকাবলৈ ধৰিলে। ১৫ সেইবাবে, যিহূদীসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই মানুহজনে শাস্ত্ৰৰ ইমান জ্ঞান কʼৰ পৰা পালে? এওঁতো কেতিয়াও ধৰ্মগুৰুসকলৰ স্কুলত* পঢ়াও নাছিল!” ১৬ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই যি শিকাওঁ, সেয়া মোৰ ফালৰ পৰা নহয়, কিন্তু মোক পঠোৱা জনৰ ফালৰ পৰাহে হয়। ১৭ যদি কোনোৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব বিচাৰে, তেনেহʼলে তেওঁ সেয়া বুজি পাব যে মই যি শিকাই আছোঁ, সেয়া ঈশ্বৰৰ ফালৰ পৰা হয়, নে মোৰ নিজৰ কথা হয়। ১৮ যিজনে নিজৰ কথা শিকায়, তেওঁ নিজৰ প্ৰশংসা বিচাৰে। কিন্তু যিজনে পঠোৱা জনৰ প্ৰশংসা হোৱাটো বিচাৰে, তেওঁ সত্য হয় আৰু তেওঁত কোনো মিছা নাই। ১৯ মোচিয়ে জানো তোমালোকক নিয়ম দিয়া নাই? কিন্তু তোমালোকৰ মাজৰ কোনেও সেই নিয়ম পালন নকৰা। তোমালোকে কিয় মোক হত্যা কৰিব বিচাৰা?” ২০ ভীৰৰ লোকসকলে তেওঁক উত্তৰ দিলে, “তোমাৰ ভিতৰত দুষ্ট স্বৰ্গদূত আছে। কোনে তোমাক হত্যা কৰিব বিচাৰে?” ২১ যীচুৱে তেওঁলোকক কʼলে, “মই কেৱল এটা কাম কৰিলোঁ আৰু তোমালোক সকলোৱেই আচৰিত হৈছা। ২২ সেইবাবে, এই কথালৈ মন কৰা, মোচিয়ে তোমালোকক চুন্নৎ কৰাৰ আজ্ঞা দিছিল (সেই আজ্ঞা মোচিৰ সময়ৰ পৰা নহয়, কিন্তু আমাৰ পূৰ্বপুৰুষসকলৰ সময়ৰ পৰাই আছিল) আৰু তোমালোকে বিশ্ৰাম-বাৰতো* শিশুসকলৰ চুন্নৎ কৰা। ২৩ মোচিৰ নিয়ম পালন কৰিবলৈ তোমালোকে যদি বিশ্ৰাম-বাৰে এটি শিশুৰ চুন্নৎ কৰা, তেনেহʼলে মই বিশ্ৰাম-বাৰে এজন মানুহক সম্পূৰ্ণকৈ সুস্থ কৰাৰ কাৰণে তোমালোকে মোক কিয় খং কৰিছা? ২৪ বাহিৰৰ ৰূপ চাই ন্যায় নকৰিবা, কিন্তু সত্যতাৰে ন্যায় কৰা।”
২৫ তেতিয়া যিৰূচালেমৰ কিছুমান লোকে কʼবলৈ ধৰিলে, “তেওঁলোকে হত্যা কৰিব বিচৰা মানুহজন এইজনেই নহয় জানো? ২৬ তথাপিও চোৱা! তেওঁ লোকসকলৰ ওচৰত মুকলিকৈ কথা পাতি আছে আৰু তেওঁলোকে তাক একোৱেই নকয়। এৱেঁই খ্ৰীষ্ট হয় বুলি ধৰ্ম-অধিকাৰীসকলে বিশ্বাস কৰাতো নাই? ২৭ কিন্তু আমি জানোঁ যে এই মানুহজন কʼৰ হয়। কিন্তু যেতিয়া খ্ৰীষ্ট আহিব, তেতিয়া কোনেও নাজানিব যে তেওঁ কʼৰ হয়।” ২৮ তাৰ পাছত যেতিয়া যীচু মন্দিৰত শিকাই আছিল, তেতিয়া তেওঁ জোৰকৈ কʼলে, “তোমালোকে মোক চিনি পোৱা আৰু এয়াও জানা যে মই কʼৰ হওঁ। মই নিজৰ ইচ্ছাৰে অহা নাই, কিন্তু যিজনে মোক পঠাইছে, তেওঁ সঁচাকৈ অস্তিত্বত আছে আৰু তোমালোকে তেওঁক নাজানা। ২৯ মই তেওঁক জানোঁ, কিয়নো মই তেওঁৰ ফালৰ পৰা আহিছোঁ আৰু তেওঁ মোক পঠাইছে।” ৩০ তেতিয়া তেওঁলোকে কিবা উপায়েৰে যীচুক ধৰিবলৈ সুযোগ বিচাৰি থাকিল। কিন্তু কোনেও তেওঁৰ গাত হাত নিদিলে। কিয়নো তেওঁৰ সময় তেতিয়ালৈকে অহা নাছিল। ৩১ তথাপিও ভীৰৰ মাজৰ বহুতো লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু কʼলে, “এই মানুহজনে ইমান চমৎকাৰ কৰিলে, এওঁ যদি খ্ৰীষ্ট নহয়, তেনেহʼলে কোন হয়?”
৩২ ফৰীচীসকলে শুনিলে যে ভীৰে তেওঁৰ বিষয়ে মনে মনে কথা পাতি আছে। আৰু প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে যীচুক ধৰিবলৈ* পহৰা দিয়া লোকসকলক পঠিয়ালে। ৩৩ তেতিয়া যীচুৱে কʼলে, “যিজনে মোক পঠাইছে, তেওঁৰ ওচৰলৈ যোৱাৰ আগতে মই তোমালোকৰ লগত কিছু সময় থাকিম। ৩৪ তোমালোকে মোক বিচাৰিবা, কিন্তু মোক নাপাবা আৰু মই যʼত থাকিম, তাত তোমালোকে আহিব নোৱাৰিবা।” ৩৫ সেইবাবে, যিহূদীসকলে নিজৰ মাজতে কʼবলৈ ধৰিলে, “এই মানুহজন কʼলৈ যাব বিচাৰে যে আমি তেওঁক বিচাৰি নাপাম? ই সেই যিহূদীসকলৰ ওচৰলৈ যাবতো বিচৰা নাই, যিসকলে গ্ৰীকসকলৰ মাজত সিঁচৰিত হৈ থাকে? ই গ্ৰীকসকলক শিকাব বিচৰাতো নাই? ৩৬ ই কি কৈ আছে, ‘তোমালোকে মোক বিচাৰিবা, কিন্তু বিচাৰি নাপাবা আৰু মই যʼত থাকিম, তাত তোমালোকে আহিব নোৱাৰিবা’?”
৩৭ তাৰ পাছত উৎসৱৰ শেষৰ দিনা, যি আটাইতকৈ বিশেষ দিন হয়, যীচুৱে থিয় হৈ জোৰেৰে কʼলে, “যদি কাৰোবাৰ পিয়াহ লাগিছে, তেনেহʼলে মোৰ ওচৰলৈ আহি পানী খোৱা। ৩৮ যিজনে মোৰ ওপৰত বিশ্বাস কৰে, শাস্ত্ৰত কোৱাৰ দৰে ‘তেওঁৰ হৃদয়ৰ পৰা জীৱন দিয়াৰ পানীৰ সোঁত বʼব।’” ৩৯ এই কথা তেওঁ পবিত্ৰ শক্তিৰ বিষয়ে কৈছিল, যি যীচুৰ ওপৰত বিশ্বাস কৰা লোকসকলে পাবলগীয়া আছিল। তেওঁলোকে তেতিয়ালৈকে পবিত্ৰ শক্তি পোৱা নাছিল। কিয়নো যীচুৱে তেতিয়ালৈকে মহিমা পোৱা নাছিল। ৪০ যেতিয়া ভীৰৰ কিছুমান লোকে এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “ই সঁচাকৈ সেইজন ভৱিষ্যবক্তাই হয়, যিজন আহিবলগীয়া আছিল।” ৪১ আন কিছুমানে কৈছিল, “ইয়েই খ্ৰীষ্ট হয়।” কিন্তু কিছুমান লোকে কৈছিল, “খ্ৰীষ্ট জানো গালীলৰ পৰা আহিব? ৪২ খ্ৰীষ্ট দায়ূদৰ বংশৰ পৰা আৰু দায়ূদৰ গাঁও অৰ্থাৎ বৈৎলেহমৰ পৰা আহিব বুলি শাস্ত্ৰত কোৱা নাই নে?” ৪৩ সেইবাবে, যীচুৰ কাৰণে ভীৰৰ মাজত এজনে-আনজনৰ কথা নিমিলা হʼল। ৪৪ তেওঁলোকৰ মাজৰ কিছুমানে তেওঁক ধৰিব বিচাৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
৪৫ যি পহৰা দিয়া লোকসকলক পঠোৱা হৈছিল, তেওঁলোকে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ ওচৰলৈ খালী হাতেৰে ঘূৰি আহিলে। তেতিয়া তেওঁলোকে পহৰা দিয়া লোকসকলক সুধিলে, “তোমালোকে তাক কিয় ধৰি নানিলা?” ৪৬ পহৰা দিয়া লোকসকলে কʼলে, “আজিলৈকে কোনো মানুহে তেওঁৰ দৰে কথা কোৱা নাই।” ৪৭ তেতিয়া ফৰীচীবিলাকে তেওঁলোকক কʼলে, “তোমালোকেও তাৰ কথাত ভুল গʼলা নেকি? ৪৮ ধৰ্ম-অধিকাৰী আৰু ফৰীচীবিলাকৰ মাজৰ এজনেও জানো তেওঁৰ ওপৰত বিশ্বাস কৰিছে? ৪৯ কিন্তু নিয়মৰ বিষয়ে একোকে নজনা এই লোকসকল শাও পোৱা লোক।” ৫০ তেতিয়া নীকদীম, যি এই ধৰ্ম-অধিকাৰীসকলৰ মাজৰ এজন আছিল আৰু আগতে যীচুৰ ওচৰলৈ আহিছিল, তেওঁ তেওঁলোকক কʼলে, ৫১ “প্ৰথমে এজন ব্যক্তিৰ কথা নুশুনি অথবা তেওঁ কি কৰে, সেয়া নাজানি আমাৰ নিয়মে কাৰোবাক দোষী কৰে নে?” ৫২ তেওঁলোকে নীকদীমক কʼলে, “তুমিও গালীলৰতো নহয়? শাস্ত্ৰত ধ্যান দি পঢ়ি চোৱা, কোনো ভৱিষ্যবক্তা গালীলৰ পৰা নাহিব।”*