ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • তেওঁ যিহূদী আৰু ইস্ৰায়েলী নোহোৱা লোকসকলৰ ন্যায় কৰে (১-১৬)

        • বিবেকে কেনেকৈ কাম কৰে (১৪, ১৫)

      • যিহূদী আৰু মোচিৰ নিয়ম (১৭-২৪)

      • হৃদয়ৰ চুন্নৎ (২৫-২৯)

ৰোমীয়া ২:১৪

ফুটনোট

  • *

    আক্ষ., “ৰাষ্ট্ৰ।”

ৰোমীয়া ২:১৮

ফুটনোট

  • *

    বা “মৌখিকভাৱে শিকোৱা হৈছে।”

ৰোমীয়া ২:২০

ফুটনোট

  • *

    এয়া হয়তো সেই লোকসকলক বুজাইছে, যিসকলে জ্ঞান আৰু বুজা শক্তি বঢ়োৱাৰ প্ৰয়োজন।

ৰোমীয়া ২:২২

ফুটনোট

  • *

    ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ২:১-২৯

ৰোমীয়াসকললৈ

২ হে নিন্দা কৰাজন, তুমি যোনেই নোহোৱা কিয়, যদি তুমি আনৰ নিন্দা কৰা, তেনেহʼলে তুমি নিজকেও সঠিক বুলি কʼব নোৱাৰিবা। যেতিয়া তুমি আনৰ নিন্দা কৰা, তেতিয়া তুমিও শাস্তি পোৱাৰ যোগ্য হোৱা, কিয়নো তুমি যিবোৰ কামৰ বাবে আনৰ নিন্দা কৰা, সেইবোৰ কাম তুমি নিজেও কৰি থাকা। ২ আমি জানোঁ যে ঈশ্বৰৰ ন্যায় সত্য হয় আৰু যিসকলে এই কামবোৰত লাগি থাকে, তেওঁ তেওঁলোকক শাস্তি দিব।

৩ কিন্তু হে মানুহ, তুমি এনে কাম কৰা লোকসকলক নিন্দা কৰা, কিন্তু নিজেই এই কামবোৰতে লাগি থাকা, তুমি ঈশ্বৰৰ শাস্তিৰ পৰা বাচি যাম বুলি ভাবিছা নে? ৪ তুমি ঈশ্বৰৰ কৃপা, তেওঁৰ সহনশীল আৰু ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা গুণক তুচ্ছ বুলি গণ্য কৰিছা নে? ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে বুলি তুমি নাজানা নে? ৫ কিন্তু তোমালোকৰ হৃদয় কঠোৰ আৰু অনুতাপ কৰিবলৈ সাজু নথকাৰ বাবে তোমালোকে নিজলৈ সেই দিনৰ বাবে ঈশ্বৰৰ ক্ৰোধ সাঁচি থৈছা, যেতিয়া তেওঁ নিজৰ সঠিক মানদণ্ডৰ অনুসৰি ন্যায় কৰিব। ৬ তেওঁ প্ৰতিজনকে তেওঁলোকৰ কামৰ অনুসৰি ফল দিব। ৭ যিসকলে মহিমা, আদৰ আৰু অবিনাশী শৰীৰ পাবলৈ ধৈৰ্য্যেৰে ভাল কামত লাগি থাকে, তেওঁলোকক তেওঁ অনন্ত জীৱন দিব। ৮ কিন্তু যিসকলে কাজিয়া কৰে আৰু সত্যতাক মনাৰ পৰিৱৰ্তে দুষ্ট কাম কৰে, তেওঁলোকৰ ওপৰত তেওঁৰ ক্ৰোধ আৰু খং জ্বলি উঠিব। ৯ যিসকলে বেয়া কামত লাগি থাকে, তেওঁলোকৰ ওপৰত সংকট আৰু সমস্যা আহিব। প্ৰথমে যিহূদীৰ ওপৰত আৰু তাৰ পাছত ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওপৰত। ১০ কিন্তু যিসকলে ভাল কাম কৰে, তেওঁলোকক ঈশ্বৰে মহিমা, আদৰ আৰু শান্তি দিব। প্ৰথমতে যিহূদীসকলক আৰু তাৰ পাছত ইস্ৰায়েলী নোহোৱা লোকসকলক। ১১ কাৰণ ঈশ্বৰে পক্ষপাত নকৰে।

১২ যিসকলে ঈশ্বৰৰ নিয়ম নাজানি পাপ কৰিলে, সেই সকলোৰে নিয়মৰ অবিহনে মৃত্যু হʼব। কিন্তু যিসকলে নিয়ম জানিও পাপ কৰিলে, তেওঁলোকৰ ন্যায় নিয়মৰ অনুসৰি হʼব। ১৩ কিয়নো যিসকলে নিয়ম শুনে, তেওঁলোকক নহয়, কিন্তু যিসকলে নিয়ম পালন কৰে, তেওঁলোককহে ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণ্য কৰা হʼব। ১৪ ইস্ৰায়েলী নোহোৱা লোকসকলে* ঈশ্বৰৰ নিয়ম নজনাৰ সত্ত্বেও নিয়মৰ অনুসৰি কাম কৰে, যদিও তেওঁলোকে নিয়ম নাজানে, তথাপি সেই নিয়ম তেওঁলোকৰ হৃদয়ত আছে। ১৫ নিয়মৰ কথাবোৰ তেওঁলোকৰ হৃদয়ত লিখা আছে বুলি তেওঁলোকে দেখুৱায় আৰু তেওঁলোকৰ বিবেকেও সাক্ষ্য দিয়ে আৰু তেওঁলোকৰ চিন্তাধাৰাই তেওঁলোকক দোষী বা নিৰ্দোষী বুলি অনুভৱ কৰিবলৈ সহায় কৰে। ১৬ এয়া সেই সময়ত হʼব, যেতিয়া ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি মানুহবিলাকৰ লুকাই থকা কথাৰ ন্যায় কৰিব আৰু এই ন্যায় সেই শুভবাৰ্তাৰ অনুসৰি কৰা হʼব, যি মই শুনাই আছোঁ।

১৭ যদি তুমি নিজকে যিহূদী বুলি কোৱা আৰু ঈশ্বৰৰ নিয়মৰ ওপৰত ভৰসা কৰা আৰু তুমি ঈশ্বৰৰ লগত থকা নিজৰ সম্পৰ্কক লৈ গৰ্ব কৰা ১৮ আৰু জানা যে তেওঁৰ ইচ্ছা কি আৰু তোমাক নিয়ম শিকোৱা হৈছে,* যাৰ বাবে তুমি উত্তম কথাবোৰ বুজি পোৱা, ১৯ তোমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তুমি অন্ধক পথ দেখুৱাওঁতা আৰু অন্ধকাৰত থকা লোকসকলৰ কাৰণে পোহৰ হোৱা, ২০ তুমি মূৰ্খক শুধৰণি কৰাওঁতা আৰু শিশুসকলৰ* গুৰু হোৱা আৰু নিয়মত পোৱা জ্ঞান আৰু সত্যৰ প্ৰাথমিক শিক্ষা বুজি পোৱা। ২১ তেনেহʼলে তুমি যি আনক শিকোৱা, তুমি নিজকে নিশিকোৱা নে? তুমি যি “চুৰ নকৰিবা” বুলি প্ৰচাৰ কৰা, তুমি নিজে চুৰ কৰা নে? ২২ তুমি কোৱা যে “ব্যভিচাৰ* নকৰিবা,” কিন্তু তুমি নিজেই এইদৰে কৰা নে? তুমি মূৰ্তিবোৰক ঘিণ কৰা, তুমি নিজেই মন্দিৰ লুট কৰা নে? ২৩ তুমি যি নিয়মক লৈ অহংকাৰ কৰা, তুমি নিজেই নিয়মৰ বিৰুদ্ধে গৈ ঈশ্বৰক অনাদৰ কৰা নে? ২৪ কিয়নো শাস্ত্ৰত লিখা আছে, “তোমালোকৰ কাৰণে ৰাষ্ট্ৰৰ মাজত ঈশ্বৰৰ নাম বদনাম হৈ আছে।”

২৫ তোমাৰ কাৰণে চুন্নৎ তেতিয়াহে লাভজনক হʼব, যেতিয়া তুমি নিয়ম পালন কৰা। কিন্তু যদি তুমি নিয়ম পালন নকৰা, তেনেহʼলে তোমাৰ চুন্নৎ, চুন্নৎ নোহোৱাৰ দৰে হʼব। ২৬ সেইবাবে, চুন্নৎ নোহোৱা ব্যক্তিজনে যদি নিয়মত কোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেনেহʼলে তেওঁৰ চুন্নৎ নোহোৱাটো, চুন্নৎ হোৱাৰ দৰে নুবুজাব নে? ২৭ আৰু শাৰীৰিকভাৱে চুন্নৎ নোহোৱা সেই ব্যক্তিজনে নিয়ম পালন কৰি তোমাক দোষী কৰে, কিয়নো তোমাৰ ওচৰত লিখিতভাৱে নিয়ম আছে আৰু তোমাৰ চুন্নৎ হৈছে, তথাপি তুমি নিয়ম পালন নকৰা। ২৮ কিয়নো বাহিৰৰ পৰা যিহূদী হʼলেই যে তেওঁ প্ৰকৃত যিহূদী হʼব, এনে নহয় আৰু শাৰীৰিকভাৱে চুন্নৎ কৰা হʼলেই যে সেয়া প্ৰকৃত চুন্নৎ হʼব, এনে নহয়। ২৯ কিন্তু প্ৰকৃত যিহূদী তেওঁ হয়, যিজন ভিতৰৰ পৰা যিহূদী আৰু প্ৰকৃত চুন্নৎ লিখিত নিয়মৰ অনুসৰি হোৱা চুন্নৎ নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ অনুসৰি হোৱা হৃদয়ৰ চুন্নৎ হয়। এনে ব্যক্তিয়ে লোকসকলৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰা প্ৰশংসা পায়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক