ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ কৰিন্থীয়া ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ কৰিন্থীয়া ১:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

১ কৰিন্থীয়া ১:১২

ফুটনোট

  • *

    পিতৰ বুলিও কোৱা হৈছিল।

১ কৰিন্থীয়া ১:১৩

ফুটনোট

  • *

    বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

১ কৰিন্থীয়া ১:১৭

ফুটনোট

  • *

    শব্দকোষ চাওক।

১ কৰিন্থীয়া ১:২০

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

  • *

    আক্ষ., “লেখক।” শব্দকোষ চাওক।

১ কৰিন্থীয়া ১:২৬

ফুটনোট

  • *

    বা “মানুহৰ মানদণ্ডৰ অনুসৰি।”

১ কৰিন্থীয়া ১:৩১

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ কৰিন্থীয়া ১:১-৩১

কৰিন্থীয়াসকললৈ প্ৰথম চিঠি

১ মই পৌল, যিজনক ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ পাঁচনি* হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। আমাৰ ভাই চোস্থিনিৰ লগত ২ এই চিঠি ঈশ্বৰৰ সেই মণ্ডলীলৈ লিখি আছোঁ, যি কৰিন্থত আছে। খ্ৰীষ্ট যীচুৰ শিষ্য হোৱাৰ কাৰণে তোমালোকক পবিত্ৰ কৰা হৈছে আৰু পবিত্ৰ লোক হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। মই সেই সকলো ভাইলৈও লিখি আছোঁ, যিসকলে আমাৰ আৰু তেওঁলোকৰো প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সকলো ঠাইতে নাম লয়:

৩ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।

৪ ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকক যি মহা-কৃপা কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। ৫ তোমালোকে খ্ৰীষ্ট যীচুত সকলো বিষয়ত বাক্য শুনাবলৈ সম্পূৰ্ণ দক্ষতাৰে আৰু জ্ঞানেৰে উপচি পৰিছা। ৬ যিহেতু খ্ৰীষ্টৰ বিষয়ে সাক্ষ্যৰ ওপৰত তোমালোকে গভীৰভাৱে বিশ্বাস কৰিলা। ৭ সেইবাবে, তোমালোকৰ কোনো ধৰণৰ বৰদানৰ অভাৱ নাই আৰু তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰকাশ হোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছা। ৮ ঈশ্বৰে তোমালোকক শেষলৈকে মজবুত কৰি ৰাখিব যাতে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দিনত তোমালোক নিৰ্দোষী বুলি গণিত হʼবা। ৯ ঈশ্বৰ বিশ্বাসযোগ্য হয়, তেওঁ নিজৰ পুত্ৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ লগত সহভাগীতা হʼবলৈ তোমালোকক নিমন্ত্ৰণ কৰিছে।

১০ এতিয়া হে ভাইসকল, মই তোমালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে অনুৰোধ কৰোঁ যে তোমালোক সকলোৱে একে কথা কোৱা আৰু তোমালোকৰ মাজত বিভেদ নাথাকক, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ যেন একে মন আৰু একে চিন্তাধাৰা হওক যাতে তোমালোকৰ মাজত একতা থাকে। ১১ কাৰণ মোৰ ভাইসকল, ক্লোয়ীহঁতৰ ঘৰৰ কিছুমান লোকে মোক কৈছে যে তোমালোকৰ মাজত কাজিয়া হৈছে। ১২ মই কোৱাৰ অৰ্থ হৈছে, তোমালোকৰ মাজৰ কিছুমানে কয়, “মই পৌলৰ শিষ্য হওঁ,” আন কিছুমানে কয়, “মই আপল্লোৰ শিষ্য হওঁ” আৰু আন কিছুমানে কয়, “মই কৈফাৰ* শিষ্য হওঁ” বা “মই খ্ৰীষ্টৰ শিষ্য হওঁ।” ১৩ খ্ৰীষ্টক তোমালোকৰ মাজত ভাগ কৰা হʼল নে? পৌলক জানো তোমালোকৰ কাৰণে কাঠত আঁৰি হত্যা কৰা হৈছিল? বা তোমালোকে জানো পৌলৰ নামেৰে বাপ্তিষ্মা* লৈছিলা? ১৪ ঈশ্বৰলৈ ধন্যবাদ যে মই ক্ৰিষ্প আৰু গায়ৰ বাহিৰে তোমালোকৰ মাজৰ এজনকো বাপ্তিষ্মা দিয়া নাই ১৫ যাতে কোনেও কʼব নোৱাৰে যে তোমালোকে মোৰ নামেৰে বাপ্তিষ্মা লৈছা। ১৬ হয়, মই স্তিফানাৰ পৰিয়ালকো বাপ্তিষ্মা দিছোঁ। এওঁলোকৰ বাহিৰে আন কাৰোবাক বাপ্তিষ্মা দিয়াটো মোৰ মনত পৰা নাই। ১৭ কাৰণ খ্ৰীষ্টই মোক বাপ্তিষ্মা দিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে শুভবাৰ্তা শুনাবলৈ পঠাইছে আৰু এয়া মই জ্ঞানী ব্যক্তিসকলৰ ভাষাত শুনাব নালাগে যাতে খ্ৰীষ্টৰ যাতনাৰ কাঠ* ব্যৰ্থ নহয়।

১৮ কাৰণ যাতনা কাঠৰ বাৰ্তা সেই লোকসকলৰ কাৰণে মূৰ্খতা হয়, যিসকল বিনাশৰ ফালে গৈ আছে, কিন্তু আমি উদ্ধাৰ পোৱা বিলাকৰ কাৰণে এয়া ঈশ্বৰৰ শক্তি হয়। ১৯ কিয়নো লিখা আছে, “মই বুদ্ধিমান লোকসকলৰ বুদ্ধি শেষ কৰিম আৰু জ্ঞানী লোকসকলৰ জ্ঞান অস্বীকাৰ কৰিম।” ২০ এই জগতৰ* বুদ্ধিমান লোকসকল কʼত? নিয়ম শিকোৱা লোকসকল* কʼত? তৰ্ক-বিতৰ্ক কৰা লোকসকল কʼত? ঈশ্বৰে এই জগতৰ বুদ্ধিক মূৰ্খতা বুলি প্ৰমাণ নকৰিলে নে? ২১ কাৰণ এই জগতৰ লোকসকলে নিজৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰক জানিব নোৱাৰিলে, কিন্তু আমি যি বাৰ্তা প্ৰচাৰ কৰোঁ আৰু যাক জগতৰ লোকসকলে মূৰ্খতা বুলি ভাবে, সেই বাৰ্তাৰ ওপৰত যিসকলে বিশ্বাস কৰে, তেওঁলোকক উদ্ধাৰ কৰাৰ যোগেদি ঈশ্বৰে নিজৰ বুদ্ধি দেখুৱাইছে।

২২ যিহূদী লোকসকলে চমৎকাৰ বিচাৰে আৰু গ্ৰীক লোকসকলে বুদ্ধি বিচাৰি থাকে, ২৩ কিন্তু আমি কাঠত আঁৰি দিয়া খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰোঁ, যি যিহূদীসকলৰ কাৰণে উজুটি খোৱাৰ কাৰণ হয় আৰু ইস্ৰায়েলী নোহোৱা লোকসকলৰ কাৰণে মূৰ্খতা হয়। ২৪ কিন্তু যিসকলক নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোক যিহূদী হওক বা গ্ৰীকেই হওক, তেওঁলোকৰ কাৰণে খ্ৰীষ্ট, ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ বুদ্ধি হয়। ২৫ কিয়নো ঈশ্বৰৰ যিবোৰ কথা মানুহে মূৰ্খতা বুলি ভাবে, সেইবোৰ মানুহৰ বুদ্ধিতকৈ শ্ৰেষ্ঠ হয় আৰু ঈশ্বৰৰ যিবোৰ কথা মানুহে দুৰ্বলতা বুলি ভাবে, সেইবোৰ মানুহৰ শক্তিতকৈ বহুত শক্তিশালী হয়।

২৬ ভাইসকল, তোমালোকে দেখিছা যে ঈশ্বৰে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰিছিল, তেতিয়া তোমালোকৰ মাজৰ বেছি ভাগেই মানুহৰ দৃষ্টিত* বুদ্ধিমান নাছিলা, শক্তিশালী নাছিলা বা উচ্চ বংশৰ লোক নাছিলা। ২৭ ইয়াৰ পৰিৱৰ্তে, বুদ্ধিমান লোকসকলক লাজত পেলাবলৈ ঈশ্বৰে জগতৰ মূৰ্খ লোকসকলক বাছনি কৰিলে আৰু শক্তিশালী লোকসকলক লাজত পেলাবলৈ ঈশ্বৰে জগতৰ দুৰ্বল লোকসকলক বাছনি কৰিলে। ২৮ ঈশ্বৰে এনে লোকসকলক বাছনি কৰিলে, যিসকলক জগতে তুচ্ছ বুলি ভাবে আৰু তল চকুৰে চায় আৰু যাৰ কোনো মূল্যই নাই, সেই লোকসকলক ঈশ্বৰে বাছনি কৰিলে যাতে মূল্যৱান লোকসকলক তেওঁ মূল্যহীন কৰিব পাৰে ২৯ আৰু কোনো মানুহে যেন ঈশ্বৰৰ ওচৰত ফিতাহি মাৰিব নোৱাৰে। ৩০ কিন্তু তোমালোকে ঈশ্বৰৰ কাৰণেহে যীচুৰ লগত একতাত আছা। তেওঁ ঈশ্বৰৰ বুদ্ধি প্ৰকাশ কৰিলে, তেৱেঁই ঈশ্বৰৰ দৃষ্টিত আমাক ভাল মানুহ বুলি গণিত কৰিলে, তেৱেঁই আমাক পবিত্ৰ কৰিলে আৰু মুক্তিৰ মূল্যৰ যোগেদি আমাক মুক্ত কৰিলে ৩১ যাতে সেইদৰেই হওক, যিদৰে লিখা আছে, “যিজনে গৰ্ব কৰে, তেওঁ যিহোৱাৰ* বিষয়ে গৰ্ব কৰক।”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক