ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ কৰিন্থীয়া ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ কৰিন্থীয়া ২:৬

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

১ কৰিন্থীয়া ২:৮

ফুটনোট

  • *

    বা “কাঠত আঁৰি হত্যা নকৰিলেহেঁতেন।”

১ কৰিন্থীয়া ২:১৩

ফুটনোট

  • *

    বা “ঈশ্বৰৰ পবিত্ৰ শক্তিৰ।”

১ কৰিন্থীয়া ২:১৫

ফুটনোট

  • *

    বা “পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা ব্যক্তি।”

১ কৰিন্থীয়া ২:১৬

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ কৰিন্থীয়া ২:১-১৬

কৰিন্থীয়াসকললৈ প্ৰথম চিঠি

২ সেইবাবে ভাইসকল, যেতিয়া মই তোমালোকৰ ওচৰলৈ আহিছিলোঁ আৰু মই ঈশ্বৰৰ পবিত্ৰ ৰহস্য জনাইছিলোঁ, তেতিয়া ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰা নাছিলোঁ বা নিজকে বুদ্ধিমান বুলি দেখুৱাও নাছিলোঁ। ২ কিয়নো যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়া মই কেৱল যীচু খ্ৰীষ্ট আৰু তেওঁক কাঠত আঁৰি দিয়াৰ বিষয়ে তোমালোকৰ ধ্যান আকৰ্ষণ কৰিবলৈ নিৰ্ণয় লৈছিলোঁ। ৩ মই দুৰ্বলতাৰে সৈতে আৰু ভয়ত কঁপি কঁপি তোমালোকৰ ওচৰলৈ আহিছিলোঁ। ৪ যেতিয়া মই তোমালোকক প্ৰচাৰ কৰিছিলোঁ, তেতিয়া তোমালোকৰ বিশ্বাস জন্মাবলৈ জ্ঞানৰ ডাঙৰ ডাঙৰ কথাবোৰ শিকোৱা নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে মোৰ কথাবোৰে পবিত্ৰ শক্তিৰ ক্ষমতা প্ৰকাশ কৰিলে ৫ যাতে তোমালোকৰ বিশ্বাস মানুহৰ বুদ্ধিৰ ওপৰত নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰ ওপৰত হয়।

৬ এতিয়া আমি পৰিপক্ক লোকসকলৰ বুদ্ধিৰ বিষয়ে কওঁ। কিন্তু এই জগতৰ* বুদ্ধি বা এই জগতত শাসন কৰা লোকসকলৰ বুদ্ধিৰ বিষয়ে নহয়, যি নাইকিয়া হৈ যাব। ৭ ইয়াৰ পৰিৱৰ্তে, আমি এই পবিত্ৰ ৰহস্য অৰ্থাৎ ঈশ্বৰৰ লুকাই থকা বুদ্ধিৰ বিষয়ে কওঁ। এই জগতৰ ব্যৱস্থাৰ আৰম্ভণি হোৱাৰ আগতেই ঈশ্বৰে এই বুদ্ধিৰ অনুসৰি কাম কৰিবলৈ নিৰ্ণয় লৈছিল যাতে আমি মহিমা পাওঁ। ৮ এই বুদ্ধিৰ বিষয়ে এই জগতত শাসন কৰা লোকসকলৰ মাজৰ কোনেও জানিব নোৱাৰিলে। তেওঁলোকে এয়া জনা হʼলে তেওঁলোকে মহিমাপূৰ্ণ প্ৰভুক হত্যা নকৰিলেহেঁতেন।* ৯ কিন্তু যিদৰে শাস্ত্ৰত লিখা আছে, “যি বিষয়বোৰ কোনেও দেখা নাই, কোনেও শুনা নাই, আনকি কোনেও কল্পনাও কৰা নাই, সেইবোৰ ঈশ্বৰে সেই লোকসকলৰ কাৰণে প্ৰস্তুত কৰিছে, যিসকলে তেওঁক প্ৰেম কৰে।” ১০ কাৰণ ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি এই কথাবোৰ আমাক জনালে আৰু এই শক্তিৰে সকলো কথা আনকি ঈশ্বৰৰ গভীৰ কথাবোৰো অনুসন্ধান কৰে।

১১ কোনো মানুহে কাৰোবাৰ মনৰ কথা জানিব পাৰে নে? কেতিয়াও নোৱাৰে। সেই ব্যক্তিৰ মনৰ কথা কেৱল তেওঁ নিজেই জানে। ঠিক সেইদৰে, কোনেও ঈশ্বৰৰ মনৰ কথা জানিব নোৱাৰে, কেৱল ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে জানিব পাৰে। ১২ আমি জগতৰ মনোভাৱ পোৱা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পবিত্ৰ শক্তি পাইছোঁ যাতে আমি সেই কথাবোৰ জানিব পাৰোঁ, যি ঈশ্বৰে আমাৰ ওপৰত কৃপা কৰি আমাক দিছে। ১৩ আমি এই কথাবোৰ আনকো জনাওঁ, কিন্তু মানুহৰ বুদ্ধিৰে শিকোৱা শব্দৰে নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ যোগেদি শিকোৱা শব্দৰে শিকাওঁ, কিয়নো ঈশ্বৰৰ কথাবোৰ ঈশ্বৰৰ* শব্দৰে বুজাওঁ।

১৪ কিন্তু মানুহৰ চিন্তাধাৰা ৰখা ব্যক্তিয়ে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ কথাবোৰ গ্ৰহণ নকৰে, কিয়নো তেওঁৰ দৃষ্টিত এইবোৰ মূৰ্খতা। তেওঁ এই কথাবোৰ জানিব নোৱাৰে, কিয়নো এইবোৰ পবিত্ৰ শক্তিৰ সহায়তহে চালি-জাৰি চাব পাৰি। ১৫ ঈশ্বৰৰ চিন্তাধাৰা ৰখা ব্যক্তিয়ে* মানুহৰ সকলো বিষয় চালি-জাৰি চাব পাৰে, কিন্তু কোনো মানুহে তেওঁক চালি-জাৰি চাব নোৱাৰে। ১৬ কিয়নো “যিহোৱাৰ* মন কোনে বুজিব পাৰে যে তেওঁক শিকাব পাৰে? কিন্তু খ্ৰীষ্টৰ দৰে চিন্তাধাৰা আমাৰো আছে।”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক