যোহনে লিখা শুভবাৰ্তা
১৮ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলৰ লগত কিদ্ৰোণ উপত্যকা* পাৰ হৈ সেই ঠাইলৈ গʼল, যʼত এখন বাগিচা আছিল। তেওঁ আৰু তেওঁৰ শিষ্যসকলে বাগিচাৰ ভিতৰলৈ গʼল। ২ যীচুৰ লগত বিশ্বাসঘাত কৰিবলগীয়া যিহূদাও এই ঠাইৰ বিষয়ে জানিছিল, কিয়নো যীচুৱে নিজৰ শিষ্যসকলৰ লগত প্ৰায়েই সেই ঠাইলৈ গৈছিল। ৩ সেইবাবে, যিহূদাই নিজৰ লগত সৈনিকসকলৰ দল, প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকক পহৰা দিয়া লোকসকলক তালৈ লৈ আহিল। তেওঁলোকে হাতত জোঁৰ, চাকি আৰু অস্ত্ৰ-শস্ত্ৰ লৈ আছিল। ৪ যীচুৱে জানিছিল যে তেওঁৰ লগত কি কি হʼবলগীয়া আছে, সেইবাবে তেওঁ আগবাঢ়ি আহি তেওঁলোকক কʼলে, “তোমালোকে কাক বিচাৰি আছা?” ৫ তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক কʼলে, “মই সেইজনেই হওঁ।” তেওঁৰ লগত বিশ্বাসঘাত কৰিবলগীয়া যিহূদাও তেওঁলোকৰ লগত থিয় হৈ আছিল।
৬ যীচুৱে যেতিয়া কʼলে, “মই সেইজনেই হওঁ,” তেতিয়া তেওঁলোকে পিছফালে আঁতৰি মাটিত পৰি গʼল। ৭ সেইবাবে, যীচুৱে তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কাক বিচাৰি আছা?” তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুক।” ৮ যীচুৱে কʼলে, “মই তোমালোকক কʼলোঁ যে মই সেইজনেই হওঁ। যদি তোমালোকে মোক বিচাৰি আছা, তেনেহʼলে এওঁলোকক যাবলৈ দিয়া।” ৯ এইদৰে হোৱাৰ কাৰণ হৈছে যাতে তেওঁৰ এই কথাবোৰ পূৰ হয়, “যিসকলক তুমি মোক দিলা, তেওঁলোকৰ মাজৰ এজনকো মই হেৰুৱা নাই।”
১০ চিমোন পিতৰৰ ওচৰত এখন তৰোৱাল আছিল। তেওঁ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি তেওঁৰ সোঁ কাণখন কাটি পেলালে। সেই দাসজনৰ নাম মল্ক আছিল। ১১ কিন্তু যীচুৱে পিতৰক কʼলে, “তৰোৱালখন খাপত ভৰাই থোৱা। পিতৃয়ে যি পাত্ৰ মোক দিলে, সেয়া খোৱাটো মই উচিত নহয় নে?”
১২ তেতিয়া সেনাপতি আৰু সৈনিকসকলে আৰু যিহূদীসকলে পঠোৱা পহৰা দিয়া লোকসকলে যীচুক ধৰিলে* আৰু তেওঁক বান্ধিলে। ১৩ তেওঁলোকে যীচুক প্ৰথমে হাননৰ ওচৰলৈ লৈ গʼল, কিয়নো তেওঁ কায়াফাৰ শহুৰেক আছিল আৰু কায়াফা সেই বছৰৰ মহা-পুৰোহিত আছিল। ১৪ আচলতে কায়াফাই যিহূদীসকলক পৰামৰ্শ দিছিল যে এজন মানুহ সকলোৰে কাৰণে মৰিলে তেওঁলোকৰেই লাভ হʼব।
১৫ চিমোন পিতৰ আৰু এজন শিষ্যই যীচুৰ পিছে পিছে গʼল। এই শিষ্যজন মহা-পুৰোহিতৰ চিনাকী আছিল আৰু তেওঁ যীচুৰ লগত মহা-পুৰোহিতৰ চোতাললৈ গʼল। ১৬ কিন্তু পিতৰে বাহিৰৰ দুৱাৰত* থিয় হৈ আছিল। সেইবাবে, আন শিষ্যজন যি মহা-পুৰোহিতৰ চিনাকী আছিল, তেওঁ বাহিৰলৈ গʼল আৰু দুৱাৰ ৰখীয়াৰ লগত কথা পাতিলে। তাৰ পাছত তেওঁ পিতৰক ভিতৰলৈ লৈ আহিলে। ১৭ তেতিয়া সেই দুৱাৰ ৰখীয়া চাকৰণীজনীয়ে পিতৰক কʼলে, “তুমিও সেই মানুহজনৰ শিষ্য নহয় নে?” তেওঁ কʼলে, “নহয়, মই নহওঁ।” ১৮ তাত দাস আৰু পহৰা দিয়া লোকসকল থিয় হৈ আছিল আৰু ঠাণ্ডাৰ কাৰণে জুই পুৱাই আছিল। পিতৰেও তেওঁলোকৰ লগত থিয় হৈ জুই পুৱাই আছিল।
১৯ তেতিয়া প্ৰধান পুৰোহিতে যীচুক তেওঁৰ শিষ্যসকলৰ বিষয়ে আৰু তেওঁৰ শিক্ষাৰ বিষয়ে কিছুমান প্ৰশ্ন কৰিলে। ২০ যীচুৱে উত্তৰ দিলে, “মই গোটেই জগতৰ আগত মুকলিকৈ কʼলোঁ। মই সদায় সভাঘৰত আৰু মন্দিৰত শিকাইছিলোঁ, যʼত সকলো যিহূদী একগোট হয় আৰু মই লুকাই একোৱেই কোৱা নাই। ২১ তেনেহʼলে আপুনি মোক কিয় সুধিছে? যিসকলে মোৰ কথা শুনিছিল, তেওঁলোকক সোধক যে মই তেওঁলোকক কি কি কৈছিলোঁ। চাওক! এওঁলোকে জানে যে মই কি কৈছিলোঁ।” ২২ যেতিয়া যীচুৱে এইদৰে কʼলে, তেতিয়া তাত থিয় হৈ থকা পহৰা দিয়া লোকসকলৰ মাজৰ এজনে যীচুৰ গালত চৰ মাৰিলে আৰু কʼলে, “প্ৰধান পুৰোহিতৰ লগত এইদৰে কথা পাতে নেকি?” ২৩ যীচুৱে উত্তৰ দিলে, “মই কিবা ভুল কৰিলোঁ যদি মোক কোৱা। কিন্তু মই যদি ঠিকেই কʼলোঁ, তেনেহʼলে তুমি মোক কিয় মাৰিলা?” ২৪ তেতিয়া হাননে বান্ধি থোৱা যীচুক মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে।
২৫ চিমোন পিতৰে তাত থিয় হৈ জুই পুৱাই আছিল। তেতিয়া লোকসকলে তেওঁক কʼলে, “তুমিও তেওঁৰ শিষ্য নহয় নে?” তেওঁ অস্বীকাৰ কৰি কʼলে, “নহয়, মই নহওঁ।” ২৬ তাত মহা-পুৰোহিতৰ এজন দাসো থিয় হৈ আছিল, যি সেই মানুহজনৰ সম্বন্ধীয় আছিল, যাৰ কাণ পিতৰে কাটি দিছিল। সেই দাসজনে কʼলে, “মই তোমাক তেওঁৰ লগত বাগিচাত দেখা নাছিলোঁ নে?” ২৭ কিন্তু পিতৰে আকৌ অস্বীকাৰ কৰিলে আৰু সেই সময়তেই এটা কুকুৰাই ডাক দিলে।
২৮ তেতিয়া তেওঁলোকে যীচুক কায়াফাৰ তাৰ পৰা ৰাজ্যপালৰ ঘৰলৈ লৈ গʼল। এয়া ৰাতিপুৱাৰ সময় আছিল। কিন্তু তেওঁলোকে নিজে ৰাজ্যপালৰ ঘৰৰ ভিতৰলৈ নগʼল যাতে তেওঁলোকে অশুচি নহয় আৰু নিস্তাৰ-পৰ্বৰ ভোজ যেন খাব পাৰে। ২৯ সেইবাবে, পীলাতে বাহিৰলৈ তেওঁলোকৰ ওচৰলৈ আহিলে আৰু কʼলে, “এই মানুহজনে কি ভুল কৰাৰ কাৰণে তোমালোকে মোৰ ওচৰলৈ লৈ আহিলা?” ৩০ তেওঁলোকে কʼলে, “ই অপৰাধী নোহোৱা হʼলে, আমি ইয়াক আপোনাৰ হাতত গতাই নিদিলোঁহেঁতেন।” ৩১ তেতিয়া পীলাতে তেওঁলোকক কʼলে, “তোমালোকেই ইয়াক লৈ যোৱা আৰু নিজৰ নিয়মৰ অনুসৰি ইয়াৰ ন্যায় কৰা।” যিহূদীসকলে তেওঁক কʼলে, “নিয়মৰ অনুসৰি কাৰোবাক হত্যা কৰাৰ আমাৰ অধিকাৰ নাই।” ৩২ যীচুৱে যি কৈছিল, সেয়া পূৰ হʼবলৈ এইদৰে হʼল, যীচুৱে আগতেই কৈছিল যে তেওঁৰ মৃত্যু কিদৰে হʼব।
৩৩ তেতিয়া পীলাতে আকৌ নিজৰ ঘৰলৈ গʼল আৰু যীচুক মাতি সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” ৩৪ যীচুৱে উত্তৰ দিলে, “আপুনি এই কথাবোৰ নিজৰ ফালৰ পৰা কৈছে, নে আনে মোৰ বিষয়ে আপোনাক কʼলে?” ৩৫ পীলাতে উত্তৰ দিলে, “মই জানো যিহূদী? তোমাৰ নিজৰ লোক আৰু প্ৰধান পুৰোহিতসকলে তোমাক মোৰ হাতত গতাই দিছে। কোৱা তুমি কি কৰিলা?” ৩৬ যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হʼলে মোক যিহূদীসকলৰ হাতত গতাই নিদিবলৈ মোৰ সেৱকসকলে যুঁজিলেহেঁতেন। কিন্তু আচলতে মোৰ ৰাজ্য এই জগতৰ নহয়।” ৩৭ পীলাতে তেওঁক কʼলে, “তেনেহʼলে তুমি এজন ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই এজন ৰজা বুলি আপুনি নিজেই কৈছে। মই সত্যৰ সাক্ষ্য দিবলৈ জন্ম হৈছোঁ আৰু এই জগতলৈ আহিছোঁ। যি কোনোৱে সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ মাত শুনে।” ৩৮ পীলাতে তেওঁক কʼলে, “সত্য কি হয়?”
এয়া কোৱাৰ পাছত পীলাতে আকৌ বাহিৰলৈ যিহূদীসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক কʼলে, “মই সেই মানুহজনৰ কোনো দোষ বিচাৰি পোৱা নাই। ৩৯ তোমালোকৰ পৰম্পৰাৰ অনুসৰি মই নিস্তাৰ-পৰ্বৰ সময়ত এজন কয়দীক মুকলি কৰা উচিত। মই তোমালোকৰ কাৰণে যিহূদীসকলৰ এই ৰজাক মুকলি কৰাটো তোমালোকে বিচাৰা নে?” ৪০ তেতিয়া তেওঁলোকে আকৌ চিঞৰি কʼলে, “এই মানুহজনক নহয়, কিন্তু বাৰাব্বাক মুকলি কৰি দিয়ক!” আচলতে বাৰাব্বা এজন ডকাইত আছিল।