যোহনে লিখা শুভবাৰ্তা
১২ নিস্তাৰ-পৰ্বৰ ছদিনৰ আগেয়ে যীচু বৈথনিয়ালৈ পালেগৈ। লাজাৰ তাতে থাকিছিল, যিজনক যীচুৱে আকৌ জীয়াই তুলিছিল। ২ তাত যীচুৰ কাৰণে ৰাতিৰ ভোজৰ আয়োজন কৰা হʼল আৰু মাৰ্থাই আহাৰ বাঢ়ি দিছিল। যীচুৰ লগত যিসকলে ভোজনত বহিছিল,* তেওঁলোকৰ মাজত লাজাৰো আছিল। ৩ তেতিয়া মৰিয়মে প্ৰায় ৩২৭ গ্ৰাম* আচল জটামাংসীৰ* বহুমূলীয়া সুগন্ধি তেল লʼলে। তেওঁ যীচুৰ ভৰিত এই তেল ঢালি দিলে আৰু নিজৰ চুলিৰে তেওঁৰ ভৰি মচিলে। তেতিয়া সেই তেলৰ গোন্ধ গোটেই ঘৰখনত মলমলাই গʼল। ৪ কিন্তু যীচুৰ শিষ্যসকলৰ মাজৰ এজন যিহূদা ঈষ্কৰিয়োতীয়াই, যিজনে যীচুক বিশ্বাসঘাত কৰিবলগীয়া আছিল, তেওঁ কʼলে, ৫ “এই সুগন্ধি তেল ৩০০ দীনাৰত* বেচি সেই টকাখিনি দুখীয়াসকলক কিয় দিয়া নহʼল?” ৬ কিন্তু তেওঁ দুখীয়াসকলৰ বিষয়ে চিন্তা কৰাৰ কাৰণে এইদৰে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ চোৰ আছিল আৰু টকাৰ বাকচটো তেওঁৰ লগতে থাকিছিল আৰু তেওঁ তাৰ পৰা টকা চুৰ কৰিছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল। ৭ তেতিয়া যীচুৱে কʼলে, “তেওঁক কৰিবলৈ দিয়া, মোক কবৰ দিবলৈ প্ৰস্তুতি কৰাৰ কাৰণে তেওঁ এইদৰে কৰিছে। ৮ কিয়নো দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম।”
৯ সেই সয়মছোৱাত যিহূদীসকলৰ এটা ডাঙৰ ভীৰে গʼম পালে যে যীচু তাত আছে। তেতিয়া তেওঁলোকে কেৱল যীচুক নহয় কিন্তু লাজাৰকো চাবলৈ আহিছিল, যিজনক যীচুৱে মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তুলিছিল। ১০ এতিয়া প্ৰধান পুৰোহিতসকলে লাজাৰকো হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। ১১ কিয়নো তেওঁৰ কাৰণে বহুতো যিহূদীয়ে তালৈ গৈছিল আৰু যীচুৰ ওপৰত বিশ্বাস কৰিছিল।
১২ পাছ দিনা উৎসৱৰ কাৰণে অহা লোকসকলৰ ডাঙৰ ভীৰে শুনিলে যে যীচু যিৰূচালেমলৈ আহি আছে। ১৩ তেতিয়া তেওঁলোকে খেজুৰৰ ডালবোৰ লৈ তেওঁক লগ কৰিবলৈ ওলালে। তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে আৰু ইস্ৰায়েলৰ ৰজা হয়, তেওঁ ধন্য!” ১৪ যীচুৱে এটা গাধ পোৱালি পাই তাৰ ওপৰত বহিল, যিদৰে লিখা আছে, ১৫ “চিয়োনৰ জীয়াৰী, ভয় নকৰিবা। চোৱা! তোমাৰ ৰজা গাধ পোৱালিৰ ওপৰত বহি আহি আছে।” ১৬ আৰম্ভণিতে তেওঁৰ শিষ্যসকলে এই কথাবোৰৰ অৰ্থ বুজি পোৱা নাছিল। কিন্তু যেতিয়া যীচুৱে মহিমা পালে, তেতিয়া তেওঁলোকৰ মনত পৰিল যে যীচুৰ বিষয়ে যিদৰে লিখা আছিল, তেওঁলোকে ঠিক সেইদৰেই কৰিলে।
১৭ যিসকলে দেখিলে যে যীচুৱে কেনেকৈ লাজাৰক কবৰৰ* পৰা বাহিৰলৈ মাতিলে আৰু মৃত লোকসকলৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁলোকে এই বিষয়ে আনক সাক্ষ্য দি থাকিল। ১৮ সেই ভীৰৰ লোকসকলে এই চমৎকাৰৰ বিষয়ে শুনিছিল, সেইবাবে তেওঁলোকে যীচুক লগ কৰিবলৈ আহিছিল। ১৯ তেতিয়া ফৰীচীবিলাকে নিজৰ মাজতে কʼবলৈ ধৰিলে, “চোৱা, আমি একোৱেই কৰিব পৰা নাই। গোটেই জগত তেওঁৰ পিছে পিছে গৈ আছে।”
২০ উৎসৱৰ সময়ত উপাসনাৰ কাৰণে অহা লোকসকলৰ মাজত কিছুমান গ্ৰীক মানুহো আছিল। ২১ সেইবাবে, তেওঁলোকে ফিলিপৰ ওচৰলৈ আহিল, যিজন গালীলৰ বৈৎচৈদাৰ আছিল। তেওঁলোকে তাক অনুৰোধ কৰিবলৈ ধৰিলে, “আমি যীচুক লগ কৰিব বিচাৰোঁ।” ২২ ফিলিপে গৈ আন্দ্ৰিয়ক কʼলে। আন্দ্ৰিয় আৰু ফিলিপে গৈ যীচুক জনালে।
২৩ কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিলে, “সেই সময় আহি পৰিছে, যেতিয়া মানুহৰ পুত্ৰই মহিমা পাব। ২৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে ঘেঁহুৰ এটা গুটি মাটিত পৰি মৰি নাযায়, তেতিয়ালৈকে সেয়া এটা গুটিয়েই হৈ থাকে। কিন্তু যেতিয়া সেইটো মৰি যায়, তেতিয়া বহুত ফল উৎপন্ন কৰে। ২৫ যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱায়। কিন্তু যিজনে এই জগতত নিজৰ জীৱনক ঘৃণা কৰে, তেওঁ তাক বচাব যাতে অনন্ত জীৱন পায়। ২৬ যিজনে মোৰ সেৱা কৰিব বিচাৰে, তেওঁ মোৰ পিছে পিছে আহক আৰু মই যʼত থাকিম মোৰ সেৱকো তাতে থাকিব। যিজনে মোৰ সেৱা কৰিব, পিতৃয়ে তেওঁক আশীৰ্বাদ কৰিব। ২৭ এতিয়া আৰু মই কি কʼম? মোৰ মন ব্যাকুল হৈছে। হে পিতৃ, মোক এই সময়ৰ পৰা বচোৱা! কিন্তু এই সময়ৰ কাৰণেইতো মই জগতলৈ আহিছোঁ। ২৮ পিতৃ, নিজৰ নাম মহিমা কৰা।” তেতিয়া আকাশৰ পৰা মাত শুনিবলৈ পোৱা গʼল: “মই ইয়াৰ মহিমা কৰিলোঁ আৰু আকৌ কৰিম।”
২৯ যেতিয়া আশে-পাশে থিয় হৈ থকা ভীৰৰ লোকসকলে এই মাত শুনিলে, তেতিয়া লোকসকলে কʼবলৈ ধৰিলে যে মেঘে গাজিছে। আন কিছুমানে কʼলে, “কোনো স্বৰ্গদূতে তেওঁৰ লগত কথা পাতিলে।” ৩০ যীচুৱে কʼলে, “এই মাত মোৰ কাৰণে নহয়, কিন্তু তোমালোকৰ কাৰণে শুনোৱা হৈছে। ৩১ এতিয়া এই জগতৰ ন্যায় কৰা হৈছে আৰু এই জগতৰ শাসকক বাহিৰ কৰি দিয়া হʼব। ৩২ কিন্তু মোক যেতিয়া পৃথিৱীৰ পৰা উঠোৱা হʼব,* তেতিয়া মই সকলো ধৰণৰ লোকক নিজৰ ফালে আকৰ্ষিত কৰিম।” ৩৩ তেওঁৰ মৃত্যু কেনেদৰে হʼব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা কৈছিল। ৩৪ তেতিয়া ভীৰে তেওঁক কʼলে, “আমিতো নিয়মত শুনিছিলোঁ যে খ্ৰীষ্ট সদায় থাকিব, তেনেহʼলে আপুনি কেনেকৈ কʼব পাৰে যে মানুহৰ পুত্ৰক ওপৰলৈ উঠোৱা হʼব? এই মানুহৰ পুত্ৰ কোন হয়?” ৩৫ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “পোহৰ কেৱল অলপ সময়ৰ কাৰণে তোমালোকৰ মাজত থাকিব, যেতিয়ালৈকে এয়া তোমালোকৰ লগত থাকে, তেতিয়ালৈকে তোমালোকে পোহৰত চলি থাকা যাতে আন্ধাৰে তোমালোকক ঢাকি নধৰে। যিজনে আন্ধাৰত চলে, তেওঁ নাজানে যে তেওঁ কʼলৈ গৈ আছে। ৩৬ যেতিয়ালৈকে পোহৰ তোমালোকৰ লগত আছে, তেতিয়ালৈকে তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু তোমালোকক পোহৰৰ সন্তান বুলি কোৱা হʼব।”
যীচুৱে এইবোৰ কথা কোৱাৰ পাছত গুচি গʼল আৰু তেওঁলোকৰ পৰা লুকাই গʼল। ৩৭ যীচুৱে তেওঁলোকৰ ওচৰত বহুতো চমৎকাৰ কৰিছিল, তথাপিও তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। ৩৮ এইদৰে ভৱিষ্যবক্তা যিচয়াই কোৱা এই কথা পূৰ হʼল, “হে যিহোৱা,* কোনে আমাৰ কথা শুনি তাৰ ওপৰত বিশ্বাস কৰিলে? যিহোৱাই* নিজৰ শক্তি* কাৰ ওপৰত প্ৰকাশ কৰিলে?” ৩৯ তেওঁলোকে কিয় বিশ্বাস নকৰিলে, তাৰ বিষয়ে যিচয়াই আকৌ কয়, ৪০ “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰি দিছে আৰু তেওঁলোকৰ হৃদয় কঠোৰ কৰি দিছে যাতে তেওঁলোকে নিজৰ চকুৰে দেখা নাপায় আৰু নিজৰ হৃদয়েৰে বুজিব নোৱাৰে। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু ময়ো তেওঁলোকক সুস্থ নকৰোঁ।” ৪১ যিচয়াই খ্ৰীষ্টৰ বিষয়ে এই সকলো কথা কোৱাৰ কাৰণ হৈছে তেওঁ খ্ৰীষ্টৰ মহিমা দেখিছিল। ৪২ যদিও বহুতো ধৰ্ম-অধিকাৰীয়ে যীচুৰ ওপৰত বিশ্বাস কৰিছিল, কিন্তু তেওঁলোকে ফৰীচীবিলাকক ভয় কৰাৰ কাৰণে তেওঁক সকলোৰে আগত গ্ৰহণ কৰা নাছিল যাতে তেওঁলোকক সভাঘৰৰ পৰা বাহিৰ কৰি দিয়া নহয়। ৪৩ ঈশ্বৰৰ পৰা পোৱা মহিমাতকৈ মানুহৰ পৰা পোৱা মহিমাক তেওঁলোকে বেছি প্ৰেম কৰিছিল।
৪৪ কিন্তু যীচুৱে জোৰেৰে কʼলে, “যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেৱল মোৰ ওপৰতেই নহয়, কিন্তু মোক পঠোৱা জনৰ ওপৰতো বিশ্বাস কৰে। ৪৫ আৰু যিজনে মোক দেখে, তেওঁ মোক পঠোৱা জনকো দেখে। ৪৬ মই এই জগতলৈ পোহৰ হৈ আহিছোঁ যাতে যি কোনোৱে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ আন্ধাৰত নাথাকে। ৪৭ কিন্তু যদি কোনোবাই মোৰ কথা শুনি পালন নকৰে, তেনেহʼলে মই তেওঁক দোষাৰূপ নকৰোঁ, কিয়নো মই জগতক দোষাৰূপ কৰিবলৈ নহয়, ৰক্ষা কৰিবলৈ আহিছোঁ। ৪৮ যি কোনোৱে মোক অস্বীকাৰ কৰে আৰু মোৰ বাক্য গ্ৰহণ নকৰে, তেওঁক দোষাৰূপ কৰোঁতা আন এজন আছে। মই যি কথা কৈছোঁ, সেই কথাই তেওঁক শেষৰ দিনা দোষাৰূপ কৰিব। ৪৯ কিয়নো মই নিজৰ ফালৰ পৰা একো কোৱা নাই। কিন্তু মই কি কʼব লাগে আৰু কি শিক্ষা দিব লাগে, এই বিষয়ে মোক পঠোৱা পিতৃয়ে নিজেই মোক এই আজ্ঞা দিছে। ৫০ আৰু মই জানোঁ যে তেওঁৰ আজ্ঞা পালন কৰাৰ অৰ্থ হৈছে অনন্ত জীৱন। সেইবাবে, পিতৃয়ে মোক যি যি কৈছে, মই কেৱল সেইবোৰ কথাই কওঁ।”