কলচীয়াসকললৈ চিঠি
২ মই তোমালোকৰ কাৰণে, লায়দিকেয়াত থকা লোকসকলৰ কাৰণে আৰু সেই লোকসকলৰ কাৰণে যিসকলে মোক কেতিয়াও দেখা নাই, তেওঁলোকৰ কাৰণে কিমান সংঘৰ্ষ কৰি আছোঁ, এয়া তোমালোকে জনাটো মই বিচাৰোঁ। ২ মই এইদৰে কৰাৰ কাৰণ হৈছে যাতে তেওঁলোকে শান্ত্বনা পায় আৰু তেওঁলোকে প্ৰেমৰ দ্বাৰা এজনে-আনজনৰ লগত একতাত থাকে আৰু তেওঁলোকে সেই সম্পত্তি লাভ কৰে, যি এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হʼলে পোৱা যায় যে তেওঁলোকৰ বুজাবুজি সঠিক হয়, তেতিয়া তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ ৰহস্য অৰ্থাৎ খ্ৰীষ্টৰ সঠিক জ্ঞান লাভ কৰিব পাৰিব। ৩ তেওঁতেই বুদ্ধি আৰু জ্ঞানৰ সকলো ৰত্ন সাৱধানেৰে লুকুৱাই থোৱা আছে। ৪ মই এইদৰে কোৱাৰ কাৰণ হৈছে যাতে কোনো মানুহে চতুৰতাৰে ভৰা কথাৰে তোমালোকক ভুলাব নোৱাৰে। ৫ যদিও মই তোমালোকৰ তাত নাই, কিন্তু মনৰ পৰা তোমালোকৰ লগত আছোঁ। এয়া দেখি মই আনন্দিত হওঁ যে তোমালোকৰ মাজত ভাল ব্যৱস্থা আছে আৰু খ্ৰীষ্টৰ ওপৰত তোমালোকৰ বিশ্বাস বহুত মজবুত আছে।
৬ সেইবাবে, যিদৰে তোমালোকে প্ৰভু যীচু খ্ৰীষ্টক গ্ৰহণ কৰিলা, ঠিক সেইদৰে তেওঁৰ লগত একতাত চলি থাকা। ৭ এজোপা গছৰ শিপা যেনেকৈ দৃঢ় হৈ থাকে, তেনেকৈ খ্ৰীষ্ট যীচুৰ ওপৰত তোমালোকৰ বিশ্বাস দৃঢ় হৈ থাকক, যিদৰে তোমালোকক শিকোৱা হৈছিল, লগতে তোমালোকে সকলো সময়ত ঈশ্বৰক ধন্যবাদ দি থাকা।
৮ কোনোৱে যেন তোমালোকক দৰ্শন-বিদ্যা আৰু অনৰ্থক কথাৰে বন্দী কৰি* নিনিয়ে, এই কাৰণে সাৱধানে থাকা। এইবোৰ খ্ৰীষ্টৰ অনুসৰি নহয়, ইয়াৰ পৰিৱৰ্তে মানুহৰ পৰম্পৰা আৰু জগতৰ সাধাৰণ বিষয়বোৰৰ অনুসৰি হয়। ৯ কিয়নো খ্ৰীষ্টতেই ঈশ্বৰৰ সকলো গুণ সম্পূৰ্ণৰূপে পোৱা যায়। ১০ সেইবাবে, তেওঁৰ যোগেদিয়েই তোমালোকে সকলোবোৰ সম্পূৰ্ণৰূপে পাইছা, যিজন সকলো চৰকাৰ আৰু অধিকাৰৰ মুৰব্বী হয়। ১১ তেওঁৰ লগত তোমালোকৰ সম্পৰ্ক হোৱাৰ কাৰণে তোমালোকক চুন্নৎ কৰা হৈছে, তোমালোকৰ এই চুন্নৎ কোনো মানুহৰ যোগেদি হোৱা নাই, ইয়াৰ পৰিৱৰ্তে পাপী শৰীৰক সোলোকাই পেলোৱাৰ যোগেদি হৈছে, কিয়নো খ্ৰীষ্টৰ সেৱকসকলৰ এইদৰেই চুন্নৎ হোৱা উচিত। ১২ কাৰণ তেওঁৰ বাপ্তিষ্মাত তোমালোকক তেওঁৰ লগত কবৰ দিয়া হৈছিল আৰু তেওঁৰ লগত সম্পৰ্ক থকাৰ কাৰণে তোমালোকক তেওঁৰ লগত জীৱিতও কৰা হৈছিল, কিয়নো তোমালোকে সেই ঈশ্বৰৰ ডাঙৰ ডাঙৰ কামবোৰৰ ওপৰত বিশ্বাস কৰিছিলা, যিজনে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে।
১৩ ইয়াৰ উপৰিও, ঈশ্বৰে তোমালোকক জীয়াই তুলি তেওঁৰ লগত এক কৰিলে, যদিও তোমালোকে নিজৰ অপৰাধবোৰৰ কাৰণে মৃত্যু হৈছিলা আৰু তোমালোকৰ শৰীৰ চুন্নৎ নোহোৱা অৱস্থাত আছিল। তেওঁ কৃপা দেখুৱাই আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। ১৪ আৰু হাতেৰে লিখা সেই নিয়মক মচি পেলালে, যʼত আমাৰ বিৰুদ্ধে বহুতো আদেশ আছিল। তেওঁ যাতনাৰ কাঠত* তাক গজাল মাৰি আমাৰ ওচৰৰ পৰা দূৰ কৰি দিলে। ১৫ তেওঁ যাতনাৰ কাঠৰ যোগেদি* সকলো চৰকাৰ আৰু অধিকাৰীক পৰাজয় কৰি সকলোৰে আগত তেওঁলোকক লজ্জিত কৰিলে আৰু বিজয়যাত্ৰাত নিজৰ পিছে পিছে নিলে।
১৬ সেইবাবে, কোনো মানুহে তোমালোকৰ কাৰণে নিৰ্ণয় নলওক যে তোমালোকে কি খোৱা-বোৱা কৰা উচিত বা কোনো উৎসৱ, নতুন জোন বা বিশ্ৰাম-বাৰ* পালন কৰা উচিত হয় নে নহয়। ১৭ কিয়নো এইবোৰ আহিবলগীয়া বিষয়ৰ ছাঁ আছিল, কিন্তু এই ছাঁৰ বাস্তৱ হৈছে যীচু। ১৮ এনে কোনো মানুহ, যিজনে নম্ৰ হোৱাৰ ভাও ধৰে আৰু স্বৰ্গদূতৰ উপাসনা কৰি ভাল পায়, তেওঁ তোমালোকক সেই পুৰস্কাৰৰ পৰা দূৰলৈ নিনিয়ক, যি তোমালোকে পাবলগীয়া আছা। এনে মানুহে সেই দৰ্শনৰ ওপৰত “লাগি থাকে,”* যিবোৰ দেখিছোঁ বুলি তেওঁলোকে দাবী কৰে। তেওঁ নিজৰ শাৰীৰিক চিন্তাধাৰাক লৈ ফিতাহি মাৰে, যদিও তেওঁৰ ওচৰত এনে কৰাৰ কোনো কাৰণ নাথাকে। ১৯ সেই মানুহজন সেই শৰীৰৰ লগত দৃঢ়তাৰে সংযুক্ত হৈ নাথাকে, যিয়ে গোটেই শৰীৰৰ প্ৰয়োজনীয়তা পূৰ কৰে আৰু জোৰা আৰু মাংসপেশীৰ যোগেদি গোটেই শৰীৰক একেলগে সংযুক্ত কৰি ৰাখে আৰু শৰীৰক বঢ়ায়, যিদৰে ঈশ্বৰে বিচাৰে।
২০ এবাৰ যেতিয়া তোমালোকে জগতৰ সাধাৰণ বিষয়বোৰত খ্ৰীষ্টৰ লগত মৃত্যু হৈছিলা, তেনেহʼলে এতিয়া আকৌ তোমালোকে কিয় জগতৰ লোকসকলৰ দৰে নিজকে এই আদেশবোৰৰ দাস বনাইছা: ২১ “তাক নধৰিবা, ইয়াক চাকি নাচাবা, তাক নুচুবা”? ২২ এই আদেশ এনে বস্তুবোৰৰ বিষয়ে হয়, যিবোৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে নাইকিয়া হৈ যায়। এইবোৰ মানুহে শিকোৱা শিক্ষা আৰু আজ্ঞা হয়। ২৩ এইবোৰে নিজৰ ইচ্ছামতে উপাসনা কৰিবলৈ, নম্ৰতাৰ ভাও ধৰিবলৈ আৰু নিজৰ শৰীৰক তাড়না দিবলৈ উৎসাহিত কৰে। যদিও এইবোৰ জ্ঞানৰ কথা যেন লাগে, কিন্তু ইয়াৰ পৰা শৰীৰৰ কামভাৱৰ বিৰুদ্ধে যুঁজিবলৈ কোনো সহায় পোৱা নাযায়।