কাহিনী ৪
তেওঁলোকক এদন বাগিচাৰপৰা কিয় উলিয়াই দিলে
এতিয়া কি হৈছে তালৈ লক্ষ্য কৰাচোন। আদম আৰু হৱাক এদন বাগিচাৰপৰা বাহিৰ কৰা হʼল। তেওঁলোকক কিয় বাহিৰ কৰা হʼল তুমি জানানে?
কিয়নো তেওঁলোকে এক বৰ বেয়া কাম কৰিলে আৰু সেইবাবে যিহোৱাই তেওঁলোকক শাস্তি দিলে। তুমি জানানে আদম আৰু হৱাই এনে কি বেয়া কাম কৰিছিল?
ঈশ্বৰে আদম আৰু হৱাক যি কৰিবলৈ মানা কৰিছিল, তেওঁলোকে তাকে কৰিলে। এদন বাগিচাত থকা সকলো গছৰ ফল-মূল খাবলৈ ঈশ্বৰে অনুমতি দিছিল। কিন্তু বাগিচাৰ এজোপা গছৰ ফল খাবলৈ ঈশ্বৰে তেওঁলোকক মানা কৰিছিল। যদি তেওঁলোকে এই গছৰ ফল খায়, তেনেহʼলে তেওঁলোকৰ মৃত্যু হʼব। এই গছজোপাৰ ফল তেওঁলোকৰ বাবে নাছিল। আমি জানো যে আমি আনৰ বস্তু লোৱা উচিত নহয়। আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন কৰিলেনে?
এদিনাখন হৱা বাগিচাত অকলে আছিল আৰু সেইসময়ত এডাল সাপে তাইৰ লগত কথা পাতিবলৈ ধৰিলে। সাপে হৱাৰ লগত কথা পতাটো এক আচৰিত কথা নহয়নে? যিজোপা গছৰ ফল খাবলৈ ঈশ্বৰে আদম আৰু হৱাক মানা কৰিছিল, সেই গছৰ ফল খাবলৈ সাপে তাইক প্ৰলোভিত কৰিলে। মন কৰিবলগীয়া কথা যে যিহোৱাই সাপক কথা কʼব পৰাকৈ সৃষ্টি কৰা নাছিল। গতিকে, ইয়াৰ অৰ্থ হৈছে যে আন কোনোবাইহে সাপৰ যোগেদি কথা পাতিছে। সি কোন আছিল তুমি জানানে?
সেইজন আদম নাছিল। তেনেহʼলে নিশ্চয় আন কোনোবাহে হʼব লাগিব। পৃথিৱীখন সৃষ্টি কৰাৰ বহুবছৰৰ আগতে ঈশ্বৰে আত্মিক প্ৰাণীবোৰক সৃষ্টি কৰিছিল আৰু হৱাৰ লগত কথা পতাজন নিশ্চয় ইয়াৰে এজনা হʼব। এই আত্মিক প্ৰাণীবোৰক স্বৰ্গদূত বুলি কোৱা হয় আৰু আমি তেওঁলোকক দেখা নাপাওঁ। হৱাৰ লগত কথা পতা স্বৰ্গদূতজন অহংকাৰী আছিল। ঈশ্বৰৰ দৰে হোৱাটো সি ইচ্ছা কৰিছিল। মানুহে যিহোৱা ঈশ্বৰৰ পৰিৱৰ্তে তেওঁৰ আজ্ঞা পালন কৰাটো এই স্বৰ্গদূতজনে বিচাৰিছিল। আচলতে এই স্বৰ্গদূতজনেহে হৱাৰ লগত কথা পাতিছিল।
স্বৰ্গদূতজনে হৱাক ভুলাবলৈ সক্ষম হৈছিল। সি হৱাক কৈছিল যে যদি তাই এই গছৰ ফল খায়, তেনেহʼলে তাই ঈশ্বৰৰ দৰে হʼব। হৱাই সাপৰ কথাক বিশ্বাস কৰিছিল। তাই এই গছৰ ফল খালে আৰু নিজৰ স্বামীক দিয়াত তেৱোঁ খালে। আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেইবাবে তেওঁলোকে এদন বাগিচাত থকাৰ সুযোগ হেৰুৱালে।
কিন্তু ভৱিষ্যতে পৃথিৱীখন যাতে এদন বাগিচাৰ দৰে সুন্দৰ হয়, তাৰ বাবে ঈশ্বৰে কাৰ্য্য কৰিব। পাছলৈ আমি শিকিবলৈ পাম যে কেনেকৈ তুমিও এই কাৰ্য্যত ভাগ লʼব পাৰিবা। কিন্তু আদম আৰু হৱাৰনো কি হʼল, আহাঁ আমি তালৈ ধ্যান দিওঁ।
আদিপুস্তক ২:১৬, ১৭; ৩:১-১৩, ২৪; প্ৰকাশিত বাক্য ১২:৯.