ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ১৬ পৃষ্ঠা ১৫৪-১৬৩
  • সত্য উপাসনা কৰিবলৈ সিদ্ধান্ত লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্য উপাসনা কৰিবলৈ সিদ্ধান্ত লওক
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰতিমা আৰু পূৰ্ব্বপুৰুষসকলৰ উপাসনা
  • আৰম্ভণিৰ খ্ৰীষ্টানসকলে বৰদিন পালন কৰা নাছিল
  • বৰদিনৰ আৰম্ভণি
  • উৎসৱবোৰ কʼৰ পৰা আৰম্ভ হʼল, আমাৰ বাবে কিবা অৰ্থ ৰাখে নেকি
  • আনৰ লগত ব্যৱহাৰ কৰোঁতে বিবেচিত হওক
  • পৰিয়ালৰ সদস্যসকলৰ বিষয়ে কি?
  • সত্য উপাসনাৰে জীৱন অতিবাহিত কৰক
  • ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰক
    বাইবেলে আমাক কি শিকায়?
  • যিহোৱা সকলো উৎসৱৰপৰা আনন্দিত হয়নে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ১৬ পৃষ্ঠা ১৫৪-১৬৩

ষোল অধ্যায়

সত্য উপাসনা কৰিবলৈ সিদ্ধান্ত লওক

  • প্ৰতিমা উপাসনাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী কি?

  • উৎসৱৰ বিষয়ে খ্ৰীষ্টানসকলে কেনে দৃষ্টিভংগী ৰাখে?

  • আপুনি আনৰ মনত আঘাত নকৰাকৈ কেনেকৈ নিজৰ বিশ্বাস ব্যক্ত কৰিব পাৰে?

১, ২. মিছা ধৰ্ম্মৰপৰা ওলাই অহাৰ পাছত আপুনি নিজকে কি প্ৰশ্ন কৰা উচিত, আৰু ই কিয় প্ৰয়োজন?

কল্পনা কৰক যে আপোনাৰ খোৱা পানীৰ ব্যৱস্থাত কোনোবাই ৰাতি আহি গোপনে বিহ মিহলাই দিলে। ইয়াৰ ফলত আপোনাৰ বাবে জীৱন মৰণৰ কথা আহি পৰিল। এনে অৱস্থাত আপুনি কি কৰা উচিত? নিঃসন্দেহ, আপুনি নিশ্চয় পৰিষ্কাৰ পানী বিচাৰি যাব। ইয়াৰ পাছতো আপোনাৰ মনলৈ সঘনাই এই প্ৰশ্ন আহিব পাৰে যে ‘মই বিষাক্ত পানী খোৱা নাইতো?’

২ মিছা ধৰ্ম্মৰ বিষয়েও আজি এনে এক পৰিস্থিতিয়ে দেখা দিছে। বাইবেলে শিক্ষা দিছে যে বিহ মিহলোৱা পানীৰ দৰে বৰ্তমানৰ উপাসনাবোৰত মিছা শিক্ষা আৰু অন্যান্য কাৰ্য্যকলাপেৰে ভৰি পৰিছে। (২ কৰিন্থীয়া ৬:১৭) গতিকে, আপুনি এই মিছা ধৰ্ম্মৰ সাম্ৰাজ্য অৰ্থাৎ ‘মহা-বাবিলৰ’ পৰা ওলাই অহাটো অতি প্ৰয়োজন হৈ পৰিছে। (প্ৰকাশিত বাক্য ১৮:২, ৪) ব্যক্তিগতভাৱে আপুনিও মহা-বাবিলৰপৰা ওলাই আহিলনে? যদি আপুনি ইয়াৰপৰা ওলাই আহিছে, তেনেহʼলে আপুনি প্ৰশংসাৰ পাত্ৰ। কিন্তু আপুনি মনত ৰখা উচিত যে মাত্ৰ মিছা ধৰ্ম্মৰপৰা ওলাই অহাই যথেষ্ট নহয়, ইয়াত আৰু কিছু বিষয় জড়িত আছে। ইয়াৰ বাবে আপুনি নিজকে এই প্ৰশ্ন কৰা উচিত, ‘মিছা ধৰ্ম্মৰ কিছুমান সামান্য বিষয় এতিয়াও মোৰ জীৱনত জড়িত হৈ আছে নেকি?’ ইয়াক ভালদৰে বুজিবলৈ আহক আমি কেইটামান উদাহৰণলৈ লক্ষ্য কৰোঁ।

প্ৰতিমা আৰু পূৰ্ব্বপুৰুষসকলৰ উপাসনা

৩. প্ৰতিমা উপাসনাৰ বিষয়ে বাইবেলে কি শিক্ষা দিছে, আৰু কিছুমান লোকৰ বাবে ঈশ্বৰৰ এই দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ কিয় কঠিন হʼব পাৰে?

৩ আজি বহুতোলোকৰ ঘৰত উপাসনাৰ বাবে প্ৰতিমা বা বেদী দেখিবলৈ পোৱা যায়। হয়তো আপোনাৰ ঘৰতো এনে প্ৰতিমা বা বেদী আছে। এইবোৰ নোহোৱাকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰাটো আপোনাক অসম্ভৱ যেন লাগিব পাৰে। কিয়নো কিছুমান প্ৰতিমাৰ লগত আপোনাৰ এক গভীৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। কিন্তু মন কৰিবলগীয়া কথা যে সৰ্ব্বশক্তিমান ঈশ্বৰে আমাক নিজেই বৰ্ণনা কৰিছে যে তেওঁক আমি কেনেকৈ উপাসনা কৰা উচিত। ঈশ্বৰৰ বাক্য বাইবেলে শিক্ষা দিছে যে তেওঁক উপাসনা কৰোঁতে আমি প্ৰতিমা ব্যৱহাৰ কৰাটো তেওঁ নিবিচাৰে। (গীতমালা ১১৫:৪-৮; যিচয়া ৪২:৮; ১ যোহন ৫:২১) গতিকে, আপুনি যাত্ৰাপুস্তক ২০:৪ আৰু ৫ পদত দিয়া আজ্ঞা পালন কৰাৰ যোগেদি সত্য উপাসনাৰ পক্ষে থিয় দিব পাৰে। (পঢ়ক।) যিহোৱাই প্ৰতিমা উপাসনাক “ঘিণলগা” বুলি দৃষ্টি কৰে আৰু আমিও একেই দৃষ্টিভংগী ৰখা উচিত।—দ্বিতীয় বিবৰণ ২৭:১৫.

৪. (ক) আমি কেনেকৈ কʼব পাৰোঁ যে পূৰ্ব্বপুৰুষসকলৰ উপাসনা কৰাটো আমাৰ বাবে কোনো অৰ্থ নাৰাখে? (খ) যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক যিকোনো ধৰণৰ মায়াকৰ্ম্মৰপৰা বিৰত থাকিবলৈ কিয় আজ্ঞা দিছিল?

৪ আজি পৃথিৱীৰ বহুতোলোকে পূৰ্ব্বপুৰুষসকলৰ উপাসনা কৰে। বাইবেলৰ সত্য শিকাৰ আগতে কিছুমান লোকে বিশ্বাস কৰিছিল যে মৃত লোকসকলে কোনো এক অদৃশ্য জগতত থাকে আৰু তেওঁলোকে জীৱিত লোকসকলক সহায় তথা হানি কৰিব পাৰে। আপুনিও হয়তো মৃত লোকসকলক সন্তুষ্ট কৰিবলৈ বিভিন্ন কাম কৰিছিল। কিন্তু আপোনাৰ নিশ্চয় মনত আছে যে আমি ছয় অধ্যায়ত শিকাৰ দৰে, মৃত লোকসকলৰ কোনো অস্তিত্ব নাই। গতিকে, মৃত লোকসকলৰ লগত সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰাটো আমাৰ বাবে উচিত নহʼব। কেতিয়াবা আকৌ কিছুমান খবৰ মৃত লোকসকলৰপৰা অহা যেন লাগিব পাৰে, কিন্তু আপুনি মনত ৰখা উচিত যে প্ৰকৃততে এইবোৰ ভূতবোৰৰ পৰাহে আহে। যিহোৱা ঈশ্বৰে, ইস্ৰায়েলী লোকসকলক মৃত লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰা বা যিকোনো ধৰণৰ মায়াকৰ্ম্মৰপৰা বিৰত থাকিবলৈ আজ্ঞা দিছিল।—দ্বিতীয় বিবৰণ ১৮:১০-১২ পঢ়ক।

বিভিন্ন পতিমা আৰু পূৰ্ব-পুৰুষসকলৰ উপাসনা পৃথিৱীজুৰি কৰা হয়

৫. যদি আপুনি বৰ্তমানলৈকে প্ৰতিমা উপাসনা আৰু পূৰ্ব্বপুৰুষসকলৰ উপাসনা কৰি আহিছে, তেনেহʼলে আপুনি কি কৰা উচিত?

৫ যদি আপুনি বৰ্তমানলৈকে প্ৰতিমা উপাসনা আৰু পূৰ্ব্বপুৰুষসকলৰ উপাসনা কৰি আহিছে, তেনেহʼলে আপুনি কি কৰা উচিত? এই বিষয়বোৰৰ প্ৰতি ঈশ্বৰে কেনে দৃষ্টিভংগী ৰাখে, তাৰ বিষয়ে বাইবেলখন পঢ়ক আৰু সেইবোৰৰ ওপৰত ধ্যান কৰক। সত্য উপাসনাৰ পক্ষে থিয় দিবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ আপুনি প্ৰাৰ্থনাৰ যোগেদি তেওঁৰপৰা সহায় বিচাৰক।—যিচয়া ৫৫:৯.

আৰম্ভণিৰ খ্ৰীষ্টানসকলে বৰদিন পালন কৰা নাছিল

৬, ৭. (ক) বৰদিন কিয় পালন কৰা হয় আৰু প্ৰথম শতিকাৰ যীচু খ্ৰীষ্টৰ শিষ্যসকলে ইয়াক পালন কৰিছিলনে? (খ) যীচু খ্ৰীষ্টৰ আৰম্ভণিৰ শিষ্যসকলৰ সময়ছোৱাত জন্মদিনৰ উৎসৱ পালন কৰাটো কাৰ লগত জড়িত আছিল?

৬ কিছুমান জনপ্ৰিয় উৎসৱৰ যোগেদিও এজন ব্যক্তিৰ উপাসনা বিষাক্ত হʼব পাৰে। উদাহৰণস্বৰূপে, আমাৰ সকলোৰে পৰিচিত এটা উৎসৱ হৈছে বৰদিন। গোটেই পৃথিৱীজুৰি খ্ৰীষ্টান বুলি দাবী কৰা লোকসকলে যীচু খ্ৰীষ্টৰ জন্মদিনক বৰদিন হিচাপে পালন কৰে। কিন্তু মন কৰিবলগীয়া কথা যে প্ৰথম শতিকাত যীচুৰ শিষ্যসকলে তেওঁৰ জন্মদিন পালন কৰিছিল বুলি কোনো প্ৰমাণ নাই। চেক্ৰেড্‌ অৰিজিন্‌ অফ প্ৰ্যাফ্যাউন্‌ড্‌ থিংচ (ইংৰাজী) নামৰ কিতাপখনত এইদৰে বৰ্ণনা কৰিছে: “যীচু খ্ৰীষ্টৰ জন্মৰ দুশ বছৰৰ পাছতো তেওঁৰ জন্মদিনৰ বিষয়ে কোনেও নাজানিছিল আৰু মাত্ৰ কেইজনমান লোকেহে ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল।”

৭ যীচুৰ শিষ্যসকলে তেওঁৰ জন্মদিন কেতিয়াও পালন নকৰিলেহেঁতেন। কিয় বাৰু? কিয়নো, দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই (ইংৰাজী) এইদৰে কৈছে যে আৰম্ভণিৰ খ্ৰীষ্টানসকলে, “যিকোনো লোকৰ জন্মদিন পালন কৰাটো মিছা ধৰ্ম্মৰ লগত তুলনা কৰিছিল।” বাইবেলত মাত্ৰ দুজন শাসকৰ জন্মদিনৰ বিষয়ে উল্লেখ আছে আৰু তেওঁলোকে যিহোৱা ঈশ্বৰক উপাসনা নকৰিছিল। (আদিপুস্তক ৪০:২০; মাৰ্ক ৬:২১) সেই সময়ছোৱাত কিছুমান দেৱ-দেৱীৰ জন্মদিনো পালন কৰা হৈছিল। উদাহৰণস্বৰূপে, ৰোমানসকলে মে’ মাহৰ ২৪ তাৰিখে ডায়না নামৰ দেৱীজনীৰ জন্মদিন পালন কৰে। তাৰ পাছৰ দিনাখন তেওঁলোকে সূৰ্য্য দেৱতা, এপʼলোৰ জন্মদিন পালন কৰে। গতিকে, ইয়াৰপৰা লক্ষ্য কৰিব পাৰি যে জন্মদিনৰ উৎসৱ পালন কৰাটো সত্য খ্ৰীষ্টানসকলৰ লগত জড়িত নহয়, কিন্তু মিছা ধৰ্ম্মৰ লগত জড়িত।

৮. বৰ্ণনা কৰক যে জন্মদিনৰ লগত অন্ধবিশ্বাসৰ কি সম্পৰ্ক আছে?

৮ প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলে জন্মদিন পালন নকৰাৰ আন এক কাৰনো আছে। যীচুৰ শিষ্যসকলে জানিছিল যে জন্মদিন পালন কৰাটো অন্ধবিশ্বাসৰ লগত জড়িত আছে। উদাহৰণস্বৰূপে, প্ৰাচীন গ্ৰীচ আৰু ৰোমান দেশৰ লোকসকলে বিশ্বাস কৰিছিল যে এজন ব্যক্তিৰ জন্মৰ সময়ছোৱাত এটা আত্মা উপস্থিত থাকে আৰু সি ব্যক্তিজনক গোটেই জীৱনজুৰি ৰক্ষা কৰে। দ্য লোৰ্‌ অফ্‌ ব্যাৰ্‌থ্‌ডেই (ইংৰাজী) নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে, “এই আত্মাৰ লগত সেই দেৱতাৰ এক ৰহস্যময় সম্পৰ্ক হয় আৰু সেই দেৱতাৰ জন্মদিনত সেই ব্যক্তিজনৰ জন্ম হয়।” যীচুৰ নামত পালন কৰা এনে উৎসৱবোৰক যিহোৱা ঈশ্বৰে কেতিয়াও ভাল নাপাব। আচলতে এই উৎসৱবোৰ অন্ধবিশ্বাসৰ লগত জড়িত আছে। (যিচয়া ৬৫:১১, ১২) গতিকে আমাৰ মনলৈ এতিয়া প্ৰশ্ন আহিব পাৰে যে আজি বহুতোলোকে কিয় বৰদিন পালন কৰি আহিছে?

বৰদিনৰ আৰম্ভণি

৯. ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীচুৰ জন্মদিন হিচাপে পালন কৰিবলৈ কেনেকৈ আৰম্ভ হয়?

৯ যীচু খ্ৰীষ্টৰ মৃত্যুৰ বহু বছৰৰ পাছত, ডিচেম্বৰ মাহৰ ২৫ তাৰিখৰ দিনটোত লোকসকলে তেওঁৰ জন্মদিন পালন কৰিবলৈ ধৰিলে। কিন্তু যীচুৰ জন্ম প্ৰকৃততে ডিচেম্বৰ মাহত নহয়, হয়তো অক্টোবৰ মাহত হৈছিল।a গতিকে প্ৰশ্ন হʼব পাৰে যে ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীচুৰ জন্মদিন বুলি কিয় বাছি লোৱা হয়? কিয়নো খ্ৰীষ্টান বুলি দাবী কৰা কিছুমান লোকে এই দিনটো নিৰ্ব্বাচন কৰিছিল। তেওঁলোকে “ৰোমানসকলে পালন কৰা ‘অজয়ী সূৰ্য্যৰ জন্মদিনৰ’ লগত ইয়াক যোগ কৰিব বিচাৰিছিল।” (দ্য নিউ এনচাইক্লোপিডিয়া ব্ৰিটেনিকা) শীতকালত যেতিয়া সূৰ্য্যৰ তাপ আৰু পোহৰ কম হৈ পৰে, তেতিয়া ৰোমানসকলে এই উৎসৱ পালন কৰে। তেওঁলোকে এনে কিয় কৰে? সূৰ্য্যই যাতে দূৰ দেশৰ যাত্ৰাৰপৰা ঘূৰি আহি, তেওঁলোকলৈ পোহৰ আৰু উম দিয়ে। তেওঁলোকে বিশ্বাস কৰিছিল যে ডিচেম্বৰ মাহৰ ২৫ তাৰিখে দূৰ দেশৰপৰা সূৰ্য্য ঘূৰি আহিবলৈ আৰম্ভ কৰে। খ্ৰীষ্টান নোহোৱা লোকসকলক যাতে আকৰ্ষণ কৰিব পাৰে, তাৰ বাবে ধৰ্ম্মীয় নেতাসকলে এই উৎসৱক ‘খ্ৰীষ্টানৰ’ ৰূপ দি ইয়াক পালন কৰিবলৈ আৰম্ভ কৰে।b

১০. অতীতত বহুতোলোকে কিয় বৰদিন পালন কৰা নাছিল?

১০ আগৰেপৰা লোকসকলে জানিছিল যে বৰদিনৰ সম্পৰ্ক মিছা ধৰ্ম্মৰ লগত আছে। যিহেতু এই উৎসৱৰ কোনো শাস্ত্ৰীয় আধাৰ নাই, সেইবাবে ১৭ শতিকাৰ সময়ছোৱাত ইংলেণ্ড আৰু ইয়াৰ অধিকাৰত থকা আমেৰিকাৰ কিছুমান ভাগত বৰদিন পালন কৰাটো নিষিদ্ধ কৰা হৈছিল। মন কৰিবলগীয়া কথা যে যদি কোনোবাই বৰদিনত কামলৈ নগৈ ঘৰত থাকে, তেনেহʼলে তেওঁ জৰিমনা দিবলগীয়া হৈছিল। কিন্তু, সময় অতিবাহিত হোৱাৰ লগে লগে আকৌ এই উৎসৱবোৰ পালন কৰিবলৈ আৰম্ভ কৰিলে আৰু লগতে অন্য কিছুমান নতুন উৎসৱ ইয়াত যোগ দিলে। এনে এক সময় আহিল, যেতিয়া বৰদিন আকৌ বিখ্যাত হৈ পৰিল আৰু বৰ্তমানেও বহুতো দেশত এই উৎসৱ খুব ধুম্‌-ধামেৰে পালন কৰা হয়। যিহেতু বৰদিনৰ এই উৎসৱ মিছা ধৰ্ম্মৰ লগত সম্পৰ্ক আছে, সেইবাবে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ বিচৰা লোকসকলে ইয়াক পালন নকৰে। তেওঁলোকে মিছা ধৰ্ম্মৰ লগত সম্পৰ্ক থকা কোনো উৎসৱক পালন নকৰে।c

উৎসৱবোৰ কʼৰ পৰা আৰম্ভ হʼল, আমাৰ বাবে কিবা অৰ্থ ৰাখে নেকি

১১. আজি কিয় বহুতোলোকে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে, কিন্তু আমাৰ মুখ্য উদ্দেশ্য কি হোৱা উচিত?

১১ বৰদিন আদিৰ দৰে উৎসৱবোৰৰ আৰম্ভণি মিছা ধৰ্ম্মৰপৰা হয় বুলি আজি কিছুমান লোকে বিশ্বাস কৰে। কিন্তু তেতিয়াও তেওঁলোকে ইয়াক পালন কৰাটো ভুল বুলি নাভাবে। আজি প্ৰায় সকলোৱে উৎসৱবোৰ পালন কৰাৰ সময়ত কিন্তু এইবোৰ মিছা ধৰ্ম্মৰপৰা আহিছে বুলি চিন্তা নকৰে। এই উৎসৱবোৰে আকৌ পৰিয়ালৰ লোকসকলক একত্ৰিত কৰিবলৈ সহায় কৰে। আপুনিও এইদৰে ভাবে নেকি? যদি সেয়া হয়, তেনেহʼলে কʼব পাৰি যে মিছা ধৰ্ম্মৰ প্ৰতি থকা প্ৰেমে আপোনাক সত্য উপাসনা কৰিবলৈ সিদ্ধান্ত লোৱাত বাধা দিছে এনে নহয়, কিন্তু পৰিয়ালৰ লোকসকলৰ প্ৰতি থকা প্ৰেমে আপোনাক এনে কৰিবলৈ বাধা দিছে। আমি মনত ৰখা উচিত যে পাৰিবাৰিক জীৱনৰ উদ্ভাৱক হৈছে যিহোৱা ঈশ্বৰ আৰু পৰিয়ালৰ সকলো সদস্যৰ লগত আপুনি ভাল সম্পৰ্ক ৰখাটো তেওঁ বিচাৰে। (ইফিচীয়া ৩:১৪, ১৫) যেতিয়া আপুনি ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিব, তেতিয়া পৰিয়ালৰ সদস্যসকলৰ লগত এই সম্পৰ্ক আৰু শক্তিশালী হৈ উঠিব। ঈশ্বৰক আনন্দিত কৰাই হৈছে আমাৰ মুখ্য উদ্দেশ্য আৰু এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি, পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা।”—ইফিচীয়া ৫:৯.

লেতেৰা নলাত পৰি থকা এটা লালী-প্‌প

লেতেৰা নলাত পৰি থকা লালী-প্‌প এটা আপুনি উঠাই খাবনে?

১২. বৰ্ণনা কৰক যে কিছুমান পৰম্পৰা আৰু উৎসৱ পালন কৰাৰপৰা কিয় আমি আঁতৰি থকা উচিত?

১২ কিন্তু আপুনি হয়তো কʼব পাৰে যে এই উৎসৱবোৰৰ আৰম্ভণি যেনেকৈ হৈছিল, বৰ্তমানে ইয়াক তেনেকৈ উদ্‌যাপন কৰা নহয়। উৎসৱবোৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হʼল, ই আমাৰ বাবে কিবা অৰ্থ ৰাখে নেকি? নিশ্চয় ৰাখে! ইয়াক ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। অনুমান কৰক যে এটা লেতেৰা নলাত, লালী-প্‌প এটা পৰি থকা আপুনি দেখিছে। আপুনি নলাৰপৰা এই লালী-প্‌পটো উঠাই খাবনে? কেতিয়াও নাখায়! কিয়নো এই লালী-প্‌পটো লেতেৰা। লালী-প্‌পটোৰ দৰে উৎসৱবোৰো আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু আমি মনত ৰখা উচিত যে এই উৎসৱবোৰ প্ৰকৃততে লেতেৰা ঠাইৰপৰা লোৱা হৈছে। সত্য উপাসনাৰ বাবে থিয় দিবলৈ আমি সঠিক দৃষ্টিকোণ ৰখা উচিত। এই বিষয়ে যিচয়া ভৱিষ্যতবক্তাই সত্য উপাসকসকলক কৈছিল, “তোমালোক . . . কোনো অশুচি বস্তু নুচুবা।”—যিচয়া ৫২:১১.

আনৰ লগত ব্যৱহাৰ কৰোঁতে বিবেচিত হওক

১৩. উৎসৱবোৰত ভাগ নোলোৱাৰ বাবে কি প্ৰত্যাহ্বান আহিব পাৰে?

১৩ উৎসৱবোৰত ভাগ নলʼবলৈ যেতিয়া আপুনি নিৰ্ণয় লʼব, তেতিয়া আপোনাৰ বাবে ই হয়তো সহজ নহʼবও পাৰে। উদাহৰণস্বৰূপে, আপুনি কিছুমান উৎসৱত ভাগ নোলোৱাৰ বাবে আপোনাৰ সহকৰ্মীসকলে আচৰিত হʼব পাৰে। এই পৰিস্থিতিবোৰলৈ লক্ষ্য কৰক। উৎসৱৰ বাবে যদি আপোনাক কোনোবাই কিবা উপহাৰ দিয়ে, তেনে অৱস্থাত আপুনি কি কৰিব? এই উপহাৰ গ্ৰহণ কৰাটো উচিত হʼবনে? যদি আপোনাৰ পত্নী বা স্বামী সত্যত নাই, তেনেহʼলেনো কি? উৎসৱ পালন নকৰাৰ বাবে লʼৰা-ছোৱালীয়ে যাতে কিহবাৰপৰা বঞ্চিত হৈ আছে বুলি নাভাবে, তাৰ বাবে আপুনি কি কৰিব?

১৪, ১৫. যদি কোনোবাই আপোনাক উৎসৱৰ বাবে শুভেচ্ছা জনায় বা কিবা উপহাৰ দিয়ে, এনে অৱস্থাত আপুনি কি কৰিব?

১৪ প্ৰতিটো পৰিস্থিতিকে ভালদৰে চম্ভালিবলৈ আপুনি বুদ্ধিমতাৰে কাম কৰা উচিত। যদি কোনোবাই আপোনাক কিবা উৎসৱৰ বাবে শুভেচ্ছা জনায়, তেনেহʼলে আপুনি তেওঁক ধন্যবাদ বুলি কৈ থব পাৰে। কিন্তু যদি আপোনাৰ কোনো পৰিচিত ব্যক্তি বা সহকৰ্মীয়ে আপোনাক উৎসৱৰ বাবে শুভেচ্ছা জনায়, তেনে অৱস্থাত আপুনি কি কৰিব? আপুনি তেওঁক উৎসৱ পালন নকৰাৰ কাৰণ বিতংভাৱে বৰ্ণনা কৰিব পাৰে। কিন্তু আপুনি সকলো পৰিস্থিতিতে সাৱধানতা অৱলম্বন কৰা উচিত। ইয়াৰ বিষয়ে বাইবেলে বৰ্ণনা কৰিছে, “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।” (কলচীয়া ৪:৬) এইবোৰ কৰোঁতে মনত ৰখা উচিত যে আপুনি যাতে কাকো অসন্মান নকৰে। কিন্তু আপোনাৰ নিৰ্ণয়ৰ বিষয়ে আপুনি বৰ্ণনা কৰা উচিত। আপোনাক স্পষ্টভাৱে বৰ্ণনা কৰা উচিত যে উপহাৰ দিয়া বা পাৰ্টি কৰা আদিৰ বিৰোধ নহয়, কিন্তু এইবোৰ আপুনি বেলেগ সময়ত কৰিবলৈ ইচ্ছা কৰে।

১৫ উৎসৱৰ সময়ত যদি কোনোবাই আপোনাক এটা উপহাৰ দিব বিচাৰে, তেতিয়ানো কি? পৰিস্থিতি অনুসৰি আপুনি নিৰ্ণয় লʼব লাগিব। উপহাৰ দিওঁতাজনে হয়তো আপোনাক কʼব পাৰে: “মই জানো যে আপুনি উৎসৱ পালন নকৰে। কিন্তু তেতিয়াও মই আপোনাক এই উপহাৰ দিব বিচাৰোঁ।” এনে পৰিস্থিতিত আপুনি উপহাৰ লোৱাৰ বিষয়ে চিন্তা কৰিব পাৰে, কিয়নো এই উপহাৰ গ্ৰহণ কৰিলে উৎসৱত ভাগ লোৱাটো নুবুজায়। কিন্তু যদি আপোনাক উপহাৰ দিওঁতাজনে আপোনাৰ বিশ্বাসৰ বিষয়ে অৱগত নহয়, তেনেহʼলে আপুনি উৎসৱ পালন নকৰাৰ বিষয়ে তেওঁক বৰ্ণনা কৰিব পাৰে। তেতিয়া সেই ব্যক্তিজনক বুজিবলৈ অসুবিধা নহʼব যে আপুনি কিয় উপহাৰ গ্ৰহণ কৰে, কিন্তু উৎসৱৰ বাবে কোনো ধৰণৰ উপহাৰ নিদিয়ে। আনহাতে, আপুনি মনত ৰখা উচিত যে যদি এই উৎসৱবোৰৰ সময়ত কোনো ধৰণৰ উপহাৰ গ্ৰহণ কৰে, তেনেহʼলে এইটো বুজায় যে আপুনি আপোনাৰ বিশ্বাসৰ অনুসৰি চলা নাই বা ধন-সম্পত্তিলৈ লোভ কৰি আপোনাৰ বিশ্বাসৰ লগত আপোচ কৰিছে।

পৰিয়ালৰ সদস্যসকলৰ বিষয়ে কি?

১৬. উৎসৱৰ লগত সম্বন্ধ থকা বিষয়বোৰৰ প্ৰতি আপুনি কেনেকৈ বুদ্ধিমতাৰে কাম কৰিব?

১৬ সত্যত নথকা পৰিয়ালৰ সদস্যসকলৰ বিষয়েনো কি? ইয়াতো আপোনাক বুদ্ধিমতাৰে কাম কৰাৰ প্ৰয়োজন। আপোনাৰ পৰিয়ালৰ লোকসকলে যিকোনো উৎসৱ পালন কৰাৰ বাবে তেওঁলোকৰ লগত তৰ্ক কৰাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে, আনে আপোনাক সন্মান কৰাটো যেনেকৈ আপুনি বিচাৰে, ঠিক সেইদৰে আনৰ বিশ্বাসৰ প্ৰতিও আপুনি আদৰ কৰাটো প্ৰয়োজন। (মথি ৭:১২ পঢ়ক।) এনে কামবোৰৰপৰা আঁতৰি থাকক যাতে আপুনি উৎসৱত ভাগ লʼবলগীয়া নহয়। উৎসৱৰ লগত পোনপটীয়াকৈ সম্বন্ধ নথকা বিষয়বোৰৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখিব পাৰি। কিন্তু এই সকলোবোৰৰ অন্তত, আপুনি মনত ৰখা উচিত যে আপোনাৰ বিবেক যাতে শুদ্ধ হৈ থাকে।—১ তীমথিয় ১:১৮, ১৯ পঢ়ক।

১৭. উৎসৱৰ সময়ত লʼৰা-ছোৱালীয়ে কিহবাৰপৰা বঞ্চিত হৈ আছে বুলি যাতে নাভাবে, তাৰ বাবে আপুনি কি কৰিব?

১৭ আপোনাৰ লʼৰা-ছোৱালীয়ে উৎসৱবোৰত ভাগ নোলোৱাৰ বাবে কিহবাৰপৰা বঞ্চিত হৈ আছে বুলি তেওঁলোকে অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি কি কৰা উচিত? বছৰৰ অন্য সময়ছোৱাত তেওঁলোকৰ সুখ আৰু আনন্দৰ বাবে বহু কিছু কৰিব পাৰে। কিছুমান মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক বছৰৰ বিভিন্ন সময়ত উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। এই সকলোবোৰৰ উপৰিও আপুনি আপোনাৰ লʼৰা-ছোৱালীক সকলোতকৈ উত্তম উপহাৰ দিব পাৰে আৰু সেয়া হৈছে, সময় আৰু আপোনাৰ মৰম-স্নেহ।

সত্য উপাসনাৰে জীৱন অতিবাহিত কৰক

এটা পৰিয়ালে শুভবাৰ্ত্তা ঘোষণা কৰা, খীষ্টান সভাত একেলগে উপথত হৈ উপাসনা কৰা আৰু পিকনিকত এজনে-আনজনক উপহাৰ দিয়াৰ দৃশ্য

সত্য উপাসনাই প্ৰকৃত আনন্দ কঢ়িয়াই আনে

১৮. খ্ৰীষ্টান সভাবোৰত উপস্থিত থাকিলে, সত্য উপাসনাৰ প্ৰতি থিয় দিবলৈ আপোনাক কেনেকৈ সহায় কৰিব?

১৮ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আপুনি মিছা ধৰ্ম্মক ত্যাগ কৰি, সত্য ধৰ্ম্মৰ পক্ষ লওক। সত্য ধৰ্ম্মৰ পক্ষে থিয় দিয়াৰ অৰ্থ কি? ইয়াৰ উত্তৰ বাইবেলে এইদৰে দিছে: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) খ্ৰীষ্টান সভাবোৰত উপস্থিত থকাৰ যোগেদি আপুনি শিকিব পাৰিব যে ঈশ্বৰে কেনেধৰণৰ উপাসনাৰ স্বীকৃতি দিয়ে। (গীতমালা ২২:২২; ১২২:১) সত্য খ্ৰীষ্টানসকলৰ এনে সভাবোৰত এজনে-আনজনক “আশ্বাস” দিয়ে।—ৰোমীয়া ১:১২.

১৯. আপুনি বাইবেলৰপৰা শিকা বিষয়বোৰ আনক জনোৱাটো কিয় আৱশ্যক?

১৯ সত্য উপাসনাৰ প্ৰতি থিয় দিয়াৰ আন এক পদ্ধতি হৈছে, যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেলৰপৰা শিকা বিষয়বোৰ অন্য লোকসকলক জনোৱা। আজি পৃথিৱীত হৈ থকা দুষ্টতাৰ বাবে বহুতোলোকক, হুমুনিয়াহ পেলোৱা আৰু কন্দা দেখিবলৈ পোৱা যায়। ব্যক্তিগতভাৱে আপুনিও হয়তো এনে লোকসকলৰ বিষয়ে জানে। বাইবেলৰ ওপৰত আপোনাৰ যি আশা আছে, তাৰ বিষয়ে আপুনি তেওঁলোকক জনাবনে? সত্য খ্ৰীষ্টানসকলৰ লগত মিলা-মিছা কৰিলে আৰু আনক বাইবেলৰ সত্যতাৰ বিষয়ে শিকালে আপোনাৰ বাবে লাভ আছে। মিছা ধৰ্ম্মৰ উৎসৱবোৰৰ প্ৰতি আপোনাৰ কিবা লালসা থাকিলেও এইবোৰ লাহে লাহে আপোনাৰপৰা দূৰ হʼব। আপুনি মনত ৰখা উচিত যে সত্য উপাসনাৰ প্ৰতি থিয় দিলে, আপোনাৰ জীৱন আৰ্শীবাদ আৰু আনন্দেৰে ভৰি পৰিব।—মলাখী ৩:১০.

a অধিক জানিবলৈ “যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?” নামৰ অতিৰিক্ত লেখত চাওক।

b ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীচুৰ জন্মদিন হিচাপে বাছি লʼবলৈ চাটাৰনেলি নামৰ উৎসৱেও কিছু বৰঙণি আগবঢ়ায়। এই উৎসৱ প্ৰাচীন ৰোমৰ কৃষি দেৱতাৰ সন্মানত উদ্‌যাপন কৰা হৈছিল। এই উৎসৱ ডিচেম্বৰ মাহৰ ১৭ পৰা ২৫ তাৰিখলৈকে পালন কৰা হৈছিল আৰু ইয়াত ভোজ খোৱা, ৰং-ধেমালি কৰা আৰু উপহাৰ দিয়া-নিয়া আদি হৈছিল।

c সত্য খ্ৰীষ্টানসকলে অন্যান্য উৎসৱবোৰক কেনে দৃষ্টিৰে চায়, তাৰ বিষয়ে অধিক জানিবলৈ “আমি উৎসৱ পালন কৰা উচিতনে?” নামৰ অতিৰিক্ত লেখত চাওক।

বাইবেলে কি শিকায়

  • সত্য উপাসনাত, প্ৰতিমা বা পূৰ্ব্বপুৰুষসকলৰ উপাসনাৰ কোনো স্থান নাই।—যাত্ৰাপুস্তক ২০:৪, ৫; দ্বিতীয় বিবৰণ ১৮:১০-১২.

  • মিছা ধৰ্ম্মৰপৰা অহা উৎসৱবোৰত ভাগ লোৱাটো উচিত নহয়।—ইফিচীয়া ৫:৯.

  • নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাওঁতে সত্য খ্ৰীষ্টানসকলে সাৱধানতা অৱলম্বন কৰা উচিত।—কলচীয়া ৪:৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক