ওঠৰ অধ্যায়
বাপ্তিষ্মা আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক
বাপ্তিষ্মা কেনেকৈ দিয়া হয়?
বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ আপুনি কি পদক্ষেপ লোৱাৰ প্ৰয়োজন?
এজন ব্যক্তিয়ে নিজকে কেনেকৈ ঈশ্বৰলৈ সমৰ্পণ কৰে?
বাপ্তিষ্মা লোৱাৰ বিশেষ কাৰণ কি?
১. কূচ দেশৰ এজন মন্ত্ৰীয়ে বাপ্তিষ্মা লʼবলৈ কিয় বিচাৰিছিল?
“চোৱা, ইয়াতে পানী আছে; মই বাপ্তাইজিত হবলৈ কি বাধা আছে?” এই প্ৰশ্ন কূচ দেশৰ এগৰাকী মন্ত্ৰীয়ে ফিলিপ নামৰ যীচুৰ শিষ্য এজনক কৰিছিল। ফিলিপে এই মন্ত্ৰীজনক শাস্ত্ৰৰপৰা প্ৰমাণ কৰি দেখুৱালে যে যীচুৱেই হৈছে প্ৰতিজ্ঞা কৰা মচীহ। কূচ দেশৰ এই ব্যক্তিজনে শাস্ত্ৰৰপৰা যি শিকিছিল, সেয়া তেওঁৰ হৃদয়ত বাৰুকৈ প্ৰভাৱিত কৰিলে আৰু তেওঁ এক বিশেষ নিৰ্ণয় লʼলে। সেই নিৰ্ণয় কি আপুনি জানেনে? তেওঁ বাপ্তিষ্মা লʼবলৈ ইচ্ছা প্ৰকাশ কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৬.
২. বাপ্তিষ্মা লোৱাৰ বিষয়ে আপুনি কিয় গভীৰভাৱে চিন্তা কৰা উচিত?
২ আপুনি যদি এজন যিহোৱাৰ সাক্ষীৰ লগত এই কিতাপখনত উল্লেখ কৰা আন বিষয়বোৰ একাদিক্ৰমে অধ্যয়ন কৰি আহিছে, তেনেহʼলে সেই কূচ দেশৰ মন্ত্ৰীজনৰ দৰে আপুনিও এই প্ৰশ্ন সুধিব পাৰে, ‘মই বাপ্তাইজিত হʼবলৈ কি বাধা আছে?’ বৰ্তমানলৈকে আপুনি বাইবেলত প্ৰতিজ্ঞা কৰা অনন্ত জীৱনৰ বিষয়ে নিশ্চয় শিকিছে। (প্ৰকাশিত বাক্য ২১:৩, ৪) ইয়াৰ লগতে আপুনি মৃত লোকসকলৰ প্ৰকৃত অৱস্থা আৰু পুনৰুত্থানৰ আশাৰ বিষয়েও শিকিছে। (উপদেশক ৯:৫; যোহন ৫:২৮, ২৯) আপুনি হয়তো যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীৰ সভাবোৰতো উপস্থিত হৈছে আৰু তাত নিশ্চয় লক্ষ্য কৰিছে যে তেওঁলোকে কেনেকৈ সত্য ধৰ্ম্ম পালন কৰে। (যোহন ১৩:৩৫) ইয়াৰ উপৰিও আপুনি নিশ্চয়, যিহোৱা ঈশ্বৰৰ লগত এক ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিছে।
৩. (ক) যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক কি আজ্ঞা দিছিল? (খ) পানীত বাপ্তিষ্মা কেনেকৈ দিয়া হয়?
৩ আপুনি ঈশ্বৰক সেৱা কৰিব বুলি কেনেকৈ প্ৰকাশ কৰিব? যীচুৱে তেওঁৰ শিষ্যসকলক আজ্ঞা দিছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি . . . তেওঁবিলাকক বাপ্তাইজ কৰা।” (মথি ২৮:১৯) যীচু খ্ৰীষ্টই নিজেই পানীত বাপ্তিষ্মা লোৱাৰ যোগেদি আমাৰ বাবে এক উদাহৰণ ৰাখিলে। তেওঁক পানী ছটিয়াই বা মূৰত পানী ঢালি বাপ্তিষ্মা দিয়া হোৱা নাছিল, কিন্তু তাৰ পৰিৱৰ্তে তেওঁক সম্পূৰ্ণৰূপে পানীত ডুবোৱা হৈছিল। (মথি ৩:১৬) “বাপ্তাইজ” শব্দটো গ্ৰীক ভাষাৰপৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হয়, “ডুবোৱা।” গতিকে বাপ্তিষ্মাৰ অৰ্থ হৈছে, সম্পূৰ্ণৰূপে পানীত ডুবোৱা।
৪. পানীত বাপ্তিষ্মা লোৱাৰ যোগেদি কি প্ৰকাশ কৰে?
৪ যিসকল লোকে যিহোৱা ঈশ্বৰৰ লগত এক সম্পৰ্ক ৰাখিব বিচাৰে, তেওঁলোকে পানীত বাপ্তিষ্মা লোৱাটো অতি প্ৰয়োজন। সকলোৰে আগত বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি প্ৰকাশ কৰে যে আপুনি ঈশ্বৰক সেৱা কৰিবলৈ ইচ্ছা কৰিছে। বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈও আনন্দিত। (গীতমালা ৪০:৭, ৮) কিন্তু মন কৰিবলগীয়া কথা যে বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ আপুনি কিছুমান প্ৰয়োজনীয় পদক্ষেপ লʼব লাগিব।
জ্ঞান আৰু বিশ্বাসৰ প্ৰয়োজন
৫. (ক) বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ প্ৰথম পদক্ষেপ কি? (খ) নিয়মীয়াকৈ খ্ৰীষ্টান সভাবোৰত উপস্থিত থকাটো কিয় প্ৰয়োজন?
৫ ইতিমধ্যে আপুনি বাপ্তিষ্মাৰ বাবে প্ৰয়োজনীয় প্ৰথম পদক্ষেপ লʼবলৈ আৰম্ভ কৰিছে। কেনেকৈ বাৰু? নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি হয়তো যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে জানিছে। (যোহন ১৭:৩ পঢ়ক।) কিন্তু সেয়া যথেষ্ট নহয়। এতিয়াও আমাক বহুতো বিষয় শিকাৰ প্ৰয়োজন আছে। সত্য খ্ৰীষ্টানসকলক, “আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা” উচিত। (কলচীয়া ১:১০) ঈশ্বৰ বিষয়ক জ্ঞান আৰু বুদ্ধিৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীৰ সভাবোৰে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। সেইবাবে এই সভাবোৰত উপস্থিত থকাটো আমাৰ বাবে অতি প্ৰয়োজন। (ইব্ৰী ১০:২৪, ২৫) নিয়মীয়াকৈ এই সভাবোৰত উপস্থিত থাকিলে ঈশ্বৰৰ বিষয়ে জানিবলৈ সক্ষম হʼব।
বাপ্তিষ্মাৰ বাবে প্ৰয়োজনীয় প্ৰথম পদক্ষেপ হৈছে, বাইবেলৰ সঠিক জ্ঞান লোৱা
৬. বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ আপোনাৰ কিমান জ্ঞান থকাৰ প্ৰয়োজন?
৬ বাপ্তিষ্মা লʼবলৈ আমাক বাইবেলত উল্লেখ কৰা সকলো বিষয় জনাৰ প্ৰয়োজন নাই। আৰম্ভণিত উল্লেখ কৰা কূচ দেশৰ মন্ত্ৰীগৰাকীৰ বিষয়ে লক্ষ্য কৰক। শাস্ত্ৰৰ সকলো জ্ঞান তেওঁৰ নাছিল। তেওঁক শাস্ত্ৰৰ কিছুমান বিষয় জানিবলৈ সহায়ৰ প্ৰয়োজন আছিল। (পাঁচনিৰ কৰ্ম্ম ৮:৩০, ৩১) ঠিক সেইদৰে, আপোনাকো বাইবেলৰ আৰু কিছুমান বিষয় জনাৰ প্ৰয়োজন আছে। এইটো সত্য যে ঈশ্বৰৰ বিষয়ে জ্ঞান লৈ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। (উপদেশক ৩:১১) বাপ্তিষ্মা লোৱাৰ আগতে আপুনি বাইবেলৰ প্ৰাথমিক জ্ঞান লোৱা আৰু সেইবোৰ নিজৰ জীৱনত পালন কৰা উচিত। (ইব্ৰী ৫:১২) তাৰে কিছুমান জ্ঞান হৈছে, মৃত লোকসকলৰ অৱস্থা, ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্য।
৭. বাইবেল অধ্যয়নে আপোনাৰ ওপৰত কি প্ৰভাৱ পেলোৱা উচিত?
৭ কেৱল জ্ঞান থকাই যথেষ্ট নহয়। শাস্ত্ৰই বৰ্ণনা কৰিছে যে “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:৬) বাইবেলে উল্লেখ কৰিছে যে কৰিন্থ নামৰ চহৰখনত বাস কৰা কিছুমান লোকে যীচুৰ শিষ্যসকলৰ বাৰ্ত্তা “শুনি, বিশ্বাস কৰি বাপ্তাইজিত হল।” (পাঁচনিৰ কৰ্ম্ম ১৮:৮) ঠিক সেইদৰে, বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি বিশ্বাস কৰা উচিত যে বাইবেলখন ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰা লিখা হৈছে। বাইবেল অধ্যয়নে আপোনাক ঈশ্বৰে কৰা প্ৰতিজ্ঞা আৰু যীচু খ্ৰীষ্টৰ বলিদানে যে উদ্ধাৰ কৰিব পাৰে, তাৰ ওপৰত বিশ্বাস কৰাত সহায় কৰিব।—যিহোচূৱা ২৩:১৪; পাঁচনিৰ কৰ্ম্ম ৪:১২; ২ তীমথিয় ৩:১৬, ১৭.
বাইবেলৰ সত্যতা আনক জনাওক
৮. আপুনি বাইবেলৰপৰা যি শিকিছে তাৰ বিষয়ে আনক জনাবলৈ কিহে আপোনাক অনুপ্ৰাণিত কৰিব?
৮ আপোনাৰ বিশ্বাস যেনেকৈ বাঢ়ি গৈ থাকিব, বাইবেলৰপৰা শিকা বিষয়বোৰ আপুনি আনক নোকোৱাকৈ থাকিব নোৱাৰিব। (যিৰিমিয়া ২০:৯) এই বিশ্বাসে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক জনাবলৈ আপোনাক অনুপ্ৰাণিত কৰিব।—২ কৰিন্থীয়া ৪:১৩ পঢ়ক।
বিশ্বাসে আপোনাক আনক জনাবলৈ অনুপ্ৰাণিত কৰিব
৯, ১০. (ক) বাইবেলৰ সত্যতা আপুনি কাক জনোৱা উচিত? (খ) যিহোৱাৰ সাক্ষীসকলৰ লগত সমূহীয়া প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ বিচাৰিলে, আপুনি কি কৰা উচিত?
৯ সম্ভৱত আপুনি আপোনাৰ বন্ধু, ওচৰ-চুবুৰীয়া, সহকৰ্মী আৰু সম্বন্ধীয় লোকসকলক বাইবেলৰপৰা শিকা সত্যৰ বিষয়ে কʼবলৈ আৰম্ভ কৰিছে। হয়তো এনে এক সময় আহিব পাৰে, যেতিয়া আপুনি যিহোৱাৰ সাক্ষীসকলে কৰা সমূহীয়া প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ ইচ্ছা প্ৰকাশ কৰিব। তেতিয়া আপুনি এই বিষয়ে যিজন যিহোৱাৰ সাক্ষীয়ে আপোনাক বাইবেলৰপৰা শিক্ষা দিছে, তেওঁৰ লগত আলোচনা কৰিলে ভাল হʼব। যদি আপুনি প্ৰচাৰ কাৰ্য্যৰ বাবে যোগ্য হয়, তেনেহʼলে আপোনাক আৰু আপোনাক শিক্ষা দিয়া সাক্ষীজনৰ লগত মণ্ডলীৰ দুজন প্ৰাচীনৰ লগত আলোচনাৰ বাবে ব্যৱস্থা কৰা হʼব।
১০ এনে কৰাৰ যোগেদি আপুনি মণ্ডলীৰ কিছুমান প্ৰাচীন ভাইৰ লগত পৰিচয় হʼবলৈ সুযোগ পাব। এই প্ৰাচীনসকলে ভেড়াৰখীয়াৰ দৰে ঈশ্বৰৰ লোকসকলক চোৱা-চিতা কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮; ১ পিতৰ ৫:২, ৩) এই প্ৰাচীনসকলে লক্ষ্য কৰিব যে আপুনি বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰ বিশ্বাস কৰিছে আৰু বুজি পাইছে তথা ঈশ্বৰৰ মানদণ্ড অনুসৰি জীৱন নিৰ্ব্বাহ কৰিছে আৰু সঁচাকৈ আপুনি এজন যিহোৱাৰ সাক্ষী হʼব বিচাৰে। তেওঁলোকে আপোনাক জনাব যে আপুনি বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হিচাপে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ কাৰ্য্যত ভাগ লʼব পাৰিব নে নোৱাৰে।
১১. প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ বাবে যোগ্য হʼবলৈ, কিছুমান লোকক কি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন?
১১ আলোচনাৰ সময়ত প্ৰাচীনসকলে লক্ষ্য কৰিব পাৰে যে প্ৰচাৰ কাৰ্য্যৰ বাবে যোগ্য হʼবলৈ, আপোনাৰ কিছুমান অভ্যাস আৰু আচাৰ-ব্যৱহাৰত সাল-সলনি কৰাৰ প্ৰয়োজন আছে। এনে অভ্যাসবোৰ সাধাৰণতে আনৰপৰা গোপনে ৰখা হয়। প্ৰকাশক হʼবলৈ বিচৰাৰ আগতে আপুনি গভীৰ পাপ কৰাৰপৰা আঁতৰি থকা উচিত। যেনে, অনৈতিক যৌন সম্পৰ্ক, অতিপাত মদ্যপান কৰা আৰু নিচাযুক্ত পদাৰ্থ সেৱন কৰা।—১ কৰিন্থীয়া ৬:৯, ১০; গালাতীয়া ৫:১৯-২১ পঢ়ক।
অনুতাপ আৰু পৰিৱৰ্তন
১২. আমি সকলোৱে অনুতাপ কৰাৰ কিয় প্ৰয়োজন?
১২ বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ আপোনাক আৰু কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। ইয়াৰ বিষয়ে পাঁচনি পৌলে এইদৰে বৰ্ণনা কৰিছে: “এতেকে মন পালটাই ঘূৰি আহাঁ, যেন তোমালোকৰ পাপ মোচন হয়।” (পাঁচনিৰ কৰ্ম্ম ৩:১৯) অনুতাপ কৰাৰ অৰ্থ হৈছে, অতীতত কৰা ভুলবোৰৰ বাবে আন্তৰিকতাৰে অনুশোচনা কৰা। পুৰুষেই হওক বা তিৰোতাই হওক, যদি তেওঁ অনৈতিক জীৱন অতিবাহিত কৰিছিল, তেনেহʼলে তেওঁক অনুতাপ কৰাৰ প্ৰয়োজন আছে। কিন্তু যিসকল লোকে অনৈতিক জীৱন অতিবাহিত কৰা নাই, তেওঁলোকৰ বিষয়েনো কি? এজন ব্যক্তিয়ে যদিও নৈতিকভাৱে জীৱন-যাপন কৰিছে, তেওঁকো অনুতাপ কৰাৰ প্ৰয়োজন আছে। এনে কিয় বাৰু? কিয়নো, আমি সকলোৱে পাপী আৰু আমাক ঈশ্বৰৰ ক্ষমাৰ প্ৰয়োজন আছে। (ৰোমীয়া ৩:২৩; ৰোমীয়া ৫:১২) আমি মনত ৰখা উচিত যে বাইবেল অধ্যয়ন কৰাৰ আগতে আমি কোনেও ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জনা নাছিলোঁ। গতিকে আমি ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন নিৰ্ব্বাহ কৰিছিলোঁ বুলি কেনেকৈ দাবী কৰিব পাৰোঁ? সেইবাবে, আমি সকলোৱে অনুতাপ কৰাৰ প্ৰয়োজন আছে।
১৩. পৰিৱৰ্তন কৰা বুলিলে কি বুজায়?
১৩ অনুতাপ কৰাৰ পাছত, “ঘূৰি আহাঁ” অৰ্থাৎ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। অতীতত কৰি অহা ভুলবোৰৰ বাবে আপুনি অনুতাপ কৰাই যথেষ্ট নহয়। আপুনি আগতে যিদৰে নিজৰ জীৱন অতিবাহিত কৰিছিল তাক সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত আৰু এতিয়াৰপৰা আপুনি ঈশ্বৰৰ দৃষ্টিত যি ভাল তাকে কৰিব বুলি দৃঢ়সংকল্প কৰা উচিত। বাপ্তিষ্মা লোৱাৰ আগতে আপুনি অনুতাপ আৰু পৰিৱৰ্তন কৰাৰ অতি প্ৰয়োজন।
ঈশ্বৰলৈ সমৰ্পণ
১৪. বাপ্তিষ্মা লোৱাৰ আগতে আপুনি কি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন?
১৪ বাপ্তিষ্মা লোৱাৰ আগতে আপুনি আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। সেয়া হৈছে, ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰা।
প্ৰাৰ্থনাৰ যোগেদি আপুনি যিহোৱা ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰিলেনে?
১৫, ১৬. ঈশ্বৰলৈ সমৰ্পণ কৰাৰ অৰ্থ কি, আৰু এজন ব্যক্তিক এনে কৰিবলৈ কিহে উৎসাহ দিয়ে?
১৫ প্ৰাৰ্থনাত নিজকে যিহোৱালৈ সমৰ্পণ কৰাৰ অৰ্থ হৈছে, আপুনি গোটেই জীৱন তেওঁক উপাসনা আৰু আৰাধনা কৰিব। (মথি ৪:১০) এতিয়া প্ৰশ্ন হʼব পাৰে যে এজন ব্যক্তিয়ে ঈশ্বৰৰ নামত নিজৰ জীৱন কিয় সমৰ্পণ কৰিব? ইয়াক ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। মাক-দেউতাকৰ পছন্দ অনুসৰি বা লʼৰাই নিজে পছন্দ কৰি ছোৱালী এজনীৰ লগত বিয়া পাতিবলৈ ইচ্ছা কৰিছে। সি লাহে লাহে তাইৰ লগত সময় কটাবলৈ আৰম্ভ কৰে আৰু তাইৰ ব্যক্তিগত গুণবোৰৰ প্ৰতি আকৃষ্ট হʼবলৈ ধৰে। নিঃসন্দেহ, এদিনাখন সি তাইক বিয়াৰ প্ৰস্তাৱ আগবঢ়াব। এইটো সঁচা যে বিয়াৰ লগে লগে কিছুমান দায়িত্ব আহিব। কিন্তু ছোৱালীজনীৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবে, এই পদক্ষেপ লʼবলৈ সি কুণ্ঠাবোধ নকৰে।
১৬ ঠিক সেইদৰে, যেতিয়া আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে ভালদৰে জানিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি তেওঁক ভাল পাবলৈ ধৰিব। তেওঁৰ প্ৰতি থকা প্ৰেমৰ বাবে আপুনি সকলো ত্যাগ কৰি তেওঁক সেৱা কৰিবলৈ আগবাঢ়ি আহিব। যি কোনোৱে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক অনুকৰণ কৰিব বিচাৰে, তেওঁ “নিজকে নিজে দমন” কৰা উচিত। (মাৰ্ক ৮:৩৪) আমাৰ আশা-আকাঙ্ক্ষা বা ব্যক্তিগত লক্ষ্যবোৰে যাতে আমাক ঈশ্বৰৰ সেৱাত বাধা দিব নোৱাৰে, সেইবাবে আমি নিজকে দমন কৰোঁ। বাপ্তিষ্মা লোৱাৰ আগত, ঈশ্বৰৰ ইচ্ছা পূৰ কৰাই আপোনাৰ জীৱনৰ মুখ্য উদ্দেশ্য হোৱা উচিত।—১ পিতৰ ৪:১ পঢ়ক।
ব্যৰ্থ হোৱাৰ ভয়ক দমন কৰক
১৭. কিছুমান লোকে যিহোৱালৈ নিজৰ জীৱন কিয় সমৰ্পণ নকৰে?
১৭ কিছুমান লোকে এই গুৰুত্বপূৰ্ণ পদক্ষেপ লʼবলৈ ভয় কৰে আৰু সেইবাবে তেওঁলোকে নিজৰ জীৱন যিহোৱাক সমৰ্পণ নকৰে। তেওঁলোকে চিন্তা কৰিব পাৰে যে এজন সমৰ্পিত খ্ৰীষ্টান হোৱাৰ হেতুকে তেওঁলোকক নিজৰ সকলো কামৰ বাবে ঈশ্বৰক লেখা দিব লাগিব। তেওঁলোকে কিবা ভুল কৰি যিহোৱাৰ হৃদয়ত দুখ দিব পাৰে বুলি মনতে ভয় কৰে আৰু সেইবাবে ঈশ্বৰলৈ সমৰ্পণ নকৰে।
১৮. যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰিবলৈ কিহে আপোনাক প্ৰেৰণা কৰিব?
১৮ আপোনাৰ প্ৰেম যিহোৱা ঈশ্বৰৰ প্ৰতি যেনেকৈ বাঢ়ি গৈ থাকিব, সেই প্ৰেমে আপোনাক তেওঁলৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ প্ৰেৰণা কৰিব। সেই প্ৰেমে আপোনাক সমৰ্পণ কৰা অনুসৰি জীৱন নিৰ্ব্বাহ কৰিবলৈও সহায় কৰিব। (উপদেশক ৫:৪) সমৰ্পণৰ পাছত আপুনি, “সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে” যিহোৱাৰ পথত চলা উচিত। (কলচীয়া ১:১১) ঈশ্বৰৰ প্ৰতি প্ৰেম থকাৰ বাবে, আপোনাক তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ কঠিন নালাগিব। আপুনি নিশ্চয় পাঁচনি যোহনে উল্লেখ কৰা কথাষাৰলৈ সন্মত, তেওঁ এইদৰে কৈছিল: “কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.
১৯. ঈশ্বৰলৈ সমৰ্পণ কৰিবলৈ আপুনি কিয় ভয় কৰা উচিত নহয়?
১৯ ঈশ্বৰলৈ সমৰ্পণ কৰিবলৈ আপোনাক সম্পূৰ্ণ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই। তেওঁৰ সেৱাত আপুনি কিমান কৰিব পাৰে, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে আৰু আপোনাৰপৰা তেওঁ কেতিয়াও বেছি আশা নকৰে। (গীতমালা ১০৩:১৪) জীৱনত কৃতকাৰ্য্য হʼবলৈ, তেওঁ আপোনাক সমৰ্থন আৰু সহায় কৰিব। (যিচয়া ৪১:১০ পঢ়ক।) আপুনি নিশ্চিত হʼব পাৰে যে যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক ভাৰসা কৰে তেনেহʼলে, ‘তেওঁ আপোনাৰ পথবোৰ সমান কৰিব।’—হিতোপদেশ ৩:৫, ৬.
বাপ্তিষ্মাৰ যোগেদি নিজৰ সমৰ্পণ প্ৰকাশ কৰক
২০. যিহোৱালৈ সমৰ্পণ কৰা বিষয়টো মাত্ৰ আপোনাৰ মাজতে কিয় ৰখা উচিত নহয়?
২০ এতিয়ালৈকে আমি যি বিষয়বোৰ আলোচনা কৰিলোঁ, সেইবোৰ ভালদৰে ধ্যান কৰিলে হয়তো প্ৰাৰ্থনাৰ যোগেদি যিহোৱালৈ সমৰ্পণ কৰিবলৈ আপোনাক সহায় কৰিব। যিহোৱা ঈশ্বৰক যিসকল লোকে হৃদয়েৰে প্ৰেম কৰে, তেওঁলোকে ‘পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা’ উচিত। (ৰোমীয়া ১০:১০) আপুনি ইয়াক কেনেকৈ কৰিব?
বাপ্তিষ্মাৰ অৰ্থ হৈছে, অতীতৰ কাৰ্য্যবোৰৰ মৃত্যু হোৱা আৰু এক নতুন জীৱন ধাৰণ কৰি, ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰা
২১, ২২. আপুনি সকলোৰে আগত কেনেকৈ নিজৰ বিশ্বাস “মুখেৰে স্বীকাৰ” কৰিব?
২১ আপুনি বাপ্তিষ্মা লোৱাৰ বিষয়ে আপোনাৰ মণ্ডলীৰ প্ৰাচীন গোষ্ঠীৰ সমপদস্থ ভাইজনক জনাব পাৰে। তেওঁ আপোনাৰ লগত বাইবেলৰ প্ৰাথমিক শিক্ষাৰ ওপৰত কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ কেইজনমান প্ৰাচীনক নিযুক্ত কৰিব। বাপ্তিষ্মাৰ বাবে আপুনি যোগ্য বুলি যদি এই প্ৰাচীন কেইজনে একমত হয়, তেনেহʼলে তেওঁলোকে আপোনাক জনাব যে হʼবলগীয়া যিকোনো সন্মিলনত আপুনি বাপ্তিষ্মা লʼব পাৰে।a এনে সন্মিলন বা অধিৱেশনবোৰত এটা ভাষণৰ দ্বাৰা বাপ্তিষ্মাৰ বিষয়ে দুআষাৰ বৰ্ণনা কৰা হয়। ভাষণৰ অন্তত বক্তাজনে বাপ্তিষ্মা লোৱা লোকসকলক দুটা প্ৰশ্ন সোধে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে সকলোৰে আগত নিজৰ বিশ্বাসৰ বিষয়ে, “মুখেৰে স্বীকাৰ” কৰিবলৈ সুযোগ পায়।
২২ বাপ্তিষ্মা লোৱাৰ যোগেদি সকলোৱে জানিব যে আপুনি আপোনাৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে আৰু এতিয়াৰপৰা আপুনি এজন যিহোৱাৰ সাক্ষীৰূপে পৰিচিত হʼব। বাপ্তিষ্মা লোৱা লোকসকলক পানীত সম্পূৰ্ণৰূপে ডুবোৱা হয়, যাতে তাত উপস্থিত থকা লোকসকলে জানিব পাৰে যে তেওঁ যিহোৱা ঈশ্বৰক নিজৰ জীৱন সমৰ্পণ কৰিছে।
আপোনাৰ বাপ্তিষ্মাৰ অৰ্থ
২৩. “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?
২৩ যীচু খ্ৰীষ্টই কৈছিল যে তেওঁৰ শিষ্যসকলে, “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তাইজিত হʼব। (মথি ২৮:১৯) পিতৃ আৰু পুত্ৰৰ নামেৰে বাপ্তিষ্মা লোৱাৰ অৰ্থ হৈছে, প্ৰাৰ্থীজনে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ অধিকাৰক স্বীকাৰ কৰে। (গীতমালা ৮৩:১৮; মথি ২৮:১৮) ইয়াৰ লগতে, তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তিৰ ভূমিকাৰ বিষয়েও অৱগত।—গালাতীয়া ৫:২২, ২৩; ২ পিতৰ ১:২১.
২৪, ২৫. (ক) বাপ্তিষ্মাই কি চিত্ৰিত কৰে? (খ) কি প্ৰশ্নৰ উত্তৰ পাবলৈ বাকী আছে?
২৪ বাপ্তিষ্মা লোৱাৰ অৰ্থ মাত্ৰ পানীত ডুব লোৱাই নহয়। ই এক অতি গুৰুত্বপূৰ্ণ বিষয়ক চিত্ৰিত কৰে। এজন ব্যক্তিয়ে যেতিয়া পানীত ডুব যায়, তেতিয়া তেওঁৰ অতীতৰ কাৰ্য্যবোৰৰ মৃত্যু হোৱা বুজায়। পানীৰপৰা ওপৰলৈ অহাৰ অৰ্থ হৈছে, এক নতুন জীৱন ধাৰণ কৰি ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰা। এইখিনিতে আপুনি মনত ৰখা উচিত যে আপোনাৰ সমৰ্পণ কোনো কাম বা কোনো লক্ষ্য তথা কোনো ব্যক্তি বা কোনো সংগঠনৰ বাবে নহয়, কিন্তু মাত্ৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ বাবেহে। আপোনাৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ যোগেদি আপুনি যিহোৱা ঈশ্বৰৰ লগত গভীৰ বন্ধুত্ব কৰাৰ এক আৰম্ভণিহে মাথোন।—হিতোপদেশ ৩:৩২.
২৫ বাপ্তিষ্মাই আমাক উদ্ধাৰৰ বাবে নিশ্চয়তা নিদিয়ে। পাঁচনি পৌলে কৈছিল: “অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা।” (ফিলিপীয়া ২:১২) বাপ্তিষ্মা হৈছে উদ্ধাৰ পোৱাৰ প্ৰথম পদক্ষেপ। এতিয়া আমাৰ সকলোৰে বাবে প্ৰশ্ন হʼব পাৰে যে আমি কেনেকৈ নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব পাৰোঁ? এই প্ৰশ্নৰ উত্তৰ আমি অন্তিম অধ্যায়ত পাম।
a যিহোৱাৰ সাক্ষীসকলে ব্যৱস্থা কৰা সন্মিলন আৰু অধিৱেশনবোৰত বাপ্তিষ্মা দিয়াৰ ব্যৱস্থা থাকে।