ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ৭১-৮৪
  • জুন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • দেওবাৰ, ১ জুন
  • সোমবাৰ, ২ জুন
  • মঙ্গলবাৰ, ৩ জুন
  • বুধবাৰ, ৪ জুন
  • বৃহস্পতিবাৰ, ৫ জুন
  • শুক্ৰবাৰ, ৬ জুন
  • শনিবাৰ, ৭ জুন
  • দেওবাৰ, ৮ জুন
  • সোমবাৰ, ৯ জুন
  • মঙ্গলবাৰ, ১০ জুন
  • বুধবাৰ, ১১ জুন
  • বৃহস্পতিবাৰ, ১২ জুন
  • শুক্ৰবাৰ, ১৩ জুন
  • শনিবাৰ, ১৪ জুন
  • দেওবাৰ, ১৫ জুন
  • সোমবাৰ, ১৬ জুন
  • মঙ্গলবাৰ, ১৭ জুন
  • বুধবাৰ, ১৮ জুন
  • বৃহস্পতিবাৰ, ১৯ জুন
  • শুক্ৰবাৰ, ২০ জুন
  • শনিবাৰ, ২১ জুন
  • দেওবাৰ, ২২ জুন
  • সোমবাৰ, ২৩ জুন
  • মঙ্গলবাৰ, ২৪ জুন
  • বুধবাৰ, ২৫ জুন
  • বৃহস্পতিবাৰ, ২৬ জুন
  • শুক্ৰবাৰ, ২৭ জুন
  • শনিবাৰ, ২৮ জুন
  • দেওবাৰ, ২৯ জুন
  • সোমবাৰ, ৩০ জুন
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ৭১-৮৪

জুন

দেওবাৰ, ১ জুন

আমি বহুতো সমস্যা সহন কৰিহে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগিব। —পাঁচ. ১৪:২২.

যেতিয়া প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে পৰিস্থিতি অনুসৰি সাল-সলনি কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে। তেওঁলোকক প্ৰায়েই তাড়না দিয়া হৈছিল। বহু বাৰ এনে সময়ত তাড়না দিয়া হৈছিল, যাৰ বিষয়ে তেওঁলোকে ভবাই নাছিল। মন কৰক, পৌল আৰু বাৰ্ণাব্বাই লুস্ত্ৰা নগৰত প্ৰচাৰ কৰি থকাৰ সময়ত কি হৈছিল। প্ৰথমতে লোকসকলে মন দি তেওঁলোকৰ কথা শুনিলে আৰু তেওঁলোকক আদৰণি জনালে। কিন্তু পাছত কিছুমান বিৰোধী তাত আহিল আৰু “লোকসমূহক প্ৰবৃত্তি দি” নিজৰ ফলীয়া কৰিলে। তেতিয়া যিসকল লোকে পৌল আৰু বাৰ্ণাব্বাক প্ৰথমে আদৰণি জনাইছিল, তেওঁলোকৰ মাজৰ কিছুমানে পৌলক শিল দলিয়াই মাৰিলে আৰু তেওঁৰ মৃত্যু হʼল বুলি ভাবি এৰি দিলে। (পাঁচ. ১৪:১৯) এনে পৰিস্থিতিত পৌল আৰু বাৰ্ণাব্বাই কি কৰিলে? তেওঁলোকে আন ঠাইলৈ গৈ প্ৰচাৰ কৰি থাকিল। ইয়াৰ পৰিণাম কি হʼল? তেওঁলোকে “অনেকক শিষ্য” বনাব পাৰিলে আৰু তেওঁলোকৰ কথা আৰু উদাহৰণৰ পৰা আন ভাই-ভনীসকলে সাহস পালে। (পাঁচ. ১৪:২১, ২২) যেতিয়া পৌল আৰু বাৰ্ণাব্বাৰ ওপৰত হঠাতে সমস্যা আহিলে, তেতিয়া তেওঁলোকে হাৰ নামানিলে। ইয়াৰ বাবে বহুতো লোকে লাভৱান হʼল। যদি আমিও হাৰ নামানি যিহোৱাই আমাক যি কাম দিছে সেয়া কৰি থাকোঁ, তেনেহʼলে তেওঁ আমাকো আশীৰ্বাদ দিব। w২৩.০৪ ১৭ ¶১৪

সোমবাৰ, ২ জুন

হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ নিবেদনৰ স্বৰলৈ কাণ দিয়া। সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা। —গীত. ৮৬:৬, ৭.

ৰজা দায়ূদৰ বহুতো শত্ৰু আছিল, যিসকলে তেওঁক হত্যা কৰিব বিচাৰিছিল। সেইবাবে, প্ৰায়ে তেওঁ যিহোৱালৈ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। যিহোৱাই দায়ূদৰ প্ৰাৰ্থনা শুনিলে আৰু তাৰ উত্তৰ দিলে বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। দায়ূদৰ দৰে আমিও যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ। বাইবেলত কোৱা হৈছে যে যিহোৱাই আমাক বুদ্ধি দিব পাৰে আৰু সমস্যাৰ সন্মুখীন হ’বলৈ শক্তি দিব পাৰে। তেওঁ আমাক ভাই-ভনীসকলৰ যোগেদি নাইবা তেওঁৰ উপাসনা নকৰা লোকসকলৰ যোগেদিও সহায় কৰিব পাৰে। প্ৰতিবাৰে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমি ভবাৰ দৰে নিদিবও পাৰে, কিন্তু তেওঁ প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াকৈ নাথাকিব। তেওঁ ভালদৰে জানে যে আমাক কেতিয়া কি বস্তুৰ প্ৰয়োজন আৰু সেয়া সঠিক সময়ত তেওঁ আমাক দিব। সেইবাবে, যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকক, বিশ্বাস ৰাখক যে তেওঁ আজি আপোনাৰ চোৱা-চিতা কৰিব আৰু ভৱিষ্যতে “সমুদায় প্ৰাণীৰে” ইচ্ছা পূৰ কৰিব।—গীত. ১৪৫:১৬. w২৩.০৫ ৯ ¶৪; ১৩ ¶১৭-১৮

মঙ্গলবাৰ, ৩ জুন

মই যিহোৱাৰ পৰা যি সকলো মঙ্গল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম?—গীত. ১১৬:১২.

নিজৰ লক্ষ্যত উপনীত হʼলে কি কি লাভ হʼব পাৰে তাৰ বিষয়ে চিন্তা কৰক। আপুনি কিছুমান লাভৰ বিষয়ে চিন্তা কৰিব পাৰেনে? যদি ভালদৰে বাইবেল পঢ়া বা প্ৰাৰ্থনা কৰাৰ আপুনি লক্ষ্য ৰাখিছে, তেনেহ’লে চিন্তা কৰক এইদৰে কৰিলে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক কিমান মজবুত হ’ব। (গীত. ১৪৫:১৮, ১৯) যদি আপুনি কোনো এটা গুণ বঢ়াব বিচাৰে, তেনেহ’লে চিন্তা কৰক ইয়াৰ বাবে ভাই-ভনীসকলৰ লগত আপোনাৰ সম্পৰ্ক কিমান ভাল হৈ পৰিব। (কল. ৩:১৩, ১৪) আপুনি কোনো এটা লক্ষ্য কিয় ৰাখিছে, তাৰ কাৰণবোৰ এঠাইত লিখি ৰাখক আৰু মাজে-সময়ে সেইবোৰ চালি-জাৰি চাওক। লগতে, এনে লোকসকলৰ লগত সময় অতিবাহিত কৰক যিসকলে আপোনাক উৎসাহিত কৰিব। আমাৰ জীৱনত বহু বাৰ এনে সময় আহে যেতিয়া আমাক নিজৰ লক্ষ্যত উপনীত হʼবলৈ একো কৰিবলৈ মন নাযায়, তেনেহ’লে ইয়াৰ অৰ্থ এয়া নেকি যে আমি একো কৰিব নোৱাৰোঁ? নহয়। যদিও আমাৰ একো কৰিবলৈ মন নাযায়, তথাপি আমি আগবাঢ়ি গৈ থাকিবলৈ বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰাটো সহজ নহয়, কিন্তু এইদৰে কৰিলে আমি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিম। w২৩.০৫ ২৭-২৮ ¶৫-৮

বুধবাৰ, ৪ জুন

মানুহে যি বয়, তাকেই দাব।—গালা. ৬:৭.

আমি যি নিৰ্ণয় লʼলোঁ, তাৰ বাবে আমি নিজেই দায়ী বুলি অনুভৱ কৰাটো ভাল। কিয়নো ইয়াৰ যোগেদি আমি হয়তো নিজৰ ভুল মানি লʼব পাৰোঁ আৰু তাক শুধৰণি কৰিব পাৰোঁ আৰু সেই ভুল আকৌ নকৰিবলৈ চেষ্টা কৰিব পাৰোঁ। এনে ধৰণৰ পদক্ষেপ লʼলে আমি জীৱনৰ দৌৰত দৌৰি থাকিব পাৰিম। যদি আপুনি কিবা ভুল নিৰ্ণয় লৈছে, তেনেহʼলে আপুনি যি কৰিলে সেয়া সঠিক আছিল বুলি কʼবলৈ চেষ্টা নকৰিব। অথবা নিজকে বাৰে বাৰে দোষ দিয়া বা আনক দোষাৰোপ কৰাৰ পৰা আঁতৰি থাকক। এইদৰে কৰিলে আপোনাৰ সময় এনেই খৰচ হʼব আৰু আপুনি ভাগৰিও পৰিব। ইয়াৰ পৰিৱৰ্তে নিজৰ ভুল স্বীকাৰ কৰক আৰু পৰিস্থিতিক শুধৰণি কৰিবলৈ আপুনি যি কৰিব পাৰে তাকে কৰক। যদি আপুনি পাপ কৰিছে আৰু তাৰ বিষয়ে ভাবি দুখ অনুভৱ কৰিছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক, তেওঁৰ ওচৰত নিজৰ পাপ স্বীকাৰ কৰক আৰু তেওঁক ক্ষমা খোজক। (গীত. ২৫:১১; ৫১:৩, ৪) যদি আপোনাৰ কাৰণে কোনোবাই দুখ পাইছে, তেনেহʼলে ক্ষমা খোজক আৰু যদি প্ৰয়োজন হয় তেনেহʼলে প্ৰাচীনসকলৰ সহায় লওক। (যাকো. ৫:১৪, ১৫) নিজৰ ভুলৰ পৰা শিকক আৰু সেই ভুল আকৌ নকৰিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই নিশ্চয় আপোনাক দয়া দেখুৱাব আৰু আপোনাক সহায় কৰিবলৈ যিহৰ প্ৰয়োজন তাকে দিব।—গীত. ১০৩:৮-১৩. w২৩.০৮ ২৮-২৯ ¶৮-৯

বৃহস্পতিবাৰ, ৫ জুন

যিহোয়াদা পুৰোহিতে যিহোৱাচৰ আয়ুসৰ যিমান দিন তেওঁক উপদেশ দিলে, সিমান দিন যিহোৱাচে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে।—২ ৰাজা. ১২:২.

যিহোয়াদাই ৰজা যোৱাচক যি শিকাইছিল, তাৰ বাবে তেওঁ এজন ভাল ব্যক্তি হʼব পাৰিলে। সৰুতে তেওঁ সেই কামবোৰ কৰিব বিচাৰিছিল, যাৰ পৰা যিহোৱা আনন্দিত হৈছিল। কিন্তু যিহোয়াদাৰ মৃত্যুৰ পাছত তেওঁ সেই অধ্যক্ষবিলাকৰ কথা শুনিবলৈ ধৰিলে, যিসকলে মিছা উপাসনা কৰিছিল। (২ বং. ২৪:৪, ১৭, ১৮) এইবোৰ চাই যিহোৱাক বহুত দুখ লাগিল। তথাপি ‘যিহোৱালৈ তেওঁবিলাকক ওলোটাই আনিবৰ নিমিত্তে তেওঁ ভাববাদীবিলাকক তেওঁবিলাকৰ ওচৰলৈ পঠালে, কিন্তু তেওঁবিলাকে কাণ নিদিলে।’ তেওঁলোকে যিহোয়াদাৰ পুত্ৰ জখৰিয়াৰ কথাও নুশুনিলে, তেওঁ ভৱিষ্যতবক্তাৰ লগতে পুৰোহিত আৰু তেওঁৰ ভাই আছিল (পেহীয়েকৰ লʼৰা)। যি পৰিয়ালে তেওঁৰ বাবে ইমান কৰিলে, তেওঁৰ জীৱন ৰক্ষা কৰিলে, তেওঁলোকৰ লʼৰা জখৰিয়াকে তেওঁ মাৰি পেলালে। (২ বং. ২২:১১; ২৪:১৯-২২) যোৱাচে যিহোৱাৰ প্ৰতি ভয় ৰখা নাছিল। যিহোৱাই এইদৰে কʼলে, “মোক তুচ্ছ কৰোঁতাবিলাকক হেয়জ্ঞান কৰা হব।” (১ চমূ. ২:৩০) যোৱাচৰ লগত ঠিক সেইদৰেই হʼল। আগলৈ গৈ অৰামৰ এটি সৰু সৈন্যদলে যোৱাচৰ “অতিশয় অধিক লোক থকা সৈন্যসামন্তক” হৰুৱালে আৰু তেওঁক বেয়াকৈ আঘাত কৰা হʼল। (২ বং. ২৪:২৪, ২৫) তেতিয়া তেওঁৰ সেৱকসকলে ষড়যন্ত্ৰ কৰি তেওঁক মাৰি পেলালে কিয়নো তেওঁ জখৰিয়াক হত্যা কৰিছিল। w২৩.০৬ ১৮-১৯ ¶১৬-১৭

শুক্ৰবাৰ, ৬ জুন

তোমালোকেও আন্ধাৰত আছিলা, কিন্তু এতিয়া . . . পোহৰত আছা।—ইফি. ৫:৮.

প্ৰায় ১০ বছৰৰ আগতে পাঁচনি পৌল ইফিচত আছিল। তেওঁ তাত থকা লোকসকলক শুভবাৰ্তা শুনাবলৈ আৰু শাস্ত্ৰৰ পৰা শিকাবলৈ বহুত সময় দিছিল। (পাঁচ. ১৯:১, ৮-১০; ২০:২০, ২১) তেওঁ তাত থকা ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিল আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁলোকক সহায় কৰিব বিচাৰিছিল। ইফিচৰ খ্ৰীষ্টানসকলে সত্য শিকাৰ আগতে মিছা ধৰ্মৰ শিক্ষাবোৰ পালন কৰিছিল আৰু যাদু-বিদ্যা কৰিছিল। ইফিচৰ লোকসকলে ঘৃণনীয় অনৈতিক কাম আৰু আন বেয়া কামবোৰ কৰিছিল। তাত থিয়েটাৰবোৰত বহুত অশ্লীল নাটকবোৰ দেখুৱা হৈছিল। আনকি ধাৰ্মিক উৎসৱবোৰত প্ৰায়ে বেয়া কথাবোৰ শুনিবলৈ পোৱা গৈছিল। (ইফি. ৫:৩) তাত থকা বেছিভাগ লোকে “সাৰ নাইকিয়া হৈ, অতি লোভেৰে সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে।” (ইফি. ৪:১৭-১৯) যেতিয়ালৈকে ইফিচৰ খ্ৰীষ্টানসকলে যিহোৱাৰ মানদণ্ডৰ বিষয়ে জনা নাছিল, তেতিয়ালৈকে তেওঁলোকে বেয়া কাম কৰাৰ পাছত একো অনুভৱ কৰা নাছিল। তেওঁলোকৰ বিবেকে তেওঁলোকক দোষ দিয়া নাছিল। আনকি তেওঁলোকে এয়াও ভৱা নাছিল যে তেওঁলোকে যি বেয়া কাম কৰিলে, তাৰ বাবে যিহোৱাক হিচাপ দিব লাগিব। সেইবাবে, পৌলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল, “তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাকৰ আন্তিৰক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল।” ইফিচৰ কিছুমান লোক সদায় আন্ধাৰত থকা নাছিল। w২৪.০৩ ২০ ¶২, ৪; ২১ ¶৪-৬

শনিবাৰ, ৭ জুন

যিবিলাকে যিহোৱালৈ অপেক্ষা কৰে, তেওঁবিলাকে নতুন নতুন বল পাব, . . . তেওঁবিলাকে . . . ভাগৰ নাপাব। —যিচ. ৪০:৩১.

গিদিয়োনক বিচাৰকৰ্তাৰ যি দায়িত্ব দিয়া হৈছিল, তাক পূৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিব লাগিছিল। মিদিয়নীয়াসকলে ৰাতি যুদ্ধৰ পৰা পলাই যাওঁতে গিদিয়োনে যিজ্ৰীয়েল সমথলৰ যৰ্দ্দন নদীলৈকে তেওঁলোকক খেদি গʼল। (বিচা. ৭:২২) গিদিয়োনে যৰ্দ্দন নদীত গৈ ৰখি গʼলনে? নহয়। তেওঁ আৰু তেওঁৰ ৩০০ জন লোকে ভাগৰি পৰিছিল, তথাপি যৰ্দ্দন নদী পাৰ কৰিলে আৰু শত্ৰুসকলক খেদি গʼল। অৱশেষত তেওঁলোকে মিদিয়নীয়াসকলক পৰাজয় কৰিলে। (বিচা. ৮:৪-১২) গিদিয়োনৰ ভৰসা আছিল যে যিহোৱাই তেওঁক শক্তি দিব আৰু ঠিক এইদৰে হʼল। (বিচা. ৬:১৪, ৩৪) এবাৰ গিদিয়োন আৰু তেওঁৰ লোকসকলে মিদিয়নৰ ৰজাসকলক খেদি গৈছিল। তেতিয়া তেওঁলোক খোজকাঢ়ি গৈছিল, আনহাতে ৰজা হয়তো উটত গৈছিল। (বিচা. ৮:১২, ২১) তথাপি যিহোৱাৰ সহায়ত তেওঁলোকে ৰজাবিলাকক পৰাজয় কৰিলে। ঠিক সেইদৰে প্ৰাচীনসকলেও যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰে, যিজনে কেতিয়াও “ক্লান্ত নহয়, আৰু ভাগৰ নাপায়।” যেতিয়া তেওঁলোকৰ অনুভৱ হয় যে তেওঁলোকে এতিয়া আৰু একো কৰিব নোৱাৰে, তেতিয়া যিহোৱাই তেওঁলোকক শক্তি দিব।—যিচ. ৪০:২৮, ২৯. w২৩.০৬ ৬ ¶১৪, ১৬

দেওবাৰ, ৮ জুন

[যিহোৱা] তোমাক নেৰিব, তোমাক ত্যাগ নকৰিব।—দ্বিতী. ৩১:৬.

আজি আমাৰ ওচৰত যিয়েই সমস্যা নাহক কিয় আমাৰ হৃদয় থিৰে থাকিব পাৰে। সেইবাবে যিহোৱাৰ ওপৰত ভৰসা ৰাখক। মন কৰক যেতিয়া বাৰাকে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰ নিৰ্দেশনা মানিলে, তেতিয়া তেওঁ কেনেকৈ জয়লাভ কৰিলে। ইস্ৰায়েলীসকল যুদ্ধৰ বাবে সাজু নাছিল আৰু গোটেই দেশত কাৰো ওচৰত যাঠী আৰু ঢাল নাছিল। (বিচা. ৫:৮) তথাপি যিহোৱাই তেওঁক কনানৰ সেনাপতি চীচৰাৰ লগত যুদ্ধ কৰিবলৈ নিৰ্দেশনা দিলে। শত্ৰুসকলৰ সেনাবাহিনী অস্ত্ৰ-শস্ত্ৰ লৈ সাজু আছিল আৰু তেওঁলোকৰ ওচৰত ৯০০ যুদ্ধ ৰথ আছিল। ভাববাদিনী দবোৰাই বাৰাকক পাহাৰীয়া এলেকাৰ তলত গৈ উপত্যকাত চীচৰাৰ লগত যুদ্ধ কৰিবলৈ কʼলে। বাৰাকে জানিছিল যে শত্ৰুসকলৰ ওচৰত যুদ্ধ ৰথ আছে আৰু সমান ঠাইত তেওঁলোকক সহজতে আক্ৰমণ কৰিব পাৰে। সেইবাবে, তেওঁলোকৰ লগত যুদ্ধ কৰাটো বৰ কঠিন হʼব। তথাপি তেওঁ আজ্ঞা মানিলে। বাৰাক আৰু তেওঁৰ সেনাবাহিনী তাবোৰ পৰ্বতৰ পৰা নামি থকাৰ সময়ত যিহোৱাই জোৰেৰে বৰষুণ বৰষালে। সেইবাবে, চীচৰাৰ যুদ্ধৰ ৰথবোৰ বোকাত ফচি গʼল আৰু যিহোৱাই বাৰাকক জয়ী কৰালে। (বিচা. ৪:১-৭; ১০, ১৩-১৬) আজি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা মানিলে যিহোৱাই আমাকো জয়ী কৰাব। w২৩.০৭ ১৯ ¶১৭-১৮

সোমবাৰ, ৯ জুন

যিজনে শেষলৈকে ধৈৰ্য্য ধৰিব, তেৱেঁই উদ্ধাৰ পাব।—মথি ২৪:১৩.

ধৈৰ্য্য ধৰিলেহে আমি অনন্ত জীৱন পাম। প্ৰাচীন সময়ত ঈশ্বৰৰ সেৱকসকলে তেওঁৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰিলে। আমিও তেওঁলোকৰ দৰে ধৈৰ্য্য ধৰিব লাগিব। (ইব্ৰী ৬:১১, ১২) বাইবেলত কোৱা হৈছে যে আমি এজন খেতিয়কৰ দৰে হয়। (যাকো. ৫:৭, ৮) এজন খেতিয়কে বীজ সিঁচিবলৈ বহুত পৰিশ্ৰম কৰে আৰু পানীও দিয়ে। কিন্তু তেওঁ নাজানে যে সেই বীজ কেতিয়া গজিব। সেইবাবে, তেওঁ ধৈৰ্য্য ধৰে। তেওঁ নিজৰ পৰিশ্ৰমৰ ভাল ফল পাব বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস থাকে। ঠিক সেইদৰে আমাৰ “প্ৰভু কোন মুহূৰ্ত্তত আহিব” তাক আমি নাজানোঁ। তথাপিও আমি ঈশ্বৰৰ সেৱাত লাগি থাকোঁ। (মথি ২৪:৪২) আমি ধৈৰ্য্য ধৰোঁ আৰু বিশ্বাস ৰাখোঁ যে যিহোৱাই সঠিক সময়ত নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব। যদি আমি ধৈৰ্য্য হেৰুৱাও, তেনেহ’লে অপেক্ষা কৰিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে আৰু আমি লাহে লাহে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ। হয়তো আমি এনে বস্তু পাবলৈ চেষ্টা কৰিব পাৰোঁ, যাৰ সহায়ত আমাক লাগিব পাৰে যে এতিয়া আমি সকলো আনন্দ পাম। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে আমি শেষলৈকে ধৈৰ্য্য ধৰিব পাৰিম আৰু উদ্ধাৰ পাম।—মীখা ৭:৭. w২৩.০৮ ২২ ¶৭

মঙ্গলবাৰ, ১০ জুন

ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ আছিল।—দানি. ২:৪২.

যেতিয়া আমি দানিয়েল ২:৪১-৪৩-ত দিয়া ভৱিষ্যতবাণীটো দানিয়েল আৰু প্ৰকাশিত বাক্য কিতাপত লিখা আন ভৱিষ্যতবাণীৰ লগত তুলনা কৰোঁ, তেতিয়া আমি বুজি পাওঁ যে এই মূৰ্তিৰ ভৰিখন ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক চিত্ৰিত কৰে, যি আজি এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী চৰকাৰ হয়। এই বিশ্ব শক্তিৰ বিষয়ে দানিয়েলে কʼলে যে এই “ৰাজ্য এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হব।” এয়া কিয় সহজে ভাঙিব বা দুৰ্বল হʼব? কিয়নো সাধাৰণ লোকসকল যাক মাটিৰে চিত্ৰিত কৰিছে, ইয়াৰ লোহাৰ নিচিনা শক্তিক দুৰ্বল কৰি দিয়ে। সেইবাবে, এই বিশ্ব শক্তিয়ে যি কৰিব বিচাৰে, সেয়া কৰিব নোৱাৰে। দানিয়েলে মূৰ্তিৰ বিষয়ে যি কৈছিল তাৰ পৰা আমি কিছুমান গুৰুত্বপূৰ্ণ সত্যতা শিকোঁ। প্ৰথম, ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে বিভিন্ন প্ৰকাৰে দেখুৱালে যে তেওঁ মজবুত বা শক্তিশালী হয়। যেনে, ব্ৰিটেইন আৰু আমেৰিকাই প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধত ভাগ লৈছিল আৰু দুয়োবাৰে যুদ্ধত তেওঁলোকে জয়লাভ কৰিছিল। কিন্তু এই বিশ্ব শক্তি দুৰ্বলো হৈ পৰিছে আৰু আগলৈয়ো দুৰ্বল হৈ থাকিব। কিয়নো ইয়াৰ নাগৰিকসকলে ইজনে-সিজনৰ লগত কাজিয়া কৰি থাকে আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। দ্বিতীয়, এই বিশ্ব শক্তি শেষ বিশ্ব শক্তি হʼব। কিয়নো ইয়াৰ পাছত ঈশ্বৰৰ ৰাজ্যই সকলো মানৱীয় চৰকাৰবোৰক সদায় কালৰ বাবে শেষ কৰিব। w২৩.০৮ ১১ ¶১২-১৩

বুধবাৰ, ১১ জুন

মই সঙ্কটৰ কালত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ ঈশ্বৰ আগত কাতৰোক্তি কৰিলোঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে।—গীত. ১৮:৬.

দায়ূদে একেৰাহে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। সেইবাবে, কেতিয়াবা কেতিয়াবা তেওঁ নিৰাশ হৈ পৰিছিল। (গীত. ১৮:৪, ৫) কেতিয়াবা কেতিয়াবা তেওঁ ভাগৰি পৰিছিল আৰু সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। এনে পৰিস্থিতিতো যিহোৱাৰ প্ৰেম আৰু যত্নই তেওঁক সতেজ কৰি তুলিছিল। যিহোৱাই যেন নিজৰ বন্ধুক “কুমলীয়া ঘাহনি পথাৰত” আৰু “য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে” লৈ গৈছিল। তেতিয়া দায়ূদ সতেজ অনুভৱ কৰিছিল আৰু আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰি থাকিল। (গীত. ১৮:২৮-৩২; ২৩:২) দায়ূদৰ দৰে আজি আমিও ‘যিহোৱাৰ নানা অনুগ্ৰহৰ কাৰণে’ স্থিৰে থাকিব পাৰোঁ। (বিলা. ৩:২২; কল. ১:১১) দায়ূদৰ বহুতো শত্ৰু আছিল আৰু তেওঁলোকে বৰ শক্তিশালী আছিল। বহু বাৰ তেওঁৰ জীৱন বিপদত পৰিছিল। কিন্তু যিহোৱাই দায়ূদক প্ৰেম কৰিছিল, সেইবাবে তেওঁ সুৰক্ষিত অনুভৱ কৰিব পাৰিলে। দায়ূদে চাব পাৰিলে যে যিহোৱাই কেনেকৈ তেওঁক সকলো সময়তে সহায় কৰি আছে আৰু ইয়াৰ পৰা তেওঁ বহুত উৎসাহ লাভ কৰিলে। সেইবাবে, তেওঁ এইদৰে কʼবলৈ পাৰিলে, ‘মোৰ সকলো ভয়ৰ পৰা যিহোৱাই মোক উদ্ধাৰ কৰিলে।’ (গীত. ৩৪:৪) কেতিয়াবা কেতিয়াবা দায়ূদক বহুত ভয় লাগিছিল কিন্তু তেওঁ জানিছিল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ ভয়ক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে। w২৪.০১ ৩০ ¶১৫-১৭

বৃহস্পতিবাৰ, ১২ জুন

পাপীবোৰে তোমাক লোভ দেখুৱালে তুমি সন্মত নহবা।—হিতো. ১:১০.

যোৱাচৰ ভুল নিৰ্ণয়ৰ পৰা শিকক। মহা-পুৰোহিত যিহোয়াদাৰ মৃত্যুৰ পাছত যোৱাচে বেয়া লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ ধৰিলে। (২ বং. ২৪:১৭, ১৮) তেওঁ যিহূদাৰ অধ্যক্ষসকলৰ কথা শুনিবলৈ ধৰিলে, যিসকলে যিহোৱাক প্ৰেম কৰা নাছিল। তেওঁলোকে বহুত বেয়া বেয়া কাম কৰিছিল। আপুনি কি ভাবে যোৱাচে তেওঁলোকৰ পৰা আঁতৰি থকা উচিত নাছিলনে? কিন্তু যোৱাচে তেওঁলোকৰ কথা শুনিলে। পাছত যোৱাচৰ পেহীৰ লʼৰা জখৰিয়াই তেওঁক শুধৰণি কৰিবলৈ চেষ্টা কৰোঁতে যোৱাচে তেওঁক হত্যা কৰালে। (২ বং. ২৪:২০, ২১; মথি ২৩:৩৫) সঁচাকৈ, তেওঁ কিমান ডাঙৰ ভুল কৰিলে। যোৱাচে আৰম্ভণিতে ভাল কাম কৰিছিল, কিন্তু দুখৰ কথা যে আগলৈ গৈ তেওঁ মিছা উপাসনা কৰিবলৈ ধৰিলে আৰু এজন হত্যাকাৰী হʼল। অৱশেষত, তেওঁৰ সেৱকসকলেই তেওঁক মাৰি পেলালে। (২ বং. ২৪:২২-২৫) যোৱাচে সদায় যিহোৱাৰ কথা শুনা হʼলে আৰু যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা হʼলে তেওঁৰ জীৱন কিমান ভাল হʼলহেঁতেন! w২৩.০৯ ৯ ¶৬

শুক্ৰবাৰ, ১৩ জুন

ভয় নকৰিবা।—লূক ৫:১০.

যীচুৱে জানিছিল যে পিতৰ বিশ্বাসী হৈ থাকিব পাৰিব। সেইবাবে, তেওঁ মৰমেৰে পিতৰক কʼলে, “ভয় নকৰিবা।” পিতৰৰ ওপৰত যীচুৰ যি ভৰসা আছিল, সেয়া তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল। পাছত পিতৰ আৰু তেওঁৰ ভাই আন্দ্ৰিয়ই মাছ ধৰা কাম এৰিলে আৰু পূৰ্ণ সময় যীচুৰ লগতে থাকি সেৱা কৰিবলৈ ধৰিলে। এই নিৰ্ণয়ৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে। (মাৰ্ক ১:১৬-১৮) যীচুৰ শিষ্য হোৱাৰ বাবে পিতৰে বহুতো আচৰিত আশীৰ্বাদ পালে। যেতিয়া যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰিছিল, লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াইছিল, আনকি মৃত লোকসকলক আকৌ জীয়াই তুলিছিল, তেতিয়া এই সকলো চমতকাৰ পিতৰে নিজ চকুৰে চাইছিল। (মথি ৮:১৪-১৭; মাৰ্ক ৫:৩৭, ৪১, ৪২) পিতৰে এটা দৰ্শনো দেখিছিল। তাত দেখুৱা হৈছিল যে ভৱিষ্যতে যীচুৱে যেতিয়া ৰজা হʼব, তেতিয়া তেওঁৰ কেনেকৈ মহিমা হʼব। এই দৰ্শন হয়তো তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল। (মাৰ্ক ৯:১-৮; ২ পিত. ১:১৬-১৮) চিন্তা কৰকচোন, যীচুৰ শিষ্য হোৱাৰ বাবে পিতৰে সেই সকলো চাবলৈ সুযোগ পালে যাৰ বিষয়ে তেওঁ হয়তো কেতিয়াও ভবা নাছিল। পিতৰে এয়া ভাবি হয়তো কিমান আনন্দিত হৈছিল যে তেওঁ নিজৰ ভাৱনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু এইদৰে নকৰা হʼলে তেওঁ এই আশীৰ্বাদবোৰ নাপালেহেঁতেন! w২৩.০৯ ২১ ¶৪-৫

শনিবাৰ, ১৪ জুন

যীচুৱে তেওঁক কʼলে, মই তোমাক কৈছোঁ সাতবাৰ নহয়, কিন্তু ৭৭ বাৰ। —মথি ১৮:২২.

পাঁচনি পিতৰে নিজৰ প্ৰথম চিঠিত একেধৰণৰে কথা কৈছিল। “তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” এনেধৰণৰ প্ৰেমে অকল পাপক নহয়, ‘পাপসমূহক ঢাকে।’ (১ পিত. ৪:৮) হয়তো পিতৰক ক্ষমা কৰাৰ বাবে এই কথা মনত পৰিছিল, যি যীচুৱে তেওঁক বহু সময়ৰ আগতেই শিকাইছিল। সেই সময়ত পিতৰে কৈছিল যে তেওঁ নিজৰ ভাইক ‘সাতবাৰ’ ক্ষমা কৰিব পাৰে। হয়তো তেওঁ নিজকে বৰ দয়ালু বুলি ভাবিছিল। কিন্তু যীচুৱে তেওঁক আৰু আমাক সকলোকে ৭৭ বাৰ ক্ষমা কৰাৰ বিষয়ে সাজু থাকিবলৈ কৈছিল। অৰ্থাৎ ক্ষমা কৰাৰ বিষয়ে আমাৰ কোনো সীমা থকা উচিত নহয়। (মথি ১৮:২১) যদি আপোনাক এই পৰামৰ্শ পালন কৰিবলৈ কঠিন লাগে, তেনেহʼলে নিৰাশ নহʼব। যিহোৱাৰ সকলো অসিদ্ধ সেৱকৰ বাবে আনক ক্ষমা কৰিবলৈ কঠিন লাগিব পাৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে যদি কোনোবাই আপোনাক আঘাত দিছে, তেনেহʼলে তেওঁক ক্ষমা কৰিবলৈ আপুনি যি পাৰে, তাকে কৰক আৰু তেওঁৰ লগত মিলেৰে থাকক। w২৩.০৯ ২৯ ¶১২

দেওবাৰ, ১৫ জুন

মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।—যোনা ২:২.

মাছৰ পেটত থকাৰ সময়ত যোনাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু তেওঁক সহায় কৰিব। ইয়াৰ পাছত মাছটোৱে নিজৰ পেটৰ পৰা যোনাক শুকান মাটিত উলিয়াই দিলে। এতিয়া যোনা যিহোৱাৰ পৰা পোৱা কাম পূৰ কৰিবলৈ সাজু আছিল। (যোনা ২:১০–৩:৪) যদি আপুনি কোনো সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেনেহ’লে আপুনি কেতিয়াবা ইমানে চিন্তিত হৈ পৰিছেনে যে আপুনি ভালদৰে প্ৰাৰ্থনা কৰিব নোৱাৰে বা আপুনি ইমানেই দুৰ্বল অনুভৱ কৰিছে নে যে আপুনি অধ্যয়ন কৰিব পৰা নাই। যদি এইদৰে হৈছে, তেনেহ’লে মনত ৰাখক যিহোৱাই আপোনাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজি পায়। এনে পৰিস্থিতিত যদি আপুনি সৰু-সুৰা প্ৰাৰ্থনা কৰে, তেনেহ’লে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু আপোনাক নিশ্চয় সহায় কৰিব। (ইফি. ৩:২০) যদি আপুনি বেমাৰ হৈছে বা বহুত চিন্তিত হৈ পৰিছে অথবা ভাগৰি পৰিছে, যাৰ বাবে পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ আপোনাৰ শক্তিয়ে নাথাকে, তেনেহ’লে আপুনি আমাৰ প্ৰকাশনবোৰৰ অডিঅ’ শুনিব পাৰে। আপুনি যদি বিচাৰে jw.org-ত ৰাজ্য গীত শুনিব পাৰে বা ভিডিঅ’ চাব পাৰে। যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব আৰু বাইবেল আৰু তেওঁ কৰা আন ব্যৱস্থাবোৰত নিজৰ প্ৰাৰ্থনাৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি যিহোৱাক শক্তি দিবলৈ সুযোগ দিব। w২৩.১০ ১৩ ¶৬; ১৪ ¶৯

সোমবাৰ, ১৬ জুন

পবিত্ৰ আত্মাই জনাইছে যে, তম্বুৰ প্ৰথম কোঁঠালি স্থাপিত থাকেমানে, অতি পবিত্ৰ স্থানৰ ভিতৰলৈ সোমোৱা পথ অথন প্ৰকাশিত নহয়।—ইব্ৰী ৯:৮.

পবিত্ৰ তম্বু আৰু আগলৈ গৈ যিৰূচালেমত যি মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তাৰ মাজত বহুতো মিল আছিল। তাৰ ভিতৰত দুটা ভাগ আছিল। এটা “পবিত্ৰস্থান” আৰু আনটো “অতি পবিত্ৰস্থান।” এই দুয়োটা ভাগৰ মাজত এখন প্ৰভেদক বস্ত্ৰ অৰ্থাৎ পৰ্দা আছিল। (ইব্ৰী ৯:২-৫; যাত্ৰা. ২৬:৩১-৩৩) পবিত্ৰ স্থানত সোনৰ দীপাধাৰ, মেজ, আৰু দৰ্শন-পিঠা আছিল। এই স্থানত কেৱল সেই লোকসকলেহে পবিত্ৰ সেৱা কৰিব পাৰিছিল, যিসকলক পুৰোহিত হিচাপে অভিষেক কৰা হৈছিল। (গণ. ৩:৩, ৭, ১০) অতি পবিত্ৰ স্থানত সোণৰ পতা মৰোৱা নিয়ম-চন্দুক আছিল আৰু ই যিহোৱাৰ উপস্থিতিক চিত্ৰিত কৰিছিল। (যাত্ৰা. ২৫:২১, ২২) কেৱল মহা-পুৰোহিতক পৰ্দাৰ সিপাৰে অৰ্থাৎ অতি পবিত্ৰস্থানত যাবলৈ অনুমতি দিয়া হৈছিল আৰু বছৰত কেৱল এবাৰ প্ৰায়শ্চিত্তৰ দিনাহে তেওঁ তাত যাবলৈ পাৰিছিল। (লেবী. ১৬:২, ১৭) তেওঁ জীৱ-জন্তুৰ তেজ লৈ অতি পবিত্ৰস্থানলৈ গৈছিল যাতে তেওঁ নিজৰ আৰু গোটেই ইস্ৰায়েলী ৰাষ্ট্ৰৰ পাপৰ বাবে প্ৰায়শ্চিত্ত কৰিব পাৰে। আগলৈ গৈ যিহোৱাই প্ৰকাশ কৰিলে যে পবিত্ৰ স্থানৰ এই ভাগে কি কথাবোৰক চিত্ৰিত কৰে।—ইব্ৰী ৯:৬, ৭. w২৩.১০ ২৭ ¶১২

মঙ্গলবাৰ, ১৭ জুন

পৰস্পৰে প্ৰেম কৰা।—যোহ. ১৫:১৭.

ঈশ্বৰৰ বাক্যত আমাক বহু বাৰ এইদৰে কোৱা হৈছে, ‘আমি পৰস্পৰে প্ৰেম কৰা উচিত।’ (১ যোহ. ৪:১১; যোহ. ১৫:১২; ৰোম. ১৩:৮; ১ থিচ. ৪:৯; ১ পিত. ১:২২;) আমাৰ অন্তৰত হয়তো ভাই-ভনীসকলৰ বাবে প্ৰেম আছে। কিন্তু আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ নে নকৰোঁ বুলি কোনেও আমাৰ অন্তৰখন চাব নোৱাৰে। সেইবাবে, আমি প্ৰেম দেখুৱা উচিত। এয়া আমি কেনেকৈ দেখুৱাব পাৰোঁ? আমি নিজৰ কথা আৰু কামৰ যোগেদি দেখুৱাব পাৰোঁ। আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি বহুতো উপায়েৰে দেখুৱাব পাৰোঁ। যেনে, বাইবেলত কোৱা হৈছে, এজনে-আনজনক “সত্য কথা কোৱা।” (জখ. ৮:১৬) “পৰস্পৰে শান্তিৰে থাকা।” (মাৰ্ক ৯:৫০) “সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোম. ১২:১০) “ইজনে সিজনক গ্ৰহণ কৰা।” (ৰোম. ১৫:৭) “পৰস্পৰে ক্ষমা কৰা।” (কল. ৩:১৩) “ইজনে সিজনৰ ভাৰ বৈ” থাকা। (গালা. ৬:২) “পৰস্পৰক শান্ত্বনা দিবা।” (১ থিচ. ৪:১৮) “ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা।” (১ থিচ. ৫:১১) “ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা।”—যাকো. ৫:১৬. w২৩.১১ ৯ ¶৭-৮

বুধবাৰ, ১৮ জুন

আশাৰ কাৰণে আনন্দ কৰা।—ৰোম. ১২:১২.

প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লওঁ, যাৰ বাবে আমাৰ মজবুত বিশ্বাস থকা অতি প্ৰয়োজন। যেনে: বন্ধুত্ব, মনোৰঞ্জন, পঢ়া-লিখা, বিয়া, সন্তান আৰু চাকৰিৰ ক্ষেত্ৰত। সেইবাবে আমি ভাবিব পাৰোঁ, ‘মোৰ নিৰ্ণয়ৰ পৰা কি জানিব পাৰি, অতি সোনকালে ঈশ্বৰে এই জগতখন ধ্বংস কৰি নতুন পৃথিৱী লৈ আহিব বুলি মই বিশ্বাস কৰোঁনে? মই এই জগতৰ লোকসকলৰ দৰে চিন্তা কৰোঁনে, যিসকলে কেৱল আজিৰ কাৰণে জীয়াই থাকে?’ (মথি ৬:১৯, ২০; লূক ১২:১৬-২১) নতুন পৃথিৱীৰ ওপৰত থকা আমাৰ বিশ্বাস যদি আমি মজবুত কৰোঁ, তেনেহʼলে আমি ভাল নিৰ্ণয় লʼব পাৰিম। বহু বাৰ আমি এনে কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, যʼত মজবুত বিশ্বাস থকাটো অতি প্ৰয়োজন। যেনে: হয়তো আমাৰ ওপৰত কিছুমান তাড়না আহিব পাৰে, আমাৰ এনে কিবা বেমাৰ হʼব পাৰে, যি সোনকালে ভাল নহয় নাইবা এনে কিছুমান সমস্যা আহিব পাৰে, যাৰ বাবে আমি নিৰাশ হৈ পৰোঁ। আৰম্ভণিতে আমি সেই সমস্যাবোৰ হয়তো সাহসেৰে সন্মুখীন হওঁ। কিন্তু যেতিয়া সমস্যা দীঘলীয়া সময়লৈকে থাকে, তেতিয়া মজবুত বিশ্বাস থকা অতি প্ৰয়োজন। তেতিয়াহে আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম।—১ পিত. ১:৬, ৭. w২৩.০৪ ২৭ ¶৪-৫

বৃহস্পতিবাৰ, ১৯ জুন

নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা।—১ থিচ. ৫:১৭.

আমি নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰাটো যিহোৱাই বিচাৰে। হয়তো এজন ভায়ে অধিৱেশনত যোৱাৰ বাবে কামৰ পৰা ছুটি পাবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে। যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিব পাৰে? হয়তো তেওঁ সেই ভাইজনক নিজৰ মালিকৰ লগত কথা পাতিবলৈ সাহস দিব পাৰে। কিন্তু মালিকৰ লগত সেই ভাইজনে নিজে কথা পাতিব লাগিব। হয়তো তেওঁ ছুটিৰ বাবে মালিকৰ লগত বাৰে বাৰে কথা পাতিবলগীয়া হ’ব পাৰে বা তেওঁ সেই ছুটিৰ দিনৰ সলনি বেলেগ এদিন কাম কৰি দিব পাৰে বুলি মালিকক ক’ব পাৰে বা সেই ছুটিৰ সলনি তেওঁৰ পইচাও কাটিব পাৰে। আমি নিজৰ সমস্যাৰ বিষয়ে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। যীচুৱে নিজৰ শিষ্য সকলক যি কৈছিল, তাৰ পৰা জানিব পাৰি যে বহু বাৰ আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নাপাবও পাৰোঁ। (লূক ১১:৯) সেইবাবে, আমি হাৰ মনা উচিত নহয়। আমি বাৰে বাৰে প্ৰাৰ্থনা কৰি থকা উচিত। (লূক ১৮:১-৭) যেতিয়া আমি এইদৰে কৰি থাকোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে সেই কথা আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এনে কৰাৰ যোগেদি আমি দেখুৱাওঁ যে যিহোৱাই আমাক সহায় কৰিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে। w২৩.১১ ২২ ¶১০-১১

শুক্ৰবাৰ, ২০ জুন

আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।—ৰোম. ৫:৫.

যিহোৱাই নিজৰ বন্ধু অব্ৰাহামক এটা প্ৰতিজ্ঞা কৰিছিল। তেওঁ কৈছিল যে অব্ৰাহামৰ বংশৰ যোগেদি পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব। (আদি. ১৫:৫; ২২:১৮) অব্ৰাহামৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল। সেইবাবে, ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব বুলি তেওঁৰ বিশ্বাস আছিল। কিন্তু অব্ৰাহামৰ বয়স ১০০ আৰু তেওঁৰ পত্নী চাৰাৰ বয়স ৯০ বছৰ হোৱাৰ পাছতো তেওঁলোকৰ কোনো সন্তান জন্ম হোৱা নাছিল। (আদি. ২১:১-৭) তথাপি অব্ৰাহামৰ যি আশা আছিল, তাৰ বাবে “তেওঁ অনেক জাতিৰ পিতৃ হবলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলে।” (ৰোম. ৪:১৮) আমি জানোঁ যে অব্ৰাহামৰ এই আশা পূৰ হʼল। তেওঁলোকৰ সন্তান ইচ্‌হাকৰ জন্ম হʼল, যাৰ বাবে তেওঁলোকে বহু সময়ৰ পৰা আশাৰে বাট চাই আছিল। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি অব্ৰাহামৰ কিয় বিশ্বাস কৰিছিল? অব্ৰাহামে যিহোৱাৰ বিষয়ে ভালদৰে জানিছিল। সেইবাবে, “ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামৰ” সম্পূৰ্ণ বিশ্বাস আছিল। (ৰোম. ৪:২০, ২১) অব্ৰাহামৰ ইমান বিশ্বাস থকাৰ বাবে যিহোৱাই তেওঁৰ পৰা আনন্দিত আছিল আৰু তেওঁক ভাল ব্যক্তি বুলি কৈছিল।—যাকো. ২:২৩. w২৩.১২ ৮ ¶১-২

শনিবাৰ, ২১ জুন

যিজন সৰু সৰু বিষয়ত বিশ্বাসী তেওঁ ডাঙৰ বিষয়তো বিশ্বাসী আৰু যিজন সৰু সৰু বিষয়ত অবিশ্বাসী, তেওঁ ডাঙৰ বিষয়তো অবিশ্বাসী। —লূক ১৬:১০.

ভৰসাযোগ্য ডেকাসকলে নিজৰ সকলো দায়িত্ব ভালদৰে পূৰ কৰে। এই ক্ষেত্ৰত যীচু সকলোতকৈ ভাল উদাহৰণ হয়। তেওঁ সকলো কামক গুৰুত্বপূৰ্ণভাৱে লৈছিল। যিহোৱাই তেওঁক যিবোৰ কাম দিছিল, সেই সকলো তেওঁ ভালদৰে পূৰ কৰিছিল। বহু বাৰ এইদৰে কৰিবলৈ তেওঁৰ বাবে কঠিন হৈছিল, তথাপি তেওঁ সেইবোৰ পূৰ কৰিছিল। তেওঁ লোকসকলক বহুত প্ৰেম কৰিছিল, বিশেষকৈ নিজৰ শিষ্যসকলক। সেইবাবে, যীচুৱে আনন্দ মনেৰে তেওঁলোকৰ বাবে নিজৰ জীৱন বলিদান দিলে। (যোহ. ১৩:১) গতিকে, ভাইসকল যীচুৰ দৰে হওক আৰু আপোনাক যিয়ে কাম দিয়া হয়, তাক পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰক। যদি আপুনি বুজি নাপায় যে কোনো এটা কাম কেনেকৈ কৰিব লাগে, তেনেহʼলে নম্ৰ হৈ পৰিপক্ক ভাইসকলৰ পৰা সহায় লওক। কেতিয়াও কোনো এটা কাম কেৱল দায়িত্ব হয় বুলি নকৰিব। (ৰোম. ১২:১১) ইয়াৰ পৰিৱৰ্তে আপোনাক যিয়ে কাম দিয়া হয়, তাক ভালদৰে পূৰ কৰক আৰু ‘যি কৰে, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু যিহোৱাৰ উদ্দেশে’ কৰিছোঁ বুলি ভাবি কৰক। (কল. ৩:২৪) এয়া সঁচা যে আপোনাৰ পৰা ভুল হʼব, সেইবাবে নম্ৰ হৈ থাকক আৰু যেতিয়া কিবা ভুল হয়, তেতিয়া তাক মানি লওক।—হিতো. ১১:২. w২৩.১২ ২৬ ¶৮

দেওবাৰ, ২২ জুন

যি পুৰুষে যিহোৱাত নিৰ্ভৰ কৰে, . . . সেই পুৰুষ ধন্য।—যিৰি. ১৭:৭.

যেতিয়া আমি বাপ্তিষ্মা লওঁ আৰু যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰোঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। আমি দায়ূদৰ দৰেই অনুভৱ কৰোঁ। তেওঁ লিখিছে, ‘তোমাৰ চোতাল কেইখনত বাস কৰিবৰ নিমিত্তে যাক [যিহোৱাই] মনোনীত কৰি আনে, সেই জন ধন্য।’ (গীত. ৬৫:৪) যিহোৱাই কোন লোকসকলক নিজৰ চোতালত মাতে বা নিজৰ পৰিয়ালৰ সদস্য কৰি তুলে? যিসকলে সঁচাকৈ তেওঁৰ কাষ চাপিব বিচাৰে। (যাকো. ৪:৮) যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়, তেতিয়া আপুনি বিশ্বাস ৰাখিব পাৰে যে ইয়াৰ পাছত তেওঁ আপোনাক বহুতো “আশীৰ্ব্বাদ” দিব। (মলা. ৩:১০; যিৰি. ১৭:৮) বাপ্তিষ্মা কেৱল আৰম্ভণিহে। ইয়াৰ পাছত আপুনি নিজৰ সমৰ্পণৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব লাগিব, তেতিয়াও যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে। (উপ. ৫:৪, ৫) এতিয়া আপুনি যীচুৰ এজন শিষ্য হয়। সেইবাবে, তেওঁৰ নিচিনা হʼবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আপুনি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত।—মথি ২৮:১৯, ২০; ১ পিত. ২:২১. w২৪.০৩ ৮ ¶১-৩

সোমবাৰ, ২৩ জুন

মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব।—আদি. ২:২৪.

হয়তো আপোনালোকক এজনে-আনজনৰ লগত সময় কটাই ভাল নালাগে। এনে পৰিস্থিতিত আপোনালোকে কি কৰিব পাৰে? জুইৰ উদাহৰণলৈ মন কৰক। জুই জ্বলোৱাৰ লগে লগেই তাত অগ্নি-শিখা বাঢ়িবলৈ নধৰে। আমি তাত লাহে লাহে প্ৰথমে সৰু আৰু পাছত ডাঙৰ খৰি দি থাকিবলগীয়া হয়। ঠিক সেইদৰে আপোনালোকে প্ৰতিদিনে অলপ সময় কটাব পাৰে। এনে কাম কৰিবলৈ চেষ্টা কৰক, যাৰ বাবে আপোনালোকে আনন্দিত হয়। (যাকো. ৩:১৮) এইদৰে যেতিয়া আপোনালোকে এজনে-আনজনৰ লগত অলপ অলপ কৰি সময় কটাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকৰ প্ৰেম আকৌ বাঢ়িবলৈ ধৰিব। পতি-পত্নীসকলে এজনে-আনজনক সন্মান কৰা উচিত। এয়া সেই বতাহৰ দৰে হয়, যাৰ পৰা একেৰাহে জুই জ্বলি থাকে। যদি বতাহ পোৱা নাযায়, তেনেহʼলে সোনকালে জুই নুমাই যাব। ঠিক সেইদৰে যদি পতি-পত্নীসকলে এজনে-আনজনক সন্মান নকৰে, তেনেহʼলে অতি সোনকালে তেওঁলোকৰ প্ৰেম কমি যাব। কিন্তু তেওঁলোকে এজনে-আনজনক সন্মান কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, তেনেহʼলে তেওঁলোকৰ মাজত প্ৰেম বজাই ৰাখিব পাৰিব। কিন্তু এটা কথা মনত ৰাখক, হয়তো আপোনাক লাগিব পাৰে যে আপুনি নিজৰ সংগীক সন্মান কৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্‌ কথা হৈছে, আপোনাৰ সংগীৰো অনুভৱ হʼব লাগিব যে আপুনি তেওঁক সন্মান কৰে। w২৩.০৫ ২২ ¶৯; ২৪ ¶১৪-১৫

মঙ্গলবাৰ, ২৪ জুন

মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।—গীত. ৯৪:১৯.

বাইবেলত এয়া লিখা আছে যে যিহোৱাৰ বিশ্বাসী সেৱকসকলক শত্ৰুসকলে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁলোকে আন সমস্যাবোৰৰ সন্মুখীন হৈ আছিল, তেতিয়া তেওঁলোকেও বহুত ভয় খাইছিল আৰু কপিবলৈ ধৰিছিল। (গীত. ১৮:৪; ৫৫:১, ৫) ঠিক সেইদৰে যিহোৱাৰ সেৱা কৰাৰ কাৰণে আজি হয়তো আমি যিখন স্কুলত পঢ়োঁ তাৰ লʼৰা-ছোৱালী, আমাৰ লগত কাম কৰা লোক, আমাৰ পৰিয়াল বা চৰকাৰে আমাৰ বিৰোধ কৰিব পাৰে। অথবা আমাৰ কিবা ডাঙৰ বেমাৰ হোৱাৰ বাবে আমাৰ জীৱন বিপদত আছে। এনে পৰিস্থিতিত আমি হয়তো বহুত ভয় খাব পাৰোঁ আৰু সহায়হীন অনুভৱ কৰিব পাৰোঁ। আমি হয়তো নিজকে এটি শিশুৰ দৰে অনুভৱ কৰিব পাৰোঁ, যিয়ে একো কৰিব নোৱাৰে। এনে পৰিস্থিতিত যিহোৱাই আমাক কেনেকৈ সহায় কৰে? তেওঁ আমাক শান্ত্বনা আৰু মনৰ শান্তি দিয়ে। সেইবাবে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰক আৰু বাইবেল পঢ়ক। এইদৰে যিহোৱাৰ লগত সময় কটাওক। (গীত. ৭৭:১, ১২-১৪) যদি আপুনি এনে কৰিবলৈ অভ্যাস কৰে, তেনেহʼলে যেতিয়া আপুনি চিন্তিত হʼব, তেতিয়া আপুনি প্ৰথমে নিজৰ পিতৃ যিহোৱাক মাতিব। তেওঁক নিজৰ সকলো সমস্যা খুলি কওক আৰু আপোনাক কিয় ভয় লাগিছে তাৰ বিষয়েও জনাওক। তাৰ পাছত বাইবেল পঢ়ক আৰু যিহোৱাৰ কথা শুনক। তেতিয়া যিহোৱাই আপোনাক শান্ত্বনা দি আছে বুলি আপুনি অনুভৱ কৰিব পাৰিব।—গীত. ১১৯:২৮. w২৪.০১ ২৪-২৫ ¶১৪-১৬

বুধবাৰ, ২৫ জুন

কাৰণ ঈশ্বৰেই . . . তোমালোকৰ অন্তৰত ইচ্ছা জগায় আৰু তাক পূৰ কৰিবলৈ শক্তিও দিয়ে।—ফিলি. ২:১৩.

কিবা লক্ষ্যত উপনীত হʼবলৈ হʼলে তাক পাবলৈ দৃঢ় ইচ্ছা থকাটো অতি প্ৰয়োজন। ইচ্ছা থাকিলেহে আমি লক্ষ্যত উপনীত হʼবলৈ কঠিন পৰিশ্ৰম কৰিম। নিজৰ লক্ষ্যত উপনীত হোৱাৰ যিমানেই বেছি আমাৰ ইচ্ছা থাকিব, সিমানে সোনকালে আমি তাত উপনীত হʼব পাৰিম। গতিকে আপুনি নিজৰ ইচ্ছা বঢ়াবলৈ কি কৰিব পাৰে? নিজৰ লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা বঢ়াবলৈ প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰিলে যিহোৱাই আপোনাক পবিত্ৰ শক্তি দিব। তেতিয়া নিজৰ লক্ষ্যত উপনীত হʼবলৈ আপোনাৰ আৰু বেছিকৈ মন যাব। কেতিয়াবা কেতিয়াবা আমি সেইবাবে লক্ষ্য ৰাখোঁ কিয়নো আমি জানোঁ যে আমি এইদৰে কৰা উচিত আৰু এয়া ভাল কথা। কিন্তু সেই লক্ষ্যত উপনীত হ’বলৈ হয়তো আমাৰ ইচ্ছাই নাই। যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে কি কি কৰিলে তাৰ বিষয়ে চিন্তা কৰক। (গীত. ১৪৩:৫) পাঁচনি পৌলে যেতিয়া মনন কৰিলে যে যিহোৱাই তেওঁৰ ওপৰত কেনেকৈ অনুগ্ৰহ দেখুৱাইছে, তেতিয়া তেওঁ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিলে। (১ কৰি. ১৫:৯, ১০; ১ তীম. ১:১২-১৪) ঠিক সেইদৰে, যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আপোনাৰ ইচ্ছা আৰু দৃঢ় হ’ব।—গীত. ১১৬:১২. w২৩.০৫ ২৭ ¶৩-৫

বৃহস্পতিবাৰ, ২৬ জুন

যিহোৱাৰ নামৰ প্ৰশংসা কৰা। —গীত. ১১৩:১.

যেতিয়া আমি স্বৰ্গত থকা আমাৰ পিতৃৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। (গীত. ১১৯:১০৮) যিদৰে মানুহক প্ৰশংসা আৰু উৎসাহৰ প্ৰয়োজন হয়, ঠিক সেইদৰে যিহোৱাক মানুহৰ পৰা প্ৰশংসা পোৱাৰ প্ৰয়োজন নাই। তথাপিও যেতিয়া আমি তেওঁৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁক ভাল লাগে। যেতিয়া আমি স্বৰ্গত থকা আমাৰ পিতৃ যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া চয়তানে আমাৰ সকলোৰে ওপৰত যি অভিযোগ লগাইছে, সেয়া মিছা হয় বুলি প্ৰমাণ কৰোঁ। সি অভিযোগ কৰিছিল যে কোনো মানুহেই সদায় যিহোৱাৰ নাম প্ৰশংসা কৰি নাথাকিব। সি কয় যে যদি এজন ব্যক্তিৰ ওপৰত সমস্যা আহিব বা তেওঁ ভাবিব যে ঈশ্বৰৰ কথা নামানিলে তেওঁৰ লাভ হʼব, তেনেহʼলে সেই ব্যক্তিজনে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব। (ইয়ো. ১:৯-১১; ২:৪) কিন্তু ঈশ্বৰৰ বিশ্বাসী সেৱক ইয়োবে চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিলে। আপুনিও এইদৰে কৰিব নে? আমাৰ পিতৃ যিহোৱাৰ নামত কোনো কলংক আহিবলৈ নিদিয়া আৰু সদায় বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি তেওঁক আনন্দিত কৰিবলৈ আমাৰ সকলোৰে ওচৰত এটা ভাল সুযোগ আছে। (হিতো. ২৭:১১) সঁচাকৈ, এয়া আমাৰ বাবে বহুত ডাঙৰ সন্মান হয়! w২৪.০২ ৮-৯ ¶৩-৫

শুক্ৰবাৰ, ২৭ জুন

তেওঁৰ ভাববাদীবিলাকত বিশ্বাস কৰা, তাতে তোমালোক কৃতকায্য হবা। —২ বং. ২০:২০.

মোচি আৰু যিহোচূৱাৰ পাছত যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাবলৈ বিচাৰকৰ্ত্তাবিলাকক বাছনি কৰিলে। তাৰ পাছত ৰজাসকলৰ সময়ত যিহোৱাই ভৱিষ্যবক্তাসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাইছিল। বিশ্বাসী ৰজাসকলেও সেই ভৱিষ্যবক্তাসকলৰ কথা শুনিছিল। যেনে, যেতিয়া ভৱিষ্যবক্তা নাথনে ৰজা দায়ূদক তেওঁৰ ভুলৰ বিষয়ে জনাইছিল, তেতিয়া তেওঁ নম্ৰ হৈ নিজৰ ভুল মানি লৈছিল। (২ চমূ. ১২:৭, ১৩; ১ বং. ১৭:৩, ৪) ৰজা যিহোচাফটে ভৱিষ্যবক্তা জহজীয়েলৰ পৰামৰ্শ মানিলে আৰু ঈশ্বৰৰ ভৱিষ্যবক্তাসকলক বিশ্বাস কৰিবলৈ যিহূদাৰ লোকসকলক উৎসাহিত কৰিলে। (২ বং. ২০:১৪, ১৫) ৰজা হিষ্কিয়া যেতিয়া বহুত চিন্তিত আছিল, তেতিয়া তেওঁ ভৱিষ্যবক্তা যিচয়াৰ সহায় লৈছিল। (যিচ. ৩৭:১-৬) যেতিয়া ৰজাসকলে যিহোৱাই দেখুৱা পথত চলিছিল, তেতিয়া যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিছিল আৰু গোটেই ৰাষ্ট্ৰক ৰক্ষা কৰিছিল। (২ বং. ২০:২৯, ৩০; ৩২:২২) এই সকলো চাই যিকোনো লোকে বুজিব পাৰিছিল যে যিহোৱাই ভৱিষ্যবক্তাসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে। w২৪.০২ ২১ ¶৮

শনিবাৰ, ২৮ জুন

তেওঁলোকৰ সহভাগী নহʼবা।—ইফি. ৫:৭.

আমি এনে লোকসকলৰ লগত সংগতি কৰাটো চয়তানে বিচাৰে, যিসকলৰ বাবে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। ইফিচৰ খ্ৰীষ্টানসকলে চʼচিয়েল মিডিয়াৰ পৰা হোৱা বিপদৰ সন্মুখীন হোৱা নাছিল, আমি ইয়াৰ সন্মুখীন হʼবলগীয়া হয়। সেইবাবে, আমি আৰু বেছিকৈ সাৱধান হোৱা উচিত। আমি মনত ৰখা উচিত যে সংগতি কৰাৰ অৰ্থ কেৱল এয়া নহয় যে আমি কাক লগ কৰিছোঁ আৰু কথা পাতিছোঁ। কিন্তু ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে আমি চʼচিয়েল মিডিয়াত কাৰ লগত কথা পাতিছোঁ। এই জগতে অনৈতিক কাম কৰাত একো ভুল নাই বুলি আমাক বাৰে বাৰে বিশ্বাস দিবলৈ চেষ্টা কৰে, কিন্তু আমি জানোঁ যে এয়া ভুল হয়। তথাপিও জগতৰ চিন্তাধাৰাই আমাৰ ওপৰত যাতে প্ৰভাৱ নেপেলাই, তাৰ বাবে আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। (ইফি. ৪:১৯, ২০) আমি নিজকে এইদৰে সোধা উচিত: ‘যিহোৱাৰ মানদণ্ড পালন কৰাৰ বাবে যেতিয়া লোকসকলে মোক ঠাট্টা কৰে বা বেয়াকৈ কয়, তেতিয়াও মই সাহসেৰে কাম কৰোঁ নে আৰু তেওঁৰ মানদণ্ডবোৰ পালন কৰোঁ নে? যিহোৱাৰ মানদণ্ডবোৰ পালন নকৰা লোকসকলৰ লগত বেছিকৈ সময় যাতে নকটাওঁ তাৰ প্ৰতি মই ধ্যান দিওঁ নে, যেনে: একেলগে পঢ়া লʼৰা-ছোৱালী, অফিচৰ লোক আৰু এনেধৰণৰ আন লোকসকল?’ দ্বিতীয় তীমথিয় ২:২০-২২ পদৰ পৰা জানিব পাৰি যে আমি মণ্ডলীতো ভাৱি-চিন্তি বন্ধু বনোৱা উচিত। কিয়নো মণ্ডলীতো এনে কিছুমান লোক থাকিব পাৰে, যিসকলে আমাক যিহোৱাৰ পৰা দূৰ লৈ যাব। w২৪.০৩ ২২-২৩ ¶১১-১২

দেওবাৰ, ২৯ জুন

যিহোৱা অতি স্নেহৱান।—যাকো. ৫:১১.

যিহোৱা দেখাত কেনেকুৱা তাৰ বিষয়ে আপুনি কেতিয়াবা ভাবিছে নে? যদিও আমি যিহোৱাক দেখা নাপাওঁ, কিন্তু বাইবেলত তেওঁৰ বিষয়ে বহুতো কথা লিখা আছে। যেনে, ইয়াত লিখা আছে যে যিহোৱা “সূৰ্য্য” আৰু “ঢাল” হয়, তেওঁ “গ্ৰাসকাৰী অগ্নিস্বৰূপ।” (গীত. ৮৪:১১; ইব্ৰী ১২:২৯) আন এটা ঠাইত যিহোৱাৰ বিষয়ে লিখা আছে তেওঁ সোণ-ৰূপৰ দৰে জিলিকি আছে, নীলকান্ত বাখৰৰ সিংহাসনত বহি আছে আৰু তেওঁৰ চাৰিওফালে মেঘ ধনুৰ নিচিনা উজ্বলতা আছে। (যিহি. ১:২৬-২৮) যিহোৱাক আমি দেখা নাপাওঁ, সেইবাবে তেওঁ আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ কঠিন লাগিব পাৰে। কিছুমান লোকে জীৱনত বহুতো কষ্ট পোৱাৰ বাবে যিহোৱাই তেওঁলোকক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ কঠিন লাগিব পাৰে। এই কথা যিহোৱাই ভালদৰে বুজি পাই আৰু তেওঁ জানে যে কিছুমান লোকক তেওঁৰ কাষ চাপিবলৈ কঠিন লাগে। সেইবাবে, তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় তাক নিজৰ বাক্যত খুলি কৈছে। যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, এই কথাটো যদি এটা শব্দত কʼবলগীয়া হয়, তেনেহʼলে সেয়া হৈছে প্ৰেম। বাইবেলত লিখা আছে যে “ঈশ্বৰ প্ৰেম” হয়। (১ যোহ. ৪:৮) তেওঁ সকলোবোৰ প্ৰেমৰ বাবে কৰে। যিহোৱা প্ৰেমৰ সাগৰ হয়। সেইবাবে, যিসকল লোকে তেওঁক প্ৰেম নকৰে, তেওঁ সেই লোকসকলকো প্ৰেম কৰে।—মথি ৫:৪৪, ৪৫. w২৪.০১ ২৬ ¶১-৩

সোমবাৰ, ৩০ জুন

তেওঁ মেঘ-স্তম্ভত থাকি তেওঁবিলাকক কথা কৈছিল।—গীত. ৯৯:৭.

ইস্ৰায়েলীসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিবলৈ যিহোৱাই মোচিক বাছনি কৰিছিল। যিহোৱাই বহুতো উপায়েৰে প্ৰমাণ কৰিছিল যে তেওঁৱেই মোচিৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে। এই ঘটনাৰ বিষয়ে চিন্তা কৰক। যিহোৱাই দিনত মেঘ স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভৰ ব্যৱস্থা কৰিছিল। (যাত্ৰা. ১৩:২১) মোচিয়ে স্তম্ভৰ পিছে পিছে গৈছিল আৰু ইস্ৰায়েলীসকলক লৈ চুফ সাগৰত গৈ পালে। কিন্তু যেতিয়া ইস্ৰায়েলীসকলে দেখিলে যে ওচৰত চুফ সাগৰ আছে আৰু পিছফালে মিচৰীয়া সেনা বাহিনীয়ে বেগাই আহি আছে, তেতিয়া তেওঁলোকে বহুত ভয় খালে। মোচিয়ে তেওঁলোকক ইয়াত আনি বহুত ডাঙৰ ভুল কৰিলে আৰু এতিয়া তেওঁলোকে ফচি গʼল বুলি তেওঁলোকে ভাবিছিল। কিন্তু এয়া কোনো ভুল নাছিল কিয়নো যিহোৱাই মোচিৰ জৰিয়তে নিজৰ লোকসকলক জানি-শুনি ইয়ালৈ আনিছিল। (যাত্ৰা. ১৪:২) পাছত যিহোৱাই বহুত আচৰিত ধৰণে তেওঁলোকক বচালে। (যাত্ৰা. ১৪:২৬-২৮) ইয়াৰ পাছত ৪০ বছৰলৈকে মোচিয়ে মেঘ স্তম্ভৰ পিছে পিছে গৈ থাকিল। অৰণ্যত যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাই থাকিল। (যাত্ৰা. ৩৩:৭, ৯,১০) সেই স্তম্ভৰ পৰা যিহোৱাই মোচিৰ লগত কথা পাতিছিল আৰু তাক নিৰ্দেশনা দিছিল। তাৰ পাছত মোচিয়ে সেই নিৰ্দেশনাবোৰ লোকসকলক জনাইছিল। সঁচাকৈ ইস্ৰায়েলীসকলে স্পষ্টকৈ চাব পাৰিছিল যে যিহোৱাই মোচিৰ জৰিয়তে তেওঁলোকক পথ দেখুৱাই আছে। w২৪.০২ ২১ ¶৪-৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক