মাটিৰ পাত্ৰত ৰখা আমাৰ ধন
“কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।”—২ কৰিন্থীয়া ৪:৭.
১. যীচুৰ উদাহৰণে আমাক কেনেকৈ উৎসাহিত কৰে?
যেতিয়া যীচু এই পৃথিবীত আছিল যিহোৱাৰ আৰ্হিৰ দ্বাৰা চলি তেওঁ নিজেই মানৱজাতিৰ দুৰ্ব্বলতাৰ বিষয়ে অভিজ্ঞতা হৈছিল। সেইবাবে, নিষ্ঠাৱান হৈ থকা তেওঁৰ উদাহৰণে আমাক কিযে উৎসাহিত কৰে! পাঁচনি পিতৰে আমাক কৈছে: “কাৰণ তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) এই আৰ্হিৰ অনুসাৰে চলি নিজকে দান কৰি যীচুৱে এই জগতক জয় কৰিলে। আৰু তেওঁৰ পাঁচনিসকলকো জয়ী হবলৈ তেওঁ সাহস যোগাইছিল। (পাঁচনিৰ কৰ্ম্ম ৪:১৩, ৩১; ৯:২৭, ২৮; ১৪:৩; ১৯:৮) পাঁচনিসকলৰ সৈতে শেষৰ ভাষণত তেওঁ কিযে উৎসাহজনক উপদেশ দিছিল! তেওঁ কৈছিল: “তোমালোকে মোত যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক কলোঁ। জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।”—যোহন ১৬:৩৩.
২. এই আন্ধাৰময় জগতৰ তুলনাত আমাৰ ওচৰত কি উজ্জ্বলতা আছে?
২ সেইদৰে, “তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তা” আৰু ‘এই যুগৰ দেৱতাৰ’ মাজত পাৰ্থক্য দেখুৱাৰ পাছত, পাঁচনি পৌলে আমাৰ মূল্যৱান প্ৰচাৰ কাৰ্য্যৰ বিষয়ে কৈছিল: “কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে; আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদ্বিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো বিনষ্ট নহওঁ।” (২ কৰিন্থীয়া ৪:৪, ৭-৯) ঈশ্বৰৰ আত্মাই আমাক এই দৰে গঢ়িলে যে আমি দুৰ্ব্বল “মাটিৰ পাত্ৰ” হোৱাৰ স্বত্বেও চয়তানৰ জগতক সম্পূৰ্ণৰূপে জয় কৰিব পাৰো।—ৰোমীয়া ৮:৩৫-৩৯; ১ কৰিন্থীয়া ১৫:৫৭.
প্ৰাচীন ইস্ৰায়েলক গঢ় দিয়া
৩. যিহুদী ৰাষ্ট্ৰৰ গঢ়ৰ বিষয়ে যিচয়াই কেনেকৈ বৰ্ণনা কৰিছিল?
৩ যিহোৱাই মাত্ৰ এজন ব্যক্তিকে নহয়, কিন্তু গোটেই ৰাষ্ট্ৰক গঢ় দিয়ে। উদাহৰণস্বৰূপে, যেতিয়া প্ৰাচীন ইস্ৰায়েলসকলে নিজকে গঢ় দিবলৈ যিহোৱাৰ হাতত সমৰ্পন কৰিছিল তেতিয়া তেওঁলোকে সুখী আছিল। কিন্তু শেষলৈ তেওঁলোকে অবাধ্যতা হʼল। ইয়াৰ পৰিণামস্বৰূপে ইস্ৰায়েলসকলে নিজৰ ওপৰত “সন্তাপ” কঢ়িয়াই আনিলে। (যিচয়া ৪৫:৯) সা.যু.পু আঠ শতাব্দীত, যিচয়াই ইস্ৰায়েলসকলৰ গভীৰ পাপৰ বিষয়ে যিহোৱাক কৈছিল: “হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, আৰু তুমি আমাৰ কুমাৰ; আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য্য। . . . আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হল।” (যিচয়া ৬৪:৮-১১) ইস্ৰায়েলসকলে নিজকে এনে এটা পাত্ৰ বাবে গঢ়িলে যিটো মাত্ৰ বিনাশৰ বাবে যোগ্য আছিল।
৪. যিৰিমিয়াই কি উদাহৰণক প্ৰদৰ্শিত কৰি দেখুৱালে?
৪ এটা শতাব্দীৰ পাছত, যেতিয়া সেই ৰাষ্ট্ৰৰ ওপৰত বিচাৰৰ দিন ওচৰ চাপিল যিহোৱাই যিৰিমিয়াক কলে যে মাটিৰে তৈয়াৰ কৰা কিছুমান টেকেলি আৰু যিৰূচালেমৰ কিছুমান বৃদ্ধ লোকসকলক লৈ হিন্নোমৰ সমতল ভূমিলৈ যাবলৈ নিৰ্দ্দেশনা দিলে: “পাছে তোমাৰ লগত যোৱা পুৰুষবিলাকৰ আগতে তুমি সেই টেকেলিটো ভাঙি পেলাবা, আৰু তেওঁবিলাকক কবা, বাহিনীবিলাকৰ যিহোৱাই এইদৰে কৈছে, কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰায় বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম; তাতে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে লোকবিলাকে তাত মৰা শৱ পুতি থাকিব।”—যিৰিমিয়া ১৯:১০, ১১.
৫. ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ কেনেধৰণৰ সোধ-বিচাৰ আহিছিল?
৫ সা.যু.পূ. ৬০৭ চনত, নবূখদ্নেচৰে যিৰূচালেম আৰু ইয়াৰ মন্দিৰ ধ্বংস কৰে আৰু জীৱিত থকা যিহুদীসকলক বাবিল লৈ বন্দী কৰি লৈ যায়। দেশান্তৰ হোৱা ৭০ বছৰৰ পিছত যিহুদীসকলৰ নিজৰ ভুলবোৰৰ বাবে অনুতাপ কৰে আৰু যিৰূচালেমলৈ ঘুৰি আহি মন্দিৰ নিৰ্মাণ কৰিবলৈ সমৰ্থ হʼল। (যিৰিমিয়া ২৫:১১) তথাপি, সা.যু. প্ৰথম শতাব্দীত, ৰাষ্ট্ৰই পুনৰ মহান কুমাৰক ত্যাগ দিলে আৰু অৱশেষত তেওঁলোক নৈতিক দিশৰ পৰা ইমানে তললৈ পৰি যায় যে তেওঁলোকে ঈশ্বৰৰ নিজৰ পুত্ৰক হত্যা কৰি সকলোতকৈ ঘৃণিত অপৰাধ কৰিলে। সা.যু. ৭০ চনত, যিহুদী ৰীতি-ব্যৱস্থাক আঁতৰাবলৈ ৰোমীয়া বিশ্ব শক্তিত তেওঁৰ কাৰ্য্যনিৰ্বাহকৰূপে ব্যৱহাৰ কৰি যিৰূচালেম আৰু ইয়াৰ মন্দিৰক ছাৰখাৰ কৰিলে। ইয়াৰ পিছত, যিহোৱাই ইস্ৰায়েল জাতিক “পবিত্ৰতাৰ আৰু গৌৰৱ” হব বাবে নিজৰ হাতেৰে আৰু কেতিয়াও গঢ় নিদিলে।a
এক আধ্যাত্মিক ৰাষ্ট্ৰ গঢ়া
৬, ৭. (ক) কেনেকৈ পৌলে আধ্যাত্মিক ইস্ৰায়েলৰ গঢ় দিয়াৰ বিষয়ে বৰ্ণনা কৰিছে? (খ) “অনুগ্ৰহ পাত্ৰবিলাকৰ” সম্পূৰ্ণ সংখ্যা কিমান আৰু কেনেকৈ ইয়াক গঢ়া হʼল?
৬ যিসকল যিহুদীয়ে যীচুক গ্ৰহণ কৰিলে তেওঁলোক এক নতুন ৰাষ্ট্ৰ, আধ্যাত্মিক “ঈশ্বৰৰ ইস্ৰায়েলৰ“ ভিক্তিৰ সদস্যৰূপে গঢ় দিয়া হʼল। (গালাতীয়া ৬:১৬) তেনেহʼলে, পৌলে কোৱা কথাষাৰ সচাঁ আছিল: “একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে? ঈশ্বৰে নিজ ক্ৰোধ দেখুৱাবৰ, আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে, যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰবিলাকক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, আৰু যিবিলাকক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহ পাত্ৰবিলাকত নিজ প্ৰতাপৰূপ ধন জনাবৰ অভিপ্ৰায়ো সাধন কৰিলে।”—ৰোমীয়া ৯:২১-২৩.
৭ যীচু পুনৰুত্থান হোৱাৰ পাছত প্ৰকাশ কৰিলে যে সেই “অনুগ্ৰহ পাত্ৰবিলাকৰ” সংখ্যা হৈছে ১৪৪,০০০ জন। (প্ৰকাশিত বাক্য ৭:৪; ১৪:১) কিয়নো ইস্ৰায়েলসকলৰ দ্বাৰা এই সংখ্যা সম্পূৰ্ণ হব নোৱাৰিলে, সেইবাবে যিহোৱাই পৰজাতিসকলক তেওঁৰ দয়া দেখুৱালে, আৰু তেওঁলোকৰ দ্বাৰা এই সংখ্যা পূৰ্ণ কৰিলে। (ৰোমীয়া ১১:২৫, ২৬) কম অভিজ্ঞতা থকা খ্ৰীষ্টানৰ মণ্ডলী অতি সোনকালে বৃদ্ধি হবলৈ ধৰিলে। আৰু ৩০ বছৰৰ ভিতৰতে শুভবাৰ্ত্তা “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত” কৰা হʼল। (কলচীয়া ১:২৩) সেইবাবে, ঠাইয়ে ঠাইয়ে গঠিত হোৱা বহুতো মণ্ডলীবোৰক সঠিক তত্বৱধান লোৱাৰ আৱশ্যকতা আহিল।
৮. প্ৰথম প্ৰশাসন গোষ্ঠী কোনে গঠন কৰিলে আৰু কেনেকৈ এই গোষ্ঠী বৃদ্ধি হবলৈ ধৰিলে?
৮ যীচুৱে ১২ জন পাঁচনিক প্ৰথম প্ৰশাসন গোষ্ঠী সদস্য হবলৈ প্ৰস্তুত কৰিলে, ইয়াৰ লগতে তেওঁলোকক আৰু অন্যলোকক পৰিচৰ্য্যা কাৰ্য্যৰ বাবে প্ৰশিক্ষণ দিলে। (লূক ৮:১; ৯:১, ২; ১০:১, ২) সা.যু. পেনটিকৱচ্ট্ ৩৩ চনত, খ্ৰীষ্টান মণ্ডলী স্থাপন হʼল আৰু সময়ৰ লগে-লগে প্ৰশাসন গোষ্ঠী বিস্তাৰ হোৱাত ‘যিৰূচালেমৰ পাঁচনি আৰু বৃদ্ধলোকক’ সন্মিলিত কৰা হʼল। যদিও, যীচুৰ অৰ্ধভাতৃ যাকোব পাঁচনি নাছিল, হয়তো তেওঁ বহু বছৰৰ লৈকে অধ্যক্ষতাৰূপে কাৰ্য্য কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১২:১৭; ১৫:২, ৬, ১৩; ২১:১৮) বুৰঞ্জীবিদ এচৌবিয়াচ্ৰ মতে, পাঁচনিসকলক অত্যাচাৰৰ প্ৰধান লক্ষ্যৰূপে কৰা হʼল আৰু তেওঁলোকক আন-আন ঠাইত পঠোৱা হʼল। আৰু সেইমতে প্ৰশাসন গোষ্ঠীৰ গঠন কৰা হʼল।
৯. কি দুঃখজনক পৰিস্থিতিৰ সম্পৰ্কে যীচুৱে ভৱিষ্যতবাণী কৰিছিল?
৯ প্ৰথম শতাব্দীৰ শেষৰফালে, ‘শত্ৰু, চয়তানে’ “স্বৰ্গৰাজ্যৰ” উত্তৰাধিকাৰী যি ভাল কঠীয়া, তাৰ মাজত বিনৈ বনৰ গুটি সিচিবলৈ আৰম্ভ কৰিলে। যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে এই দুঃখজনক পৰিস্থিতি দাবৰ সময়লৈকে অৰ্থাৎ ‘জগতৰ শেষলৈকে’ চলি থাকিব। তেতিয়া আকৌ, ‘ধাৰ্ম্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব।’ (মথি ১৩:২৪, ২৫, ৩৭-৪৩) কেতিয়া সেইটো হব?
বৰ্তমান সময়ৰ ঈশ্বৰৰ ইস্ৰায়েলক গঢ় দিয়া
১০, ১১. (ক) ঈশ্বৰৰ ইস্ৰায়েলক বৰ্তমান সময়ত কেনেকৈ গঢ় দিয়া হʼল? (খ) খ্ৰীষ্টীয়জগত আৰু নিষ্ঠাবান বাইবেল বিদ্যাৰ্থীসকলৰ মাজত কি বিপৰীত শিক্ষা পোৱা গʼল?
১০ চন ১৮৭০ পিট্চবাৰ্গ, পেনচিলভেনিয়া, আমেৰিকাত চাৰ্লচ টাজে ৰাচেল এটা বাইবেল অধ্যয়নৰ গ্ৰুপ গঠন কৰে। ১৮৭৯ চনত তেওঁ মাহেকীয়া আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে যাক বৰ্তমান সময়ত প্ৰহৰীদূৰ্গ নামেৰে জনা যায়। তেওঁলোকক বাইবেল বিদ্যাৰ্থী নামেৰে জনা গʼল আৰু তেওঁলোকে অতি সোনকালে বুজি পালে যে খ্ৰীষ্টীয়জগতে বাইবেলৰ বিৰুদ্ধে গৈ অশাস্ত্ৰীয় ধৰ্ম্মহীন শিক্ষাবোৰক গ্ৰহণ কৰিলে যেনে, আত্মা অমৰত্ব, নৰকাগ্নি, আত্মাৰ পাপ বিমোচন স্থান, ত্ৰিমূৰ্ত্তি ঈশ্বৰ আৰু শিশুৰ বাপ্তিষ্মা।
১১ অধিক গুৰুত্বপূৰ্ণ বিষয় এই যে এই বাইবেল সত্যৰ প্ৰেমীসকলে বাইবেলৰ মূল শিক্ষাক পুনৰ সংস্থাপন কৰিলে যেনে, যীচুৰ মুক্তিস্বৰূপ বলিদানৰ দ্বাৰা উদ্ধাৰ আৰু ঈশ্বৰৰ ৰাজ্য অধীনত এক শান্তিপূৰ্ণ পৰমদেশ পৃথিৱীত অনন্ত জীৱনৰ বাবে পুনৰুত্থান। তাতোতকৈ মহত্বপূৰ্ণ, গোটেই বিশ্বৰ সাৰ্ব্বভৌম প্ৰভু যিহোৱাৰ ঈশ্বৰৰ অতি সোনকালে হবলগীয়া নিৰ্দোষী সাব্যস্ত কৰণৰ ওপৰত গুৰুত্ব দিলে। বাইবেল বিদ্যাৰ্থীসকলে বিশ্বাস কৰিছিল যে প্ৰভুৰ প্ৰাৰ্থনাৰ উত্তৰ অতি সোনকালে দিয়া হব: “আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওঁক। তোমাৰ ৰাজ্য হওঁক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওঁক।” (মথি ৬:৯, ১০) তেওঁলোকক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা এক শান্তি-প্ৰেমী খ্ৰীষ্টানৰ বিশ্বব্যাপী সংগঠন হিচাবে গঠিত কৰা হʼল।
১২. বাইবেল বিদ্যাৰ্থীসকলে গুৰুত্বপূৰ্ণ তাৰিখটো কেনেকৈ বিচাৰি উলিয়ালে?
১২ দানিয়েল ৪ অধ্যায় আৰু অন্য ভৱিষ্যতবাণী গভীৰভাৱে অধ্যয়ন কৰা পাছত বাইবেল বিদ্যাৰ্থীসকলে বিশ্বাস কৰিলে যে যীচু মচীহা ৰজাৰূপে অতি সোনকালে উপস্থিত হব। তেওঁলোকে বুজিলে যে ১৯১৪ চনত “পৰজাতি মানুহৰ কাল” শেষ হব। (লূক ২১:২৪; যিহিষ্কেল ২১:২৬, ২৭) বাইবেল বিদ্যাৰ্থীসকলে একেৰাহে তেওঁলোকৰ কাৰ্য্য বিস্তাৰিত কৰি যাব ধৰিলে আৰু গোটেই আমেৰিকাত ‘বাইবেল ক্লাচ’ স্থাপন কৰিলে (যাক পিছলৈ মণ্ডলী বুলি কোৱা হʼল)। ১৯০০ চনৰ আৰম্ভণিত তেওঁলোকৰ বাইবেল শিকোৱাৰ কাৰ্য্য, ইউৰোপ আৰু অষ্ট্ৰেলিয়া লৈকে বিস্তাৰিত কৰিলে। সুব্যৱস্থা স্থাপনৰ আৱশ্যকতা আহি পৰিল।
১৩. বাইবেলে বিদ্যাৰ্থীসকলে কি চৰকাৰী স্বীকৃতি প্ৰাপ্ত কৰিলে, আৰু সংস্থাৰ প্ৰথম সভাপতিয়ে কি উল্লেখনীয় সেৱা আগবঢ়ালে?
১৩ বাইবেল বিদ্যাৰ্থীসকলক চৰকাৰী হিচাবে স্বীকৃতি পাবলৈ, ১৮৮৪ চনত আমেৰিকাত জায়ন ৱাচটাৱাৰ ট্ৰেক্ট চোচাইটি আৰু পিট্চবাৰ্গ, পেনচিলভেনিয়াত থকা ইয়াৰ মুখ্যালয় সৈতে সন্মিলিত কৰা হʼল। ইয়াৰ সঞ্চালকসকলে এটা কেন্দ্ৰীয় প্ৰশাসন গোষ্ঠী হিচাপে কাৰ্য্য কৰিলে আৰু গোটেই বিশ্বব্যাপীত ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক নিৰীক্ষণ কৰিলে। সংস্থাৰ প্ৰথম সভাপতি, চাৰ্লচ টি. ৰাচেলে, ছয় খণ্ডৰ শাস্ত্ৰবচনৰ অধ্যয়ন (ইংৰাজী) লিখিলে আৰু প্ৰচাৰৰ কাৰ্য্য দূৰলৈকে বিস্তাৰিত কৰিবলৈ যাত্ৰা কৰিলে। তাৰ লগে-লগে, তেওঁ নিজৰ বাইবেল অধ্যয়ন আৰম্ভ কৰা আগতে যি কিছু পুঞ্জী জমা কৰিছিল, সেইবোৰ গোটেই বিশ্ব চলি থকা ৰাজ্যৰ হিতৰ বাবে দান কৰিলে। ১৯১৬ চনত, যেতিয়া মহা যুদ্ধ ইউৰোপত চলি আছিল ক্লান্ত হোৱা ভাই ৰাচেল প্ৰচাৰৰ বাবে যাত্ৰা কৰি থাকোতে মৃত্যু হʼল। তেওঁ নিজৰ সকলো সা-সম্পত্তি ঈশ্বৰৰ ৰাজ্য সাক্ষী দিয়া কাৰ্য্য বৃদ্ধি কৰিবলৈ দান কৰিলে।
১৪. কেনেকৈ জে. এফ. ৰাদাৰফৰ্ডে “উত্তম যুদ্ধত প্ৰাণপণ” যুজঁ কৰিলে? (২ তীমথিয় ৪:৭)
১৪ যোচেফ এফ. ৰাদাৰফৰ্ড, যিজন মিজুৰীত এজন অস্থায়ী বিচাৰক হিচাপে কাৰ্য্য কৰিছিল, তেওঁ দ্বিতীয় সভাপতি হʼল। তেওঁ সাহসৰে বাইবেলৰ সত্যক বৃদ্ধি কৰিলে আৰু পৰিণামস্বৰূপে খ্ৰীষ্টীয়জগতৰ পাদ্ৰীবৰ্গই ‘আইনৰ আৰঁ লৈ অত্যাচাৰ কৰিবলৈ’ ৰাজনৈতিকৰ সৈতে যোগদান দিলে। ১৯১৮ চনৰ, জুন ২১ তাৰিখে, ভাই ৰাদাৰফৰ্ড আৰু অন্য সাতজন বাইবেল বিদ্যাৰ্থীসকলক ওপৰত বহুত অভিযোগ লগোৱা হʼল আৰু প্ৰত্যেক অভিযোগৰ বাবে ১০ বা ২০ বছৰৰ লৈকে কাৰাবাসত ৰাখিবলৈ আজ্ঞা জাৰী কৰা হʼল। বাইবেল বিদ্যাৰ্থীসকলে এনেই বহি নাথাকিল কিন্তু তাৰ বিপৰীতে তেওঁলোকে মোকৰ্দ্দমা দিলে। (গীতমালা ৯৪:২০; ফিলিপীয়া ১:৭) আপীল কৰাৰ বাবে তেওঁলোকক মাৰ্চ ২৬, ১৯১৯ চনত কাৰাগাৰৰ পৰা ৰেহাই দিলে আৰু পিছলৈ ৰাজদ্ৰোহ বুলি মিছা অভিযোগ পৰা সম্পূৰ্ণৰূপে নিৰ্দোষী বুলি ঘোষণা কৰিলে।b এই অনুভৱে তেওঁলোকক সত্যক সাহসৰে সমৰ্থন কৰিবলৈ গঢ় দিলে। মহা বাবিলৰ বিৰোধিতা স্বত্বেও তেওঁলোকে শুভবাৰ্ত্তা ঘোষণা কৰা আধ্যাত্মিক যুদ্ধত যিহোৱাৰ সহায়ৰ দ্বাৰা জয়ী হবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিবলৈ দৃঢ় সঙ্কল্প ললে। মহা বাবিলৰ বিৰুদ্ধে যুদ্ধ, বৰ্তমান সময় অৰ্থাৎ ১৯৯৯ চনৰ লৈকে চলি আছে।—মথি, অধ্যায় ২৩, যোহন ৮:৩৮-৪৭ তুলনা কৰক।
১৫. চন ১৯৩১ ঐতিহাসিক ৰূপে কিয় মহত্বপূৰ্ণ আছিল?
১৫ চন ১৯২০ আৰু ১৯৩০ শতিকাত, ঈশ্বৰৰ অভিষিক্ত ইস্ৰায়েলে মহান কুমাৰৰ অধীনত একেৰাহে গঠিত হৈ থাকিল। বাইবেলৰ পৰা পোৱা ভৱিষ্যতবাণীৰ পোহৰ জিলিকনিয়ে ঈশ্বৰৰ মহিমা আনিলে আৰু যীচুৰ মচীহা ৰাজ্যৰ কেন্দ্ৰীভূত কৰিলে। ১৯৩১ চনত বাইবেল বিদ্যাৰ্থীসকলে অতি আনন্দিত হয় যেতিয়া তেওঁলোকে নতুন নাম, যিহোৱাৰ সাক্ষী হিচাবে গ্ৰহণ কৰে।—যিচয়া ৪৩:১০-১২; মথি ৬:৯, ১০; ২৪:১৪.
১৬ আৰু বক্সত চাওঁক। কেতিয়া ১৪৪,০০০ সৰ্ব্বমুঠ সংখ্যা পূৰ্ণ হʼল আৰু ইয়াৰ কি প্ৰমাণ আছে?
১৬ চন ১৯৩০ শতিকাত, এনে দৃষ্টিগোচৰ হʼল যে ১৪৪,০০০ যিসকল “আমন্ত্ৰিত, মনোনীত, আৰু বিশ্বাসী” লোক আছিল, তেওঁলোকৰ সংখ্যা পূৰ্ণ হʼল। (প্ৰকাশিত বাক্য ১৭:১৪; বক্সত চাওঁক।) আমি নাজানো যে প্ৰথম শতাব্দীত কিমানজন অভিষিক্ত লোক একত্ৰিত কৰা হৈছিল আৰু এইটো গম নাপাওঁ যে খ্ৰীষ্টীয়জগতৰ মহা ধৰ্মত্যাগীৰ এন্ধাৰ শতিকাৰ সময়ত উৎপন্ন হোৱা ‘বিনৈ গুটি’ পৰা কিমানজনক গোটোৱা হৈছিল। কিন্তু ১৯৩৫ চনত গোটেই বিশ্বত গড় হিচাবে ৫৬,১৫৩ সংখ্যাৰ ভিতৰত সৰ্ব্বমূঠ ৫২,৪৬৫ জন প্ৰচাৰক আছিল, যিসকলে স্মাৰক প্ৰতীকত ভাগ লৈ দেখুৱালে যে তেওঁলোকৰ স্বৰ্গীয় আশা আছে। অনেক লোক যিসকলক এতিয়ালৈকে একগোট কৰা হোৱা নাই তেওঁলোকৰ ভৱিষ্যত কি হব?
‘চোৱা! এক বৰ লোকসমূহ’
১৭. চন ১৯৩৫-ত কি ইতিহাসিত ঘটনা ঘটে?
১৭ ৱাচিঙটন, ডি.চি., আমেৰিকাত ১৯৩৫ চনত, ৩০ মেʼৰ পৰা ৩ জুনৰ লৈকে হোৱা অধিৱেশনত, ভাই ৰাদাৰফৰ্ডে এটা অতি মহত্বপূৰ্ণ ভাষণ দিয়ে যিটোৰ বিষয় আছিল “সেই বৰ লোকসমূহ।” এই সমূহে, যাক “কোনেও গণিব নোৱাৰা,” তেতিয়াহে দেখিব যেতিয়া আধ্যাত্মিক ইস্ৰায়েলৰ ১৪৪,০০০ জনৰ ওপৰত মোহৰ লগোৱা কাম সমাপ্ত হব। এই সমূহেও “মেৰ পোৱালি” অৰ্থাৎ যীচুৰ “তেজেৰে” মুক্তিস্বৰূপে দিয়া শক্তিক বিশ্বাস কৰিব আৰু উপাসনাৰ বাবে প্ৰৱন্ধ কৰা যিহোৱাৰ মন্দিৰত পবিত্ৰ সেৱা সমৰ্পণ কৰিব। এক সমূহৰূপে তেওঁলোক জীৱিত অৱস্থাত ‘মহা-ক্লেশৰ পৰা ওলাই আহিব’ আৰু পৃথিৱীৰ পৰমদেশত নিবাস কৰিব যʼত “মৃত্যু আৰু নহব।” সেই অধিৱেশনৰ কিছু বছৰৰ আগৰে পৰা এই সমূহক যোনাদব বুলি কোৱা হʼল।—প্ৰকাশিত বাক্য ৭:৯-১৭; ২১:৪; যিৰিমিয়া ৩৫:১০.
১৮. কি ক্ষেত্ৰত ১৯৩৮ চন উপযুক্ত বছৰ আছিল?
১৮ স্পষ্টৰূপে এই দুই বৰ্গৰ চিনাক্ত কৰা উপযুক্ত বছৰ আছিল ১৯৩৮ চন। মাৰ্চ ১৫ আৰু এপ্ৰিল ১, ১৯৩৮ চনৰ প্ৰহৰীদূৰ্গ (ইংৰাজী) আলোচনীত দুই-ভাগত অধ্যয়নৰ বিষয় “তেওঁৰ জাক” প্ৰস্তুত কৰিলে আৰু অভিষিক্ত অৱশিষ্ট লোক আৰু তেওঁলোকৰ সঙ্গী আৰু বৰ লোকসমূহৰ নিজ নিজ স্থানৰ স্পষ্টীকৰণ কৰিলে। তাৰ পাছত জুন ১ আৰু জুন ১৫ সংখ্যাত যিচয়া ৬০:১৭ পদৰ উপৰত ভিক্তি কৰি “সংগঠন” অধ্যয়ন বিষয় প্ৰকাশিত কৰিলে। সকলো মণ্ডলীক কোৱা হ‘ল যে নিজৰ মণ্ডলীত স্থানীয় সেৱকৰ নিযুক্তিৰ বাবে প্ৰশাসন গোষ্ঠীলৈ যাতে আৱেদন জনাই, আৰু এইদৰে এক উত্তম, ঈশ্বৰ-শাসিত ব্যৱস্থা আৰম্ভ হʼল। মণ্ডলীবোৰে সেইদৰে কাৰ্য্য কৰিলে।
১৯ আৰু ফুটনোট। কি ঘটনাই ইয়াৰ স্পষ্টীকৰণ কৰিলে যে ‘অন্য মেৰক’ এতিয়া প্ৰায় ৬০ বছৰতকৈও অধিক বছৰৰ পৰা সাৰ্বজনিকৰূপে মতা হৈছে?
১৯ চন ১৯৩৯ যিহোৱাৰ সাক্ষীসকলৰ বছৰেকীয়া কিতাপ (ইংৰাজী) ৰিপৰ্টত লিখিলে: “বৰ্তমান সময়ত পৃথিবীত থকা খ্ৰীষ্ট যীচুৰ যিসকল অভিষিক্ত অনুগামীসকল আছে তেওঁলোকক সংখ্যা একেবাৰে তাকৰ আৰু তেওঁলোকৰ সংখ্যা কেতিয়াও বৃদ্ধি কৰা নহব। ইয়াক বাইবেলত ঈশ্বৰৰ সংগঠন, চিয়োনৰ “অৱশিষ্ট লোক“ বুলি কোৱা হʼল। (প্ৰকাশিত বাক্য ১২:১৭) এতিয়া প্ৰভুৱে নিজেই ‘অন্য মেৰক’ গোট খুৱাইছে, যিসকল ‘বৰ লোকসমূহ’ হব। (যোহন ১০:১৬) যিসকলক বৰ্তমান সময়ত একগোট কৰা হৈছে তেওঁলোক হৈছে অৱশিষ্ট লোকৰ সহযোগীসকল, আৰু যিসকল অৱশিষ্ট লোকৰ সৈতে কাৰ্য্য কৰিছে। সেই সময়ৰ পৰা ‘অন্য মেৰৰ’ লোকৰ সংখ্যা তেতিয়ালৈকে বৃদ্ধি হব যেতিয়ালৈকে “বৰ লোকসমূহ” একগোট হয় নাযায়। অভিষিক্ত অৱশিষ্ট লোকক এনেদৰে গঢ় দিয়া হʼল যাতে তেওঁলোকে বৰ লোকসমূহক একত্ৰিত কৰাৰ প্ৰতি চোৱাচিতা কৰিব পাৰে। বৰ্তমান বৰ লোকসমূহকো গঢ় দিয়া হব।c
২০. সংগঠনৰ প্ৰণালীত ১৯৪২ চনত কি পৰিবৰ্তন কৰা হʼল?
২০ জানুৱাৰী ১৯৪২ চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি থাকে, তেতিয়া যোচেফ ৰাদাৰফৰ্ডৰ মৃত্যু হয় আৰু তেওঁ স্থানত নেথন ন্ৰ সভাপতি হয়। সংস্থাৰ তৃতীয় সভাপতিক অতি সাদৰে স্মৰণ কৰা হয়, কিয়নো তেওঁ মণ্ডলীবোৰত ঈশ্বৰ-শাসিত স্কুল আৰু মিচনেৰীসকলক শিক্ষিত কৰিবলৈ গিলিয়ড স্কুল আৰম্ভ কৰিলে। ১৯৪৪ চনত হোৱা সংস্থা বছৰেকীয়া সভাত, তেওঁ ঘোষণা কৰিলে যে সংস্থাৰ দলীল পুনৰাই সংশোধন কৰা হৈছে যাতে ভৌতিক ৰূপে কৰা দানৰ আধাৰিত নহয় কিন্তু আধ্যাত্মিক ওপৰত আধাৰিত কৰিহে ইয়াৰ সদস্য বনোৱা হয়। ৩০ বছৰৰ সময়ত, ক্ষেত্ৰত কাৰ্য্য কৰা লোকসকলৰ সংখ্যা বিশ্বজুৰি ১৫৬,২৯৯ পৰা ২,১৭৯,২৫৬ লৈ বৃদ্ধি পালে। ১৯৭১-৭৫ বছৰৰ সময়ত সংগঠনৰ প্ৰণালীবোৰত আৰু পৰিবৰ্তন কৰা আৱশ্যকতা আহি পৰিল। সভাপতি ৰূপে কাৰ্য্য কৰা মাত্ৰ এজন ব্যক্তিয়ে বিশ্বৰ হৈ থকা ৰাজ্য কামৰ ওপৰত চকু ৰাখিবলৈ নোৱাৰা হʼল। প্ৰশাসন গোষ্ঠী, যাৰ সদস্যসকলে বাৰে-বাৰে অধ্যক্ষতা কৰিছিল, সেই অভিষিক্ত সদস্যসকলৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি কৰা হʼল। তেওঁলোকৰ প্ৰায় আধা সংখ্যক লোকে পৃথিবীত তেওঁলোকৰ জীৱন কাল সমাপ্ত কৰিলে।
২১. ৰাজ্যৰ বাবে সৰু জাকটিৰ সদস্যসকলক কিহে যোগ্য কৰিলে?
২১ সৰু জাকটিৰ বাকী থকা সদস্যসকলক কেইবা দৰ্শকো পৰা হৈ যোৱা পৰিক্ষাৰ দ্বাৰা গঢ় দিয়া হʼল। তেওঁলোক বহুত সাহসী, কিয়নো ইয়াত কোনো সন্দেহ নাই যে তেওঁলোক ‘আত্মাৰ সাক্ষী’ পালে। যীচুৱে তেওঁলোকক কৈছিল: “তোমালোক মোৰ সকলো পৰিক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা; আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেই দৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ। তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়লৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।”—ৰোমীয়া ৮:১৬, ১৭; লূক ১২:৩২; ২২:২৮-৩০.
২২, ২৩. কেনেকৈ সৰু জাক আৰু অন্য মেৰক গঢ় দিয়া হৈছে?
২২ যেনেকৈ পৃথিবীত অভিষিক্ত অৱশিষ্টৰ লোকৰ সংখ্যা তাকৰ হৈ গৈছে, বিশ্বজুৰি প্ৰায় সকলো মণ্ডলীৰ আধ্যাত্মিক নিৰীক্ষণৰ কৰা দায়ীত্ব বৰ লোকসমূহৰ পৰিপক্ক ভাইসকলক দিয়া হৈছে। আৰু বাকী থকা বৃদ্ধ অভিষিক্ত সাক্ষীসকলে যেতিয়া পৃথিবীত নিজৰ জীৱনকাল সমাপ্ত কৰিব, অন্য মেৰৰ ৰাজকুমাৰ চেৰীমক পৃথিবীত অধিপতি বৰ্গৰূপে শাসন কৰা কৰ্তব্যবোৰক সম্পূৰ্ণ কৰিবলৈ ভাল দৰে প্ৰশিক্ষিত কৰা হব।—যিহিষ্কেল ৪৪:৩; যিচয়া ৩২:১.
২৩ সৰু জাক আৰু অন্য মেৰ, এই দুয়োকে, একেৰাহে সমানভাৱে অনুগ্ৰহ পাত্ৰ হিচাবে গঢ় দিয়া হৈছে। (যোহন ১০:১৪-১৬) আমাৰ আশা ‘নতুন আকাশত’ হওঁক বা ‘নতুন পৃথিবীতে’ হওঁক, আমি সকলো চিত্তৰে যিহোৱাৰ নিমন্ত্ৰণক স্বীকাৰ কৰা উচিত: “মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকবিলাকক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।” (যিচয়া ৬৫:১৭, ১৮) মাটিৰ দ্বাৰা নিৰ্মাণ কৰা মানুহ যি আমি, সদায় নম্ৰতাৰে সেৱা কৰা উচিত আৰু যাতে “শক্তিৰ বাহুল্যতা”—ঈশ্বৰৰ পবিত্ৰ আত্মাৰ শক্তিৰ—দ্বাৰা গঢ়া হয়।—২ কৰিন্থীয়া ৪:৭; যোহন ১৬:১৩.
[Footnotes]
a ইস্ৰায়েলৰ দৰে বৰ্তমান সময়ৰ ধৰ্মত্যাগী খ্ৰীষ্টানজগতে যিহোৱাৰ পৰা আহিবলগীয়া এই ধৰণৰ সোধ-বিচাৰৰ সাৱধানবাণীক শুনক।—১ পিতৰ ৪:১৭, ১৮.
b ৰ্জজ মানটন, যিজন এজন ৰোমান কেথলিক আছিল, বাইবেলৰ বিদ্যাৰ্থীসকলক জামিনত এৰি দিবলৈ অস্বীকাৰ কৰে, কিন্তু পাছলৈ তেওঁ নিজে ঘোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।
c বিশ্বজুৰি ১৯৩৮ চনত ৭৩,৪২০ জন লোক স্মৰণীয় পৰ্ব্বৰ উদ্যাপনত উপস্থিত হৈছিল, যʼত ৩৯,২২৫ জন লোকে—উপস্থিত থকা ৫৩ শতাংশ লোক—প্ৰতীকত ভাগ লৈছিল। ১৯৯৮ চনত স্মৰণীয় পৰ্ব্বৰ উদ্যাপনত উপস্থিত হোৱা সংখ্যা বৃদ্ধি হৈ ১৩,৮৯৬,৩১২ জন হʼল যʼত মাত্ৰ ৮,৭৫৬ জনহে ভাগ লৈছিল। প্ৰত্যেক ১০ খন মণ্ডলীত স্মাৰক ভাগ লোৱা সংখ্যা গড় হিচাবে এজনতকৈও কম আছিল।
আপুনি স্মৰণ কৰেনে?
◻ নিজৰ পিতৃৰ দ্বাৰা আৰ্হিত চলি, যীচু আমাৰ বাবে কেনেধৰণৰ আদৰ্শ ৰাখিলে?
◻ প্ৰাচীন ইস্ৰায়েলত গঢ় দিয়া কি কাৰ্য্য হʼল?
◻ কেনেকৈ বৰ্তমান সময়ৰ লৈকে ‘ঈশ্বৰৰ ইস্ৰায়েলক’ গঢ় দিয়া হৈছে?
◻ কি উদ্দেশ্যৰ বাবে ‘অন্য মেৰক’ গঢ় দিয়া হৈছে?
[Box on page 18]
খ্ৰীষ্টীয়জগতক গঢ় দিয়া
গ্ৰীচ দেশৰ এথেনৰ পৰা পঠোৱা এক এচোচিয়েট প্ৰেছে গ্ৰীক অৰ্থডক্স গীৰ্জাত, অলপতে নিযুক্ত কৰা মুখীয়ালৰ বিষয়ে এইদৰে ৰিপৰ্ট দিয়ে: “যদি চোৱা যায় তেওঁ এজন শান্তিৰ দুত হোৱা উচিত। কিন্তু গ্ৰীক অৰ্থডক্স গীৰ্জাৰ নেতাই এনেদৰে ব্যৱহাৰ কৰে যে যেনিবা তেওঁ যুদ্ধৰ বাবে প্ৰস্তুতিত লাগি থকা জেনেৰেলহে।”
“‘যদি আৱশ্যক হয় তেনেহʼলে আমি তেজ দিবলৈ আৰু নিজকে ত্যাগ দিবলৈ সাজু। গীৰ্জা ৰূপে আমি শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ . . . কিন্তু সময়ত আৱশ্যকতাৰ অনুসৰি ধৰ্মীয় অস্ত্ৰ-শস্ত্ৰ উঠাবলৈ আৰ্শীব্বাদ দিওঁ,’ এই অলপতে ‘এজামচন অফ দা ভাৰজিন হলি দে’ সময়ত আৰ্কবিচপ খ্ৰীৰ্চটডোলচ্ এইদৰে মন্তব্য দিয়ে। ‘এজামচন অফ দা ভাৰজিন হলি দে’-ক গ্ৰীচৰ হস্ত সৈনিকসকলৰ দিৱসৰূপে পালন কৰা হয়।”
[Box on page 19]
“আৰু যোগ কৰা নহব!”
১৯৭০ চনত গিলিয়েদ গ্ৰেজুৱেচনৰ সময়ত, ৱাচটাৱাৰ চোচাইটিৰ সেই সময়ৰ উপ-সভাপতি, ফ্ৰেডৰিক ফ্ৰান্সে বিদ্যাৰ্থীসকলক সেই সম্ভাৱনাৰ বিষয়ে কʼলে সেই বিদ্যাৰ্থীসকলক, যিসকল পৃথিবীত জীয়াই থকা আশা কৰা অন্য মেৰসকল আছে, হয়তো এনে এজন ব্যক্তিক বাপ্তিস্মা দিবলৈ পৰিব যিজনে অভিষিক্ত অৱশিষ্ট লোক হোৱাৰ দাবী কৰিব পাৰে। কি এইটো হব পাৰেনে? যিহেতু তেওঁলোকক বুজোৱা হৈছিল যে বাপ্তাইজিত কৰা যোহন এজন অন্য মেৰৰ লোক আছিল কিন্তু তেওঁ যীচু আৰু কিছুমান পাঁচনিসকল বাপ্তিষ্মা দিছিল। ইয়াৰ পিছত তেওঁ সুধিলে যে অৱশিষ্ট লোকসকলক একগোট হবলৈ অতিৰিক্ত আমন্ত্ৰণ জনোৱা হবনে নাই। “নহয়, আৰু যোগ কৰা নহব!” তেওঁ কʼলে। “আমন্ত্ৰণ ১৯৩১-৩৫ চনত শেষ হʼল। ইয়াৰ পাছত অতিৰিক্ত লোকক যোগ কৰা নহব। তেনেহʼলে অলপতে সঙ্গতি কৰা নতুন লোকসকল কোন যিসকলে স্মাৰক প্ৰতীকত ভাগ লৈছে? যদি তেওঁলোক অৱশিষ্টৰ ভাগ হয়, তেনেহʼলে তেওঁলোক হৈছে প্ৰতিস্থাপিত লোক! তেওঁলোকক অভিষেক শাৰীৰৰ অতিৰিক্ত লোক নহয় কিন্তু তেওঁলোকক সেই লোকসকলৰ স্থানত দিয়া হʼল যিসকল হয়তো বিশ্বাসৰ পৰা পৰি গʼল।”
[Picture on page 15]
আমি সেৱা কৰা সম্পদক কিমান মুল্যাঙ্কান কৰোঁ!
[Picture on page 16]
প্ৰাচীন ইস্ৰায়েলসকল এনে পাত্ৰ হʼল যি মাত্ৰ ধ্বংস বাবে উপযুক্ত আছিল