ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৮/১ পৃষ্ঠা ১১-১৬
  • “নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা”
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • জগতত প্ৰবল হোৱা আত্মা
  • যিহোৱা নম্ৰ লোকৰ ফালে থাকে
  • নম্ৰ হবলৈ শিকক
  • সঠিক মনোবৃত্তি
  • আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ আৰ্হিক অনুকৰণ কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৮/১ পৃষ্ঠা ১১-১৬

“নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা”

“ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে।”—১ পিতৰ ৫:৫.

১, ২. কি দুটা মূখ্য গুণে মানৱজাতিৰ আচাৰ-ব্যৱহাৰত প্ৰভাৱিত কৰে?

ঈশ্বৰৰ বাক্যই দুটা মূখ্য গুণৰ বিষয়ে বৰ্ণনা কৰিছে। এই দুয়ো গুণ মানৱজাতিৰ আচৰণত গভীৰভাৱে প্ৰভাৱিত কৰে। ইয়াৰে এটা হৈছে “নম্ৰতা।” (১ পিতৰ ৫:৫) এখন অভিধানে “নম্ৰতা” শব্দক “আচাৰ-ব্যৱহাৰ বা আত্মাত বিনতি: আক্ৰমণাত্মক অহঙ্কাৰৰ পৰা মুক্ত” ৰূপে বৰ্ণনা কৰা হৈছে। সেইবাবে নম্ৰতা গুণৰ অন্য এটা অৰ্থ হৈছে দীনতা, আৰু ঈশ্বৰৰ দৃষ্টিভঙ্গীত ই এটা অতি মনোহৰ গুণ।

২ আন এটা গুণ হৈছে অহঙ্কাৰ যিটো নম্ৰতাৰ একেবাৰে বিপৰীত। ইয়াক “অতিপাত স্বয়ং-আত্মগৰ্ব” ৰূপে বৰ্ণনা কৰা হৈছে, যাৰ অৰ্থ হৈছে “আনক হীনৰূপে গন্য কৰা।” এনে ব্যক্তি স্বাৰ্থপৰ হয় আৰু নিজৰ সন্তুষ্টিৰ বাবে ধন-সম্পত্তি আৰু অন্য বস্তুবোৰৰ পাছত যায়, আৰু তেনে ব্যক্তিয়ে অন্য ব্যক্তিৰ লাভ হোৱাটো নিবিচাৰে। বাইবেলে এনে ব্যক্তিৰ পৰিণাম বৰ্ণনা কৰিছে: “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” বাইবেলে কৈছে যে ইয়াৰ বাবে “মানুহ ওচৰ-চুবুৰীয়াৰ পৰা ঈৰ্ষ্যাপ্ৰাপ্ত হয়।” কিন্তু এই সকলোবোৰ “অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ,” কিয়নো মৃত্যুত তেওঁ “পৰিশ্ৰমৰ ফলৰ মাজত হাতত লৈ যাব পৰা খিনিও লগত লৈ যাব নোৱাৰে।” সেইবাবে এনেধৰণৰ অহঙ্কাৰ ঈশ্বৰৰ দৃষ্টিত অতি অবাঞ্ছনীয় গুণ।—উপদেশক ৪:৪; ৫:১৫; ৮:৯.

জগতত প্ৰবল হোৱা আত্মা

৩. জগতত প্ৰবল হোৱা আত্মা কি?

৩ এই দুই গুণৰ ভিতৰত কোনটো গুণ এই জগতত প্ৰবল হোৱা আত্মাৰে প্ৰভাৱিত? জগতত প্ৰবল হোৱা আত্মাৰ অৰ্থ কি? ৱৰ্লড মিলেটেৰী আৰু চচিয়েল এক্সপেনডিচন ১৯৯৬ কিতাপখনত বাখ্যা কৰিছে: “আজি ২০ শতাব্দীত চাৰিওফালে যিমান বৰ্বৰ জঘন্য . . . হিংসা বিয়পি পৰিছে, ইয়াৰ আগত কোনো শতাব্দীতে এনেধৰণৰ হোৱা নাছিল।” এই শতাব্দীত ৰাজনৈতিক আৰু অৰ্থনৈতিক শক্তিৰ মাজত প্ৰতিদ্বন্দিতা—লগতে জাতীয়তা, ধৰ্ম্ম, গোষ্ঠীগত আৰু বিধৰ্মী আচৰণত ১০০ কোটি লোকৰ প্ৰাণ হানি হʼল। স্বাৰ্থপৰ লোক ক্ৰমে বৃদ্ধি হʼল। চিকাগু ট্ৰিবিউন নামৰ বাতৰি কাকতত ব্যাখ্যা কৰিছে: “নিৰ্বোধ, হিংসা, সৰু-সৰু লৰা-ছোৱালীৰ সৈতে অপব্যৱহাৰ, বিবাহ-বিচ্ছেদ, মদ্যাসিক্ত, এইড্‌ছ, ডেকা লৰা-ছোৱালীয়ে কৰা আত্মহত্যা, মাদক দ্ৰব্য সেৱন, অপৰাধী দল, বলৎকাৰ, অবৈধ সন্তান জন্ম, গৰ্ভপাত, কামোত্তেজক, . . . মিছা কোৱা, প্ৰবঞ্চক, ৰাজনৈতিক ভ্ৰষ্টাচাৰ, এইবোৰে আজি আমাৰ সমাজক ধ্বংস কৰি পেলাইছে। . . . আজি ভাল আৰু বেয়াৰ মাজত কোনো পাৰ্থক্য নাই।” সেইবাবে এই ইউএন ক্ৰʼনিকল নামৰ বাতৰি কাকতে সাৱধানবাণী দিছে: “আজিৰ সমাজ ভাঙি চিন্ন-ভিন্ন হৈ গʼল।”

৪, ৫. বৰ্তমান জগতৰ বিচাৰ-ধাৰাৰ বিষয়ে বাইবেলত কি ভৱিষ্যতবাণী কৰা হৈছিল?

৪ গোটেই বিশ্বতে এনেদৰে ঘটনাবোৰ বিয়পি আছে। এইবোৰ ঠিক বাইবেলত ভৱিষ্যতবাণী কৰাৰ দৰে দেখা যায়: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়।”—২ তীমথিয় ৩:১-৪.

৫ আজি জগতৰ বিচাৰধাৰা বিষয়ে ই কিযে এক সঠিক বৰ্ণনা। আজিৰ জগতত স্বাৰ্থপৰ চিন্তা-ধাৰা ইমানে বৃদ্ধি হৈছে যে ‘অহং’ ভাৱ প্ৰথমে আহে। এই চিন্তা-ধাৰা কেৱল দুই ব্যক্তিৰ মাজতে নহয়, কিন্তু দুই ৰাষ্ট্ৰৰ মাজতো দেখা যায়। উদাহৰণস্বৰূপে, খেল-ধেমালী, প্ৰত্যেক খেলুৱৈয়ে প্ৰথম স্থান পোৱাটো বিচাৰে, আৰু সেইবাবে কেতিয়াও চিন্তা নকৰে যে ইয়াত আনলোকে শৰীৰ বা মানসিকভাৱে কিমান আঘাত পায়। স্বাৰ্থপৰ আত্মা লৰা-ছোৱালীৰ মনত উৎপন্ন কৰা হয়, যিটো তেওঁলোকে ডাঙৰ হোৱাৰ পাছত স্থিৰ হৈ থাকে। পৰিণামস্বৰূপে লোকসকলৰ মাজত “শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদৰ” দৰে গুণ সোমাই পৰে।—গালাতীয়া ৫:১৯-২১.

৬. স্বাৰ্থপৰ চিন্তা-ধাৰা কোনে উত্তেজিত কৰে, আৰু বাহ লোৱা এই চিন্তা-ধাৰাৰ প্ৰতি যিহোৱাই কেনেদৰে দৃষ্টি ৰাখে?

৬ বাইবেলে দেখুৱাইছে যে বৰ্তমান জগতৰ আত্মা কেন্দ্ৰিত শক্তি এনেকৈ প্ৰতিফলিত হৈছে যেনেকৈ “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” এই কঠিন শেষ কালত চয়তানে লোকসকলৰ ওপৰত যি প্ৰভাৱ পেলাইছে, ইয়াৰ বিষয়ে বাইবেলত ভৱিষ্যতবাণী কৰা হৈছে: “হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” (প্ৰকাশিত বাক্য ১২:৯-১২) সেইবাবে চয়তান আৰু তাৰ সঙ্গী দুষ্টাত্মাবোৰে নিজৰ ফালৰ পৰা উত্তেজিত কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছে যে সকলো মানুহৰ মনত স্বাৰ্থপৰতা চিন্তা-ধাৰা যাতে ভালদৰে বাহ লব পাৰে। কিন্তু যিহোৱাই এই চিন্তা-ধাৰাৰ প্ৰতি কেনেদৰে অনুভৱ কৰে? তেওঁৰ বাক্যই কৈছে: “অহঙ্কাৰী মনৰ প্ৰত্যেক লোক যিহোৱাৰ ঘিণলগীয়া।”—হিতোপদেশ ১৬:৫.

যিহোৱা নম্ৰ লোকৰ ফালে থাকে

৭. যিহোৱাই নম্ৰ লোকসকলক কিদৰে দৃষ্টি কৰে, আৰু তেওঁ আমাক কি শিকায়?

৭ আনহাতে, যিসকল নম্ৰ হৃদয়ৰ লোক তেওঁলোকক যিহোৱাই আৰ্শীব্বাদ কৰে। যিহোৱালৈ গীত গাওঁতে, ৰজা দায়ূদে কৈছিল: “তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।” (২ চমূৱেল ২২:১, ২৮) সেইবাবে ঈশ্বৰৰ বাক্যই পৰামৰ্শ দিছে: “যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিবীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।” (চফনিয়া ২:৩) যিসকলে দীনতাৰে যিহোৱাক বিচাৰে, এই জগতে প্ৰতিফলিত কৰা আত্মা একেবাৰে বিপৰীত আত্মা উৎপন্ন কৰিবলৈ তেওঁ তেওঁলোকক শিকায়। তেওঁ “নম্ৰবিলাকক নিজৰ পথৰ বিষয়ে শিক্ষা দিয়ে।” (গীতমালা ২৫:৯; যিচয়া ৫৪:১৩) সেই পথ হৈছে প্ৰেমৰ পথ। ই ঈশ্বৰৰ মানদণ্ডৰ মতে যিটো ভাল তাৰ ওপৰত নিৰ্ভৰশীল। বাইবেল অনুসাৰে, মৌলিক প্ৰেমে “ঈৰ্ষা নকৰে; প্ৰেমে আত্মা-গৌৰব নকৰে . . ., নিজৰ লাভ নিবিচাৰে।” (১ কৰিন্থীয়া ১৩:১-৮) ই আপোনা-আপোনি নম্ৰতা প্ৰতিফলিত কৰে।

৮, ৯. (ক) মৌলিক প্ৰেমৰ উৎস কি? (খ) যীচুৱে দেখুৱা প্ৰেম আৰু দীনতা অনুকৰণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?

৮ যীচুৰ শিক্ষাৰ পৰা পৌল আৰু আন প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে এই প্ৰেম শিকিছিল। আৰু যীচুৱে এইটো তেওঁৰ পিতৃ, যিহোৱাৰ পৰা শিকিছিল, যিগৰাকীৰ বিষয়ে বাইবেলে কৈছে: “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) যীচুৱে জানিছিলে যে প্ৰেমৰ ব্যৱস্থাৰ দ্বাৰা তেওঁ জীৱন-যাপন কৰাটো তেওঁৰ বাবে ঈশ্বৰৰ ইচ্ছা আছিল আৰু তেওঁ সেইদৰে কৰিলে। (যোহন ৬:৩৮) সেইবাবে তেওঁ নিপীড়িত, দুখীয়া, পাপী লোকক দয়া দেখুৱাইছিল। (মথি ৯:৩৬) তেওঁ তেওঁলোকক কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ।”—মথি ১১:২৮, ২৯.

৯ যীচুৱে তেওঁৰ শিষ্যসকলক তেওঁৰ প্ৰেম আৰু দীনতাক অনুকৰণ কৰাৰ বিষয়ে গুৰুত্ব দেখুৱাই তেওঁলোকক কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) এই আত্ম কেন্দ্ৰিত জগতৰ পৰা নিজকে পৃথক কৰি ৰাখিবলৈ আছিল। সেইবাবে যীচুৱে তেওঁৰ অনুগামীসকলৰ বিষয়ে কব পাৰিলে: “তেওঁবিলাকো তেনেকৈ জগতৰ” নহয়। (যোহন ১৭:১৪) তেওঁলোকে অহঙ্কাৰ আৰু চয়তানৰ জগতত প্ৰতিফলিত হোৱা স্বাৰ্থপৰ আত্মা অনুকৰণ নকৰে। তাৰ পৰিবৰ্তে, তেওঁলোকে যীচুৱে দেখুৱাৰ দৰে প্ৰেমৰ আত্মা আৰু দীনতা অনুকৰণ কৰে।

১০. যিহোৱাই বৰ্তমান সময়ত নম্ৰ লোকসকলৰ সৈতে কি কৰিছে?

১০ ঈশ্বৰৰ বাক্যই ভৱিষ্যতবাণী কৰিছে যে এই শেষ কালত, নম্ৰ লোকবিলাকে এক বিশ্বব্যাপী সমাজত একত্ৰিত হোৱাৰ উপক্ৰম, যাৰ মূল আধাৰ হৈছে প্ৰেম আৰু দীনতা। সেইবাবে অতিশয়ৰূপে বৃদ্ধি হোৱা অহঙ্কাৰ জগতৰ মাজত থকাৰ স্বত্তেও, যিহোৱাৰ লোকসকলে বিপৰীত গুণ প্ৰতিফলিত কৰে—নম্ৰতা। তেনে এজন নম্ৰ লোকে কৈছে: “বʼলা, আমি যিহোৱাৰ পৰ্ব্বতটিলৈ [তেওঁৰ উচ্চ সত্য উপাসনা] . . . উঠি যাওহঁক; তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিম।” (যিচয়া ২:২, ৩) এই বিশ্বব্যাপী সমাজ যিহোৱাৰ সাক্ষীয়ে গঠিত কৰিছে, যিসকলে ঈশ্বৰৰ পথত চলে। এই পৰিয়ালত এনে “এক বৰ লোকসমূহ” সন্মিলিত আছে যাৰ সংখ্যা দিন প্ৰতি দিন বৃদ্ধি হৈ আহিছে আৰু যিসকল “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ” পৰা আহিছে। (প্ৰকাশিত বাক্য ৭:৯) এই বৰ লোকসমূহত লাখ-লাখ লোক আছে। কিন্তু যিহোৱাই তেওঁলোকক নম্ৰ হবলৈ কেনেকৈ শিক্ষা দিছে?

নম্ৰ হবলৈ শিকক

১১, ১২. ঈশ্বৰৰ সেৱকসকলে কেনেকৈ নম্ৰতা প্ৰদৰ্শিত কৰে?

১১ ঈশ্বৰৰ আত্মা সেই লোকসকলৰ ওপৰত কাৰ্য্য কৰিছে যিসকলে তেওঁৰ বাক্য শুনে। আৰু ই তেওঁলোকে এই জগতত প্ৰতিফলিত কৰা বেয়া চিন্তা-ধাৰাৰ ওপৰত বিজয় যাত্ৰা অব্যাহত ৰাখিবলৈ আৰু আত্মাৰ ফল উৎপন্ন কৰিবলৈ সহায় কৰে যেনে “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন।” (গালাতীয়া ৫:২২, ২৩) এই গুণবোৰক বিকাশিত কৰিবলৈ, ঈশ্বৰৰ সেৱকসকলক পৰামৰ্শ দিয়া হৈছে যে “ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসুয়া কৰি, অনৰ্থক দৰ্প” যেন নকৰে। (গালাতীয়া ৫:২৬) ঠিক সেইদৰে পাঁচনি পৌলে কৈছে: “মই তোমালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে,”—ৰোমীয়া ১২:৩.

১২ ঈশ্বৰৰ বাক্যই সত্য খ্ৰীষ্টানসকলক কৈছে যে “বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা; প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক।” (ফিলিপীয়া ২:৩, ৪) “প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৪) হয়, যেতিয়া আমাৰ মাজত প্ৰেম হব তেতিয়া আমি এজনে আনজনৰ সৈতে নিস্বাৰ্থৰে কথা-বতৰা হম আৰু নিস্বাৰ্থৰে কাৰ্য্য কৰিম যাতে “ধৰ্ম্মত বৃদ্ধি” হব পাৰোঁ। (১ কৰিন্থীয়া ৮:১) এই প্ৰেমে প্ৰতিদ্বন্দিতা নকৰে কিন্তু সহযোগী হৈ কাৰ্য্য কৰিবলৈ খ্ৰীষ্টান লোকসকলক সহায় কৰে। সেইবাবে যিহোৱাৰ সেৱকসকলৰ মাজত অহং মনোভাৱ শক্তিৰ কোনো স্থান নাই।

১৩. কিয় নম্ৰতা শিকাৰ প্ৰয়োজন আৰু ব্যক্তিয়ে কেনেকৈ ইয়াক শিকিব পাৰে?

১৩ তথাপি, আমি জন্মৰে পৰা অসিদ্ধ, সেইবাবে আমি নম্ৰতা গুণৰ সৈতে জন্মা নহওঁ। (গীতমালা ৫১:৫) এই গুণ পাবলৈ নিশ্চয় আৱশ্যক শিক্ষামূল। আৰু এইটো হয়তো কঠিন হব পাৰে যিসকলে যিহোৱাৰ পথ সৰুৰে পৰা নলয়, কিন্তু ডাঙৰ হোৱাৰ পাছতেহে গ্ৰহণ কৰিছে। সৰুৰে পৰাই তেওঁলোকৰ ব্যক্তিত্ব এই জগতৰ ৰীতি-নীতিৰে অনুকৰনীয়। সেইবাবে তেওঁলোকে নিজৰ ‘পুৰাতন পুৰুষক পূৰ্ব্বকালৰ আচাৰ-ব্যৱহাৰক’ সলাই থৈ “সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক” পিন্ধিবলৈ শিকাৰ আৱশ্যক। (ইফিচীয়া ৪:২২, ২৪) ঈশ্বৰৰ সহায়ৰ দ্বাৰা সত্য হৃদয়ৰ লোকসকলে তেওঁৰ এই আৱশ্যকতাক পূৰ্ণ কৰিব পাৰে: “ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।” (হেলনীয়া মূদ্ৰণ আমাৰ।)—কলচীয়া ৩:১২.

১৪. নিজকে উচ্চ কৰাৰ বিষয়ে যীচুৱে কি কৈছিল?

১৪ যীচুৰ শিষ্যসকলে এইবোৰ শিকিছিল। তেওঁলোক প্ৰাপ্তবয়স্ক হোৱাৰ পাছতে তেওঁৰ শিষ্য হৈছিল আৰু সেইবাবে তেওঁলোকৰ মনত প্ৰতিদ্বন্দিতা কৰা জাগতিক আত্মা আছিল। যেতিয়া তেওঁলোকৰ দুজনৰ মাতৃয়ে পুত্ৰৰ বাবে মৰ্য্যদা বিচাৰিছিল, যীচুৱে কৈছিল: “পৰজাতিৰ শাসনকৰ্ত্তাসকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু ডাঙৰীয়াসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। তোমালোকৰ মাজত তেনে নহব; কিন্তু যি দৰে মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল, সেইদৰে যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক, আৰু যি কোনোৱে তোমালোকৰ মাজত শ্ৰেষ্ঠ হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক।” (মথি ২০:২০-২৮) যেতিয়া যীচুৱে তেওঁৰ শিষ্যসকলক নিজকে ডাঙৰ দেখুৱাবৰ বাবে উপাধি ব্যৱহাৰ নকৰিবলৈ কৈছিল, তেওঁ ইয়াকো কৈছিল: “তোমালোক সকলো ভাই ভাই।”—মথি ২৩:৮.

১৫. অধ্যক্ষ হবলৈ অভিলাষ ৰখা লোকসকলৰ কি মনোবৃত্তি হোৱা উচিত?

১৫ যীচুৰ সত্য অনুগামীসকলে নিজৰ সঙ্গী অনুগামীসকলৰ সেৱক, হয়, এজন দাস হোৱাৰ আৱশ্যক। (গালাতীয়া ৫:১৩) এইটো বিশেষকৈ সেই লোকসকলৰ বাবে আৱশ্যক যিসকল মণ্ডলীত অধ্যক্ষ হব বিচাৰে। তেওঁলোক উচ্চ হবলৈ বা অধিকাৰ পাবলৈ কেতিয়াও প্ৰতিযোগিতা কৰা উচিত নহয়; আৰু ‘যিসকলক তেওঁলোকক দিয়া হৈছে, তেওঁলোকৰ ওপৰত প্ৰভুত্ব নকৰি, তেওঁলোকে জাকৰ বাবে আৰ্হি হোৱা উচিত।’ (১ পিতৰ ৫:৩) দৰাচলতে, যিজনে স্বাৰ্থপৰ আত্মা ৰাখে সেই ব্যক্তিয়ে সূচনা দিয়ে যে তেওঁ অধ্যক্ষ হোৱাৰ যোগ্য নহয়। তেনেধৰণৰ লোক মণ্ডলীৰ বাবে অনিষ্টকাৰী হব পাৰে। হয়, ‘অধ্যক্ষ হোৱা অভিলাষ’ ৰখাটো ভুল নহয়, কিন্তু এই অভিলাষ অন্য খ্ৰীষ্টানৰ ওপৰত অধিকাৰ কৰিবলৈ নহয়, বৰং তেওঁলোকৰ সেৱা কৰিবলৈ হোৱা উচিত। অধ্যক্ষ হোৱা অৰ্থ এইটো নহয় যে ব্যক্তিজনে উচ্চ পদ বা অধিকাৰ পাই, কিন্তু অধ্যক্ষসকলক মণ্ডলীৰ সকলোতকৈ নম্ৰ ব্যক্তি হোৱা উচিত।—১ তীমথিয় ৩:১, ৬.

১৬. কিয় দিয়ত্ৰিফিৰ নিন্দাকৰণ ঈশ্বৰৰ বাক্যত অন্তভুক্ত কৰা হʼল?

১৬ পাঁচনি যোহনে এনে এক ব্যক্তিৰ প্ৰতি আমাৰ ধ্যান আকৰ্ষিত কৰিছে যাৰ দৃষ্টিভঙ্গী ভুল আছিল। তেওঁ কৈছে: “মই মণ্ডলীলৈ কিবাকিবি লিখিছিলোঁ; কিন্তু তেওঁবিলাকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমাত স্বীকাৰ নকৰে।” সেই ব্যক্তিজনে নিজকে উচ্চ কৰিবলৈ আন লোকক নিৰাদৰ কৰিছিল। কিন্তু, ঈশ্বৰৰ পবিত্ৰ আত্মা যোহনক প্ৰেৰিত কৰিলে যে দিয়ত্ৰিফিৰ অহং মনোভাৱৰ বিষয়ে যি নিন্দা কৰা হʼল তাক বাইবেলত যাতে অন্তভুক্ত কৰে।—৩ যোহন ৯, ১০.

সঠিক মনোবৃত্তি

১৭. পিতৰ, পৌল আৰু বাৰ্ণব্বাই কেনেদৰে নম্ৰতা গুণ প্ৰদৰ্শন কৰিলে?

১৭ সঠিক মনোবৃত্তি, নম্ৰতাৰ বিষয়ে বাইবেলত বহুতো উদাহৰণ আছে। যেতিয়া পিতৰে কৰ্ণীলিয়ৰ ঘৰত প্ৰৱেশ কৰিলে সেই ব্যক্তিজনে “তেওঁৰ [পিতৰৰ] চৰণত পৰি প্ৰণাম কৰিলে।” কিন্তু এই উপাসনা গ্ৰহণ কৰাৰ পৰিবৰ্তে “পিতৰে তেওঁক তুলি কলে, উঠা ময়ো মানুহহে।” (পাঁচনিৰ কৰ্ম্ম ১০:২৫, ২৬) যেতিয়া পৌল আৰু বাৰ্ণব্বাই লুস্ত্ৰা নগৰত আছিল, পৌলে এজন জন্মতে খোৰা মানুহক আৰোগ্য কৰিলে। পৰিণামস্বৰূপে, লোকসমূহে পাঁচনিসকলক দেৱতা বুলি আখ্যান দিলে। কিন্তু পৌল আৰু বাৰ্ণব্বাই “কাপোৰ ফালি, লোকসমূহৰ মাজলৈ লৰি গৈ ৰিঙিয়াই কলে, হে মানুহবিলাক, এনে কৰ্ম্ম কিয় কৰিছা? আমিও তোমালোকৰ নিচিনা সুখ-দুখ ভোগী মানুহহে।” (পাঁচনিৰ কৰ্ম্ম ১৪:৮-১৫) এই নম্ৰ খ্ৰীষ্টানসকলে মানুহৰ পৰা প্ৰশংসা গ্ৰহণ নকৰিলে।

১৮. এজন শক্তিশালী স্বৰ্গদূতে নম্ৰতা প্ৰকাশ কৰি যোহনক কি কলে?

১৮ যেতিয়া পাঁচনি যোহনক ‘যীচুৰ খ্ৰীষ্টৰ প্ৰকাশিত বাক্য’ দিয়া হৈছিল, সেইটো এজন স্বৰ্গদূতৰ দ্বাৰা সঞ্চালিত কৰা হৈছিল। (প্ৰকাশিত বাক্য ১:১) সেই স্বৰ্গদূতৰ শক্তি দেখি আমি বুজিব পাৰো যে কিয় যোহন আতংকিত হৈছিল, কিয়নো এজন স্বৰ্গদূতে একে ৰাতিৰ ভিতৰতে ১৮৫,০০০ অচূৰীয়া সৈন্যক মাৰি শেষ কৰিলে। (২ ৰাজাৱলি ১৯:৩৫) যোহনে কৈছে: “শুনা আৰু দেখাৰ পাছত, যি দূতে এই সকলোকে মোক দেখুৱালে, তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ মোক কলে, সাৱধান এনে নকৰিবা। ময়ো তোমাৰ সহদাস, আৰু তোমাৰ ভাই . . . ঈশ্বৰকহে প্ৰণিপাত কৰা।” (প্ৰকাশিত বাক্য ২২:৮, ৯) সেই শক্তিশালী স্বৰ্গদুতৰ কিযে নম্ৰতা গুণ!

১৯, ২০. ৰোমৰ বিজয়প্ৰাপ্ত সেনাপতিসকলৰ অহঙ্কাৰ আৰু যীচুৰ নম্ৰতাৰ মাজত পাৰ্থক্য দেখুৱাক।

১৯ যীচুৱে নম্ৰতা গুণক প্ৰদৰ্শিত কৰি সুন্দৰ উদাহৰণ প্ৰস্তুত কৰিলে। তেওঁ ঈশ্বৰৰ একমাত্ৰ-প্ৰিয় পুত্ৰ আছিল, ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ ভৱিষ্যত ৰজা। যেতিয়া তেওঁ নিজকে লোকসকলৰ ওচৰলৈ সেই ৰাজ্যৰ ৰজা ৰূপে আহিল, তেতিয়া তেওঁ ৰোমৰ বিজয়প্ৰাপ্ত সেনাপতিসকলৰ দৰে অহা নাছিল। কিয়নো সেই সেনাপতিসকলৰ বাবে ডাঙৰ আড়স্বৰ—শোভাযাত্ৰা—ওলোৱা হৈছিল আৰু এই সেনাপতিসকল ৰথত আৰোহণ কৰিছিল, যি ৰথ সোন আৰু হাতীৰ দাঁতেৰে তৈয়াৰী কৰা বস্তুৰে বিভূষিত কৰা হৈছিল। সেই ৰথবোৰত বগা ঘোঁৰা, বা হাতী, সিংহ, বা বাঘ অঙ্কণ কৰা হৈছিল। সেই শোভাযাত্ৰা গায়কসকলে বিজয়ৰ গীত গাইছিল, ইয়াৰ লগে-লগে যুদ্ধ হোৱা দৃশ্যক আৰু গাড়ীবোৰত লুট কৰা সকলোবোৰ বস্তুক প্ৰদৰ্শিত কৰিছিল। সেই শোভাযাত্ৰাত বন্দী কৰা ৰজা, ৰাজকুমাৰ আৰু সেনাপতি আৰু তেওঁলোকৰ পৰিয়ালবৰ্গও আছিল, যিসকলক প্ৰায়ে অপদস্থ কৰিবলৈ বস্ত্ৰহীন কৰি থিয় কৰোৱা হৈছিল। এই শোভাযাত্ৰাত সকলো লোক অহঙ্কাৰ, গৰ্ব্বত আস্ফালন হৈছিল।

২০ যীচু সেই সেনাপতিসকলৰ একেবাৰে বিপৰীত আছিল। তেওঁৰ বিষয়ে কৰা এই ভৱিষ্যতবাণীক নম্ৰতাৰে পূৰ্ণ কৰিবলৈ তেওঁ প্ৰস্তুত আছিল: “চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে; তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত, আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।” তেওঁ কোনো শোভাযাত্ৰা ৰথত উঠি নহয়, যʼত সিংহ, ঘোঁৰাৰ দৰে জন্তুবোৰৰ চিত্ৰ অঙ্কিত আছিল কিন্তু নম্ৰতাৰে এটা গাধৰ ওপৰত উঠি আহিল। (জখৰিয়া ৯:৯; মথি ২১:৪, ৫) নম্ৰ লোকসকল কিমান যে সূখী কিয়নো গোটেই পৃথিবীৰ নতুন জগতত যীচু যিহোৱাৰ অভিষিক্ত ৰজা হব, যিজন সচাঁকৈ নম্ৰ, দীনতা, প্ৰেমী, কৰুণাময় আৰু দয়াশীল!—যিচয়া ৯:৬, ৭; ফিলিপীয়া ২:৫-৮.

২১. নম্ৰতাই কি নুবুজায়?

২১ যীচু, পিতৰ, পৌল আৰু বাইবেল সময়ৰ আন পুৰুষ আৰু স্ত্ৰীসকল নম্ৰ আছিল। ইয়াৰ অৰ্থ এইটো যে নম্ৰতাৰ গুণে কোনো দুৰ্ব্বলতাক নুবুজায়। তাৰ পৰিবৰ্তে এইটো এটা গুণ আছিল, কিয়নো তেওঁলোকে বহু সাহসীয়াল আৰু উৎসাহী আছিল। তেওঁলোকে বহু মানসিক আৰু নৈতিকৰূপে দৃঢ়তা আৰু বিশ্বাসেৰে কঠোৰ পৰীক্ষা সন্মূখীন হʼল। (ইব্ৰী, অধ্যায় ১১) আৰু বৰ্তমান সময়ত, যেতিয়া যিহোৱাৰ সাক্ষীসকলে নম্ৰতা দেখুৱাই, তেওঁলোকে সেইদৰে শক্তি পাই কিয়নো যিহোৱা নিজৰ শক্তিশালী পবিত্ৰ আত্মাৰ সৈতে নম্ৰ লোকসকলৰ পাছত থাকে। সেইবাবে আমাক আগ্ৰহ কৰা হৈছে: “সকলোৱেই পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা; কিয়নো ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। আৰু ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা।”—১ পিতৰ ৫:৫, ৬; ২ কৰিন্থীয়া ৪:৭.

২২. পৰবৰ্ত্তী প্ৰৱন্ধত কি আলোচনা কৰা হব?

২২ আন এটা নম্ৰতাৰ ধনাত্মক গতি হৈছে যিটো যিহোৱাৰ সেৱকসকলে অভ্যাস কৰাৰ আৱশ্যক। সেইটো হৈছে প্ৰেমৰ আত্মাক বৃদ্ধি কৰিবলৈ অংশ গ্ৰহণ কৰা আৰু মণ্ডলীত সহযোগিতা কৰা। দৰাচলতে, এইটো নম্ৰতাৰ এটা বিশেষ উপাদান। এইটো পৰৱৰ্তী প্ৰৱন্ধত আলোচনা কৰা হব।

পুনঃআলোচনা

◻ জগতত প্ৰবল হোৱা আত্মাক বৰ্ণনা কৰক।

◻ যিসকল নম্ৰ লোক তেওঁলোকে কেনেকৈ যিহোৱাৰ অনুগ্ৰহ পায়?

◻ নম্ৰতা কিয় শিকাৰ আৱশ্যক?

◻ বাইবেলত কোনসকল ব্যক্তিৰ উদাহৰণ আছে যিসকলে নম্ৰতা প্ৰদৰ্শন কৰিলে?

[Picture on page 15]

স্বৰ্গদূতে যোহনক কʼলে: “সাৱধান এনে নকৰিবা। ময়ো তোমাৰ সহদাস”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক