ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১/১ পৃষ্ঠা ১৮-১৯
  • যিহোৱাৰ সাক্ষীসকলে সম্পূৰ্ণ দৃঢ় নিশ্চয়তাৰে আগবাঢ়িছে!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে সম্পূৰ্ণ দৃঢ় নিশ্চয়তাৰে আগবাঢ়িছে!
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • হাইটি দ্বীপৰ প্ৰেতাত্মাবাদক বাইবেলৰ সত্যৰে জয় কৰা
  • কোৰিয়া দেশত প্ৰচাৰ কাৰ্য্যৰ প্ৰতি দেখুৱা উৎসাহ
  • মেক্সিকো দেশত অধিক ৰাজ্যগৃহৰ আৱশ্যক হোৱা
  • চেইৰা লিয়নত গৃহ-যুদ্ধ হৈ থকা স্বত্ত্বেও অখণ্ডতা বজাই ৰখা
  • দক্ষিণ আফ্ৰিকাত ৰাজ্যগৃহ নিৰ্মাণ কৰিবলৈ এক বৃহৎ আঁচনি হাতত লোৱা।
  • ইউক্ৰেইনত যিহোৱা সাক্ষীসকলৰ এক নতুন যুগ
  • কাৰ্য্যক্ৰমৰ অন্য মুখ্য বিষয়বোৰ
  • শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১/১ পৃষ্ঠা ১৮-১৯

যিহোৱাৰ সাক্ষীসকলে সম্পূৰ্ণ দৃঢ় নিশ্চয়তাৰে আগবাঢ়িছে!

বাৰ্ষিক সভাৰ ৰিপৰ্ট

বৰ্তমান জগতত সন্দেহবাদ আৰু অবিশ্বাসী লোকেৰে ভৰি থকাৰ স্বত্ত্বেও যিহোৱাৰ সাক্ষীসকলে দৃঢ় নিশ্চয়তাৰে বিশ্বাসত স্থিৰ হৈ আছে। আমি এই কথাৰ প্ৰমাণ ২০০০ চনৰ ৭ অক্টোবৰ, শনিবাৰ দিনা জাৰ্চী চহৰত নিউ জাৰ্চী নামৰ ঠাইত যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন গৃহত ওৱাচ্‌ টাৱাৰ চোচাইটি অৱ পেনচেলভেনিয়াই প্ৰবন্ধ কৰা বাৰ্ষিক সভাত স্পষ্টকৈ দেখিবলৈ পাওঁ।a

সেই সভাখনৰ সভাপতি আছিল জন্‌ ই. বাৰ। তেওঁ যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ এজন সদস্য। তেওঁ সভাখনৰ আৰম্ভণিতে এইদৰে মন্তব্য দি কয়: “পৃথিৱীত থকা কোটি সংখ্যক লোকৰ ভিতৰত কম সংখ্যক লোকে অৰ্থাত আমি জানো আৰু বিশ্বাস কৰোঁ যে যিহোৱাৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টক স্বৰ্গত ৰজা নিযুক্ত কৰা হʼল আৰু তেওঁ শত্ৰুসকলৰ মাজত শাসন কৰিছে।” সেই বিশ্বাসৰ প্ৰমাণ দিবলৈ গোটেই পৃথিৱীৰ বিভিন্ন ভাগৰ পৰা অহা ছয়টা ৰোমাঞ্চিতজনক ৰিপৰ্ট প্ৰস্তুত কৰা হʼল আৰু ইয়াক শুনোতাসকলৰ হৃদয় আনন্দৰে প্ৰফুলিত হʼল।

হাইটি দ্বীপৰ প্ৰেতাত্মাবাদক বাইবেলৰ সত্যৰে জয় কৰা

হাইটি দ্বীপত প্ৰেতাত্মাবাদ বহুলভাৱে বিয়পি আছিল। এই বিষয়ে শাখা কমিটিৰ অধ্যক্ষ জন্‌ নৰমানে এইদৰে কয়, “সাধাৰণতে তাত থকা লোকসকলে নিজকে নিৰাপত্তা দিবলৈ ভুডু ধৰ্ম্মৰ তন্ত্ৰ-মন্ত্ৰ অভ্যাস কৰে।” কিন্তু জৰা-ফুঁকা কৰা এজন বেজে যেতিয়া দুৰ্ঘটনাৰ ফলত তেওঁৰ এখন ভৰি হেৰুৱাব লগা হয় তেতিয়া প্ৰতাত্মাৰ ওপৰত সন্দেহ উৎপন্ন হয়। তেওঁ আচৰিত হৈ এইদৰে কয়, ‘যদি প্ৰেতাত্মাই মোক ৰক্ষা কৰিছে তেনেহʼলে মোলৈ কিয় এনে ঘটিল?’ তাৰ পাছত, অন্যক শিকোৱাৰ দৰে

পাছলৈ এই ব্যক্তিজনে যিহোৱাৰ সাক্ষীসকলৰ পৰা বাইবেলৰ সত্য শিকিব ধৰে আৰু সেই সত্যৰ সহায়ত তেওঁ প্ৰেতাত্মাবাদৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান সময়ত হাইটি দ্বীপত সত্য উপাসকসকলৰ সংখ্যা বৃদ্ধি হৈছে, প্ৰমাণস্বৰূপে ২০০০ চনৰ এপ্ৰিল মাহৰ ১৯ তাৰিখে পালন কৰা যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ উপস্থিতি তাত থকা ভাই-ভনীতকৈ চাৰি গুণ অধিক আছিল।

কোৰিয়া দেশত প্ৰচাৰ কাৰ্য্যৰ প্ৰতি দেখুৱা উৎসাহ

কোৰিয়া দেশত ৪০ শতাংশ যিহোৱাৰ সাক্ষীসকলে পূৰ্ণসময়ৰ সেৱা কাৰ্য্য কৰিছে। এই বিষয়ে তাত থকা শাখা কমিটিৰ অধ্যক্ষই মিলটন্‌ হেমিলটনে এইদৰে কয়: “এই বৃহৎ প্ৰচাৰকৰ সৈনিকসকলে প্ৰায় এমাহৰ ভিতৰতে আমাৰ দেশত থকা ৮৭, ০০০, ০০০ জনতকৈ বেছি লোকক শুভবাৰ্ত্তা জনায়।” মন কৰিবলগীয়া বিষয় হৈছে যে তাত সাঙ্কেতিক ভাষাত কথা কোৱা মণ্ডলীৰ সংখ্যাও বৃদ্ধি পাইছে। সাঙ্কেতিক ভাষাৰ এখন এলেকাত ৮০০ জন ব্যক্তিয়ে বাইবেল অধ্যয়ন স্বীকাৰ কৰে। ইয়াৰ অৰ্থ হৈছে গড় হিচাপে প্ৰত্যেক প্ৰচাৰকে এটাকৈ বাইবেল অধ্যয়ন পৰিচালনা কৰে। দুখৰ বিষয় এই যে যুৱা ভাইসকলে নিৰপেক্ষতা বজাই ৰখাৰ বাবে আজিও তেওঁলোকে জেলত যাবলগীয়া হয়। এই বিশ্বাসী খ্ৰীষ্টান ভাইসকলৰ সৈতে জেইলাৰে সদ ব্যৱহাৰ কৰে, সেইবাবে কিছুমানক এনে কামৰ দায়ীত্ব দিয়া হৈছে যাৰ বাবে বিশ্বস্ততাৰ আৱশ্যক।

মেক্সিকো দেশত অধিক ৰাজ্যগৃহৰ আৱশ্যক হোৱা

মেক্সিকো দেশত ২০০০ চনৰ আগষ্ট মাহত ৫৩, ৩৬৬৫ জন প্ৰচাৰকে ৰিপৰ্ট কৰে। যিটো যোৱা বছৰৰ ৰিপৰ্টতকৈ অধিক আছিল। স্মৰণীয় পৰ্বত উপস্থিত হোৱা সংখ্যা প্ৰচাৰকৰ সংখ্যাতকৈ তিনি গুণ অধিক আছিল। তাত থকা শাখাৰ অধ্যক্ষ ৰবাৰ্ট ট্ৰেচে এইদৰে কয়: “আমি এই বছৰত ২৪০ খন ৰাজ্যগৃহ নিৰ্মাণ কৰাৰ লক্ষ্য ৰাখিছোঁ। কিন্তু তেতিয়াও আমাক অধিক ৰাজ্যগৃহৰ আৱশ্যক আছে।”

মেক্সিকোত থকা যুৱা সাক্ষীসকলে এক উত্তম আৰ্হি বজাই ৰাখিছে। তেওঁলোকৰ মাজৰ এজন যুৱক ভাইৰ বিষয়ে এজন কেথলিক পাদুৰীয়ে এইদৰে কয়: “মোৰ অনুগামীসকলেও সেই যুৱকজনৰ নিচিনা হোৱা আৱশ্যক। মই অৱশ্যেই তেনে ব্যক্তিসকলক সন্মান কৰোঁ, কিয়নো তেওঁলোকে বিশ্বাসত অটল আৰু বুদ্ধিমানেৰে বাইবেলখন ব্যৱহাৰ কৰে। তেওঁলোকে ঈশ্বৰৰ বিষয়ে সাক্ষী দিয়ে আৰু ইয়াৰ বাবে তেওঁলোকে নিজৰ জীৱনো আহুতি দিবলৈ পিছ নুহুঁকে।”

চেইৰা লিয়নত গৃহ-যুদ্ধ হৈ থকা স্বত্ত্বেও অখণ্ডতা বজাই ৰখা

১৯৯১ চনৰ এপ্ৰিল মাহৰ পৰাই চেইৰা লিয়নত গৃহ-যুদ্ধ আৰম্ভ হয়। ইয়াৰ ফলস্বৰূপে বহুতে নিজৰ প্ৰাণ হেৰুৱাই, বহুতে গুৰুত্বৰভাৱে আহত হয়। তাত থকা শাখা অধ্যক্ষ বিল কাউৱানে এইদৰে কয়: “যুদ্ধ আৰু সঙ্কটজনক পৰিস্থিতিয়ে লোকসকলক অতি বেয়াকৈ প্ৰভাৱিত কৰিছে। এতেকে যিসকলে আগতে আমাৰ বাৰ্ত্তাক শুনিবলৈ বা বাইবেল অধ্যয়ন স্বীকাৰ কৰিব বিচৰা নাছিল, কিন্তু এতিয়া তেওঁলোকে অতি আগ্ৰহেৰে আমাৰ বাৰ্ত্তা শুনিছে। লোকসকলে ভুল পথ ত্যাগ কৰি সত্য পথত চলিবলৈ কোনো নিমন্ত্ৰণ নোপোৱাৰ স্বত্বেও আমাৰ ৰাজ্যগৃহত উপস্থিত হৈছে। তেওঁলোকে প্ৰথমবাৰৰ বাবে সভাত উপস্থিত হোৱাটো সঁচাকৈ এটা অসাধাৰণ বিষয়।” যদিও চেইৰা লিয়নৰ পৰিস্থিতি অশান্তিপূৰ্ণ হৈ আছে, কিন্তু প্ৰচাৰ কাৰ্য্যত সফলতা পোৱা গৈছে।

দক্ষিণ আফ্ৰিকাত ৰাজ্যগৃহ নিৰ্মাণ কৰিবলৈ এক বৃহৎ আঁচনি হাতত লোৱা।

অলপতে তাত থকা শাখা কাৰ্য্যলয়ৰ এলেকাবোৰক ভাল দৰে চোৱা-চিতা কৰিবলৈ কেইবা হাজাৰো ৰাজ্যগৃহৰ আৱশ্যকতা আহি পৰিছে। এশতকৈও অধিক ৰাজ্যগৃহৰ নিৰ্ম্মাণ ইতিমধ্যেই কৰা হৈছে। দক্ষিণ আফ্ৰিকাত থকা শাখা কাৰ্য্যলয়ৰ অধ্যক্ষ জন্‌ কিকটে এইদৰে মন্তব্য দিয়ে: “প্ৰথমে আমাৰ ভাই ভনীসকলে গছৰ ছাঁৰ তলত বা পজা ঘৰত পতা সভাত উপস্থিত হৈছিল। কিন্তু এতিয়া তেওঁলোকৰ ওচৰত সভাৰ বাবে ৰাজ্যগৃহ আছে যʼত বহিবলৈ সুন্দৰ আসনৰ ব্যৱস্থা আছে। যদিও বেছিভাগ ৰাজ্যগৃহক সাধাৰণভাৱে নিৰ্ম্মাণ কৰা হৈছে, তথাপিও এই ৰাজ্যগৃহবোৰ তাত থকা স্থানীয় ঘৰবোৰৰ তুলনাত অধিক উপযুক্ত হিচাপে জনজাত হৈ পৰিছে। কিছুমান ঠাইত ৰাজ্যগৃহ নিৰ্ম্মাণৰ এক বছৰৰ পাছত এইটো জানিব পৰা গৈছে যে আগন্তুক বছৰত ইয়াতকৈ দুগুণ অধিক ৰাজ্যগৃহৰ আৱশ্যক হʼব।”

ইউক্ৰেইনত যিহোৱা সাক্ষীসকলৰ এক নতুন যুগ

২০০০ চনত ইউক্ৰেইনত ১, ১২, ৭২০ জনে ৰিপৰ্ট কৰে। এই সংখ্যা যোৱা বছৰতকৈও অধিক আছিল। যোৱা পাঁচ বছৰৰ ভিতৰত ৫০, ০০০ জনৰ অধিক লোকে বাইবেলৰ পৰা সত্যক শিকিছিল। ইউক্ৰেইনত থকা শাখা অধ্যক্ষ জন্‌ ডেদুৰে এইদৰে কয়: “বাস্তৱতে যিহোৱাই নিজৰ নামৰ মহিমান্বিত কৰিবলৈ সাক্ষীসকলৰ এটা নতুন যুগ আৰম্ভ কৰিছে! যোৱা দুবছৰ ধৰি আমি ৫০ লাখতকৈও অধিক আলোচনী বিতৰণ কৰিলোঁ। আমি বিতৰণ কৰা আলোচনীৰ সংখ্যা এই দেশখনৰ জনসংখ্যাৰ সমান আছিল। আগ্ৰহী ব্যক্তিসকলে অধিক জানিবৰ বাবে প্ৰত্যেক মাহে গড় হিচাপে এক হাজাৰ পত্ৰ লিখে।”

কাৰ্য্যক্ৰমৰ অন্য মুখ্য বিষয়বোৰ

দানিয়েল চিদ্লিক নামৰ প্ৰশাসন গোষ্ঠীৰ এজন সদস্যই এটা অতি আগ্ৰহপূৰ্ণ ভাষণ দিয়ে। এই আলোচনীখনত উল্লেখ কৰা “প্ৰশাসন গোষ্ঠী আইনগত অনুষ্ঠানৰ পৰা কেনেকৈ ভিন্ন,” নামৰ বিষয়টোক তেওঁৰ ভাষণৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হৈছে।

থিয়ডৰ্‌ জেৰকজ্‌ প্ৰশাসন গোষ্ঠীৰ আন এজন সদস্যই দিয়া উৎসাহপূৰ্ণ ভাষণৰ বিষয় আছিল, “ঈশ্বৰীয় ব্যৱস্থাৰ দ্বাৰাই প্ৰাচীন আৰু সহায়ক সেৱকসকল নিযুক্ত কৰা হয়।” এই বিষয়ে আলোচনীখনত এটা লেখ প্ৰকাশ কৰা হৈছে।

বছৰেকীয়া সভাত ডেভিদ চেপলেন্‌ নামৰ প্ৰশাসন গোষ্ঠীৰ আন এজন সদস্যই ২০০১ চনৰ বাৰ্ষিক পাঠৰ ওপৰত আধাৰ কৰি আন এটা উৎসাহজনক ভাষণ দিয়ে। এই পাঠ পাঁচনি পৌলৰ বাক্যৰ ওপৰত আধাৰিত, এই বিষয়টো হৈছে: “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থকা।” (কলচীয়া ৪:১২) গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলে দৃঢ় কৰিছে যে তেওঁলোকে পৌলে কোৱা এই বাক্যৰ অনুসৰি কাৰ্য্য কৰিবলৈ আৰু পৃথিৱীৰ চাৰিফালে গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি থাকিব—মথি ২৪:১৪. (w01 1/15)

[ফুটনোট]

a এই কাৰ্য্যক্ৰমত উপস্থিত হোৱা লোকসকলৰ সংখ্যা গণনা কৰিবলৈ সভা গৃহৰ ভিতৰত ইলেকট্ৰনিক যন্ত্ৰ লগোৱা হৈছিল। সেই কাৰ্য্যক্ৰমত উপস্থিত থকা লোকৰ সংখ্যা আছিল ১৩, ০৮২ জন।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক