ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ৯/১ পৃষ্ঠা ১৩-১৭
  • আমাৰ হৃদয়ত কেনেকৈ খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰিব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ হৃদয়ত কেনেকৈ খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰিব পাৰে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • যেতিয়া অন্যায়ৰ সম্মুখীন হওঁ
  • যেতিয়া দুঃশ্চিন্তাই আমাক বেৰি ধৰে
  • আমাৰ দুৰ্বলতাসমূহৰ ওপৰত জয় লাভ কৰা
  • খ্ৰীষ্টৰ শান্তিত একত্ৰিত হওঁক
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ৯/১ পৃষ্ঠা ১৩-১৭

আমাৰ হৃদয়ত কেনেকৈ খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰিব পাৰে?

“খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক; তোমালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হলা।”—কলচীয়া ৩:১৪-১৫.

১, ২. ‘খ্ৰীষ্টৰ শান্তিয়ে’ এজন খ্ৰীষ্টান ব্যক্তিৰ হৃদয়ক কিদৰে নিয়ন্ত্ৰণ কৰে?

কৰ্ত্তৃত্ব অৰ্থাৎ নিয়ন্ত্ৰণ কৰা শব্দটো বহুতৰে বাবে অপ্ৰীতিকৰ শব্দ। কিয়নো এই শব্দটো শুনা লগে-লগেই বহুতৰে মনলৈ বলেৰে সংশোধন আৰু কাৰচাজি কৰাৰ দৃশ্য ভাহি উঠে। যিহেতু পাঁচনি পৌলে কলচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলৰ উদ্দেশ্যে এইদৰে কৈছিল “খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক,” বহুতৰে বাবে এইটো অযুক্তিসঙ্গত যেন বোধ হʼব পাৰে। (কলচীয়া ৩:১৪-১৫) এতেকে এনে প্ৰশ্নসমূহ আমাৰ মনত উদয় হʼব পাৰে, যেনে, আমাৰ ওচৰত কোনো স্বতন্ত্ৰ ইচ্ছা নাইনে? কোনো এজনক আমাৰ হৃদয়ত কৰ্ত্তৃত্ব কৰিবলৈ কিয় অনুমতি দিয়া উচিত?

২ এইদৰে কৈ পৌলে কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলক তেওঁলোকৰ স্বতন্ত্ৰ ইচ্ছাক ত্যাগ কৰিবলৈ কোৱা নাছিল। কলচীয়া ৩:১৫ পদত উল্লেখ কৰা গ্ৰীক শব্দ “কৰ্ত্তৃত্ব,” পৌলৰ সময়ত হোৱা খেল প্ৰতিযোগিতাত খেলুৱৈসকলৰ বাবে পুৰষ্কাৰ নিৰ্ধাৰণ কৰা আম্পায়াৰ অৰ্থাৎ নিৰ্ণায়কৰ সৈতে জড়িত আছিল। খেলৰ নিয়মৰ ভিতৰত প্ৰতিযোগিসকলৰ কিছু পৰিমাণে স্বাধীনতা আছিল, কিন্তু খেলৰ শেষত আম্পায়াৰজনে সিদ্ধান্ত লৈছিল যে আচলতে কোনে প্ৰকৃততে সেই নিয়মসমূহৰ অনুসাৰে খেলিছিল, তেওঁকেহে বিজয়ী বুলি ঘোষণা কৰা হৈছিল। ঠিক তেনেদৰে জীৱনৰ বহুতো ক্ষেত্ৰত সিদ্ধান্ত লʼবলৈ আমাৰ স্বাধীনতা আছে, কিন্তু আমি ‘খ্ৰীষ্টৰ শান্তিক’ তেনে সিদ্ধান্তসমূহ লোৱাৰ সময়ত “আম্পায়াৰ” কৰিবলৈ দিয়া উচিত—অথবা এড্‌গাৰ জে. গোড্‌স্পিড্‌ নামৰ এজন অনুবাদকৰ অনুসাৰে আমাৰ হৃদয়ত “নিয়ন্ত্ৰণমূলক প্ৰভাৱ পৰা” উচিত।

৩. “খ্ৰীষ্টৰ শান্তি” বুলি উল্লেখ কৰা শব্দটোৰ অৰ্থ কি?

৩ ইয়াত “খ্ৰীষ্টৰ শান্তি” বুলি উল্লেখ কৰা বাক্যফাঁকিৰ অৰ্থ কি? এই বাক্যফাঁকিৰ অৰ্থ হৈছে, নিৰুদ্বিগ্ন, আন্তৰিক স্থিৰতা, যিটো আমি যীচুৰ শিষ্য হোৱা আৰু তেওঁৰ পিতৃৰ অনুমোদন পোৱাৰ যোগেদি লাভ কৰিছোঁ। যেতিয়া যীচুৱে তেওঁৰ শিষ্যসকলক এৰি স্বৰ্গাৰোহণ কৰাৰ কিছু সময়ৰ পূৰ্বেই, তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “মোৰ শান্তি তোমোলোকক দিওঁ; . . . তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।” (যোহন ১৪:২৭) প্ৰায় ২০০০ বছৰ ধৰি খ্ৰীষ্টৰ শৰীৰৰ অৰ্থাৎ অভিষিক্ত দাস বৰ্গই সেই শান্তি উপভোগ কৰি আহিছে আৰু বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সহযোগ কৰা “অন্য মেৰ” শ্ৰেণীৰ লোকেও সেই শান্তিৰ সহভাগী হৈছে। (যোহন ১০:১৬) সেই শান্তিয়ে আমাৰ হৃদয়ক নিয়ন্ত্ৰণমূলকভাৱে প্ৰভাৱিত কৰা উচিত। যেতিয়া আমি বিভিন্ন প্ৰকাৰৰ হাৰাশাস্তিজনক পৰীক্ষাৰ সম্মুখীন হওঁ, তেতিয়া এই শান্তিয়ে আমাক ভয়াভিত বা ব্যাকুল নহবলৈ সহায় কৰে। আঁহক আমি বিবেচনা কৰি চাওঁহঁক যে এই শান্তিয়ে কেনেকৈ আমাক অন্যায়, দুঃশ্চিন্তাগ্ৰস্ত আৰু নিজকে অনুপযুক্ত যেন বোধ কৰা ভাৱনাৰ পৰা ৰক্ষা কৰিব পাৰে।

যেতিয়া অন্যায়ৰ সম্মুখীন হওঁ

৪. (ক) যীচুৱে কেনেকৈ অন্যায়ৰ সৈতে সম্মুখীন হৈছিল? (খ) অন্যায়ৰ প্ৰতি সত্য খ্ৰীষ্টানসকলে কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱালে?

৪ ৰজা চলোমনে এইদৰে কৈছিল: “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” (উপদেশক ৮:৯) যীচুৱে এই বাক্যশাৰীৰ সত্যতাক জানিছিল। কিয়নো তেওঁ স্বৰ্গত থকা সময়ছোৱাত এই পৃথিৱীত এজনে আন জনৰ ওপৰত কৰা ঘোৰ অন্যায় দেখিছিল। তদুপৰি, তেওঁ পৃথিৱীত থকা সময়ছোৱাত ব্যক্তিগতভাৱে সেই অন্যায়ৰ সম্মুখীন হৈছিল। কিয়নো তেওঁ এজন সিদ্ধ মানৱ হোৱাৰ স্বত্ত্বেও তেওঁক ঈশ্বৰৰ নিন্দক বুলি অভিযোগ দিয়া হৈছিল আৰু শেষত তেওঁক এজন অপৰাধী হিচাপে মৃত্যুদণ্ড দিয়া হয়। (মথি ২৬:৬৩-৬৬; মাৰ্ক ১৫:২৭) আজিৰ সময়ত সত্য খ্ৰীষ্টানসকলে “সকলো জাতিৰ ঘৃণাৰ পাত্ৰ” হৈ আগতকৈও অধিকৰূপে অন্যায়ৰ সম্মুখীন হʼবলগা হৈছে। (মথি ২৪:৯) ইয়াৰ উপৰিও তেওঁলোকে নাজিৰ মৃত্যু শিবিৰ আৰু চোভিয়েট গোলাগ যাতনা শিবিৰত অমানৱীয়ৰূপে দিয়া যান্ত্ৰণা, ৰাইজৰ অত্যচাৰত বলি হোৱা, মিছা অভিযোগ আৰু প্ৰবঞ্চক ব্যক্তিসকলে কৰা আক্ৰমণৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও খ্ৰীষ্টৰ শান্তিয়ে তেওঁলোকক বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সহায় কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে যীচুক অনুকৰণ কৰিছিল। তেওঁৰ বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “দুখ পোৱা কালত, ডাবি-ধম্‌কি নিদিলে; কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে।”—১ পিতৰ ২:২৩.

৫. যেতিয়া মণ্ডলীত কাৰোবাৰ সৈতে অন্যায় হোৱাৰ সম্পৰ্কে স্পষ্টকৈ শুনিবলৈ পাওঁ, তেতিয়া সৰ্ব্বপ্ৰথমে আমি কি বিবেচনা কৰা উচিত?

৫ আমি বিশ্বাস কৰিব পাৰোঁ যে মণ্ডলীৰ কোনো ভাই বা ভনীক মণ্ডলীৰে কোনোবা এজনে অলপ মাত্ৰাত অন্যায় কৰিলে। তেনে পৰিস্থিতিত আমি পাঁচনি পৌলৰ নিচিনা বিবেচনা কৰোঁনে, যিজনে এইদৰে কৈছিল: “কাৰ বিঘিনিত মই তাপিত হোৱা নাই?” (২ কৰিন্থীয়া ১১:২৯) ব্যক্তিগতৰূপে আমি কি কৰিব পাৰোঁ? আমি নিজকে এইদৰে প্ৰশ্ন কৰা উচিত, ‘এইটো সঁচাকৈ অন্যায়ৰ বিষয় নে?’ বেছিভাগ সময়ত আমি কি সঁচা তাক নাজানো। হয়তো আমি কাৰোবাৰ কথা শুনি তৎক্ষণাত কোনো নিৰ্ণয়ত উপনীত হʼব পাৰোঁ। সেইবাবে বাইবেলে এইদৰে কৈছে: “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়।” (হিতোপদেশ ১৪:১৫) সেয়েহে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা আৱশ্যক।

৬. মণ্ডলীৰ ভিতৰত হোৱা অন্যায়ৰ প্ৰতি আমি কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

৬ ধৰি লওঁক, আমি নিজেই ব্যক্তিগতৰূপে অন্যায়ৰ বলি হৈছোঁ। হৃদয়ত খ্ৰীষ্টৰ শান্তি থকা এজন ব্যক্তিয়ে কিদৰে প্ৰতিক্ৰিয়া দেখুৱাব? আমি হয়তো আমাৰ সৈতে অন্যায় কৰা যেন বোধ হোৱা ব্যক্তিজনৰ সৈতে বিষয়টোৰ ওপৰত আলোচনা কৰা আৱশ্যক। তাৰ পাছত, আনৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে প্ৰাৰ্থনাৰ যোগেদি যিহোৱাক কিয় এই বিষয়ে নজনাই আৰু তেওঁ ন্যায় কৰা ওপৰত ভৰসা নাৰাখে? (গীতমালা ৯:১০; হিতোপদেশ ৩:৫) এনেদৰে কৰাৰ দ্বাৰা আমি আনৰ সৈতে তেনেবোৰ বিষয় আলোচনা নকৰি “নিজম দি” থাকিলে আমাৰ বাবে উত্তম হʼব। (গীতমালা ৪:৪) বেছিভাগ ক্ষেত্ৰতে আমি পাঁচনি পৌলে কোৱা পৰামৰ্শ অনুসাৰে কাৰ্য্য কৰিব পাৰোঁ। তেওঁ এইদৰে কৈছিল: “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা।”—কলচীয়া ৩:১৩.

৭. আমি ভাই-ভনীসকলক আচৰণ কৰোঁতে সদায়ে কি মনত ৰখা উচিত?

৭ আমি যিয়ে নকৰোঁ কিয়, সদায়ে এইটো মনত ৰাখা আৱশ্যক যে, যি হʼল তাক আমি নিয়ণ্ত্ৰণ কৰিব নোৱাৰো কিন্তু তাৰ ফলত উৎপন্ন হোৱা আমাৰ প্ৰতিক্ৰিয়াক আমি নিয়ণ্ত্ৰণ কৰিব পাৰোঁ। যদি আমি অবিবেচনাশীল হৈ অন্যায়ৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুৱাওঁ, তেন্তে অন্যায়ৰ ফলত পীড়িত হোৱাৰ পৰিৱৰ্তে আমাত থকা শান্তিত অধিকৈ আঘাট পৰিব। (হিতোপদেশ ১৮:১৪) তদুপৰি যেতিয়ালৈকে সেই অন্যায়ৰ ন্যায় পোৱা নাযাই, আমি হয়তো তেতিয়ালৈকে বিভ্ৰান্তি হৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰিবলৈ ত্যাগ দিম। যিসকলে যিহোৱাৰ ব্যৱস্থাক প্ৰেম কৰে তেওঁলোকৰ সম্পৰ্কে গীতমালাৰ লিখকে এইদৰে লিখিছিল: “তেওঁবিলাকে উজুটি খোৱাৰ কোনো কাৰণ নাই।” (গীতমালা ১১৯:১৬৫) প্ৰকৃততে সকলোৱে সময়ে সময়ে অন্যায়ৰ সম্মুখীন হʼবলগীয়া হয়। গতিকে তেনেধৰণৰ বিৰোধাত্মক অভিজ্ঞতাক যিহোৱাৰ সেৱাত বাধা জন্মাবলৈ কেতিয়াও অনুমতি দিয়া উচিত নহয়। বৰঞ্চ, আপোনাৰ হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব হবলৈ দিয়া আৱশ্যক।

যেতিয়া দুঃশ্চিন্তাই আমাক বেৰি ধৰে

৮. চিন্তাগ্ৰস্ত হোৱাৰ কিছুমান কাৰণ কি আৰু ইয়াৰ ফলত কেনে পৰিণাম দেখা দিব পাৰে?

৮ এই “শেষ-কালত” চিন্তা কৰাটো আমাৰ জীৱনৰ এক ভাগ হৈ পৰিছে। (২ তীমথিয় ৩:১) এই সত্যতাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকক কওঁ, তোমালোকে, কি খাম বুলি প্ৰাণৰ নিমিত্তে, আৰু কি পিন্ধিম বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা।” (লূক ১২:২২) কিন্তু সকলো ধৰণৰ চিন্তা ভৌতিক বস্তুৰ ওপৰত আধাৰিত নহয়। উদাহৰণস্বৰূপে, লোটে চদোমৰ লম্পট আচৰণৰ বাবে অতিশয় “দুখ” কৰিছিল। (২ পিতৰ ২:৭) পাঁচনি পৌলক “সকলো মণ্ডলীৰ চিন্তাই” ঘেৰি ধৰিছিল। (২ কৰিন্থীয়া ১১:২৮) আনকি যীচুৱে তেওঁৰ মৃত্যু হোৱাৰ আগৰাতি চিন্তাত ইমানেই ব্যাকুল হৈছিল যে “গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গল।” (লূক ২২:৪৪) স্পষ্টৰূপে সকলো ধৰণৰ চিন্তাগ্ৰস্তই বিশ্বাস হ্ৰাস হোৱাক নুবুজায়। যিয়ে নহওঁক কিয়, যদি চিন্তা অধিক আৰু দীৰ্ঘ সময়লৈকে থাকে, তেন্তে ই আমাৰ শান্তিত ব্যাঘাত জন্মাব পাৰে। অত্যাধিক চিন্তাই কিছুমানক জুৰুলা কৰিব পাৰে, যাৰ বাবে তেওঁলোকে যিহোৱাৰ সেৱাৰ সৈতে জড়িত থকা দায়িত্বসমূহক বহন কৰিব নোৱাৰে বুলি ভাবিব পাৰে। ইয়াৰ বিষয়ে বাইবেলে এইদৰে প্ৰকাশ কৰিছে: “মানুহৰ মনৰ দুখে মনক দোঁখুৱায়।” (হিতোপদেশ ১২:২৫) যদি আমি অধিকৈ দুঃশ্চিন্তাত ভুগীবলগীয়া হৈছোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ?

৯. দুঃশ্চিন্তাৰ পৰা সকাহ পাবলৈ লোৱা কিছুমান ব্যৱহাৰকি পদক্ষেপ কি, কিন্তু আমি দুঃশ্চিন্তাৰ কেনেধৰণৰ কাৰণসমূহ আঁতৰাব নোৱাৰোঁ?

৯ কিছুমান ক্ষেত্ৰত আমাক হয়তো ব্যৱহাৰিক পদক্ষেপসমূহ লোৱা আৱশ্যক। যদি অত্যাধিক চিন্তাগ্ৰস্ত হোৱাৰ বাবে আমাৰ শাৰীৰিক অনিষ্ট হৈছে, যদিও তেনেবোৰ চিন্তা আমাৰ ব্যক্তিগত আলোচনাৰ বিষয় হয় তেতিয়াও তাৰ প্ৰতি আমি ধ্যান দিয়া বুদ্ধিমানৰ কাৰ্য্য হʼব।a (মথি ৯:১২) আমাৰ ওপৰত বহু দায়িত্ব থকাৰ বাবে আমি বোজা যেন অনুভৱ কৰিছোঁ, তেনেহʼলে যদি সম্ভৱ হয় তাৰ কিছুমান দায়িত্বক আনক গতাই দিয়াটো উত্তম হʼব। (যাত্ৰাপুস্তক ১৮:১৩-২৩) কিন্তু সেইসকলৰ সম্পৰ্কে কি যিসকলৰ ওপৰত পিতৃ-মাতৃৰ দৰে গধুৰ দায়িত্ব আছে তেনেহʼলে তাক আনক গতাই দিব পৰা নাযায়? সত্যক বিৰোধ কৰা বিবাহিতা সঙ্গীৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগীয়া এজন খ্ৰীষ্টান ব্যক্তি বিষয়েনো কি? যুদ্ধগ্ৰস্ত এলেকাত বাস কৰা বা গভীৰ আৰ্থিক সমস্যাৰ সম্মুখীন হোৱা এটা পৰিয়ালৰ বিষয়ে কি কʼব পাৰি? বাস্তৱতে এই ৰীতি-ব্যৱস্থাত আমি দুঃশ্চিন্তাৰ সকলো কাৰণক আঁতৰাব নোৱাৰোঁ। তথাপিও আমি খ্ৰীষ্টৰ শান্তিক আমাৰ হৃদয়ত কৰ্ত্তৃত্ব কৰিবলৈ দিব পাৰোঁ। কিন্তু কেনেকৈ?

১০. এজন খ্ৰীষ্টান ব্যক্তিয়ে দুঃশ্চিন্তাৰ পৰা সকাহ পোৱাৰ দুই প্ৰকাৰৰ পথ কি কি?

১০ কিন্তু ইয়াৰ এটা উপায় হৈছে, ঈশ্বৰৰ বাক্যৰ পৰা আমি শান্ত্বনা লাভ কৰিব পাৰোঁ। এই বিষয়ে ৰজা দায়ুদে এইদৰে উল্লেখ কৰিছিল: “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।” (গীতমালা ৯৪:১৯) যিহোৱাৰ এই “শান্ত্বনা” বাক্য বাইবলেত পোৱা যায়। ঈশ্বৰৰ প্ৰেৰিত বাক্য বাইবেলখনৰ পৰা নিয়মিতৰূপে জ্ঞান আহৰণ কৰাৰ দ্বাৰা আমি আমাত থকা খ্ৰীষ্টৰ শান্তি বজাই ৰাখিব পাৰিম। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।” (গীতমালা ৫৫:২২) একেইদৰে পাঁচনি পৌলেও এইদৰে কৈছিল: “তোমালোকে একোলৈ চিন্তা নকৰিবা: কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক।” (ফিলিপীয়া ৪:৬, ৭) আন্তৰিক আৰু নিয়মিতৰূপে কৰা প্ৰাৰ্থনাই আমাক শান্তি বজাই ৰাখাত সহায় কৰে।

১১. (ক) যীচুৱে প্ৰাৰ্থনাৰ সম্পৰ্কে কেনেকৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে? (খ) প্ৰাৰ্থনাৰ প্ৰতি আমাৰ কেনে দৃষ্টিভঙ্গী হোৱা উচিত?

১১ এই সম্পৰ্কে যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। এসময়ত তেওঁ বহু সময় ধৰি যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ চিন্তাৰ কাৰণসমূহক প্ৰকাশ কৰিছিল। (মথি ১৪:২৩; লূক ৬:১২) প্ৰাৰ্থনাই তেওঁক সকলোতকৈ ডাঙৰ পৰীক্ষাতো সফলতাৰে সম্মুখীন হবলৈ সহায় কৰিলে। উদাহৰণস্বৰূপে, তেওঁ মৃত্যুৰ আগনিশা চিন্তাত অতি ব্যাকুল হৈ পৰিছিল। তেওঁ কিদৰে প্ৰতিক্ৰিয়া দেখুৱালে? বাইবেলত কৈছে যে তেওঁ “বৰকৈ” প্ৰাৰ্থনা কৰিব ধৰিলে। (লূক ২২:৪৪) প্ৰকৃততে ঈশ্বৰৰ পুত্ৰ যীচু সিদ্ধ হোৱাৰ স্বত্ত্বেও প্ৰাৰ্থনাক নিজৰ জীৱনত সদায়ে প্ৰথমস্থান দিছিল। তেনেহʼলে আমি অসিদ্ধ হোৱাৰ বাবে নিতৌ প্ৰাৰ্থনাত লাগি থকাটো আমাৰ বাবে অধিক গুৰুত্বৰ বিষয় নহয়নে বাৰু! তেওঁ শিষ্যসকলকো “সদায় প্ৰাৰ্থনা কৰি” থাকিবলৈ শিকাইছিল। (লূক ১৮:১) তদুপৰি, আমাৰ গঠন জানোতা জনৰ সৈতে যোগা-যোগ কৰাৰ বাবে প্ৰাৰ্থনাই হৈছে এটা প্ৰকৃত আৰু মুখ্য মাধ্যম। (গীতমালা ১০৩:১৪) যদি আমি খ্ৰীষ্টৰ শান্তি আমাৰ হৃদয়ত কৰ্ত্তৃত্ব হোৱাটো বিচাৰো তেন্তে “নিৰুন্তৰে প্ৰাৰ্থনা কৰি” থকা উচিত।—১ থিচলনীকীয়া ৫:১৭.

আমাৰ দুৰ্বলতাসমূহৰ ওপৰত জয় লাভ কৰা

১২. কেনে কাৰণসমূহৰ বাবে কিছুমানে তেওঁলোকে কৰা ঈশ্বৰৰ সেৱাক অৰ্থহীন বুলি বিবেচনা কৰে?

১২ যিহোৱাই তেওঁৰ প্ৰত্যেকজন সেৱকক বহুমূল্যৰূপে দৃষ্টি কৰে। (হগ্‌গয় ২:৭) তথাপিও বহুতে ইয়াক সহজে স্বীকাৰ নকৰে। কিয়নো বহুতে হয়তো বৃদ্ধ অৱস্থা, পৰিয়ালৰ দায়িত্বসমূহ বৃদ্ধি হোৱা বা শাৰীৰিকৰূপে অসুস্থতা হোৱাৰ বাবে নিৰুৎসাহিত হৈ পৰিছে। কিছুমানে হয়তো সৰুকালৰে পৰা তিক্ত অভিজ্ঞতা অনুভৱ কৰাৰ বাবে অসুবিধা পাইছে। আন কিছুমানে আকৌ অতীতত কৰা পাপৰ পৰিণাম ভুগীবলগীয়া হোৱাৰ বাবে ভাবে যে যিহোৱাই তেওঁলোকৰ অপৰাধ কেতিয়াও ক্ষমা নকৰিব। (গীতমালা ৫১:৩) এনেধৰণৰ অনুভূতিবোৰৰ সৈতে কি কৰিব পৰা যায়?

১৩. যিসকসকলে নিজকে অৰ্থহীন যেন বোধ কৰে তেওঁলোকৰ বাবে শাস্ত্ৰই কেনে আশ্বাস প্ৰদান কৰিছে?

১৩ খ্ৰীষ্টৰ শান্তিয়ে আমাক আশ্বাস দিছে যে যিহোৱাই আমাক প্ৰেম কৰে। আনৰ কাৰ্য্যৰ সৈতে আমাৰ কাৰ্য্য তুলনা নকৰিবলৈ কোৱা যি যীচুৰ পৰামৰ্শক পালন কৰাৰ দ্বাৰা আমি হৃদয়ত শান্তি পুনৰস্থাপন কৰিব পাৰিম। (মথি ২৫:১৪, ১৫; মাৰ্ক ১২:৪১-৪৪) দৰাচলতে যীচুৱে নিষ্ঠা বজাই ৰাখাৰ বাবে অধিক জোৰ দি কৈছিল। তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) তদুপৰি, যীচুৱেও মানুহৰ দ্বাৰা “পৰিত্যক্ত” হৈছিল, তথাপিও তেওঁৰ প্ৰতি থকা পিতৃ যিহোৱাৰ প্ৰেমত কোনো সন্দেহ কৰা নাছিল। (যিচয়া ৫৩:৩; যোহন ১০:১৭) সেয়েহে তেওঁ শিষ্যসকলক কৈছিল যে তেওঁলোকো তেওঁৰ পিতৃৰ প্ৰিয় লোক। (যোহন ১৪:২১) তাকে বুজাই দিবলৈ যীচুৱে এইদৰে কৈছিল: “দুটা ঘৰ-চিৰিকা এপইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মুৰৰ আটাইবোৰ চুলিও গণা হৈছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰচিৰিকাতকৈ বহুমূলীয়া।” (মথি ১০:২৯-৩১) যিহোৱাৰ প্ৰেমৰ সম্বন্ধে যীচুৱে কিমান যে নিশ্চিত আস্বাস প্ৰদান কৰিছিল!

১৪. আমি প্ৰত্যেকজন ব্যক্তিয়ে যে যিহোৱাৰ বাবে মূল্যবান, এই সম্পৰ্কে কেনে নিশ্চয়তা দিয়া হৈছে?

১৪ যীচুৱে ইয়াকো কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” (যোহন ৬:৪৪) যিহেতু যিহোৱাই আমাক যীচুৰ শিষ্য হবলৈ বাছি লৈছে, গতিকে তেওঁ নিশ্চয়ে আমাক উদ্ধাৰো কৰিব। এই সন্দৰ্ভত যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই।” (মথি ১৮:১৪) সেইবাবে যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ উপাসনা কৰে, তেনেহʼলে আপোনাৰ উত্তম কৰ্ম্মৰ যোগেদি উদ্ধাৰ লাভ কৰিব পাৰিব। (গালাতীয়া ৬:৪) যদিও আপুনি অতীতত কৰা পাপৰ বাবে তাৰ ক্লেশ ভুগীবলগা হৈছে, তেন্তে সুনিশ্চিত হওঁক যে যিহোৱাই মন পালটন কৰা জনক নিশ্চয়ে “প্ৰচুৰ পৰিমাণে” ক্ষমা কৰিব। (যিচয়া ৫৫:৭; ৪৩:২৫) যদি আপুনি আন কোনো কাৰণৰ বাবে নিৰুৎসাহিত হৈছে, তেনেহʼলে সদায়ে মনত ৰাখক যে, “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীতমালা ৩৪:১৮.

১৫. (ক) চয়তানে আমাৰ শান্তিত কেনেকৈ ব্যাঘাত জন্মাব পাৰে? (খ) যিহোৱাই আমাক কেনেধৰণৰ নিশ্চয়তা প্ৰদান কৰিছে?

১৫ আনহাতে চয়তানে আপোনাৰ শান্তিত ব্যাঘাত জন্মাবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে। কিয়নো, আমি সকলোৱে যুঁজ কৰিবলগা পাপময় উত্তৰাধিকাৰৰ মূল কাৰণ হৈছে চয়তান। (ৰোমীয়া ৭:২১-২৪) গতিকে সি সদায়ে আমাক এনে বোধ কৰাই যে আমি অসিদ্ধ হোৱাৰ বাবে, আমাৰ সেৱা ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়। আপোনাক নিৰুৎসাহিত কৰিবলৈ চয়তানক কেতিয়াও অনুমতি নিদিব! তাৰ পৰিকল্পনাবোৰৰ পৰা সতৰ্ক হওঁক আৰু সেই সতৰ্কতাই আপোনাক সহনশীল হʼবলৈ সহায় কৰিব। (২ কৰিন্থীয়া ২:১১; ইফিচীয়া ৬:১১-১৩) মনত ৰাখক যে “ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান, আৰু তেওঁ সকলোকে জানে।” (১ যোহন ৩:২০) যিহোৱাই আমাৰ অনুভূতিবোৰৰ বিষয়ে আমাতকৈও ভালদৰে জানে। তদুপৰি তেওঁ আমাৰ মনকো পঢ়ি পাৰে। সেইবাবে গীতমালাৰ লিখকৰ এই বাক্যশাৰীৰ পৰা শান্ত্বনা লাভ কৰক, যʼত এইদৰে কোৱা হৈছে: “যিহোৱাই নিজ প্ৰজাবিলাকক ত্যাগ নকৰিব, আৰু নিজ আধিপত্য নেৰিব।”—গীতমালা ৯৪:১৪.

খ্ৰীষ্টৰ শান্তিত একত্ৰিত হওঁক

১৬. এই বিশাল পৃথিৱীখনত আমি কি অৰ্থত অকলশৰীয়া নহওঁ, যিয়ে আমাক সহনশীল হʼবলৈ সহায় কৰে?

১৬ পাঁচনি পৌলে লিখিছিল যে খ্ৰীষ্টৰ শান্তি আমাৰ হৃদয়ত কৰ্ত্তৃত্ব হোৱা উচিত, কিয়নো আমি “তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত” হʼলোঁ। পৌলে যি অভিষিক্ত খ্ৰীষ্টানসকললৈ এই বাক্যশাৰী লিখিছিল, তেওঁলোকক খ্ৰীষ্টৰ শৰীৰ বুলি কোৱা হয়। সেই খ্ৰীষ্টানসকলৰ ভিতৰত বৰ্তমান সময়ৰ অভিষিক্ত খ্ৰীষ্টানসকলো জড়িত হৈ আছে। তেওঁলোকৰ সৈতে “অন্য মেৰেও” যীচু অৰ্থাৎ ‘একেজন ৰখীয়াৰ’ অধীনত একত্ৰিত হৈ “একেটা জাক” হৈছে। (যোহন ১০:১৬) আজি গোটেই বিশ্বজুৰি লাখ লাখ “জাকে” নিজ নিজ হৃদয়ত খ্ৰীষ্টৰ শান্তি কৰ্ত্তৃত্ব হবলৈ দিছে। এই বিশাল পৃথিৱীখনত আমি অকলশৰীয়া নহওঁ বুলি জানি সহনশীল হʼবলৈ সহায় লাভ কৰিছোঁ। পাঁচনি পিতৰে এইদৰে লিখিছিল: “সেই একে দুখভোগ, জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি, তোমালোকে বিশ্বাসত দৃঢ় হৈ, তাক প্ৰতিৰোধ কৰা।”—১ পিতৰ ৫:৯.

১৭. আমাৰ হৃদয়ত খ্ৰীষ্টৰ শান্তি কৰ্ত্তৃত্ব হবলৈ দিয়াৰ সম্পৰ্কে কেনেধৰণৰ উৎসাহজনক পৰামৰ্শ আমাক প্ৰদান কৰা হৈছে?

১৭ আঁহক আমি সকলোৱে একেৰাহে শান্তি অৰ্থাৎ ঈশ্বৰৰ আত্মাৰ ফল উৎপন্ন কৰোঁহঁক। (গালাতীয়া ৫:২২, ২৩) যিসকলে যিহোৱাৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ শান্তিৰে জীৱন-যাপন কৰিছে, তেওঁলোকে নিশ্চয়ে এই পৰমদেশীয় পৃথিৱীত অৰ্থাৎ ধাৰ্ম্মিক জগতত চিৰকাল জীয়াই থকাৰ আনন্দ লাভ কৰিব। (২ পিতৰ ৩:১৩, ১৪) সেয়েহে খ্ৰীষ্টৰ শান্তি আমাৰ হৃদয়ত কৰ্ত্তৃত্ব হোৱাৰ সকলো কাৰণ আছে। (w01 9/1)

[ফুটনোট]

a কিছুমান ক্ষেত্ৰত অত্যাধিক চিন্তা কৰিলে এজন ব্যক্তিয়ে মানসিক নৈৰাশতাত ভুগীব পাৰে, যাৰ বাবে তেওঁক চিকিৎসাৰ সহায় লʼবলগীয়া হʼব পাৰে।

আপোনাৰ মনত আছেনে?

• খ্ৰীষ্টৰ শান্তি মানে কি বুজাই?

• আমি অন্যায়ৰ সম্মুখীন হোৱাৰ সময়ত আমাৰ হৃদয়ত থকা খ্ৰীষ্টৰ শান্তিয়ে কেনেকৈ কৰ্ত্তৃত্ব কৰিব পাৰে?

• খ্ৰীষ্টৰ শান্তিয়ে কেনেকৈ দুঃশ্চিন্তাৰ পৰা সকাহ পাবলৈ সহায় কৰিব পাৰে?

• যেতিয়া আমি নিজকে অযোগ্য বুলি ভাবো, তেতিয়া খ্ৰীষ্টৰ শান্তিয়ে কেনেকৈ শান্ত্বনা প্ৰদান কৰে?

[১৪ পৃষ্ঠাৰ ছবি]

যীচুৱে বিৰোধীসকলৰ হাতত নিজকে শোধাই দিয়াৰ পূৰ্বেই, নিজকে যিহোৱালৈ সমৰ্পণ কৰিছিল

[১৫ পৃষ্ঠাৰ ছবি]

এজন প্ৰেমময় পিতৃৰ দৰে যিহোৱাৰ শান্ত্বনা বাক্যই আমাক দুঃশ্চিন্তাৰ পৰা মুক্ত কৰে

[১৬ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সপক্ষে সহনশীল হোৱাটো অতি গুৰুত্বপূৰ্ণ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক