ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৭/১ পৃষ্ঠা ৮
  • “এই কিতাপখনত মই মোৰ মনে বিচৰা বিষয়বোৰ পালোঁ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “এই কিতাপখনত মই মোৰ মনে বিচৰা বিষয়বোৰ পালোঁ”
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এই নতুন কিতাপখনৰ কিছুমান বৈশিষ্ট্যতা
  • কিতাপখন প্ৰকাশ কৰাৰ উদ্দেশ্য কি?
  • ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন অধ্যয়ন কৰি লাভৱান হোৱা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি
    বাইবেলৰ পৰা শিকোঁ আহা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৭/১ পৃষ্ঠা ৮

“এই কিতাপখনত মই মোৰ মনে বিচৰা বিষয়বোৰ পালোঁ”

“মই আপোনালোকক ‘যিহোৱাৰ কাষ চপা’ নামৰ আগ্ৰহী কৰি তুলা কিতাপখন অৰ্থাৎ এই সুন্দৰ উপহাৰ প্ৰদান কৰাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ইয়াত ‘মই মোৰ মনে বিচৰা বিষয়বোৰ পালোঁ।’ যাৰ দ্বাৰা মই যিহোৱাই কৰা প্ৰেম আৰু প্ৰতিপালন কৰাৰ বিষয়ে বুজিবলৈ আৱশ্যক আছিল। কিতাপখনে মোক যিহোৱা আৰু তেওঁৰ পুত্ৰৰ অধিক নিকতবৰ্ত্তী হʼবলৈ সহায় কৰিছে। মই এই কিতাপখনৰ বিষয়ে সকলোকে জনাবলৈ আৰু ভালপোৱা সকলোকে একোখনকৈ কপি দিব বিচাৰোঁ।” এইদৰে এজন যিহোৱাৰ সাক্ষীয়ে ২০০২/০৩ চনত আয়োজিত কৰা “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” নামৰ জিলা অধিৱেশনত উন্মোচন হোৱা ৩২০ পৃষ্ঠাৰ কিতাপখনৰ বিষয়ে মন্তব্য দিছিল। আঁহক আমি এই নতুন কিতাপখনৰ কিছুমান বৈশিষ্ট্যতা আৰু ইয়াক কিয় ছপা কৰা হʼল এই সম্পৰ্কে বিবেচনা কৰোঁহঁক।

এই নতুন কিতাপখনৰ কিছুমান বৈশিষ্ট্যতা

এই নতুন কিতাপখনত কি অন্তৰ্ভুক্ত কৰা হৈছে? এই আলোচনীখনৰ অধ্যয়ন লেখটোত দিয়া সকলো সংবাদৰ উপৰিও ইয়াত আৰু অধিক কিছু সন্মিলিত আছে! এই কিতাপখনত ৩১ টা অধ্যায় আছে যিবোৰৰ দৈৰ্ঘ্যতা প্ৰহৰীবুৰুজ আলোচনীত দিয়া এটা অধ্যয়ন লেখৰ সমান। সূচনা আৰু প্ৰথম তিনিটা অধ্যায়ৰ পিছত কিতাপখনক চাৰিটা ভাগত ভগোৱা হৈছে আৰু প্ৰত্যেক অংশত যিহোৱাৰ মুখ্য গুণগত বৈশিষ্ট্যৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰা হৈছে। প্ৰত্যেকটো অংশতে যিহোৱাৰ গুণগত বৈশিষ্ট্যৰ সংক্ষিপ্ত বিৱৰণীৰ সৈতে আৰম্ভ কৰা হৈছে। তাৰ পিছৰ অধ্যায়সমূহত যিহোৱাই কিদৰে তেওঁৰ গুণসমূহক প্ৰকাশ কৰে তাৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰত্যেকটো অংশতে যীচুৰ বিষয়ে আধাৰিত কৰি এটা অধ্যায় দিয়া হৈছে। কিয় দিয়া হৈছে? কিয়নো যীচুৱে এইদৰে কৈছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহন ১৪:৯) যীচুৱে তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰক নিখুটভাৱে প্ৰকাশ কৰি ঈশ্বৰৰ গুণসমূহক জীৱন্ত আৰ্হিৰে কাৰ্য্য কৰি দেখুৱালে। কিতাপখনৰ প্ৰত্যেকটো অংশতে আমি যিহোৱাৰ গুণসমূহক প্ৰকাশ কৰি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ এই বিষয়ে বিবেচনা কৰি অধ্যায়ৰ সমাপ্তি কৰিছে। এই নতুন কিতাপখনত যিহোৱাৰ গুণসমূহৰ বিষয়ে বিবেচনা কৰি বাইবেলৰ প্ৰত্যেকখন পুস্তকক উদ্ধৃতি হিচাবে ব্যৱহাৰ কৰিছে।

তদুপৰি যিহোৱাৰ কাষ চপা নামৰ কিতাপখনত আন কিছুমান বিশেষ বৈশিষ্ট্য দাঙি ধৰা হৈছে। ২ অধ্যায়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো অধ্যায়ত “ধ্যান কৰাৰ বাবে প্ৰশ্নসমূহ” নামৰ বক্স দিয়া হৈছে। ইয়াত উল্লেখ কৰা শাস্ত্ৰ পদ আৰু প্ৰশ্নসমূহ অধ্যায়বোৰক পুনৰনিৰীক্ষণৰ বাবে দিয়া হোৱা নাই। দৰাচলতে এইবোৰক বাইবেলৰ গভীৰ বিষয়বোৰক গম্ভীৰতাৰে ধ্যান কৰাত সহায়ক হিচাবে আপোনাৰ বাবে তৈয়াৰ কৰা হৈছে। গতিকে ইয়াত উল্লেখ কৰা প্ৰত্যেকটো শাস্ত্ৰৰ পদক মনোযোগেৰে পঢ়া, প্ৰশ্নসমূহক বিবেচনা কৰা আৰু ব্যক্তিগতভাৱে তাক প্ৰয়োগ কৰিবলৈ আপোনাক আগ্ৰহ কৰা হʼল। এনেধৰণৰ মনোযোগে আপোনাৰ হৃদয় সক্ৰিয় কৰি যিহোৱাৰ কাষ চপাত সহায় কৰিব।—গীতমালা ১৯:১৪.

যিহোৱাৰ কাষ চপা নামৰ কিতাপখনত দিয়া ছবিবোৰ যত্নৰে অনুসন্ধান কৰি শিক্ষাদান আৰু প্ৰেৰিত কৰি তুলিবলৈ প্ৰস্তুত কৰা হৈছে। কিতাপখনৰ ১৭ অধ্যায়ত বাইবেল সম্বন্ধীয় এখন সুন্দৰ ছবি দিয়া হৈছে।

কিতাপখন প্ৰকাশ কৰাৰ উদ্দেশ্য কি?

যিহোৱাৰ কাষ চপা নামৰ কিতাপখন ছপা কৰাৰ উদ্দেশ্য কি? এই নতুন প্ৰকাশনৰ মুখ্য উদ্দেশ্য হৈছে আমাক ঈশ্বৰ যিহোৱাৰ সৈতে ভালকৈ পৰিচিত কৰি তেওঁৰ কাষ চাপি এক নিবিড় আৰু শক্তিশালী সম্বন্ধ গঢ়ি তুলাত সহায় কৰা।

যিহোৱাৰ কাষ চপা নামৰ কিতাপখনৰ পৰা সম্ভৱতঃ কেৱল বাইবেল বিদ্যাৰ্থী বা নিষ্ক্ৰিয় হৈ পৰা ভাই অথবা ভনীয়ে ইয়াৰ পৰা লাভৱান হʼব বুলি আপুনি ভাবেনে? আপোনাৰ বিষয়ে কি, আপুনি এই নতুন কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলেনে? যদি এতিয়াও আৰম্ভ কৰা নাই, তেনেহʼলে কিয় সেই কিতাপখন কোনো পলম নকৰাকৈ পঢ়িবলৈ তালিকা নবনায়? কিতাপখনত পঢ়া বিষয়বোৰক ধ্যান কৰিবলৈ সময় অতিবাহিত কৰক। এই নতুন কিতাপখনে আপোনাক ঈশ্বৰৰ কাষ চাপি তেওঁৰ ৰাজ্যৰ বিষয়ে আনন্দ আৰু উৎসাহেৰে প্ৰচাৰ কৰিবলৈ উৎসাহী কৰাত সহায় কৰে যেন!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক