ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১২/১ পৃষ্ঠা ৩১
  • “সকলো সৎকৰ্ম্মত যুগুত” হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “সকলো সৎকৰ্ম্মত যুগুত” হোৱা
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • এক বহুমূল্য সেৱা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১২/১ পৃষ্ঠা ৩১

“সকলো সৎকৰ্ম্মত যুগুত” হোৱা

“আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হবলৈ, আজ্ঞা মানিবলৈ, সকলো সৎকৰ্ম্মত যুগুত” হওক। (তীত ৩:১) পাঁচনি পৌলে কেনে সৎকৰ্ম্মৰ বিষয়ে মনত ৰাখি সঙ্গী বিশ্বাসীসকললৈ তেনে পত্ৰ লিখিছিল? ই. এফ. স্কট্‌ নামৰ এজন বাইবেল বিদ্বানে এনে এক প্ৰকাৰে কৰা সৎকৰ্ম্মৰ বিষয়ে এইদৰে কৈছে: “খ্ৰীষ্টানসকলে কেৱল আধিপত্যৰ বশীভূত নহয় কিন্তু তেওঁলোকে সকলো সৎকৰ্ম্ম কৰা উচিত।  . . যেতিয়াই আৱশ্যক তেতিয়া সৰ্ব্বপ্ৰথমে তেওঁলোকে সমাজৰ মঙ্গলৰ বাবে চিন্তিত হোৱা উচিত। উত্তম নাগৰিক হিচাবে অগ্নিকাণ্ড, মহামাৰী আৰু আন বহুতো ধৰণৰ দুৰ্যোগত তেওঁলোকৰ চুবুৰীয়াক একেৰাহে সহায় কৰে।”

যেতিয়ালৈকে ঈশ্বৰৰ ব্যৱস্থাৰ অসামঞ্জস্যত নহয় তেতিয়ালৈকে খ্ৰীষ্টানসকলে সমাজৰ হিতৰ হকে বিশেষ কিছুমান কাৰ্য্য কৰে। (পাঁচনিৰ কৰ্ম্ম ৫:২৯) উদাহৰণস্বৰূপে, জাপানৰ ঈবিনা চহৰত অৱস্থিত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ে স্থানীয় অগ্নি বিভাগৰ নিৰ্দ্দেশনা অনুসাৰে প্ৰত্যেক বছৰে অগ্নি-নিৰ্বাপক কৌশলৰ অভ্যাস কৰে। তেনে উপলক্ষ্যত বেথেল পৰিয়ালৰ সকলো সদস্যই স্থানীয় অগ্নি-নিৰ্বাপক বিভাগৰ পৰা অহা প্ৰতিনিধিজনৰ ভাষণ শুনিবলৈ একত্ৰিত হয়।

তদুপৰি শাখা কাৰ্য্যালয়ে বহু সময়ৰ পৰা স্থানীয় অধিকাৰীসকলে অগ্নি নিবাৰণৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাৰ সম্পৰ্কে আয়োজন কৰা প্ৰদৰ্শনীত ভাগ লৈ আহিছে। এই প্ৰদৰ্শনীত চহৰৰ পৰা অহা ব্যৱসায়ী কোম্পানীবিলাকে অগ্নিকাণ্ডক নিবাৰণ কৰিবলৈ থকা তেওঁলোকৰ প্ৰস্তুতিক প্ৰদৰ্শন কৰিলে। এই ক্ষেত্ৰত শাখা কাৰ্য্যালয়ৰ সদস্যসকলে দেখুৱা সহযোগিতা আৰু নিপুণতাৰ বাবে তেওঁলোকক সদায়েই প্ৰশংসা কৰা হয়। ইয়াৰ বাবে ২০০১ চনত হোৱা প্ৰদৰ্শনীত তেওঁলোকে প্ৰথম পুৰস্কাৰ লাভ কৰে। তেওঁলোকে অগ্নিকাণ্ডৰ সৈতে জড়িত থকা জীৱন-ৰক্ষক সৎকৰ্ম্ম কৰিবলৈ সকলো সময়তে সাজু থাকে।

এক বহুমূল্য সেৱা

তদুপৰি যিহোৱাৰ সাক্ষীসকলে এনে এক আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱন-ৰক্ষক কৰ্ম্ম কৰিবলৈ আগ্ৰহী। তেওঁলোকে নিয়মিতৰূপে চুবুৰীয়াসকলৰ সৈতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰে। (মথি ২৪:১৪) যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেলৰ সিদ্ধান্তসমূহৰ বিষয়ে শিকি তাৰ অনুসাৰে জীপন-যাপন কৰিবলৈ উৎসাহিত কৰে, যাতে তেওঁলোকে বৰ্তমান সময়ত নিজৰ জীৱনধাৰা উন্নতি আৰু ভৱিষ্যতে শান্তি আৰু সুৰক্ষা বিৰাজ কৰা এনে এখন পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আশা লাভ কৰিব পাৰে।

কিছুমানে হয়তো যিহোৱাৰ সাক্ষীসকলে কৰা এই সেৱাকাৰ্য্যৰ প্ৰতি মূল্যাঙ্কন নেদেখুৱাৰ উপৰিও তেওঁলোকক সমাজৰ বিৰোধী বুলি বিবেচনা কৰে। এই সম্পৰ্কে কানাডাৰ কুইবেক উচ্চতম ন্যায়ালয়ৰ জীন ক্ৰিপিউ নামৰ ন্যায়াধীশজনে এক ভিন্ন মতামত দাঙি ধৰিছিল। এবাৰ বাইলউ ব্লাইনৱাইল নামৰ এখন চহৰখনৰ আইনে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ প্ৰতি আপত্তি দৰ্শাই ঘৰে-ঘৰে সাক্ষাৎ কৰিবলৈ অনুমতিপত্ৰ আৱশ্যক বুলি নিয়ম জাৰি কৰিছিল। আদালতত সেই ন্যায়াধীশজনে এইদৰে ৰায় দিয়ে: “যিহোৱাৰ সাক্ষীসকলে কৰা সাক্ষাতকাৰ হৈছে এক সমাজসেৱা আৰু . . . তেওঁলোকে দিয়া সাহিত্যবোৰ গম্ভীৰ বিষয়ৰ ওপৰত আধাৰিত, যʼত ধৰ্ম্ম, বাইবেল, নিচা জাতীয় পদাৰ্থ, সুৰা-পান কৰা, যুৱক-যুৱতীৰ বাবে শিক্ষা, বৈবাহিক সমস্যা আৰু বিবাহ-বিচ্ছেদৰ দৰে বিষয় সন্মিলিত আছে, যিটো বাস্তৱতে সমাজৰ বাবে হিতজনক।” আগলৈ ন্যায়াধীশজনে এইদৰে কয়: “আদলতে এই সিদ্ধান্তত উপনীত হৈছে যে যিহোৱাৰ সাক্ষীসকলক ফেৰিৱালাৰ সৈতে তুলনা কৰাটো হৈছে এটা অপমানজক, মৰ্য্যাদাহানিকৰ, অপকাৰ আৰু অপযশজনক বিষয়।”

যিহোৱাৰ সাক্ষীসকলে বাস কৰা এলেকাৰ সম্প্ৰদায়ৰ লোকবিলাকে কেনেকৈ দৈনন্দিন জীৱনত অহা সমস্যাৰ সৈতে সম্মুখীন আৰু ভৱিষ্যতে এক আশা লাভ কৰিব পাৰি এই সম্পৰ্কে সহায় আগবঢ়ায়। বাইবেলে তেওঁলোকক এই কাৰ্য্য সম্পন্ন কৰিবলৈ সুসজ্জিত কৰিছে। কিয়নো “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।”—২ তীমথিয় ৩:১৬, ১৭.

যিহোৱাৰ সাক্ষীসকলে কেনেকৈ “সকলো সৎকৰ্ম্মত যুগুত” হৈছে, এই বিষয়ে আপুনি জানিব বিচাৰেনে? আমি আপোনালোকক তেওঁলোকৰ সহায় লৈ বাইবেলখনৰ বিষয়ে শিকি আপোনাৰ এলেকা আৰু বিশ্বজুৰি থকা সম্প্ৰদায়ৰ উন্নতিৰ হকে কাৰ্য্য কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ। (w03 12/01)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক