পৰিচৰ্য্যা সভাৰ তালিকা
অক্টোবৰ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৫ মি: “মই আন ঠাইলৈ স্থানান্তৰিত হমনে?” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। তেওঁ ব্যাখ্যা কৰে যে কোনো এক স্থানলৈ স্থানান্তৰিত হোৱা বিষয়ে পৰিকল্পনা কৰোঁতে কিয় বিচাৰ শক্তি ব্যৱহাৰ কৰা আৱশ্যক। হিতোপদেশ ২২:৩ পদত দিয়া উপদেশক বিবেচনা কৰক আৰু আগষ্ট ১৫, ১৯৮৮ চনৰ প্ৰহৰীদুৰ্গ ২২ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক তেওঁৰ ভাষণত অন্তৰ্ভূক্ত কৰক।
২০ মি: সভাৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। আগতীয়াকৈ সভাৰ বাবে তৈয়াৰী কৰিলে অধিক লাভৱান হʼব পাৰি, এই বিষয়ে সকলোৱে প্ৰচেষ্টা কৰা উচিত। মাৰ্চ ১, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গ ১৫-১৬ পৃষ্ঠাৰ ৮-১১ অনুচ্ছেদত দিয়া ব্যৱহাৰিক পৰামৰ্শসমূহক দাঙি ধৰক। এই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰি সুধক যে তেওঁলোকে উত্তমৰূপে সভাৰ বাবে তৈয়াৰী কৰিবলৈ কেনেকৈ আগভাগ লয় আৰু তাৰ বাবে কেনেকৈ সময় উলিয়াই।
গীত ২১১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৪
৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
২০ মি: “আগ্ৰহী কৰি তুলিবলৈ চলিত ঘটনাবোৰ ব্যৱহাৰ কৰক।” শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু প্ৰদৰ্শন। স্থানীয় লোকক আগ্ৰহী কৰি তুলিবলৈ অলপতে আপোনাৰ এলেকাত ঘটা এনে কিছুমান ঘটনাৰ বিষয়ে উল্লেখ কৰক। এই ঘটনাবোৰে ভৱিষ্যতৰ বিষয়ে কি কয়? এই বিষয়ে ৰীজনিং কিতাপৰ ১০-১১ পৃষ্ঠাৰ পৰা কিছুমান পৰামৰ্শ দাঙি ধৰক, যিয়ে আপোনাক বাইবেল অধ্যয়নৰ বাবে পৰিচালিত কৰিব। ভালকৈ তৈয়াৰী কৰা দুটা ব্যৱহাৰিক প্ৰদৰ্শন প্ৰস্তুত কৰক।
২০ মি: আমাৰ সকলোৱে উৎসাহী হৈ অগ্ৰগামীৰূপে সেৱা কৰিব পাৰে। এই বিষয়ে অক্টোবৰ ১৫, ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গ, ২২-২৩ পৃষ্ঠাত দিয়া সাৰাংশৰ ওপৰত আধাৰিত কৰি পুস্তক অধ্যয়নৰ পৰিচালক আৰু তেওঁৰ সহকাৰীয়ে আলোচনা কৰে। তেওঁলোকে আলোচনা কৰে যে মণ্ডলীত কিয় অধিক অগ্ৰগামী সেৱক হোৱাটো আৱশ্যক আৰু সকলোৱে লক্ষ্যত উপনীত হʼবলৈ কেনেকৈ কাৰ্য্য কৰিব পাৰে। তেওঁলোকে এইটোও বিবেচনা কৰে যে বৰ্তমান সময়ত যিসকলে অগ্ৰগামী সেৱা কৰি আছে, তেওঁলোকে কেনেকৈ এই সেৱাত উৎসাহিত হৈ একেৰাহে ভাগ লʼব পাৰে। ইয়াৰ ওপৰিও পুস্তক অধ্যয়নৰ পৰিচালক আৰু তেওঁৰ সহকাৰীয়ে আলোচনা কৰে যে মণ্ডলীৰ সকলোৱে কেনেকৈ আগ্ৰহী হৈ প্ৰচাৰ ক্ষেত্ৰত ভাগ লʼব পাৰে।
গীত ১৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫০
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “আপোনাক উৎসাহিত, বলৱান আৰু শিক্ষিত কৰি তুলিব পৰা সেই সঁজুলিসমূহ।” (মাত্ৰ ১ অনুচ্ছেদ আৰু ২ অনুচ্ছেদক ব্যৱহাৰ কৰক।) এক ভাষণ। সংস্থাই প্ৰকাশ কৰা ভিডিঅ কেছেটৰ এটা চমু আভাস দিয়ক। (প্ৰক্লেইমাৰ পুস্তকৰ ৬০০-৬০১ পৃষ্ঠাত চাওঁক।) মন্ডলীৰ সকলোকে যিহোৱাচ্ উইটনেচেছ্—দ্যা অৰগ্নাইজেচ্ন বিহাইন্দ দ্যা নেম নামৰ ভিডিঅ চাই অক্টোবৰ ৩০ তাৰিখে হʼবলগীয়া সেৱা সভাৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰিবলৈ উৎসাহিত কৰক। যি সকলৰ ওচৰত এই ব্যৱস্থা উপলব্ধ আছে তেওঁলোকে আন ভাই-ভনীকো তেওঁলোকৰ সৈতে চাবলৈ আমন্ত্ৰণ কৰিব পাৰে।
২৫ মি: “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব?” এই বিষয়ে সেৱা ওভাৰচিয়াৰৰ দ্বাৰা এক আগ্ৰহপূৰ্ণ ভাষণ। সংস্থাই মণ্ডলীৰ প্ৰাচীনসকললৈ দিয়া জুলাই ৩, ২০০০ চনৰ চিঠিখন পঢ়াৰ পাছত, তাত উপস্থিত থকা সকলো ব্যক্তিকে একোখনকৈ কিংডম নিউজ্ নং ৩৬, বিতৰণ কৰক। তাৰ পাছত প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা প্ৰবন্ধটোক আলোচনা কৰক। আপোনাৰ এলেকাত থকা সকলো স্থানত এই ট্ৰ্যাক্টখন বিতৰণ কৰিবলৈ তালিকা প্ৰস্তুত কৰক। সত্যলৈ অহা নতুন ব্যক্তি আৰু যি লʼৰা-ছোৱালীয়ে বাপ্তিস্মা প্ৰাপ্ত নোহোৱা প্ৰচাৰক হবলৈ যোগ্য, তেনে লোকক কেনেকৈ সহায় কৰিব পাৰি এই বিষয়ে বিবেচনা কৰক। চমুকৈ এটা প্ৰদৰ্শন প্ৰস্তুত কৰক। এই অভিযানত মণ্ডলীৰ সকলো প্ৰচাৰকক সম্পূৰ্ণৰূপে ভাগ লবলৈ উৎসাহিত কৰক।
গীত ৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৭
৮ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে অক্টোবৰ মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। মণ্ডলীৰ সকলো প্ৰচাৰকক শনিবাৰ আৰু দেওবাৰৰ দিনা প্ৰচাৰ কাৰ্য্যত কিংডম নিউজ্ নং ৩৬, সৈতে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি দিবলৈ উৎসাহিত কৰক।
১২ মি: গীত—হৈছে আমাৰ উপাসনাৰ এটা মুখ্য ভাগ। এজন পুস্তক অধ্যয়ন পৰিচালকে দুজন প্ৰচাৰকৰ সৈতে সভাত গীত গোৱাৰ সম্পৰ্কে আলোচনা কৰে। তেওঁ লক্ষ্য কৰে যে সেই দুজন প্ৰচাৰকে সভাত গীত গোৱাৰ সময়ত প্ৰায়ে মনে মনে থাকে। সেইবাবে তেওঁ সেই প্ৰচাৰকৰ সৈতে ফেব্ৰুৱাৰী ১, ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গ, ২৭-২৮ পৃষ্ঠাত উল্লেখ কৰা কিছুমান পৰামৰ্শক আলোচনা কৰে। তেওঁলোকে জুলাই ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ ২০ পৃষ্ঠাৰ ১২ অনুচ্ছেদত দিয়া পৰামৰ্শ অনুসৰি শেহতীয়া প্ৰহৰীদুৰ্গ অধ্যয়নত গোৱা গীতৰ এটা শাৰীক বিশ্লেষণ কৰে। গতিকে আমিও গীত গোৱাৰ প্ৰতি গুৰুত্ব দি আমাৰ জীৱনত সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰশংসা কৰিব পাৰোঁ।
২৫ মি: যিহোৱাচ্ উইটনেচেছ্—দ্যা অৰগ্নাইজেচ্ন বিহাইন্দ দ্যা নেম ভিডিঅৰ ওপৰত আধাৰিত কৰি “আপোনাক উৎসাহিত, বলৱান আৰু শিক্ষিত কৰি তুলিব পৰা সেই সঁজুলিসমূহ” প্ৰবন্ধটোৰ ৩ অনুচ্ছেদত দিয়া প্ৰশ্নসমূহক শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। পৰামৰ্শ দিয়ক যে আগ্ৰহী ব্যক্তিসকলক আমাৰ সংগঠনৰ সৈতে ভালকৈ পৰিচিত হʼবলৈ এই ভিডিঅৰ দ্বাৰা কেনেকৈ সহায় কৰিব পাৰি। চমুকৈ এটা বা দুটা অনুভৱৰ বিষয়ে উল্লেখ কৰক।—অক্টোবৰ ১, ১৯৯২ চনৰ প্ৰহৰীদুৰ্গ, ৩০-৩১ পৃষ্ঠা চাওঁক।
গীত ২২৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৮
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: আমি কি বিশ্বাস কৰোঁ? এই বিষয়ে এজন ভায়ে এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰে যিজনে সুধিছিল, “যিহোৱাৰ সাক্ষীসকলে কেনে ধৰণৰ শিক্ষাৰ প্ৰদান কৰে যিয়ে তেওঁলোকক আন ধৰ্ম্মৰ পৰা পৃথকে ৰাখে?” অক্টোবৰ ১, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গ, ৬ পৃষ্ঠাৰ বক্সত দিয়া পৰামৰ্শবোৰক আলোচনাত চামিল কৰক। বৰ্ণনা কৰক যে অন্য ধৰ্ম্মই কেনেকৈ বাইবেলৰ মূল সত্যক অগ্ৰাহ্য বা ত্যাগ কৰি মানুহে বনোৱা শিক্ষাক কেনেকৈ গ্ৰহণ কৰিলে।
১৫ মি: স্থানীয় আৱশ্যকসমূহ।
১০ মি: কথা-বতৰা আৰম্ভ কৰাত অনুভৱী হোৱা। এই বিষয়ে অক্টোবৰ ১৬ তাৰিখৰ সেৱা সভাৰ কাৰ্য্যক্ৰমত আমাৰ পৰিচৰ্য্যাৰ সময়ত লগ পোৱা ব্যক্তিসকলক চলিত কোনো ঘটনাৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ সৈতে কথা-বতৰা আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছিল। গতিকে এই পৰামৰ্শ প্ৰয়োগ কৰি লাভৱান হোৱাৰ বিষয়ে কবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক আৰু কবলৈ কওঁক যে তেওঁলোকে এই পৰামৰ্শক নিজৰ প্ৰচাৰ কাৰ্য্যত কেনেকৈ প্ৰয়োগ কৰিছে।
গীত ২০৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।